Join WhatsApp

Join Now

Join Telegram

Join Now

মোৰ মাতৃমুখ দৰ্শন Class 12 Assamese Chapter 1 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক মোৰ মাতৃমুখ দৰ্শন Class 12 Assamese Chapter 1 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

মোৰ মাতৃমুখ দৰ্শন Class 12 Assamese Chapter 1 Solutions

মোৰ মাতৃমুখ দৰ্শন Class 12 Assamese Chapter 1 Solutions

গোট- ১ নির্বাচিত গদ্য (নম্বৰ ৩৫)

মোৰ মাতৃমুখ দৰ্শন -লক্ষ্মীনাথ বেজবৰুৱা

লেখক পৰিচয়ঃ লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) হৈছে বহুমুখী প্রতিভাধাৰী এজন অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অবিভক্ত নগাওঁ জিলাৰ আঁহতগুৰিত। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হৈ কলিকতালৈ উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। ১৮৯১ চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞাসুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয়।

লক্ষ্মীনাথ বেজবৰুৱা আধুনিক সাহিত্যৰ যুগনায়ক। ‘জোনাকী’ আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ তেখেতে নৱন্যাসৰ ধল প্রৱাহিত কৰে। ‘জোনাকী’ৰ পাততে তেওঁৰ ধেমেলীয়া নাটক ‘লিতিকাই’ আৰু গল্পসমূহ প্রকাশ পায়। সাহিত্যিক হিচাপে তেওঁৰ প্ৰতিভা আছিল বহুমুখী। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ৰম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীবনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অবদান আগবঢ়াই অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বব দৰবাৰত প্রতিষ্ঠা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে শ্রেণী বিভাজন কৰিব পাৰি-

ধেমেলীয়া নাটক: ‘লিতিকাই, পাচনি, নোমল আৰু চিকৰ-পতি-নিকৰপতি’।

উপন্যাস: পদুম কুঁৱৰী’।

কবিতা: ‘কদমকলি’।

গল্প পুথি: ‘জোনবিৰি, সাধুকথাৰ কুঁকি, কেহোঁকলি আৰু সুৰভি’।

সাধু কথা: ‘বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা, জুনুকা’।

বুৰঞ্জীমূলক নাটক: ‘জয়মতী, চক্রধ্বজ সিংহ, বেলিমাৰ’।

হাস্য-ব্যঙ্গ ৰচনা: ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, ব্ৰবৰুৱাৰ ভাবৰ বুৰবুৰণি’ আদি।

জীৱনী: ‘ডাঙৰীয়া দীননাথ বৰবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ’।

আত্মজীবনী: ‘মোৰ জীৱন সোঁৱৰণ’।

তত্ত্বমূলক গ্রন্থ: শ্রীকৃষ্ণ কথা আদি।

তেখেতে ‘বাঁহী’ নামৰ আলোচনী এখনৰ সম্পাদকো আছিল। তেখেতে ১৯২৪ চনত গুৱাহাটীত বহা ‘অসম সাহিত্য সভা’ৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।

১৯৩৮ চনত তেওঁৰ মৃত্যু হয়।

কঠিন শব্দৰ অৰ্থঃ

আপচু: কুৎসিত, কুশ্রী। কৈফিয়ত: কাৰণ দর্শোবা, জবাব। মাথাপোট: কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত ওপজা দুঃচিন্তা। ভৈল: হ’ল। মহাভাৰঃ গধুৰ

বোজা। হাওপাত: অভিশাপ। পিয়াসী : তৃষ্ণাতুৰ, পিয়াহত আতুৰ। ফৰিয়াদ: গোচৰ, অভিযোগ। গজপত: অভিশাপ, শাওপাত। বৃন্দাবনচন্দ্র: শ্রীকৃষ্ণ।

ভিজিট: ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰক দিবলগীয়া মাননি। সঁচাৰকাঠী: চাবি। লেকেটীয়া নৰিয়া: দীর্ঘ সময় জুৰি হৈ থকা ৰোগ, শৰীৰত আঠাৰ

দৰে লাগি থকা বেমাৰ। ছব জজ: উপ বিচাৰতি। কথা: ফটা কাপোৰ লগ লগাই সী লোৱা ডাঠ কাপোৰ। জজমেন্ট: বায়। নিয়মিত: নিয়ম অনুযায়ী

হোৱা, নির্দিষ্ট, নির্ধাৰিত। থেৰোগেঁবো : ইতস্ততঃ, হোহোকা-পিছলা। বিভুঃ ঈশ্বৰ। শিথিলা : শিথিল। জাসে জাহ যায়। ভেৰোণ: ভাবা, কেৰেয়া। সম্

পূজিতাঃ শ্রদ্ধাবে পূজিতা। কণকঠীয়া মৰা: সম্পূর্ণরূপে ধ্বংস হোৱা। ন-জল না-স্থল: উপায়হীন অবস্থা। গুণিগাথি: চিন্তা কৰি। ঢেকেৰ ঢেকেৰ

গাড়ী: লহে লাহে চলা গাড়ী। বিফ্ৰেছমেন্ট : আহাৰ, জলপান। জীর্ণ-শীর্ণ-দীর্ণ: নিঃকিন অবস্থা। অবিলুপ্ত: বিলুপ্ত নোহোৱা, নিঃশেষ নোহোৱা। ঘুঘুয়া:

অলপীয়া, অলপকৈ হোৱা। আনীতঃ আমদানিকৃত, অনা, ওচৰ চপোৱা। কপটি: ৰোগৰ আনুসঙ্গিক লেঠা। এলাবাদু কোনো কামৰ বাবে যোগ্য

নহয়, অপাত্র। ৰিপুৱা ধৰঃ গুপ্তচৰ নিযুক্ত কৰ। শলাকানি: শলিতা, শিহা। আগ্রহাতিশয্য: অতি বেছি আগ্রহ। তাবেদাৰ: অনুচৰ, অনুসৰণকাৰী।

ককৰ্থনা: তিবস্কাৰ। ৰাইখঃ ৰাখে। চর্জন: স্রজন। ওৰা পাত: লানি লগা। জকা: পিতল আদিৰ বৰ ডাঙৰ টো। তৎপশ্চাৎ: তাব পিছত। কল্লোল: ডাঙৰ ঢৌ। ৰসনা: জিভা।

টোকা:

(ক) “পানী মে মীন পিয়াসী।

মোক শুনত শুনত লাগে হাসি।।” H. S. ’19

প্রবাসী অসমীয়া লেখক লক্ষ্মীনাথ বেজবৰুৱাই কর্ম-ব্যস্ততাৰ কাৰণে বহু বছৰ ধৰি ঘৰলৈ অর্থাৎ অসমলৈ আহিব পৰা নাই। শিৱসাগৰত অনুষ্ঠিত হোৱা সভা এখনত এজন অসমীয়া ডেকাই কয় যে বেজবৰুৱাই গপ বা অভিমান কৰি মাতৃভূমিৰ পৰা আঁতৰি আছে। এই অভিযোগৰ উত্তৰ দিবলৈ গৈ বেজবৰুৱাই ভক্ত কবীৰ বিৰচিত উক্ত পদ ফাকিৰ অৱতাৰণা কৰিছে। শাওপাত বা বিধিৰ বিপাকত পৰিহে তেওঁ বহু বছৰ ধৰি মাতৃভূমিলৈ উভতিব পৰা নাই। বিধিৰ বিপাকত পৰিলে এডিঙি পানীত থকা মানুহেও পিয়াহত শুকাই মৰে। কবীৰৰ উক্ত পদ ফাকিৰ অসমীয়া ভাবানুবাদ হ’ল:

“পানীত থাকিও মাছ তৃষ্ণাতুৰ। শুনি শুনি হাঁহি উঠে মোৰ।।”মানুহৰ অন্তৰত পদ ফাকিৰ তাত্ত্বিক অৰ্থ হ’ল ঈশ্বৰ আছে, তথাপি ভক্তিহীন অজ্ঞানী মানুহে ঈশ্বৰৰ উপলব্ধি কৰিব নোৱাৰে। অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবিৰ হাঁহি উঠে।

