Join WhatsApp

Join Now

Join Telegram

Join Now

হস্তিবিদ্যাৰ্ণৰ পুথি Class 12 Assamese Chapter 4 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক হস্তিবিদ্যাৰ্ণৰ পুথি Class 12 Assamese Chapter 4 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

হস্তিবিদ্যাৰ্ণৰ পুথি Class 12 Assamese Chapter 4 Solutions

হস্তিবিদ্যাৰ্ণৰ পুথি Class 12 Assamese Chapter 4 Solutions

হস্তিবিদ্যাৰ্ণৰ পুথি – ড° সূর্যকুমাৰ ভূঞা

লেখক পৰিচয়ঃ ড° সূর্যকুমাৰ ভূঞা (১৮৯২-১৯৬৪) আছিল অসমৰ এজন পণ্ডিত, গৱেষক, সাহিত্যিক আৰু ইতিহাসবিদ। তেওঁৰ জন্ম হয় নগাওঁ চহৰত। ১৯০৯ চনত তেওঁ শ্বিলং চৰকাৰী স্কুলৰ পৰা অসম উপত্যকাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয় আৰু ভেক্টোৰিয়া মেম’ৰিয়েল স্বর্ণ পদক লাভ কৰে। ভূঞাই ১৯১১ চনত কটন কলেজৰ পৰা আই. এ. আৰু ১৯১৩ চনত কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মান সহকাৰে বি. এ. পাছ কৰে। ১৯১৬ চনত তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰি যোৰহাটৰ বেজবৰুৱা স্কুলত শিক্ষকতাৰ চাকৰিত যোগদান কৰি চাকৰি জীৱনৰ পাতনি মেলে। তাৰ দুবছৰ পিছত তেওঁ কটন কলেজৰ ইংৰাজী অধ্যাপক হিচাপে নিযুক্ত হয়। ১৯৪৬ চনত তেওঁ কটন কলেজৰ অধ্যক্ষৰূপে কাৰ্যভাৰ গ্রহণ কৰে। সূর্য কুমাৰ ভূঞা আছিল কটন কলেজৰ প্রথম গৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ। গৱেষণা কার্যত নিয়োজিত হোৱাৰ উদ্দেশ্যে তেওঁ ১৯৩৬ চনত ইংলগুলৈ যায় আৰু লগুন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰে। ১৯৫২ চনত তেওঁ একে বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডি. লিট ডিগ্রী লাভকৰে। সেই বছৰতে তেওঁ গোৱালিয়ৰত অনুষ্ঠিত ইন্ডিয়ান হিস্ট্রি কংগ্ৰেছৰ আধুনিক ইতিহাস শাখাৰ সভাপতি মনোনীত হয়। ১৯৫২ চনত তেওঁ ৰাজ্যসভাৰ সদস্য পদ আৰু ১৯৫৬ চনত ‘পদ্মশ্রী’ সম্মান লাভ কৰে। ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে সেৱা আগবঢ়ায়। তেওঁ অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনৰ (১৯৫৩) সভাপতিৰ আসনো অলংকৃত কৰে।

ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দিয়া সূর্য কুমাৰ ভূঞাই প্রথমতে কবি হিচাপে আত্ম প্রকাশ কৰে যদিও পিছলৈ তেওঁ ইতিহাসবিদ হিচাপে সুখ্যাতি লাভ কৰে। তেওঁ বহুতো মূল্যৱান পুথি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ বিকাশত অৰিহনা যোগায়। তেওঁৰ একমাত্র কবিতা পুথি হ’ল ‘নির্মালি’। তেওঁ চুটি গল্পতো হাত দিছিল। তেওঁৰ একমাত্র চুটি গল্প সংকলনৰ নাম হ’ল: ‘পঞ্চমী’। ‘ত্রিপদী’ আৰু ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ তেওঁৰ উল্লেখযোগ্য প্রবন্ধ সংকলন। তেখেতে জীৱনীমূলক গ্রন্থও ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা জীৱনীমূলক গ্রন্থসমূহ হ’ল: ‘গোপাল কৃষ্ণ গোখলে, আনন্দৰাম বৰুৱা, অসম জীয়ৰী, জোনাকী আৰু চানেকী’। তেওঁ কেইবাখনো ঐতিহাসিক তথ্যপূর্ণ পুথি ৰচনা কৰিছিল, যথা: কোঁৱৰ বিদ্ৰোহ, বুৰঞ্জীৰ বাণী, ৰমণী গাভৰু, মীৰজুমলাৰ অসম আক্রমণ, আৰু লাচিত বৰ ফুকন।

অসমীয়া ভাষাত গ্রন্থ ৰচনা কৰাৰ উপৰিও তেওঁ কেইবাখনো উল্লেখযোগ্য ইংৰাজী গ্রন্থও ৰচনা কৰিছিল, যথা: An Assamese Nur Jahan, Early British Relations with Assam, Lachit Borphukan and His Times, Atan Borhuhain and His Times, Men I have Met, London Memories আৰু গৱেষণা গ্রন্থ Anglo Assamese Relations 1771 1820.

ইয়াৰ উপৰিও তেওঁ কেইবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল। ১৯৬৪ চনত তেওঁৰ মৃত্যু হয়।

কঠিন শব্দৰ অৰ্থঃ

গেঁজখাই: গিজ গিজ, প্ৰচুৰ, ভৰপুৰ। চকঃ অকস্মাৎ ভয়, উচাপ। নির্বন্ধ: বিধান, পূৰ্বৰ পৰা চলি অহা দস্তৰ। কামন্দকীয় নীতিসাৰ: কামনদাকি নামৰ আচাৰ্যই ৰচনা কৰা নীতিশাস্ত্র। অপ্রীতি বর্ধক: দুখ বর্ধক। দন্তঃ দাঁত। কালশিলি বর্ণ: হাতীৰ বৰ্ণ বিশেষ। অল্পকলীয়া: পাতল ক’লা বৰণৰ। ফচৌ : আহোম ৰজাই মূৰত পিন্ধা বস্তু বিশেষ। ইজাৰ: চুৰিয়া বা ঠেঙ্গাৰ তলত পিন্ধা পায়জামা। গজশাস্ত্র: হাতী বিষয়ক পুথি। হুই: হৈ। স্বন্দ: লালিত্য, সৌন্দর্য। ৰাতুল: বক্ত, ৰঙা। বুলনঃ খোজ। টিপ: কথা বুজাবৰ বাবে কৰা চকুৰ সঞ্চালন। বহুনা: হাতীৰ ডিঙিত মাউত বহা ঠাই। আকুহি, আঁকুহি: হাঁকুটি; গছৰ ফল আদি আঁজুৰি আনিব পৰা আগ-আঁকোৰা ডাঁৰ, পাঠটিত হাতীৰ ওঁৰ অৰ্থত ব্যৱহাৰ হৈছে। আদ্যোপান্ত: আদিৰ পৰা অন্তলৈ।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ১)

১। ‘হস্তিবিদ্যার্ণব’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে? H.S. ’17

উত্তৰ: ‘হক্তিবিদ্যার্ণর’ শীর্ষক পাঠটি যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। ‘হস্তিবিদ্যার্ণর’ শীর্ষক প্রবন্ধটি প্রথমতে ক’ত প্রকাশ পাইছিল?

উত্তৰ: ‘হক্তিবিদ্যার্ণর’ প্রবন্ধটি প্রথমতে শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত প্রকাশ পাইছিল।

৩। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি? H.S. ’18

উত্তৰ: কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম হ’ল ড° সূর্যকুমাৰ ভূঞা।

৪। সূর্যকুমাৰ ভূঞাৰ গবেষণা গ্ৰন্থখনৰ নামকি?

উত্তৰ : সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল: Anglo Assamese Relations 1771 -1820.

৫। ‘হস্তিবিদ্যাৰ্ণৰ সাৰ সংগ্রহ’ পুথিখন কোনে ৰচনা কৰিছিল? H.S. ’17

উত্তৰ: ‘হস্তিবিদ্যাৰ্ণৰ সাৰ সংগ্ৰহ’ পুথিখন সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ২/৩)

১। ‘হস্তিবিদ্যাৰ্ণৰ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিচিল?

উত্তৰ: ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ নামৰ পুথিখন সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।

২। পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম লিখা। H.S. ’18, ’24

উত্তৰ: পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম হ’ল: ‘ধর্ম পুৰাণ’ আৰু ‘সচিত্র ভাগবত’।

৩। ‘হস্তিবিদ্যাৰ্ণর’ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?

উত্তৰ: ‘হস্তিবিদ্যার্ণব’ নামৰ পুথিখনৰ চিত্ৰবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন শিল্পীযে অংকন কৰিছিল।

৪। ‘হস্তিবিদ্যাৰ্ণৰ’ পুথিত কোনকেইজন লোকৰ চিত্র অংকিত হৈছে?

উত্তৰ : হস্তিবিদ্যাৰ্ণর পুথিত আহোম ৰজা শিব সিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ ছবি অংকিত হৈছে।

৫। ‘হস্তিগ্রন্থ’ বুলিলে কি বাজ?

উত্তৰ: ‘হস্তিগ্রন্থ’ বুলিলে হাতী বিষয়ক গ্রন্থক বুজায়।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪/৫)

১। ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা।

উত্তৰ: মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্র-বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদিক বিষয়বস্তু হিচাপে লৈ যি পুথি বা সাহিত্য ৰচিত হয়, তাকে ‘ব্যৱহাৰিক সাহিত্য’ বুলি কোৱা হয়। ব্যৱহাৰিক সাহিত্য কবিতা, চুটি গল্প, উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয়।
দুখন ব্যৱহাৰিক সাহিত্য হ’ল ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্রহ’ আৰু ‘ঘোঁৰা নিদান’।

২। ড° সূর্যকুমাৰ ভূঞাৰ সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা।

উত্তৰ: ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দিয়া সূর্য কুমাৰ ভূঞাই প্রথমতে কবি হিচাপে আত্ম প্রকাশ কৰে যদিও পিছলৈতেওঁ ইতিহাসবিদ হিচাপে সুখ্যাতি লাভ কৰে। তেওঁ বহুতো মূল্যৱান পুথি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ বিকাশত অৰিহনা যোগায়। তেওঁৰ একমাত্র কবিতা পুথি হ’ল ‘নির্মালি’। তেওঁ চুটি গল্পতো হাত দিছিল। তেওঁৰ একমাত্র চুটি গল্প সংকলনৰ নাম হ’ল: ‘পঞ্চমী’। ‘ত্রিপদী’ আৰু ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ তেওঁৰ উল্লেখযোগ্য প্রবন্ধ সংকলন। তেখেতে জীবনীমূলক গ্রন্থও ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা জীৱনীমূলক গ্রন্থসমূহ হ’ল: গোপাল কৃষ্ণ গোখলে, আনন্দৰাম বৰুৱা, অসম জীয়ৰী, জোনাকী আৰু চানেকী। তেওঁ কেইবাখনো ঐতিহাসিক তথ্যপূর্ণ পুথি ৰচনা কৰিছিল, যথা: কোঁৱৰ বিদ্ৰোহ, বুৰঞ্জীৰ বাণী, ৰমণী গাভৰু, মীৰজুমলাৰ অসম আক্রমণ আৰু লাচিত বৰ ফুকন।

অসমীয়া ভাষাত গ্রন্থ ৰচনা কৰাৰ উপৰিও তেওঁ কেইবাখনো উল্লেখযোগ্য ইংৰাজী গ্রন্থও ৰচনা কৰিছিল, যথা: An Assamese Nur Jahan, Early British Relations with Assam, Lachit Borphukan and His Times, Atan Borhuhain and His Times, Men I have Met, London Memories আৰু গবেষণা গ্রন্থ Anglo Assamese Relations 1771 1820.

ইয়াৰ উপৰিও তেওঁ কেইবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল।

৩। ‘হস্তিবিদ্যার্ণর’ পুথিৰ বিষয়বস্তুৰ আভাস দিয়া। H.S. ’18

উত্তৰ: ‘হস্তিবিদ্যাৰ্ণর’ পুথিখন হ’ল হাতী বিষয়ক এক উল্লেখযোগ্য পুথি। এই পুথিখন সুকুমাৰ বৰকাথে ১৭৩৪ চনত আহোমৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি ৰচনা কৰিছিল। এইখন হ’ল এক সচিত্র পুথি। ইয়াৰ ছবিবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন শিল্পীয়ে অংকন কৰিছিল। পুথিখনত চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ ছবি অংকন কৰা হৈছে।
‘হস্তিবিদ্যার্ণ’ পুথিত বিভিন্ন প্ৰকাৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে। ইয়াৰ লগতে হাতীশাল নির্মাণৰ নিয়ম, হাতী দাঁতৰ মূল্য আদিব বিষযেও বর্ণনা পোৱা যায়। গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজঃগুণযুক্ত। প্রাচীন অসমৰ চিত্ৰকলা আৰু ব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰ স্বৰূপ এই পুথিখন চাই মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ড° ৰাজেন্দ্ৰ প্রসাদ আদি বহুতো খ্যাতনামা ব্যক্তিয়ে বৰকৈ প্ৰশংসা কৰি গৈছে। পুথিখন অসমীয়া জাতিৰ অমূল্য সম্পদ।

৪। ‘মঙ্গলদায়ক হাতী’ৰ লক্ষণ সম্পর্কে হস্তিবিদ্যার্ণর’ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।

উত্তৰ: ‘হস্তিবিদ্যাৰ্ণৱ পুথিখন সুকুমাৰ বৰকাথে ৰচনা কৰা এক উল্লেখযোগ্য হাতী বিষয়ক পুথি। ইয়াত বিভিন্ন প্ৰকাৰ আৰু প্ৰকৃতিৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে। মঙ্গলদায়ক হাতীৰ বিষয়ে পুথিখনত কোৱা হৈছে যে যিবোৰ হাতী শ্যামবর্ণ, সুন্দৰ, শৰীৰ স্থূল, দুই দন্ত দীর্ঘ, সমান ৰঙ্গ কৰা, আগলৈ চাপি যোৱা, কালশিলি বর্ণ, অগ্রজোঙা, নখ অল্পকলীয়া আৰু বলবন্ত সেইবোৰ হাতীক ‘মঙ্গলদায়ক হাতী’ বুলি কোৱা হয়। ৰজাৰ মঙ্গলদায়ক হাতী থাকিলে বহুত ধন লাভ হয়। এনে হাতী সহজে বশ হয়।

৫। ‘হস্তিবিদ্যার্ণর পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা। H.S. ’19

উত্তৰ: সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত আহোম ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেবীৰ আদেশক্রমে ‘হস্তিবিদ্যাৰ্ণৰ সাৰ সংগ্ৰহ’ নামৰ সচিত্র পুথিখন ৰচনা কৰে। ইয়াৰ ভাষা গদ্য। এই গদ্য ওজঃগুণ বিশিষ্ট। বাক্যৰ গঠনত সৰল অসমীয়া ভাষাৰ চানেকী পোৱা যায়। উদাহৰণ স্বৰূপে হস্তিবিদ্যার্ণর পুথিখনৰ পৰা এটি বাক্য উদ্ধৃত কৰা হ’ল:

“পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখখন দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, যেন মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলন খৰ।”

মূল পুথিখনৰ ভাষা গদ্য যদিও ইয়াৰ প্ৰশক্তি অংশৰ ভাষা সংস্কৃত-গন্ধী।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:

(ক) জয়ন্তী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ : ৰঘুনাথ চৌধাৰী।

(খ) কোনখন আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া প্রগতিশীল কাব্যধাৰাই প্রতিষ্ঠা লাভ কৰে?

উত্তৰ: ‘ৰামধেনু’ আলোচনীৰ জৰিয়তে।

(গ) কোন কোন জনজাতিৰ লোকসকলে হাতীৰ বিষয়ে ভালকৈ জানিছিল?

উত্তৰ: খামতি, চিংফৌ, নৰা, ফাঁকিয়াল, মৰাণ আদি জনজাতীয় মানুহে হাতীৰ বিষয়ে ভালকৈ জানিছিল।

(ঘ) ‘হস্তিবিদ্যার্ণর’ পুথিখন কেতিয়া ছপাৰূপত প্রকাশ হয়?

উত্তৰঃ ১৯৭৬ চনত (প্রকাশ কৰে অসম প্রকাশন পৰিষদে)।

(প্ত) কোনজন আহোম ৰজাৰ দিনৰ পৰা অসমত মোগলী সাজ-সজ্জাৰ প্রচলন হয়?

উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা।

(চ) ‘হস্তিবিদ্যাৰ্ণব’ পুথিখন কোনে ক’ত পাইছিল।

উত্তৰ: সুকুমাৰ বৰকায়থৰ ‘হস্তিবিদ্যৰ্ণৰ পুথিখন হেমচন্দ্র গোস্বামীয়ে সুপ্রসিদ্ধ পূর্ণানন্দ বুঢ়াগোহাঞিৰ সন্ততি লোকেশ্বৰ বুঢ়াগোহাঞিৰ ঘৰত পাইছিল।

(চ) ‘হস্তিবিদ্যার্ণর’ পুথিখনত কোনজন কোঁৱৰীৰ চিত্র আছে? H.S. ’19

উত্তৰ : বৰকুঁৱৰী অম্বিকাদেৱীৰ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×