Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Assamese MCQ Chapter 11 বৰগীতঃ জয় জয় যাধৱ 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 11 বৰগীতঃ জয় জয় যাধৱ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Assamese MCQ Chapter 11 বৰগীতঃ জয় জয় যাধৱ

অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।

👉 Read Also:

বৰগীতঃ জয় জয় যাধৱ

-শংকৰদেৱ

অতি চমু প্রশ্নোত্তৰ (VSA)

১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?

উঃ শংকৰদেৱৰ প্ৰথম বৰগীতটো হ’ল ‘মন মেৰি ৰাম চৰণহি লাগু’।

২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?

উঃ শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম ‘ভক্তি ৰত্নাকৰ’।

৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?

উঃ শংকৰদেৱে ছয়খন নাট ৰচনা কৰিছিল।

৪। বৰগীতবোৰ কি ভাষাত ৰচিত?

উঃ বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত।

৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?

উঃ শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কৃষ্ণ ভক্তিৰ মহিমা প্রকাশ।

৬। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উঃ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি হ’ল ‘কীর্তন ঘোষা’।

৭। শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম লিখা।

উঃ শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্রসংগমূলক গ্ৰন্থৰ নাম- ‘কীর্তন ঘোষা’ আৰু ‘গুণমালা’।

৮। শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ কি কি?

উঃ শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ হ’ল-হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি-ছলন, অমৃত-মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্র আদি।

৯। শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্রকাশক গ্রন্থকেইখনৰ নাম লিখা।

উঃ শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্রকাশক গ্রন্থকেইখন হ’ল- ভক্তি প্রদীপ, ভক্তি ৰত্নাকৰ, নিমি নরসিদ্ধ সংবাদ, অনাদিপাতন আদি।

১০। শংকৰদেৱ ৰচিত চাৰি প্ৰকাৰৰ গীত কি কি?

উঃ শংকৰদেৱ ৰচিত চাৰি প্ৰকাৰৰ গীত হ’ল-

বৰগীত, ভটিমা, টোটয় আৰু চপয়।

১১। শংকৰদেৱ ৰচিত ছয়খন নাট কি কি?

উঃ শংকৰদেৱ ৰচিত ছয়খন নাট হ’ল-পত্নীপ্রসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম-বিজয়।

১২। শংকৰদেৱৰ অনুবাদমূলক গ্রন্থ কি কি?

উঃ শংকৰদেৱৰ অনুবাদমূলক গ্রন্থসমূহ হ’ল-ভাগৱত, উত্তৰাকাণ্ড ৰামায়ণ।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment