Join WhatsApp

Join Now

Join Telegram

Join Now

মগনিয়াৰ কথা কবিতা Class 12 Assamese Chapter 2 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক মগনিয়াৰ কথা কবিতা Class 12 Assamese Chapter 2 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

মগনিয়াৰ কথা কবিতা Class 12 Assamese Chapter 2 Solutions

মগনিয়াৰ কথা কবিতা Class 12 Assamese Chapter 2 Solutions

মগনিয়াৰ (কথা কবিতা) – যতীন্দ্ৰনাথ দুৱৰা

লেখক পৰিচয়ঃ যতীন্দ্রনাথ দুৱৰা (১৮৯২-১৯৬৪) আছিল এজন অসমীয়া কবি আৰু অসমীয়া ভাষাত প্রথম কথা কবিতাৰ ৰচক। তেওঁৰ জন্ম হয় ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত। ১৯০৯ চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্রৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ হয়। উচ্চ শিক্ষার্থে তেওঁ কটন কলেজত ভর্ত্তি হৈছিল যদিও পিছত কলিকতালৈ গৈ স্কটিছ চার্চ কলেজৰ পৰা বি. এ. পাছ কৰে। তাৰ পিছত আইন আৰু এম. এ. শিক্ষা আধাতে সামৰি শিৱসাগৰলৈ উভতি আহে।

ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটত দুৱৰাই প্রথম শিক্ষকতা কৰিবলৈ লয়। পিছত স্কটিচ চার্চ কলেজিয়েট স্কুলত বহু বছৰ শিক্ষকতা কৰে। কিছুদিন কলিকতা বিশ্ববিদ্যালয়ৰ এম. এ. শ্রেণীতো অংশকালীন অধ্যাপক হিচাপে কাম কৰিছিল। ১৯৪৫ চনত ডিব্ৰুগড়ত হনুমান বক্স সুৰজমল কানৈ কলেজ স্থাপন হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয় আৰু এই পদৰ পৰাই অৱসৰ লাভ কৰে।

ছাত্ৰাৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ কবিতা পুথিকেইখন হ’ল ওমৰ তীর্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, আৰু মৰমৰ সুৰ। ‘কথা কবিতা’ হৈছে তেওঁৰ একমাত্র কথা কবিতাৰ পুথি। এইখন অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম সার্থক কথা কবিতাৰ পুথি। ‘বনফুল‘ কবিতা পুথিৰ বাবে তেওঁ ‘সাহিত্য একাডেমী’ বঁটা লাভ কৰে।

সাহিত্য একাডেমী বঁটা লাভ কৰা তেঁৱেই হৈছে প্রথম অসমীয়া। তেওঁ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুর্বিংশ অধিবেশনৰ সভাপতি হৈছিল।

১৯৬৪ চনত শিৱসাগৰত যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যু হয়।

কঠিন শব্দৰ অৰ্থর্থঃ

মগনিয়াৰ: মাগি খাওঁতা, ভিক্ষাৰী। ওখহা: ওফন্দি উঠা, ফুলি উঠা। উর্মাল: ৰুমাল।

পাঠভিত্তিক আর্হি প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ১)

১। অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী কোন?

উত্তৰ: যতীন্দ্ৰনাথ দুৱৰা

২। কবি যতীন্দ্রনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৯২ চনত।

৩। যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি কোৱা হয়?

উত্তৰ: ‘বনফুলৰ কবি’।

৪। ‘ওমৰ তীৰ্থ’ পুথিখন কোনখন পুথিৰ ভাবানুবাদ। H.S. ’18, ’24

উত্তৰ: ‘ওমৰ তীর্থ’ পুথিখন ফার্টী চুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ নামৰ কাব্য পুথিখনৰ ভাবানুবাদ।

৫। যতীন্দ্রনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰ: ‘বনফুল’ কাব্যপুথিখনৰ বাবে।

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ২। ৩)

১। ‘কথা কবিতা’ বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। H.S. ’18, 20

অথবা

সংজ্ঞাসহ কথা কবিতাৰ চাৰিটা বৈশিষ্ট্য লিখা। H.S. ’19, ’24

উত্তৰ: ‘কথা কবিতা’ হ’ল কোনো এক ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়-বস্তু হিচাপে লৈ গদ্যত লিখা এক চুটি ৰচনা।

কথা কবিতাৰ কেইটিমান বৈশিষ্ট্য হ’ল-

প্রথম, কথা কবিতাত এটা মাত্র কেন্দ্রস্থ ভার থাকে।

দ্বিতীয়, কথা কবিতা চিত্রধর্মী।

তৃতীয়, কথা কবিতা ৰূপকাত্মক।

চতুর্থতে, কথা-কবিতা গদ্যত ৰচনা কৰা হয়।

২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পার্থক্য আছে?

উত্তৰ: কবিতা আৰু কথা-কবিতাৰ মাজত পার্থক্য আছে, যেনেঃ

(ক) কবিতা মিত্ৰাক্ষৰ বা অমিত্রাক্ষৰ হৃদত লিখা হয়। কিন্তু কথা-কবিতা গদ্যত ৰচনা কৰা হয়।

(খ) কবিতাত এটাতকৈ অধিক ভাৱৰ সমাবেশ ঘটিব পাৰে। কিন্তু কথা-কবিতাত এটা মাথো কেন্দ্রস্থ ভাব থাকে।

(গ) কবিতাত বিভিন্ন ধৰণৰ অলংকাৰ প্ৰয়োগ কৰা হয়। কিন্তু কথা-কবিতাত অলংকাৰ প্ৰয়োগৰ মাত্রা কম যদিও ই ৰূপকাত্মক।

৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।

উত্তৰ: ওমৰ খায়াম আছিল এজন ফার্টী চুফী কবি। তেওঁ ৰচনা কৰা এখন পুথিৰ নাম হ’ল ‘ৰুবায়ত’।

৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?

উত্তৰ: মগনিয়াৰৰ্জনক দিবলৈ কবিৰ পকেটত একো নথকাত কবিয়ে মগনিয়াজনৰ হাত দুখন সাবটি ধৰাত মগনিয়াৰজনে কবিৰ পৰা এক দান পোৱাৰ কথা কৈছে। সেই দানটো হ’ল মগনিয়াৰৰ প্ৰতি কবিৰ মানবীয় সহমর্মিতা।

৫। ‘ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোবেই নাই।’: কোনে কি প্রসংগত এই উক্তি কৰিছিল?

উত্তৰ: হাড়-ছাল ওলোৱা এজন মগনিয়াৰ কবিৰ সন্মুখত উপস্থিত হৈ সহায় খোজাত কবিয়ে মগনিয়াৰজনক দিবলৈ পকেটত একো বিচাৰি নোপোৱা প্ৰসংগত কবিয়ে মগনিয়াৰজনক উদ্দেশ্যি উক্ত কথাষাৰ কৈছিল। কথা ফাকিৰ জৰিয়তে দুখীয়াৰ প্রতি কবিৰ সহমর্মিতা প্রকাশ পাইছে।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪/৫)

১। ‘মগনিয়াৰ’ শীর্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা।

নাইবা

‘মগনিয়াৰ’ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা। H.S. ’20

উত্তৰ: কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। এনেতে এজন হাড়-ছাল ওলোৱা বুঢ়া বেমাৰী মগনিয়াৰ আহি তেওঁৰ সন্মুখত থিয় দিলে। মগনিয়াৰৰ্জনৰ ওঁঠ আছিল শেতা, চকু দুটা বঙা, গাত আছিল ফটা-কাপোৰ। মগনিয়াৰজনে ওখহা অপৰিষ্কাৰ হাত এখন আগবঢ়াই কবিৰ ওচৰত ভিক্ষা খুজিলে। কবিয়ে মোনাত হাত সুমুৱাই দি একোকে বিচাৰি নাপালে আনকি এখন ৰুমালো নাপাই মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি একো দিব নোৱাৰাৰ বাবে মগনিয়াৰজনক খং নকৰিবলৈ ক’লে। মগনিয়াৰজনে শেতা ওঁঠ দুখনেৰে হাঁহি কবিয়ে দেখুৱা সহানুভূতিৰ বাবে ধন্যবাদ জনালে। মগনিয়াৰজনে ক’লে যে তেনেদৰে দেখুৱা সহানুভূতিও এক প্ৰকাৰৰ দান।

২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?

উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ শিৰোনামাৰ পাঠটি এটি কথা-কবিতা। ইয়াত কথা-কবিতাৰ সকলোবোৰ লক্ষণ পৰিস্ফুট হৈছে।

প্রথমতে, কথা কবিতাত এটি মাথো কেন্দ্রস্থ ভাৱ থাকে। ‘মগনিয়াৰ’ শীর্ষক কবিতাটিতো মাত্র এটি কেন্দ্রস্থ ভাব আছে। সেয়া হ’ল দুখীয়াৰ প্ৰতি কবিৰ মানবীয় সহানুভূতি।

দ্বিতীয়তে, কথা কবিতা ৰূপকাত্মক। পাঠটিৰ প্রধান চৰিত্ৰ মগনিয়াৰৰ্জনে বিশ্বৰ মগনিয়াৰ বা দুখীয়াসকলক প্রতিনিধিত্ব কৰিছে। দুখীয়াসকলে যে মানুহৰ পৰা অকল টকা পইচা নিবিচাৰি ভাল ব্যৱহাৰ বা সহানুভূতি বিচাৰে সেয়া পাঠটিৰ জৰিয়তে ফুটাই তোলা হৈছে।

তৃতীয়তে, কথা-কবিতা চিত্রধর্মী। সমাজত মানুহৰ অৱস্থান বা মানুহৰ লগত সামাজিক পৰিৱেশৰ সম্পৰ্কৰ চিত্ৰ দাঙি ধৰা হয়। ‘মগনিয়াৰ’ নামৰ পাঠটিতো মগনিয়াৰজনৰ লগত কবিৰ মানবীয় সম্পৰ্কৰ চিত্ৰ ফুটাই তোলা হৈছে।

৩। কবি যতীন্দ্রনাথ দুৱৰাৰ সাহিত্য-কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা।

উত্তৰ: যতীন্দ্ৰনাথ দুৱৰা আছিল এজন অসমীয়া কবি আৰু অসমীয়া ভাষাত প্রথম কথা কবিতাৰ ৰচক। দুৱৰাই ছাত্ৰ অৱস্থাৰ পৰাই কাব্য সাধনা আৰম্ভ কৰে। তেওঁ ৰচনা কৰা কবিতা পুথিকেইখন হ’ল ওমৰ তীর্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, আৰু মৰমৰ সুৰ। ‘কথা কবিতা’ হৈছে তেওঁৰ একমাত্র কথা-কবিতাৰ পুথি। তেওঁ কচ সাহিত্যিক আইভান টুর্গেনিভ আৰু আফ্ৰিকাৰ অলিভশ্রাইনাৰৰ ৰচনাৰ আলমত কথা-কবিতা ৰচনা কৰিছিল। তেওঁৰ ‘কথা-কবিতা’ নামৰ পুথিখন অসমীয়া ভাষাত প্রথম সার্থক কথা-কবিতাৰ পুথি।

‘বনফুল’ কবিতা পুথিৰ বাবে তেওঁ ‘সাহিত্য একাডেমী’ বঁটা লাভ কৰে। সাহিত্য একাডেমী বঁটা লাভ কৰা তেঁৱেই হৈছে প্রথমজন অসমীয়া। মানুহৰ লগত মানুহৰ সম্পৰ্ক, দুখীয়াৰ প্ৰতি মানবীয় সহানুভূতি, মানবীয় প্রমূল্যৰ অৱক্ষয় আদি তেওঁৰ কবিতাৰ প্রধান বিষয়-বস্তু। তেওঁৰ কবিতাত ৰূপকৰ প্রয়োগ এক লক্ষণীয় বিষয়।

তেওঁ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুর্বিংশ অধিবেশনৰ সভাপতি হৈছিল।

৪। ‘মগনিয়াৰ’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূলভাবটি তোমাৰ ভাষাত লিখা। H.S. ’18

উত্তৰ: ‘মগনিয়াৰ’ পাঠটি কবি যতীন্দ্রনাথ দুৱৰাই ৰচনা কৰা ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা লোৱা হৈছে। দুখীয়াৰ প্ৰতি মানবীয় সহমর্মিতাই হৈছে ‘মগনিয়াৰ’ শীর্ষক পাঠটিৰ মূল ভাব। পাঠটিৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে দুখীয়সকলো সৰ্বসাধাৰণৰ দৰেই মানুহ। সিহঁতৰ লগত আমি মানবীয় আৰু সহানুভূতিস্বরূপ আচৰণ কৰিব লাগে। কবিয়ে মগনিয়াৰজনক দিবলৈ পকেটত একো বিচাৰি নাপাই মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰাত মগনিয়াৰজন অকল আনন্দ পোৱাই নহয়, এনে সহমর্মিতাও এক দান বুলি স্বীকাৰ কৰিছে।

৫। ‘মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰ: ওপৰৰ (গ) ব ১ নং প্রশ্নোত্তৰ চোৱা।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:

(মূল্যাংক: ১)

(ক) অসমীয়া ভাষাত ‘কথা কবিতা’ৰ জনক কোন?

উত্তৰ: অসমীয়া ভাষাত কথা কবিতাৰ জনক হ’ল -যতীন্দ্রনাথ দুৱৰা।

(খ) যতীন্দ্ৰ নাথ দুৱৰাই কিমান চনত জন্ম গ্রহণ কৰিছিল?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই ১৮৯২ চনত জন্ম গ্রহণ কৰিছিল।

(গ) যতীন্দ্ৰ নাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’ কোনজন ফাচী চুফী কবিৰ কাব্যৰ ভাৱানুবাদ?

উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাৰ ‘ওমৰ তীর্থ’ কবিতা পুথিখন ফার্চী কবি ওমৰ খৈয়ামে ৰচনা কৰা ‘ৰুবায়ত’ নামৰ কাব্য পুথিখনৰ ভাৱানুবাদ।

(ঘ) কছ সাহিত্যিক টুর্গেনিভৰ কোনটো কথা কবিতাৰ লগত যতীন্দ্ৰনাথ দুৱৰাৰ ‘মগনিয়াৰ’ নামৰ কথা-কবিতাটোৰ সাদৃশ্য আছে? H. S. ’24 

অথবা

কোন গৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য আছে? H.S. ’19 

উত্তৰ : ৰুছ সাহিত্যিক টুর্গেনিভৰ ‘The Beg-gar’ নামৰ কথা কবিতাৰ লগত যতীন্দ্রনাথ দুৱৰাৰ ‘মগনিয়াৰ’ নামৰ কথা-কবিতাটোৰ সাদৃশ্য আছে।

(ঙ) কথা কবিতা ৰচনা কৰোঁতে যতীন্দ্রনাথ দুৱৰাই কোনজন আফ্রিকাৰ লেখিকাৰ দ্বাৰা অনুপ্রাণিত হৈছিল?

উত্তৰ: যতীন্দ্রনাথ দুৱৰাই কথা কবিতা ৰচনা কৰোঁতে আফ্ৰিকাৰ লেখিকা অলিভ শ্রাইনাৰৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

(চ) যতীন্দ্ৰ নাথ দুৱৰাৰ ‘মগনিয়াৰ’ শিৰোনামাৰ কথা কবিতাটোৰ কেন্দ্ৰস্থ ভাৱটো কি?

উত্তৰ: ‘মগনিয়াৰ’ কথা কবিতাটোৰ কেন্দ্ৰস্থ ভাবটো হ’ল দুখীয়াৰ প্রতি দেখুৱা মানবীয় অনুভূতি।

(ছ) কোনখন গ্ৰন্থৰ বাবে যতীন্দ্র নাথ দুৱৰাই সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল?

উত্তৰ: যতীন্দ্রনাথ দুৱৰাই ‘বনফুল’ কবিতা পুথিৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল।

(জ) যতীন্দ্ৰ নাথ দুৱৰাই কিমান চনত কোনখন অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি হৈছিল?

উত্তৰ: যতীন্দ্রনাথ দুৱৰাই ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি হৈছিল।

(ঝ) সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখকৰ নাম লিখা। H.S. ’19

উত্তৰ: যতীন্দ্ৰনাথ দুৱৰা

২। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:

(মূল্যাংক: ২)

(ক) যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ: যতীন্দ্রনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথি হ’ল- বনফুল আৰু আপোন সুৰ।

(খ) মগনিয়াৰজনৰ শৰীৰৰ চমু বর্ণানা দিয়া।

উত্তৰঃ কবিয়ে লগ পোৱা মগনিয়াৰজন আছিল বেমাৰী আৰু হাড়-ছাল ওলোৱা। তাৰ ওঁঠ আছিল শেতা, চকু দুটা ৰঙা আৰু গাত আছিল ফটা-কাপোৰ।

(গ) কথা-কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? 

উত্তৰ কথা-কবিতা উনৈশ শতিকাৰ উল্লেখযোগ্য সৃষ্টি।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×