Join WhatsApp

Join Now

Join Telegram

Join Now

মানৱ বন্দনা Class 12 Advance Assamese Chapter 2 Solutions

By Rabbi Masrur

Published On:

Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক মানৱ বন্দনা Class 12 Advance Assamese Chapter 2 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

মানৱ বন্দনা Class 12 Advance Assamese Chapter 2 Solutions

মানৱ বন্দনা Class 12 Advance Assamese Chapter 2 Solutions

মানৱ বন্দনা -চন্দ্ৰকুমাৰ আগৰৱালা

কবি পৰিচয়: চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৭) এজন অসমীয়া গীতি-কবি আৰু কাকতৰ সম্পাদক আছিল। তেওঁৰ জন্ম হয় তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত। এওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগলাগি ১৮৮৯ চনত ‘জোনাকী’ কাকত উলিয়ায়। ১৯১৮ চনত তেওঁ সাপ্তাহিক বাতৰি কাকত ‘অসমীয়া’ উলিয়ায়। ১৯৩৭ চনত গুৱাহাটীৰ নিজ গৃহত মৃত্যু হয়।

‘জোনাকী’ৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্রকাশ পোৱা আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ গীতি কবিতাটিৰ দ্বাৰা অসমীয়া ৰোমান্টিক কবিতাৰ শুভাৰম্ভ হয়। জোনাকী যুগৰ সাহিত্যিক আন্দোলনৰ তেওঁ অন্যতম গুৰিয়াল আছিল। তেওঁৰ প্ৰথম কাব্য পুথিখনৰ নাম ‘প্রতিমা’। লক্ষ্মীনাথ বেজবৰুৱাই উক্ত পুথিখনৰ আলোচনা প্রসঙ্গত কৈছিল, “প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।” ‘বীণ বৰাগী’ হ’ল তেওঁৰ দ্বিতীয় কবিতা পুথি। প্রকৃতিত সৌন্দৰ্যৰ সন্ধান, মানবপ্রেম, ভবিষ্যতৰ প্ৰতি আশাবাদ আৰু প্রকাশভঙ্গীৰ গীতিময়তা আৰু সৰলতা তেওঁৰ কবিতাৰ বৈশিষ্ট্য।

কঠিন শব্দৰ অৰ্থঃ

মায়াপী: মায়া, মোহ, ভ্রান্তি উপজোৱা জীৱ। পৰাৎপৰ: শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ, পৰম সত্য। নিজাপী: সম্পূর্ণ নিজৰ।

পাঠভিত্তিক প্রশ্ন-উত্তৰ:

১। মানব বন্দনা’ কবিতাটিৰ অন্তর্নিহিত সাৰমৰ্মৰ আভাস দিয়া।

নাইবা

‘মানব বন্দনা’ কবিতাটিৰ মাজেৰে কবিয়ে কিদৰে মানুহৰ জয়গান গাইছে? H. S. ’16, ’18 

উত্তৰ: মানৱ প্রেমেই হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাটিৰ প্রতিপাদ্য বিষয়। প্রকৃতিৰ দ্বাৰা সৃষ্ট সকলো জীৱৰ ভিতৰত মানুহেই শ্রেষ্ঠ এই ভারটোকেই কবিয়ে কবিতাটিৰ মাজেৰে প্রকাশ কৰিছে।

কবিয়ে কৈছে যে এই মৰ্তভূমিত মানুহৰ অহা-যোৱাৰ কোনো অন্ত নাই। অর্থাৎ মানুহৰ জন্ম আৰু মৃত্যু অবিৰতভাৱে চলি আছে। এই মর্তখনেই হৈছে মানুহৰ নিজাপী ঘৰ আৰু এই মর্তত মানর প্রেমেই হৈছে মানুহৰ প্ৰধান ধর্ম। মানুহ শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ জীব। গতিকে মানুহে ভেদভাব পাহৰি মানুহক সেৱা কৰি অর্থাৎ মানুহৰ কল্যাণ সাধন কৰি মানৱী জীৱনটো পাৰ কৰিব লাগে। সেয়ে কবিয়ে মানুহক পাদ্য অর্ঘ্য লৈ মানুহকেই পুজা সেৱা কৰিবলৈ আহ্বান কৰিছে। কবিৰ ভাষাত-

‘মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ।’

২। ‘এই যে পৃথিবী স্বর্গতো অধিক মানুহৰ নিজাপী ঘৰ।’

– কবিয়ে কিয়, কি প্রসঙ্গত এইদৰে কৈছে? কবিয়ে ইয়াৰ দ্বাৰা মানুহক কি উপদেশ দিব খুজিছে?

উত্তৰ: প্ৰকৃতিৰ সৃষ্ট জীৱসমূহৰ ভিতৰত মানুহেই যে শ্রেষ্ঠ আৰু এইখন পৃথিবী যে মানুহৰ নিজা ঘৰ স্বৰূপ এই কথাষাৰ বুজাবলৈ কবিয়ে উক্ত পংক্তিফাকিৰ অৱতাৰণা কৰিছে।

ইয়াৰ দ্বাৰা কবিয়ে মানুহক উপদেশ দিব বিচাৰিছে যে পৃথিৱীখন হৈছে মানুহৰ নিজাপী ঘৰ স্বৰূপ আৰু মানুহ হৈছে সকলো জীৱৰ ভিতৰত শ্রেষ্ঠ জীর। মানুহেই মানুহৰ প্রধান সংগ। গতিকে মানুহে ভেদভার পাহৰি এইখন পৃথিবীখনক স্বর্গতকৈয়ো শ্রেষ্ঠ বুলি জ্ঞান কৰি মানুহক ভাল পাই মানুহৰ কল্যাণ সাধন কৰি মানবীয় জীৱটো পাৰ কৰা উচিত।

৩। প্রসঙ্গ-সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা।

(ক) ‘মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ।’ H. S. ’15, ’19

উত্তৰ: উদ্ধৃত কবিতাফাকি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দ্বিতীয় বার্ষিকৰ অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা ‘মানব বন্দনা’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সকলো জীৱৰ ভিতৰত মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ কবিয়ে উক্ত কথাষাৰ কৈছে।

কবিয়ে কৈছে যে সকলো জীৱৰ ভিতৰত মানুহেই হৈছে সর্বশ্রেষ্ঠ আৰু এই মর্তত মানুহৰ বাহিৰে আন কোনো জীৱ মানুহৰ প্রধান সঙ্গী হ’ব নোৱাৰে। সেয়ে মানুহে মানুহক দেৱতাত কৈয়ো শ্রেষ্ঠ জ্ঞান কৰি মানুহক সেৱা কবিৰ লাগে অর্থাৎ মানুহে মানুহৰ কল্যাণ সাধন কৰিব লাগে।

(খ) মানুহৰ মৰম বুজিব মানুহে ধৰম যে মৰমতে। H. S. ’17

উত্তৰ: উদ্ধৃত কবিতাফাকি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দ্বিতীয় বার্ষিকৰ অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচিত ‘মানৱ বন্দনা’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

মানৱ সেৱাই যে পৰম ধৰ্ম এই চিৰন্তন সত্যটো বুজাবলৈ গৈ কবিয়ে উক্ত পংক্তিফাকিৰ অৱতাৰণা কৰিছে।

কবিয়ে উপলব্ধি কৰিছে যে মানুহতকৈ শ্রেষ্ঠ জীব কোনো নাই। এই মর্তত মানুহেই হৈছে মানুহৰ প্ৰধান সংগী। মানুহৰ সংগ বা সহায় নোহোৱাকৈ এই বিশ্বত মানুহে মানবীয় জীবন যাপন কৰিব নোৱাৰে। সেয়ে কবিয়ে কৈছে যে মানুহে মানুহক প্রেম কৰিব লাগে আৰু মানুহৰ কল্যাণৰ হকে কাম কৰি যাব লাগে। কিয়নো মানৱ সেৱাই পৰম ধৰ্ম।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:

(ক) অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্রবর্তক কোন?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

(খ) চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক’ত হৈছিল?

উত্তৰ: তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত।

(গ) চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’ গীতিকবিতাটো প্রথম ক’ত প্রকাশ হৈছিল?

উত্তৰ: ‘জোনাকী’ আলোচনীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত।

(ঘ) চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? H. S. ’15, ’16 

উত্তৰ: প্রতিমা।

(ঙ) লক্ষ্মীনাথ বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথি ‘প্রতিমা’খনৰ সন্দৰ্ভত কি মন্তব্য কৰিছিল?

উত্তৰ: ‘প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।’

(চ) চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথিখনৰ নাম কি?

উত্তৰ: বীণ বৰাগী।

(ছ) ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

(জ) ‘জোনাকীৰ ত্রিমূর্তি’ কোন কোন?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্র গোস্বামী।

(ঝ) কোন চনৰ পৰা ‘জোনাকী’ আলোচনীখন প্রকাশ আৰম্ভ হয়। H. S. ’17

উত্তৰ: ১৮৮৯ চনৰ পৰা।

(ছ) প্রথম অসমীয়া আধুনিক / ৰোমান্টিক কবিতাটিৰ নাম কি? ইয়াৰ ৰচক কোন? H. S. ’15, ’17

উত্তৰ : প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটিৰ নাম ‘বন কুঁৱৰী’। ইয়াৰ ৰচক হ’ল চন্দ্ৰকুমাৰ আগৰৱালা।

(জ) অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্রবর্তক বুলি কাক কোৱা হয়? H. S. ’20

উত্তৰ: হেমচন্দ্ৰ গোস্বামীক।

(ঝ) চন্দ্ৰকুমাৰ আগৰৱালাই উলিওৱা সাদিনীয়া বাতৰি কাকতখনৰ নাম কি?

উত্তৰ: অসমীয়া।

(ঞ) ‘মানব বন্দনা’ কবিতাটি কোন শ্ৰেণীৰ কবিতা?

উত্তৰ: ৰোমান্টিক কবিতা।

(ট) ‘পৰাৎপৰ’ শব্দটিৰ অৰ্থ কি? H. S. ’20

উত্তৰ: শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ বা পৰম সত্য।

(ঠ) ‘প্রতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয়?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালাক

(ড) ‘নিজাপী’ শব্দৰ অৰ্থ কি?

উত্তৰ : সম্পূৰ্ণ নিজৰ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×