আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 10 ৰাৱণক বিভীষণৰ সজ উপদেশ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Assamese MCQ Chapter 10 ৰাৱণক বিভীষণৰ সজ উপদেশ
অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।
👉 Read Also:
গোট-৩ কবিতাংশ
ৰাৱণক বিভীষণৰ সজ উপদেশ
-মাধৱ কন্দলি
অতি চমু প্রশ্নোত্তৰ (VSA)
১। মাধৱ কন্দলি কোন যুগৰ কবি?
উঃ চর্তুদশ শতিকাৰ।
২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল?
উঃ অশোক বাটিকাত।
৩। ‘অপ্রমাদী’ শব্দৰ অৰ্থ কি?
উঃ অপ্রমাদী শব্দৰ অৰ্থ হ’ল নির্ভুল বা ভ্রম নথকা।
৪। ইন্দ্রজিৎ কোন আছিল?
উঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ আছিল।
৫। ৰাৱণৰ পত্নীৰ নাম কি আছিল?
উঃ মন্দোধৰী।
৬। ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ কাব্যাংশৰ কবি কোন?
উত্তৰ: মাধৱ কন্দলি।
৭। ৰাৱণৰ মাতৃৰ নাম কি?
উত্তৰ: নৈকেষী।
৮। ‘ৰামৰ হাতত জানো মোৰ যাইব জীর’: কথাষাৰ কোনে কৈছে?
উত্তৰঃ লংকাৰাজ ৰাৱণে।
৯। মূৰাৰী কোন?
উত্তৰঃ ৰামচন্দ্ৰ।
১০। সীতা কাৰ জীয়ৰী আছিল?
উত্তৰঃ জনক ৰজাৰ জীয়ৰী।
১১। ৰামৰ সখা কোন আছিল?
উত্তৰঃ বান্দৰৰ ৰজা সুগ্রীব।
১২। ইন্দ্রজিতে হনুমানক কিহেৰে বান্ধিছিল?
উত্তৰ: নাগপাশেবে।
১৩। লংকা কোনে দহন কৰিছিল?
উত্তৰঃ ৰামভক্ত হনুমানে।
১৪। বিভীষণ কাৰ ভক্ত আছিল।
উত্তৰঃ কবিতাটিৰ মতে বিভীষণ বিষ্ণু ভক্ত আছিল।
১৫। মধুসূধন কোন?
উত্তৰঃ ৰামচন্দ্ৰ।
১৬। ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটো ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে?
উত্তৰঃ সুন্দৰাকাণ্ডৰ পৰা।
১৭। বিভীষণ কোন?
উত্তৰঃ বিভীষণ আছিল লংকাৰ ৰজা ৰাৱণৰ ভাতৃ।
১৮। মাধৱ কন্দলিয়ে অনুবাদ কৰা ৰামায়ণ বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ নে ভাবানুবাদ?
উঃ শ্লোকানুবাদ।
👉 Read Also:
