আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 1 ধনৰ ব্যৱহাৰ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
H.S Class 11 Assamese MCQ Chapter 1 ধনৰ ব্যৱহাৰ
অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।
👉 Read Also:
ধনৰ ব্যৱহাৰ
-সত্যনাথ বৰা
অতি চমু উত্তৰ প্রশ্নোত্তৰ (VSA)
১। কৃপণ লোকৰ দুই ধর্ম কি কি?
উঃ কৃপণ লোকৰ দুই ধর্ম হ’ল- লাজ ঢকা আৰু পেট প্ৰৱৰ্তোৱা।
২। অর্থ ব্যৱহাৰৰ মূল মন্ত্র কি?
উঃ অর্থ ব্যৱহাৰৰ মূল মন্ত্র হ’ল- আয় অনুসৰি ব্যয় কৰা।
৩। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
উঃ আয় অলপ, খৰচ সৰহ এয়াই হ’ল দৰিদ্ৰ হোৱাৰ চিন।
৪। মানুহৰ ঋণ কেতিয়া হয়?
উঃ উপাৰ্জনতকৈ খৰচ বেছি হ’লে মানুহৰ ঋণ হয়।
৫। কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা?
উঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।
৬। ধনৰ প্ৰধান দুই ব্যৱহাৰ কি কি?
উঃ সুখ-সম্পদ গোটাই লোৱা আৰু আনৰ উপকাৰ সাধন কৰা।
৭। কৃপণে আন মানুহে ধন খৰচ কৰাটো কিয় সহিব নোৱাৰে?
উঃ কৃপণে ধনৰ অপচয়ৰ ভয়ত আনৰ খৰচ সহিব নোৱাৰে।
৮। অশিক্ষিত মানুহে ধনীক কেনেকৈ দেখে?
উঃ অশিক্ষিত মানুহে ধনীক ঈশ্বৰ সদৃশ দেখে।
৯। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত পাৰ্থক্য কি?
উঃ কৃপণে ধন সঞ্চয় কৰে, ধোঁৱাখুলীয়াই প্রয়োজনতকৈ অধিক খৰচ কৰে।
১০। সজ বৃত্তিধাৰীৰ উদ্দেশ্য কি?
উঃ আনৰ উপকাৰ কৰা সজ বৃত্তিধাৰীৰ উদ্দেশ্য।
১১। কৃপণে সন্তান-সন্ততিলৈ কিয় ধন সঞ্চয় কৰে?
উঃ ধনৰ এটা অক্ষয় ভাণ্ডাৰ ৰখাৰ উদ্দেশ্যে।
১২। লেখকে কৃপণক কি বুলি বৰ্ণনা কৰিছে?
উঃ লেখকে কৃপণক ‘নিধনী’ বা ‘কটকিনা’ বুলি বৰ্ণনা কৰিছে।
১৩। ধন খৰচত হাত টান লোকক কি বোলা হয়?
উঃ কৃপণ বুলি বোলা হয়।
১৪। সৰু খৰচক লেখকে কি বুলি কৈছে?
উঃ গুপ্ত শত্রু বুলি কৈছে।
১৫। ধনৰ বেয়া ব্যৱহাৰে কি কি সমস্যাৰ সৃষ্টি কবে?
উঃ দৰিদ্ৰতা আৰু অপমানৰ সৃষ্টি কৰে।
১৬। ধোঁৱাখুলীয়াই কিয় সঞ্চয় নকৰে?
উঃ ধোঁৱাখুলীয়াই সঞ্চয়ক বোজা বুলি ভাবে।
১৭। লেখকে ধনক কেনেকৈ ব্যৱহাৰ কৰিবলৈ উপদেশ দিছে?
উঃ আয় অনুসৰি ব্যয় কৰিবলৈ।
১৮। কৃপণে ভাল কাপোৰ পিন্ধাক কি বুলি ভাবে?
উঃ গপ বুলি ভাবে।
১৯। লেখকৰ মতে অশিক্ষিত মানুহ কিহত ভোল যায়?
উঃ বাহ্যিক জাক-জমক দেখি ভোল যায়।
২০। কৃপণে কিয় সন্তানৰ বাবে ধন সঞ্চয় কবে?
উঃ সন্তানৰ বাবে ধনৰ অক্ষয় ভাণ্ডাৰ ৰখাৰ উদ্দেশ্যে।
২১। ঋণক কিয় পাপৰ লগত তুলনা কৰা হয়?
উঃ ঋণে মানুহক দুখিত আৰু অপমানিত কৰে বাবে।
২২। ধনৰ মূল মন্ত্র কি বুলি কৈছে?
উঃ আয় অনুসৰি ব্যয় কৰাটো ধনৰ মূল মন্ত্র।
২৩। লেখকৰ মতে কৃপণৰ ধনৰ ব্যৱহাৰ কেনেকুৱা?
উঃ ধনৰ সৎ ব্যৱহাৰ নকৰি ধন চাই সুখ অনুভৱ কৰে।
২৪। কৃপণক আন কি নামেৰে জনা যায়?
উঃ ‘কৰাইচ’ বা ‘কটকিনা’ নামেৰে জনা যায়।
২৫। সজ আৰু অসজ বৃত্তিৰ মাজত কি পার্থক্য আছে?
উঃ সজ বৃত্তি আনৰ উপকাৰৰ বাবে আৰু অসজ বৃত্তি নিজ সুবিধাৰ বাবে হয়।
২৬। অশিক্ষিত মানুহ ধনৰ খৰচক কি ভাবে?
উঃ ধনৰ খৰচক মহতালিৰ কৰ্ম বুলি ভাবে।
২৭। ঋণৰ লগত ব্যাধিক কিয় তুলনা কৰা হৈছে?
উঃ ঋণ আৰু ব্যাধি দুয়ো একে ধৰণে ক্ষতিকাৰক।
২৮। কৃপণে আনৰ উপভোগ সহ্য কিয় নকৰে?
উঃ নিজে ধন সঞ্চয়ত ব্যস্ত থকাৰ বাবে।
২৯। অসমীয়াত প্রথম বিজ্ঞান বিষয়ক গ্রন্থ কোনটো?
উঃ ‘অকাশ ৰহস্য’।
৩০। ‘চিন্তাকলি’ কোনে ৰচনা কৰিছে?
উঃ সত্যনাথ বৰাদেৱে ৰচনা কৰিছে।
👉 Read Also:
- অসমৰ পুৰণি খেল–ধেমালি
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
- বিয়াৰ প্রেজেন্ট
- ৰাৱণক বিভীষণৰ সজ উপদেশ
- বৰগীতঃ জয় জয় যাধৱ
