আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ শীতল যুদ্ধ যুগ Class 12 Political Science Chapter 1 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
শীতল যুদ্ধ যুগ Class 12 Political Science Chapter 1 Solutions
👉 Read also:
শীতল যুদ্ধ যুগ (COLD WAR)
সমসাময়িক বিশ্ব ৰাজনীতি
শাখা-ক
অধ্যায় – ১
১। অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ১)
(ক) NATO সম্পূর্ণ ৰূপটো কি? H.S. ’20
উত্তৰঃ NATO সম্পূর্ণ রূপ North Atlantic Treaty Organisation.
(খ) NIEO ৰ সম্পূৰ্ণ ৰূপটো কি? H.S. ’17
উত্তৰঃ NIEO -ৰ সম্পূৰ্ণ ৰূপটো হ’ল New International Economic Order.
(গ) CENTO ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ CENTO ৰ সম্পূৰ্ণ ৰূপটো হ’ল- Central Treaty Organisation.
(ঘ) LOCS কি?
উত্তৰঃ LOCS মানে Line of Controls.
(ঙ) NAM সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ Non-Aligned Movement.
(চ) LDCs কি?
উত্তৰঃ Least Developed Countries.
(ছ) কোন চনত জার্মানীৰ একত্ৰিকৰণ কৰা হয়?
উত্তৰঃ ১৯৯০ চনত।
(জ) ‘শীতল যুদ্ধ’ (Cold War) বুলিলে কি বুজা?
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত বিশ্বৰ দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত বিশ্ব ৰাজনীতিত আধিপত্য স্থাপনক লৈ চলা প্রতিযোগিতা আৰু কূটনৈতিক অৰিয়া-অবিক ‘শীতল যুদ্ধ’ বুলি কোৱা হয়।
(ঝ) শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ শীতল যুদ্ধ ১৯৪৫ চনত আৰম্ভ হৈছিল।
(ঞ) শীতল যুদ্ধ কেতিয়া শেষ হৈছিল?
উত্তৰঃ শীতল যুদ্ধ ১৯৯১ চনত শেষ হৈছিল।
(ট) বাৰশ্ব চুক্তি (Warsaw Pact) ৰ প্ৰধান কাৰ্য কি আছিল?
উত্তৰঃ ৱাৰশ্ব চুক্তি (Warsaw Pact) ৰ প্রধান কাম আছিল NATO ক প্ৰতিৰোধ কৰা।
(ঠ) কিউবা সংকট (Cuba Crisis) কি?
উত্তৰঃ কিউবা সংকট (Cuba Crisis) হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ৰাছিয়াক কিউবালৈ পাৰমাণৱিক ক্ষেপণাস্ত্র কঢ়িয়াই নিয়াত বাধা দিয়াৰ
ফলস্বৰূপে সৃষ্টি হোৱা মতানৈক্য।
(ড) দুই মহাশক্তিৰ নাম লিখা।
নাইবা
দ্বিতীয় মহাযুদ্ধৰ পিছত আবির্ভাব হোবা বৃহৎ শকিত দুটাৰ নাম লিখা। H.S. ’18
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়া।
(ঢ) কোন চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত আণবিক বোমা নিক্ষেপ কৰিছিল?
উত্তৰঃ ১৯৪৫ চনত।
(ণ) CENTO ৰ উদ্দেশ্য পৃথকীকৰণ নে?
উত্তৰঃ CENTO ৰ উদ্দেশ্য পৃথকীকৰণ নহয়। ইয়াৰ উদ্দেশ্য হ’ল- স্বাধীন বৈদেশিক নীতি গ্রহণ কৰা আৰু শান্তিপূর্ণভাবে সহাৱস্থান কৰা।
(ত) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ যচিব রুচ টিটু।
(থ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সম্মিলন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৯৬১ চনত, বেলগ্রেডত।
(দ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম অধিবেশনত কেইখন সদস্য ৰাষ্ট্ৰ উপস্থিত আছিল? H.S. ’17
উত্তৰঃ ২৫ খন।
(ধ) ‘গোষ্ঠী নিৰপেক্ষতা নির্লিপ্তবাদ নহয়, কিয়নো নির্লিপ্তবাদ মানে ঘটনাক্ৰমৰ পৰা আঁতৰি থকা বুজায়।’ – কথাষাৰ সঁচানে?
উত্তৰঃ সঁচা।
(ন) দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত বোমা পৰা দুখন ঠাইৰ নাম লিখা।
উত্তৰঃ হিৰোশ্বিমা আৰু নাগাচাকি।
(প) বাৰশ্ব চুক্তি (Warsaw Pact) বুলিলে কি বুজা?
উত্তৰঃ বাৰশ্ব চুক্তি (Warsaw Pact) হ’ল ১৯৫৫ চনত ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত পোলেণ্ড, পূর্ব জামানী, হাঙ্গেৰী আৰু চেকশ্লোভাকিয়াকে ধৰি ৮ খন ৰাষ্ট্ৰই লগ হৈ NATO ক প্রত্যাহ্বান জনাবলৈ সম্পাদন কৰা এক সামৰিক চুক্তি।
(ফ) কিউবা সংকট চনত হৈছিল। (খালী ঠাই পূৰণ কৰা) H.S. ’19
উত্তৰঃ ১৯৬২
(ব) SEATO ৰ সম্পূৰ্ণ ৰূপটো লিখা। H.S. ’16
উত্তৰঃ SEATO সম্পূর্ণ রূপ South East Asia Treaty Organisation.
২। চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক- ২)
(ক) প্রথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সম্মিলন ক’ত, কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰঃ প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সম্মিলন বেলগ্রেডত ১৯৬১ চনৰ ১ ৰ পৰা ১৬ চেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল।
(খ) কমিউনিষ্ট পৰিমণ্ডলৰ তিনিখন দেশৰ নাম লিখা।
উত্তৰঃ ছোভিয়েট ৰাছিয়া, হাংগেৰী আৰু পোলেণ্ড।
(গ) ছোভিয়েট পৰিমণ্ডলত যোগদান কৰা দেশসমূহ কি কি আছিল?
উত্তৰঃ পোলেও, হাংগেৰী, জার্মানী, বুলগেৰীয়া, আলবেনীয়া, চেকোশ্লোভেকিয়া।
(ঘ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম অধিবেশন কেতিয়া অনুষ্ঠিতত হয়?
উত্তৰঃ ১৯৪৬ চনত।
(ঙ) হিৰোশ্বিমা আৰু নাগাচাকিত পোলারা আণবিক বোমা দুখনৰ নাম কি কি?
উত্তৰঃ হিৰোশ্বিমাত পেলোৱা আণবিক বোমাৰ নাম আছিল ‘সৰু ল’ৰা’ (Little Boy) আৰু নাগাচাকিত পেলোৱা আণবিক বোমাৰ নাম আছিল ‘শকত ব্যক্তি’ (Fat Man)।
(চ) দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি কিদৰে হৈছিল?
উত্তৰঃ ১৯৪৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিবোশ্বিমা আৰু নাগাচাকি নামৰ দুখন চহৰত আণৱিক বোমা নিক্ষেপ কৰাৰ পাছত জাপানে আত্মসমর্পণ কৰিবলৈ বাধ্য হয়। ইয়াৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে।
(ছ) দুই মহাশক্তিৰ সৰু সৰু সহযোগীৰ প্ৰয়োজন হৈছিল কিয়? H.S. “17, 18, ’20
উত্তৰঃ দুই মহাশক্তি অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ সৰু সৰু সহযোগী ৰাষ্ট্ৰৰ প্রয়োজন হোৱাৰ প্ৰধান কাৰণ হ’ল-
প্রথম, সৰু ৰাষ্ট্ৰ সমূহৰ লগত বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰি সেই ৰাষ্ট্ৰসমূহৰ পৰা সামৰিক বাহিনী সঞ্চালন কৰা।
দ্বিতীয়, সৰু সৰু ৰাষ্ট্ৰসমূহৰ পৰা প্ৰাকৃতিক সম্পদ যেনে- খাৰুৱা তেল, খনিজ পদার্থ আদি লাভ কৰা।
তৃতীয়, সৰু সৰু ৰাষ্ট্ৰবোৰৰ সৈতে সামৰিক মিত্রতা স্থাপন কৰি পাৰস্পৰিক ৰাষ্ট্ৰবোৰৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাত সুবিধা সৃষ্টি কৰা।
চতুর্থ, যুদ্ধৰ বাবে সামৰিক ঘাটি স্থাপন কৰা।
(জ) পশ্চিমীয়া মিত্র শক্তি আৰু প্ৰাচ্যৰ মিত্র শক্তি মানে কি?
উত্তৰঃ পশ্চিমৰ (ইউৰোপৰ) সকলো ৰাষ্ট্ৰই আমেৰিকাৰ জোঁটত যোগদান কৰাৰ বাবে এই ৰাষ্ট্ৰবোৰক ‘পশ্চিমীয়া মিত্র শক্তি’ আৰু ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত পূৱৰ দেশসমূহৰ জোঁটক ‘প্রাচ্য মিত্র শক্তি’ বুলি কোৱা হয়।
(ঝ) শীতল যুদ্ধৰ সময়ছোৱাত দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্র নিয়ন্ত্ৰণৰ চুক্তি দুখনৰ নাম কি? H.S. ’16
উত্তৰঃ দুই মহাশক্তি অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট বাছিয়াই স্বাক্ষৰিত কৰা অস্ত্র নিয়ন্ত্রণৰ চুক্তি দুখন হ’ল-
এক, আণবিক অস্ত্ৰৰ সম্প্ৰসাৰণ ৰোধকাৰী চুক্তি (Nuclear Non-Proliferation Treaty)।
দুই, সীমিতভাবে আণবিক অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (Limited Test Ban Treaty)।
(ঞ) NATO ৰাষ্ট্ৰসমূহৰ ঘোষণা-পত্র কি?
উত্তৰঃ NATO ৰ সদস্য ৰাষ্ট্ৰসমূহে ঘোষণা পত্রত কৈছিল যে তেওঁলোকৰ কোনো সদস্য ৰাষ্ট্ৰক আন কোনো ৰাষ্ট্ৰই আক্ৰমণ কৰিলে তেওঁলোকে সামুহিকভাবে সেই আক্রমণ প্রতিহত কৰিব।
(ট) দ্বিতীয় বিশ্বযুদ্ধৰ মিত্রশক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা?
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ মিত্রশক্তি বুলিলে আমৰিকা, বৃটেইন, ফ্রান্স, ছোভিয়েট ৰাছিয়া আদি ৰাষ্ট্ৰসমূহৰ জোঁটক বুজায়।
আনহাতে, অক্ষীয় শক্তি বুলিলে জাপান, ইটালী আৰু জার্মানীক বুজায়।
(ঠ) শীতল যুদ্ধৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ বন্ধু দেশসমূহৰ সৈতে আবদ্ধ হোৱা সামৰিক চুক্তি দুখনৰ নাম লিখা।
উত্তৰঃ নাটো (NATO) আৰু বাৰশ্ব চুক্তি (Warsaw Pact)।
(ড) নতুন আন্তৰাষ্ট্ৰীয় অর্থনৈতকি শৃঙখলাৰ দুটা নীতি লিখা।
উত্তৰঃ নতুন আন্তৰাষ্ট্ৰীয় অর্থনৈতিক শৃঙ্খলাৰ দুটা নীতি হ’ল-
(ক) আন্তর্জাতিক অর্থনীতিত থকা অসমতা দূৰ কৰা। H.S. ’17
(খ) শান্তি আৰু ন্যায়ৰ ওপৰত প্রতিষ্ঠিত এক আন্তর্জাতিক অর্থ ব্যৱস্থা গঢ়ি তোলা। H.S. ’20
৩। মজলীয়া প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক – ৪)
(ক) শীতল যুদ্ধ (Cold War) উদ্ভৱ হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ শীতল যুদ্ধ (Cold War) উদ্ভৱ হোৱাৰ চাৰিটা কাৰণ হ’ল-
এক, আমেৰিকাত কমিউনিষ্ট কার্যকলাপ বৃদ্ধি।
দুই, শান্তি চুক্তি সংক্রান্তত আমেৰিকা আৰু ৰাছিয়াৰ মাজত মত পার্থক্য।
তিনি, আণবিক অস্ত্র নির্মাণত প্রতিযোগিতা।
চাৰি, বিশ্ব ৰাজনীতিত প্রভাব বিস্তাৰ কৰা।
(খ) শীতল যুদ্ধ কিয় এক শীতল যুদ্ধ হৈ থাকিল আৰু ই কিয় উত্তপ্ত যুদ্ধ হোৱাগৈ নাছিল?
উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া দুই মহাশক্তি হিচাপে আত্মপ্রকাশ কৰে। দুয়োখন দেশেই আণবিক শক্তি সমৃদ্ধ দেশ আছিল আৰু দয়োখন দেশেই বিশ্বৰ ৰাজনীতিত প্রভার খটুৱাব বিচাৰিছিল। দুয়োখন দেশ যদিও সামৰিক আৰু আণবিক শক্তিত প্রতিদ্বন্দ্বী আছিল তথাপি সিহঁতে সমুখ সমৰত লিপ্ত হ’ব বিচৰা নাছিল। কাৰণ সিহঁতে বুজি পাইছিল যে এনে দুই শক্তিৰ মাজত যুদ্ধ হ’লে দুয়োখন দেশৰে ক্ষয়-ক্ষতি যথেষ্ট হ’ব। সেয়ে সিহঁতে সশস্ত্র সংঘৰ্ষৰ আশ্রয় নলৈ শীতল হৈয়েই থাকিল আৰু ই কোনা দিনেই উত্তপ্ত নহ’ল অর্থাৎ যুদ্ধত লিপ্ত নহ’ল।
(গ) কিউবাৰ ক্ষেপণাস্ত্র (Cuba Missile Crisis) সংকট মানে কি?
উত্তৰঃ ১৯৬১ চনত ছোভিয়েট বাছিয়াই আশংকা কৰিছিল যে পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকাই কিউবা আক্রমণ কৰিব পাৰে। কাৰণ কিউবা আছিল ছোভিয়েট ৰাছিয়াৰ মিত্ৰ ৰাষ্ট্র। সেই সময়ত কিউবা আছিল সাম্যবাদী আদৰ্শৰ ৰাষ্ট্ৰ। সেয়ে সাম্যবাদী ৰাষ্ট্ৰৰ সমৰ্থক হিচাপে ছোভিয়েট ৰাছিয়াই কিউবাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছিল। সেইবাবে ৰাছিয়াই কিউবাত সামৰিক ভেটি সুদৃঢ় কৰিবলৈ ১৯৬২ চনত এক আণবিক ক্ষেপণাস্ত্র স্থাপন কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ ৰাষ্ট্ৰপতি কেনেডিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ক্রুশ্বেভক কিউবাৰ পৰা আণৱিক ক্ষেপণাস্ত্র আতৰাই নিবলৈ সকিয়াই দিয়ে আৰু কেনেডিয়ে কিউবা অভিমুখী যিকোনো ঝছ জাহাজক বাধা দিবলৈ আমেৰিকাৰ যুদ্ধ জাহাজবোৰক নির্দেশ দিছিল। ফলত এক সংঘর্ষ অনিবার্য যেন হৈ পৰিছিল। ইয়াকেই ‘কিউবাৰ আণবিক সংকট’ (Cuba Missile Crisis) বুলি কোৱা হয়।
(ঘ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী নিৰ্মাতাৰ নাম লিখা।
উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী নিৰ্মাতাৰ নাম হ’ল জৱাহৰলাল নেহৰু, কৱঅমি নকৰুমা, যচিপ ব্রুগ টিটু, আবদেল নাচেৰ আৰু সুকৰনু।
৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)
(ক) শীতল যুদ্ধৰ অবনতিৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ দ্বিতীয় মহাসমৰৰ পিছত আমেৰিকা আৰু ৰাছিয়াৰ পৰস্পৰ বিৰোধী মিত্র জোঁটসমূহৰ মাজত শীতল যুদ্ধৰ উদ্ভৱ হয় আৰু বিভিন্ন সময়ত ই গুৰুতৰ ৰূপ ধাৰণ কৰে যদিও শেষলৈ শীতল যুদ্ধৰ অৱসান ঘটিছিল। ইয়াৰ কাৰণসমূহ হ’ল-