(খ) “যথা নিযুক্তোহস্মি তথা কৰোমি।” H. S. ’24

যিদৰে (অর্থাৎ এই সংস্কৃত পদটিৰ অৰ্থ হ’ল – যি কামৰ বাবে) নিযুক্ত হৈছোঁ তাকে কৰিছোঁ। কর্মসূত্রে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোবা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ডেৰ-দুকুৰি বছৰৰ পাছত, ১৯৩০চনত মাতৃভূমি অসমলৈ উভতি আহে। ২২ চেপ্তেম্বৰত তেওঁ গুৱাহাটীত উপস্থিত হয়। তেওঁক সম্বর্ধনা জনোৱাৰ উদ্দেশ্যে কটন কলেজৰ ছাত্র-সকলে গধূলি এখন সভা অনুষ্ঠিত কৰে। সিদিনা বেজবৰুৱাৰ গা সিমান ভাল নাছিল। তথাপি জাতীয় সাহিত্যৰ কাণ্ডাৰী হিচাপে সভালৈ গৈ ছাত্রসকলক উৎসাহিত কৰাটো তেওঁৰ দায়িত্ব বুলি বিবেচনা কৰিছিল। ঈশ্বৰে যেন তেওঁক তেনেবোৰ কাম কৰিবলৈ পৃথিৱীলৈ পঠিয়াইছে এই ভাৱটি প্রকাশ কৰিবলৈ লেখকে উক্ত পদটিৰ অৱতাৰণা কৰিছে।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ১) ১। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে? H.S.’17

উত্তৰ: ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটি ড নগেন শইকীয়া সম্পাদিত ‘বেজবৰুৱা ৰচনাৱলী’ (প্রথম খণ্ড) ৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অবস্থিত?

উত্তৰ : সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত।

৩। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক’ৰ পৰা ক’লৈ যাত্রা কৰিছিল?

উত্তৰ: বেজবৰুৱাই মাতৃমুখ দর্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰিছিল।

৪। ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?

উত্তৰ: ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধর্মিণী প্রজ্ঞা সুন্দৰী আৰু সিহঁতৰ সৰু কন্যাজনী।

৫। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা।

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটক হ’ল ‘চিকৰপতি-নিকৰপতি’।

(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংকঃ ২/৩)

১। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰ: ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লিখক লক্ষ্মীনাথ বেজবৰুৱাই প্ৰায় ডেৰ-দুকুৰি বছৰ পিছত উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ উভতি অহাৰ বৰ্ণনা দাঙি ধৰিছে। বহু বছৰৰ মুৰত ঐতিহ্যমণ্ডিত নিজৰ মাতৃভূমি অসমখনক দৰ্শন কৰি আৰু আত্মীয়-স্বজনক লগ পাই প্রশান্তি লাভ কৰিছে। প্ৰৱন্ধখনত বেজবৰুৱাই মাতৃভূমি দৰ্শনৰ অভিজ্ঞতা অতি সুন্দৰ আৰু নিখুত ভাৱে অংকন কৰিছে। সেয়ে পাঠটিৰ বিষয়-বস্তুৰ লগত ইয়াৰ নামকৰণ সঠিক আৰু তাৎপর্যপূর্ণ হৈছে।

২। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দর্শন হৈছিল? H. S. ’24

উত্তৰ: ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত ‘মাতৃ’ শব্দটিৰ দ্বাৰা লেখকে তেওঁৰ জন্মভূমি ‘অসম’ক বুজাইছে। কর্মসূত্রে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰ-দুকুৰি বছৰ পাছত ‘মাতৃমুখ’ দর্শন হৈছিল।

৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীত উপস্থিত হোৱাৰ দিনাখন সন্ধিয়া কটন কলেজৰ ছাত্রসকলে সভা পাতি তেওঁক অভিনন্দন জনাইছিল। বেজবৰুৱাক পাই ছাত্ৰসকল বৰ উৎফুল্লিত হৈছিল আৰু বহুতে সভাখনত শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল। জনচেৰেকে সুললিত কণ্ঠেৰে সংগীত গাইছিল। কিছুমানে ওজাপালি হৈ সুন্দৰ অংগী-ভংগীৰে হাস্যৰসপূর্ণ গীত গাই লেখকক আনন্দ দিছিল।

৪। ‘মোৰ মাতৃমুখ দর্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু জ্ঞান’ কোন আছিল?

উত্তৰ: ‘মোৰ মাতৃমুখ দর্শন’ৰ লেখকে উল্লেখ কৰা মতে ‘মাজিউ’ আছিল সুকবি আৰু সুবিখ্যাত চাহ খেতিয়ক চন্দ্রকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আর্ল ল কলেজৰ অধ্যক্ষ মিষ্টাৰ জে. বৰুৱা।

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা। H.S. ’18

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ হ’লঃ

(ক) গুৱাহাটীৰ প্ৰাকৃতি সৌন্দর্য।

(খ) ঐতিহাসিক উৎকর্ষ আৰু

(গ) প্রাচীন জ্ঞান গৰিমা।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪। ৫)

১। ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। H.S. ’19

উত্তৰ : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কর্মসূত্রে অসমৰ বাহিৰত উৰিষ্যাৰ সম্বলপুৰত থাকিবলগীয়া হৈছিল। তেওঁ প্রায় ত্রিশ-চল্লিশ বছৰ ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। তেওঁৰ লগত আছিল সহধর্মিণী প্রজ্ঞা সুন্দৰী আৰু সৰু জীয়ৰীজনী। বেংগল-নাগপুৰ বেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্রা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলকাতা অভিমুখী ৰেলত উঠে। লগত খোবা-বস্তু নিনিয়া কাৰণে লেখকে লঘোণে-ভোকে যাত্রা কৰিব লগা হয়। ২০ ছেপ্তেম্বৰ ৰাতি আঠমান বজাত তেওঁলোকে কলকাতাত নামি মহানগৰৰ এঠাইৰ এটি ঘৰত উপস্থিত হয় আৰু লৰালৰিকৈ ভাত খাই শুই থাকে।
পিছদিনা শিয়ালদহ ষ্টেচনৰ পৰা গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰে আৰু ২২ ছেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়। বেজবৰুৱাক পাণ্ডু জাহাজ ঘাটত কবি চন্দ্ৰ কুমাৰ আগৰৱালা আৰু আর্ল ল কলেজৰ অধ্যক্ষ মিষ্টাৰ জে. বৰুৱাই আদৰণি জনায়।
এয়ে হ’ল বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ।

২। ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি-কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰ: ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লেখক বেজবৰুৱাই পুৰাণ শাস্ত্ৰত বর্ণিত মহাদেৱৰ কৃষি-কৰ্মৰ এক প্রসঙ্গ উল্লেখ কৰিছে। চমুকৈ
কাহিনীটো হ’ল:

দেবাদিদের মহাদেৱক পত্নী পার্বতীয়ে ধিক্কাৰ দি কৈছিল যে তেওঁ ভাং, ধতুৰা খাই বহি থাকে। গৃহস্থৰ কাম-কাজ একো নকৰে। আনকি ঘৰত থকা বৃষভ(গরু) টোও ঘাঁহ-পানী খাই নোদোকা হৈ আছে। সেইটোৰ সহায়ত হাল বাই খেতি-বাতি কৰি মহাদেবে ধন আর্জিব লাগে।

ঘৈণীয়েকৰ এনে ককর্থনা শুনি মহাদেবে মনত দুখ পাই বৃষভটোক লগতলৈ খেতি কৰিবলৈ ঘৰৰ পৰা ওলাই গ’ল। খেতি-বাতিত মহাদের ইমানেই মত্ত হৈ পৰিল যে তেওঁ খোৱা-বোৱা এৰি দিলে। ঘৰলৈয়ো উভতিবলৈ পাহৰিলে। মহাদেৱ ঘৰলৈ নহা দেখি পার্বতী চিন্তিত হ’ল আৰু গিৰীয়েকক আনিবলৈ নন্দী-ভূংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে। কিন্তু মহাদেৱ ঘৰলৈ নাহিল। অৱশেষত পাৰ্বতীয়ে নাৰদক পঠিয়ালে। নাৰদে বহু চেষ্টা কৰিও মহাদেৱক ঘুৰাই আনিব নোৱাৰিলে। পিছত পার্বতীয়ে অসংখ্য ডাঁহ-ম’হ চেৰেপা-চৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে। ইয়াৰ পিছতো পার্বতীয়ে ‘হাহা হুহু’ নামৰ মানস পুত্র দুটাকো মহাদেৱক ঘৰলৈ ঘুৰাই আনিবলৈ পঠিয়াই দিয়ে। কিন্তু সিহঁতে মহাদেৱক ঘৰলৈ ঘূৰাই আনিব পাৰিলে নে নোৱাৰিলে সেই বিষয়ে লিখকে একো উল্লেখ কৰা নাই।

৩। ‘হাহা হুহু’ কোন আছিল? তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল? বুজাই লিখা।

উত্তৰ: ‘হাহা হুহু’ আছিল মহাদেৱৰ পত্নী পাৰ্বতীৰ মানস পুত্র।

পাৰ্বতীৰ গিৰীয়েক মহাদেবে ভাং, ধতুৰা খাই ঘৰতে বহি থকাত পার্বতীয়ে ককর্থনা কৰি মহাদেবে ঘৰতে থকা গৰু এটাক লৈ খেতি-বাতি কৰিব লাগে বুলি কোৱাত মহাদেৱ অভিমান কৰি খেতি কৰিবলৈ ঘৰৰ পৰা ওলাই যায়। খেতি-বাতিত তেওঁ ইমানেই মনোযোগ দিলে যে তেওঁ খোৱা-বোৱা এৰিলে। আনকি ঘৰলৈ আহিবলৈ পাহৰিলে। গিৰীয়েক ঘৰলৈ নহা দেখি পার্বতী চিন্তিত হৈ পৰিল আৰু মহাদেৱক ঘৰলৈ ঘূৰাই আনিবলৈ কেইবাজনকো পঠিয়ালে। কিন্তু কোনেও মহাদেৱক ঘৰলৈ ঘুৰাই আনিবলৈ সমর্থ নহ’ল। অৱশেষত পার্বতীয়ে ‘হাহা হুহু’ নামৰ মানস পুত্ৰ দুটিৰ সৃষ্টি কৰি মহাদেৱক ঘৰলৈ ঘূৰাই আনিবলৈ পঠিয়াই দিয়ে।

৪। ‘ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল।’ ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা। H.S.’18

উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটী পোৱাৰ পিছদিনাখন ডিবৰুগড়লৈ বুলি যাত্ৰা আৰম্ভকৰি ২৪ ছেপ্তেম্বৰৰ দিনাখন ডিবৰুগড়ত উপস্থিত হয়। কেবাগৰাকী আপোন মানুহে লেখকক ষ্টেচনৰ পৰা আদৰি লয়। ডিব্ৰুগড় চহৰৰ প্ৰগতি দেখি লেখক আনন্দিত হৈ পৰে।

প্রথমতে, তেওঁ লক্ষ্য কৰে যে ডিব্ৰুগড়ৰ তিৰোতাসকল শিক্ষিত হৈছে। ৰাজহুৱা কাম-কাজতো সিহঁত আগৰণুৱা। তেওঁলোকে বোৱা-কটাও শিকিছে। বহু বছৰৰ মূৰত মহিলাসকলে লেখকক ওচৰত পাই সভা পাতি অভিনন্দন জনালে।

দ্বিতীয়তে, লেখকে লক্ষ্য কৰে যে ডিব্ৰুগড়ৰ ডেকাসকলে নাট-চর্চা কৰে। তেওঁলোকে চহৰৰ ৰংগশালত গীত-মাত, নাটক আদি পৰিবেশন কৰে। মঞ্চত অসমীয়া মৌলিক নাটৰ উপৰিও অনুদিত নাটকো অভিনীত হয়।

তৃতীয়তে, লেখকে লক্ষ্য কৰে যে ডিব্ৰুগড়ৰ কেইজনো ব্যক্তি পেইন্টিং আৰু ফটোগ্রাফীতো কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে। লিখকে বিশেষকৈ মুক্তানাথ বৰদলৈৰ কৃতিত্বৰ বিষয়ে উল্লেখ কৰিছে।

চতুর্থতে, সাজ-সজ্জা, চিত্রপট, ভাবপূর্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত ডিব্ৰুগড়ৰৰ ডেকাসকল আগিবাঢ়ি যোৱা লিখকৰ দৃষ্টি গোচৰ হৈছিল।

ডিব্ৰুগড়ত এনেবোৰ কথাই লিখক বেজবৰুৱাক সন্তোষ দিছিল।

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত, বুজাই লিখা।

উত্তৰ: লিখক বেজবৰুৱাই ডিব্ৰুগড়লৈ গৈ সেই ঠাইৰ ডেকাসকলৰ সংস্কৃতি প্রীতি দেখি অভিভূত হৈছিল। তেওঁ লক্ষ্য কৰিছিল যে ডেকাসকলে নাট চর্চা কৰে। তেওঁলোকে চহৰৰ ৰংগশালাত গীত-মাত, নাটক আদি পৰিবেশন কৰে। মঞ্চত মৌলিক অসমীয়া নাটকৰ উপৰিও অনূদিত নাটকো অভিনীত হয়। বেজবৰুৱাই আশা কৰিছিল যে ডেকা নাট্যকাৰসকলে বিদেশী নাটকৰ অসমীয়া অনুবাদ কার্যত মনোযোগ দিব। বিদেশী নাটক অনুবাদ কৰোতে সিহঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে যাতে অনুবাদ নিভাজ অসমীয়াত হোৱাৰ উপৰিও অসমীয়া সংস্কৃতিৰ লগত খাপ খায়। লিখকে প্রশংসা কৰি কৈছে যে চাৰিগৰাকী অসমীয়া ছাত্রই শেক্সপীয়েৰৰ ‘Comedy of Er-rors‘ নামৰ নাটকখন ‘ভ্ৰমৰংগ’ নামেৰে কৰা অনুবাদ সার্থক অসমীয়া অনুবাদ হৈছে।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:

(ক) লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত জন্ম গ্রহণ কৰিছিল?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই ১৮৬৪ চনত জন্ম গ্রহণ কৰিছিল।

(খ) লক্ষ্মীনাথ বেজবৰুৱাই কোন স্থানত জন্ম গ্রহণ কৰিছিল?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই অবিভক্ত নগাওঁ জিলাৰ আঁহতগুৰিত জন্ম গ্রহণ কৰিছিল।

(গ) লক্ষ্মীনাথ বেজবৰুৱাই কাক বিয়া কৰাইছিল?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই বংগ দেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞা সুন্দৰীক বিয়া কৰাইছিল।

(ঘ) লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল?

উত্তৰ: বেজবৰুৱাই ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল।

(ঙ) লক্ষ্মীনাথ বেজবৰুৱাই উৰিষ্যাত কোন কোম্পানীত চাকৰি কৰিছিল?

উত্তৰ বাৰ্ড কোম্পানীত।

(চ) অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ধল বোবাই অনা আলোচনীখনৰ নাম কি আছিল?

উত্তৰ: অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ধল বোৱাই অনা আলোচনীখন আছিল ‘জোনাকী’।

(ছ) বেজবৰুৱাৰ ধেমেলীয়া নাটক ‘লিতিকাই’ কোনখন আলোচনীত প্রকাশ পাইছিল?

উত্তৰ বেজবৰৰুৱাৰ ‘লিতিকাই’ নামৰ ধেমেলীয়া নাটক’খন জোনাকী’ আলোচনীত প্রকাশ পাইছিল।

(জ) লক্ষ্মীনাথ বেজবৰুৱাই কাৰ লগত কাঠৰ ব্যবসায় কৰিছিল?

উত্তৰ: ভোলানাথ বৰুৱাৰ লগত।

(ঝ)’ মাথা পোট’ শব্দৰ অৰ্থ কি? H.S ’18

উত্তৰঃ ‘মাথাপোট’ শব্দৰ অৰ্থ কর্ম প্রতি অৱহেলাৰ ফলত মুৰত উদয় হোৱা দুঃচিন্তা।

(ট) বেজবৰুৱাই উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল? H.S. 18

উত্তৰঃ ‘মাজিউ’ হৈছে চাহ খেতিয়ক কবি শ্রীযুত চন্দ্ৰকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ হৈছে মিষ্টাৰ জে. বৰুৱা (বাৰিষ্টাৰ এট-ল’)।

(ঠ) ‘বদুলী সঁচা’ আৰু ‘গলাগপা’ শব্দ দুটাৰ অৰ্থ কি?  H.S.’18

উত্তৰঃ ‘বাদুলী সঁচা’ৰ অৰ্থ ওলমি থকা তলা আৰু ‘গলাগপা’ শব্দৰ অৰ্থ গোপনে কৰা আলোচনা।

(ড) লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্রীকৃষ্ণ কথা’ কি বিষয়ক গ্রন্থ? H.S. 19

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্রীকৃষ্ণ কথা’ গ্রন্থখন তত্ত্বমূলক গ্রন্থ।

(ঢ) ডিব্ৰুগড়ৰ অসমীয়া তিৰোতা সকলৰ কেনেধৰণৰ গঢ়গতি আৰু কার্যকলাপত লক্ষ্মীনাথ বেজবৰুৱা আনন্দ বিমিস্ত্রিত আচৰিত হৈ পৰিছিল চমুকৈ লিখা। H.S. 19

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটী পোৱাৰ পিছদিনাখন ডিবৰুগড়লৈ বুলি যাত্ৰা আৰম্ভ কৰি ২৪ ছেপ্তেম্বৰৰ দিনাখন ডিবৰুগড়ত উপস্থিত হয়। তাত তেওঁ লক্ষ্য কৰে যে ডিব্ৰুগড়ৰ তিৰোতাসকল শিক্ষিত হৈছে। ৰাজহুৱা কাম-কাজতো সিহঁত আগৰণুৱা। তেওঁলোকে বোৱা-কটাও শিকিছে। বহু বছৰৰ মূৰত মহিলাসকলে লেখকক ওচৰত পাই সভা পাতি অভিনন্দন জনালে।

ডিব্রুগড়ত অসমীয়া তিৰোতাসকলৰ এনে ধৰণৰ গঢ়গতি আৰু কার্যকলাপ দেখি বেজবৰুৱা আনন্দিত আৰু বিস্মিত হৈছিল।

(ণ) ‘যথা নিযুক্তোহস্মি তথা কৰোমি।’ পদটিৰ অর্থ লিখা। H.S.’20

উত্তৰঃ “যথা নিযুক্তোহস্মি তথা কৰোমি”—-এই সংস্কৃত পদটিৰ অর্থ হ’ল —- যি কামৰ বাবে নিযুক্ত হৈছোঁ তাকে কৰিছোঁ।

(ত) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ হ’ল:

প্রথম, গুৱাহাটীৰ প্রাকৃতিক সৌন্দর্য দ্বিতীয়, গুৱাহাটীৰ প্রাচীন গৌৰৱ। H.S. ’19

(থ) “কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-দীর্ণ”- ব্যাখ্যা কৰা। H.S. ’20

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সময়ৰ গতিত অসমৰ সৌন্দর্য, যশ-কীর্তি আদি বিলুপ্ত হোৱাৰ কথা প্রসংগত লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

অসম সৌন্দর্যৰ লীলাভূমি। ইয়াৰ পাহাৰ-পর্বত, জান-জুৰি, হাবি-বননি সৌন্দৰ্যৰ উপাদানেৰে ভৰপুৰ। অসম প্রাচীন ঐতিহ্যৰেও গৌৰৱান্বিত। এই সকলোবোৰ সৌন্দর্য চাই বেবৰুৱা মোহিত হৈছিল। কিন্তু এইবোৰ সংৰক্ষণৰ অভাৱত কালৰ সোঁতত ম্লান পৰি আছে। বেজবৰুৱাই প্ৰায় ডেৰকুৰি বছৰ পিছত অসমলৈ আহি আগৰ সেই সৌন্দর্য দেখা নাপাই দুখ পাইছে যদিও কবিয়ে গুৱাহাটীৰ সৌন্দর্য চাই বিমুগ্ধ হৈছে। তেওঁৰ মতে গুৱাহাটীৰ সৌন্দৰ্য প্রায় আগৰ দৰেই আছে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা উমানন্দ মন্দিৰ, কামাখ্যা, অশ্বক্লান্ত, বশিষ্টাশ্রম আদিৰ সৌন্দর্য চাই বিদেশী পর্যটকসকল পুলুকিত হ’ব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×