এক, দুয়োটা গোষ্ঠীয়েই বৈদেশিক নীতিৰ ক্ষেত্ৰত নমনীয় স্থিতি গ্রহণ কৰিছিল। ফলত যুদ্ধৰ পৰিৱেশ শাম কাটিছিল।
দুই, দুয়োটা শক্তিয়েই আণবিক শক্তিৰ ভয়াবহতাৰ বিষয়ে উপলব্ধি কৰিছিল। ফলত সিহঁতে অতি সহজেই যুদ্ধৰ মুখামুখি হ’বলৈ নিবিচাৰিছিল।
তিনি, সাম্যবাদী আদর্শ গ্রহণ কৰা দেশবোৰৰ মাজত সৃষ্টি হোৱা মতভেদৰ বাবেও শীতল যুদ্ধৰ অৱণতি ঘটিছিল।
চাৰি, দুয়োটা গোষ্ঠীৰ মাজত বুজাবুজি আৰু আত্ম উপলব্ধিৰ বাবেও এই যুদ্ধৰ অৱসানত অৰিহণা যোগাইছিল।
পাঁচ, গোষ্ঠী নিৰপেক্ষবাদীয়ে গা কৰি উঠাৰ ফলত এই শীতল যুদ্ধ ক্রমান্বয়ে শাম কাটিছিল।
ছয় , যুদ্ধৰ বিপক্ষে বিশ্ব জনমত গঢ়ি উঠাও এই যুদ্ধৰ অৱনতিৰ আন এক কাৰণ।
(খ) শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতৰ ভূমিকা বৰ্ণনা কৰা।
নাইবা
শীতল যুদ্ধৰ যুগত ভাৰতৰ স্থিতি কি আছিল? লিখা। H.S. ’18
উত্তৰঃ শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে এক গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ভাৰতবৰ্ষই পৰস্পৰ বিৰোধী মহাশক্তি দুটাৰ পৰা আতৰত থাকিবলৈ ভাল পাইছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত ভাৰতে সক্রিয় নীতি গ্রহণ কৰিছিল আৰু সকলো আর্ন্তজাতিক সমস্যাৰ শান্তিপূর্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভাৰতে যিকোনো ধৰণৰ সামৰিক চুক্তিত যোগদান কৰাৰ পৰা নিজকে বিৰত ৰাখিছিল। ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ উদ্যোক্তা হিচাপে আন আন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত নিজৰ আচৰণৰ জৰিয়তে শক্তি সঞ্চয় কৰিবলৈ সক্ষম হৈছিল। এনেদৰে শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।
(গ) ‘নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃঙ্খলা’ (New International Economic Order) ৰ ওপৰত এটি টোকা লিখা। H.S. ’18, 19
উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনত অংশগ্রহণকাৰী দেশবোৰৰ অধিকাংশই ‘অনুন্নত দেশ’ আখ্যা পাইছিল। সেই দেশবোৰৰ সমুখত মুখ্য প্রত্যাহ্বান আছিল অর্থনৈতকি বিকাশ সাধন কৰা। নতুন দেশসমূহৰ স্বাধীনতা পোৱাৰ বাবেও আর্থিক বিকাশ অনিবার্য আছিল। এই উপলব্ধিৰ পৰাই নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃঙ্খলা’ (New International Economic Order) ধাৰণাৰ জন্ম হৈছিল। ১৯৭২ চনত সংযুক্ত ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশ সম্বন্ধীয় সম্মিলনত Towards a New Trade Policies for Development নামৰ এক প্রতিবেদন প্রস্তুত কৰা হয়। এই প্রতিবেদনত বিশ্ব বাণিজ্য প্ৰথাৰ সংস্কাৰৰ প্ৰস্তাৱ লোৱা হয় যাৰ দ্বাৰা
(১) উন্নত পশ্চিমীয়া দেশবোৰে শোষণ কৰি থকা প্রাকৃতিক সম্পদসমূহ অনুন্নত দেশবিলাকৰ অধীনলৈ অনা হ’ব বুলি কোৱা হয়।
(২) অনুন্নত দেশবোৰে পশ্চিমীয়া বজাৰত নিজৰ ডৎপাদিত সামগ্রীসমূহ বিক্রি কৰিব পাৰিব।
(৩) পশ্চিমীয়া দেশৰ পৰা আমদানিকৃত প্ৰযুক্তিৰ খৰচ কমিব।
(৪) আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক অনুষ্ঠানসমূহত অনুন্নত দেশবোৰৰ গুৰুত্ব বাঢ়িব।
এইদৰে ক্ৰমান্বয়ে গোষ্ঠী নিৰপেক্ষতাৰ প্ৰকৃতিৰ সলনি হয় আৰু অর্থনৈতিক বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।
(ঘ) ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফলসমূহ চমুকৈ আলোচনা কৰা। H.S. ’20
উত্তৰঃ ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ ভাঙেন হয়। ইয়াৰ ফলাফলবোৰ তলত আলোচনা কৰা হ’ল-
(১) ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলশ্রুতিত বিশ্বত শীতল যুদ্ধৰ অন্ত পৰে। দুই বিশ্ব শক্তি-আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ আদর্শগত সংঘাতৰ অন্ত পৰে আৰু বিশ্বত শান্তিৰ বাতাবৰণ সৃষ্টি হোৱাৰ পৰিবেশ সৃষ্টি হ’বলৈ ধৰে।
(২) ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত বহুত নতুন নতুন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হ’ল।
(৩) বিশ্বই তৃতীয় এখন বিশ্ব যুদ্ধ হোৱাৰ আশংকাৰ পৰা মুক্ত হ’ল।
(৪) চীন আৰু ভাৰতে বিশ্ব দৰবাৰত গুৰুত্ব পোৱা আৰম্ভ কৰিলে।
(ঙ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সফলতা সম্পর্কে আলোচনা কৰা।
নাইবা
গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা। H.S. ’15. ’16
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত শান্তিকামী কেইখনমান ৰাষ্ট্ৰ বিশেষকৈ ভাৰতৰ নেতৃত্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনে গা কৰি উঠে। ই বিশ্বত শান্তিৰ বাতাবৰণ সৃষ্টি কৰাত তলত উল্লেখ কৰা ধৰণে ভূমিকা পালন কৰে-প্রথম, ই বিশ্বৰ দুই মহাশক্তিৰ মাজত শীতল যুদ্ধৰ উত্তেজনা হ্রাস কৰাত অৱদান যোগায়।
দ্বিতীয়, ই ক্ষমতাৰ ভাৰসাম্য বজাই ৰখাত ভূমিকা গ্রহণ কৰে।
তৃতীয়, ই নিৰস্ত্ৰীকৰণতো প্রশংসানীয় অবদান আগবঢ়ায়।
চতুীর্থ, গোষ্ঠীনিৰপেক্ষ আন্দোলনে বিশ্বত নতুনকৈ গঢ়ি উঠা নব্য-উপনিবেশবাদৰ বিৰোধিতা কৰাৰ ক্ষেত্রতো আগভাগ লয়।
👉 Read also: