Join WhatsApp

Join Now

Join Telegram

Join Now

ভাৰতীয় আদৰ্শত বৈৰাগ্য Class 12 Assamese Chapter 5 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক ভাৰতীয় আদৰ্শত বৈৰাগ্য Class 12 Assamese Chapter 5 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

ভাৰতীয় আদৰ্শত বৈৰাগ্য Class 12 Assamese Chapter 5 Solutions

ভাৰতীয় আদৰ্শত বৈৰাগ্য Class 12 Assamese Chapter 5 Solutions

ভাৰতীয় আদৰ্শত বৈৰাগ্য – তীর্থনাথ শর্মা 

লেখক পৰিচয়: তীর্থনাথ শর্মা (১৯১১-১৯৮৬) অসমৰ এজন বিশিষ্ট শিক্ষাবিদ, গল্পকাৰ, কবি আৰু প্ৰৱন্ধকাৰ। তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ প্রতিষ্ঠিাপক অধ্যক্ষ আছিল। অসমীয়া সাহিত্য জগতলৈ তেওঁ বিভিন্ন অৱদান আগবঢ়াইছে। তেওঁৰ বিবিধ বিষয়ৰ আলোচনা গ্রন্থবোৰ হ’ল মহাত্মাৰ বাণী, গান্ধীৰ শিক্ষাসাব, পঞ্চপুষ্প, ভক্তিবাদ, আউনীআটী সত্ৰৰ বুৰঞ্জী, ঝাঙ্গীৰ ৰাণী, বেনুধৰ শৰ্মাৰ জীৱনী আদি। তেওঁ সংকলন কৰা গ্ৰন্থবোৰ হ’ল- প্রৱেশিক্ষা কথা চানেকী, সাহিত্য সংগ্রহ আৰু চানেকী পাঠ। ‘কামসেন্দুৰ’ নামৰ কবিতা পুথি এখনো তেওঁ ৰচনা কৰিছিল। তেওঁ ছদ্ম নামত বহুতো গল্পও ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ মাকুম অধিবেশনৰ (১৯৭১) তেওঁ সভাপতি হৈছিল।
১৯৮৬ চনত তেওঁৰ মৃত্যু হয়।

কঠিন শব্দৰ অৰ্থঃ

বৈৰাগ্য, বিৰাগ (H.S. ’17): বিষয় বা ইন্দ্রিয়ভোগৰ প্রতি অনাসক্তি। কেলেহুৱা: লোকৰ ঘৰত থাকি পেট পুহি থকা, চপনীয়া। চাৰি আশ্রম: ব্রহ্মচার্য, গার্হস্থ, বানপ্রস্থ আৰু সন্ন্যাস। পাৰত্ৰিকঃ কল্যাণকৰ বস্তু। অপ্রমাদী: সতর্ক, সারধান। অন্নং ন…. তদ্রতমঃ এই বাক্য কেইটা তৈত্তিৰীয় উপনিষদৰ পৰা লোৱা হৈছে। ইয়াৰ অৰ্থ হ’ল: অন্ন অর্থাৎ খাদ্যক নিন্দা কৰিব নালাগে। অন্ন যিমান পাৰি বঢ়াব লাগে। এই অন্নবৃদ্ধি কার্য এটা ব্রত।
পৰলোক সম্পর্কীয়, পৰলৌকিক। শ্রেয়: পৰম।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংকঃ ১)

১। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা?

উত্তৰ ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।

২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ’ল বেদ।

৩। কর্ম কৰা কৌশলক ভগবদ্গীতাত কি যোগ বুলি কৈছে?

উত্তৰ: কৰ্ম কৰা কৌশলক ভাগৱদ্গীতাত ‘কর্মযোগ’ বুলি অভিহিত কৰা হৈছে।

৪। তীর্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি?

উত্তৰ কৰ্মগ্রন্থখনৰ নাম হ’ল ‘কামসেন্দুৰ’।

৫। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? H. S. ’24

উত্তৰ: তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হৈছে সত্য কবা আৰু ধৰ্ম আচৰণ কৰিবা।

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ২/৩)

১। ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?

উত্তৰ: ভাৰতীয় আদৰ্শত ‘সংবিভাজ্য’ শব্দটিয়ে স্ব-উপার্জিত ধন সমানে বিতৰণ কৰি ভোগ কৰা অর্থ সূচাইছে।

২। ‘শ্রদ্ধয়া দেয়ম’ ‘অশ্রদ্ধয়া অদেয়ম’ মানে কি? H.S. ’19

উত্তৰ: ‘শ্রদ্ধয়া দেয়ম’ মানে হ’ল কৰা আৰু ‘অশ্রদ্ধয়া অদেয়ম’ মানে হ’ল শ্রদ্ধাবে দান অশ্রদ্ধাযুক্ত মন লৈ দান নকৰিবা।

৩। প্রকৃত ত্যাগ মানে কি?

উত্তৰ: থাকিও সংযতভাবে ভোগ কৰা আৰু সমবিতৰণৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাটোৱেই প্রকৃত ত্যাগ।

৪। ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি?

উত্তৰ: ‘ভূঞ্জীথাঃ’ হ’ল ঈশোপনিষদৰ এক নিষেধ বাক্য। ইয়াৰ অৰ্থ হ’ল ভোগ কৰা কিন্তু ত্যাগ কৰি ভোগ কৰা।

৫। ‘অতিথি দেবো ভব’ মানে কি? H.S. ’18

উত্তৰ: ‘অতিথি দেবো ভব’ মানে হ’ল অতিথিৰ প্ৰতি সেৱা অর্থাৎ সমাজৰ প্রতি পালন কৰিবলগীয়া মানুহৰ দায়িত্বৰ কথা সূচাইছে।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪/৫)

১। ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’- কথাষাৰ বহলাই লিখা। H.S. ’17, 19

উত্তৰ: বেদ হৈছে ভাৰতৰ অতি প্রাচীন গ্রন্থ। বেদ চাৰিখন যেনে- ঋকবেদ, যজুবেদ, সামবেদ আৰু অথর্ববেদ। বেদবোৰ অকল ধর্ম শাস্ত্ৰই নহয়; এইবোৰ হৈছে এক উচ্চস্তৰৰ জীবন যাপনৰ সুস্পষ্ট নির্দেশনা। এই বেদবোৰৰ আদৰ্শৰ ওপৰতে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি গঢ় লৈছে যিয়ে ভাৰতীয়সকলক বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় প্রদান কৰিছে। এই বেদ গ্ৰন্থবোৰত মানুহে মানি চলিব লগা আধ্যাত্মিক নির্দেশনাৰ পৰা আৰম্ভ কৰি পৰিয়াল পোহপাল কৰাৰ নীতি নিয়ম আনকি ব্যাধি নিবাৰণৰ উপায়বোৰো দিয়া আছে। এই বেদ গ্রন্থবোৰে শিকায় যে মানুহে কর্মময় জীৱন যাপন কৰিও এক সমৃদ্ধিময় আধ্যাত্মিক জীৱন যাপন কৰিব পাৰে। যুগ যুগ ধৰি ভাৰতীয় ঋষি-মুনিসকলে এই বেদৰ আদৰ্শৰ ওপৰত জীবন-যাপন কৰি ভাৰতীয় সংস্কৃতি গঢ় দিছে। সেয়ে ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হৈছে বেদ’ কথাষাৰ নিত্যান্তই যুক্তিসংগত। –

২। চাৰি আশ্ৰম বুলিলে কি বুজা? H.S. ’18, ’24

উত্তৰ: ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা ঔৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হৈছে। এই চাৰি আশ্ৰম হৈছে ব্রহ্মচার্য, গার্হস্থ্য বানপ্রস্থ আৰু সন্ন্যাস।

৩। বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কৈছে?

উত্তৰ: সংযতভাবে জীবন যাপন কৰি প্ৰাপ্তিৰ পিছতো তাৰ প্রতি নিৰাসক্ত হৈ থকাই হৈছে বৈৰাগ্য। ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।

কিন্তু এই বৈৰাগ্য বিচৰা বস্তু নোপোৱাৰ ফলত ওপজা বিৰক্তি নহয়। কাঙ্খিত বস্তু পোৱাৰ পাছতো তাৰ প্ৰতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোকেই ভাৰতীয় আদৰ্শত বৈৰাগ্য বুলি কোৱা হয়।

৪। গুৰুরে বিদ্যার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল? H.S. ’19

উত্তৰ: শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীবনত প্রৱেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে তলত দিয়া ধৰণে উপদেশ দিছিল।

প্রথম, বিদ্যার্থীয়ে সত্য আৰু ধর্ম -এই দুটা আচৰণ সদায় মানি চলিব লাগে।

দ্বিতীয়, সততাৰে ধন উপাৰ্জন কৰিব লাগে।

তৃতীয়, পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব লাগে।

চতুর্থ, ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্রহণ কৰিব লাগে।

পঞ্চম, ধন-ঐশ্বর্য উপাৰ্জন কৰি তাক সমভাবে বিতৰণ কৰি সংযতভাবে ভোগ কৰিব লাগে।

৫। ‘ভাৰতীয় আদৰ্শত ‘বৈৰাগ্য’ শীর্ষক প্ৰৱন্ধটোৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা।

উত্তৰ: ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীর্ষক প্ৰৱন্ধটোত লিখক তীর্থনাথ শর্মাদেরে ত্যাগৰ মাজেদি কিদৰে এক সমৃদ্ধিময় জীৱন যাপন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিছে।

লিখকে কৈছে যে ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু সমাজ জীৱন ভাৰতৰ প্ৰাচীন গ্রন্থ বেদৰ ওপৰত প্রতিষ্ঠিত। বেদ চাৰিখন যেনে- ঋকবেদ, যজুবেদ, সামবেদ আৰু অথর্ববেদ। বেদবোৰ অকল ধর্ম শাস্ত্রই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা। এই বেদবোৰৰ আদৰ্শৰ ওপৰতে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি গঢ় লৈছে যিয়ে ভাৰতীয়সকলক বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় প্রদান কৰিছে। এই বেদ গ্ৰন্থবোৰত মানুহে মানি চলিব লগা আধ্যাত্মিক নির্দেশনাৰ পৰা আৰম্ভ কৰি পৰিয়াল পোহপাল কৰাৰ নীতি নিয়ম আনকি ব্যাধি নিবাৰণৰ উপায়বোৰো দিয়া আছে। এই বেদ গ্রন্থবোৰে শিকায় যে মানুহে কর্মময় জীৱন যাপন কৰিও এক সমৃদ্ধিময় আধ্যাত্মিক জীৱন যাপন কৰিব পাৰে। যুগ যুগ ধৰি ভাৰতীয় ঋষি-মুনিসকলে এই বেদৰ আদৰ্শৰ ওপৰত জীৱন-যাপন কৰি ভাৰতীয় সংস্কৃতি গঢ় দিছে।

ভাৰতীয় জীবনাদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। সংযতভাবে জীৱন যাপন কৰি প্ৰাপ্তিৰ পিছতো তাৰ প্ৰতি নিৰাসক্ত হৈ থকাই হৈছে বৈৰাগ্য। কিন্তু এই বৈৰাগ্য বিচৰা বস্তু নোপোৱাৰ ফলত ওপজা বিৰক্তি নহয়। কাঙ্খিত বস্তু পোৱাৰ পাছতো তাৰ প্রতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোকেই ভাৰতীয় আদর্শত বৈৰাগ্য বুলি কোৱা হয়।

ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা ঔৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হৈছে। এই চাৰি আশ্ৰম হৈছে ব্রহ্মচার্য, গার্হস্থ্য বানপ্রস্থ আৰু সন্ন্যাস।

ব্রহ্মচার্য আশ্রম হৈছে শিক্ষা লাভৰ স্তৰ। এই স্তৰত বিদ্যার্থীয়ে গুৰু গৃহত থাকি বিভিন্ন জ্ঞান লাভকৰিব লাগে আৰু শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীৱনত প্রবেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে তলত দিয়া ধৰণে উপদেশ দিছিল।

প্রথম, বিদ্যার্থীয়ে সত্য আৰু ধর্ম -এই দুটা বজাই ৰাখি আচৰণ কৰিব লাগে।

দ্বিতীয়, সততাৰে ধন উপাৰ্জন কৰিব লাগে।

তৃতীয়, পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব লাগে।

চতুর্থ, ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্রহণ কৰিব লাগে।

পঞ্চম, ধন-ঐশ্বর্য উপাৰ্জন কৰি তাক সমভাবে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব লাগে। শেষত, ভাৰতীয় আদর্শই কামৰ ওপৰত অতি জোৰ দি কৈছে যে মানুহৰ কাম কৰাৰ বাহিৰে আন উপায় নাই। কিন্তু নিৰাসক্ত হৈ কর্মময় জীবন যাপন কৰাই হৈছে ভাৰতীয় আদর্শত এক সমৃদ্ধিময় জীবন।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:

(মূল্যাংক: ১)

(ক) দুখন উপনিষদৰ নাম লিখা।

উত্তৰ: দুখন উপনিষদৰ নাম হ’ল তৈত্তিবীয় উপনিষদ আৰু ঈশোপনিষদ।

(খ) ‘পঞ্চপুষ্প’ পুথিখনৰ ৰচক কোন?

উত্তৰ: ‘পঞ্চপুষ্প’ পুথিখনৰ ৰচক হ’ল তীর্থনাথ শর্মা।

(গ) তীর্থনাথ শর্মা অসম সাহিত্য সভাৰ কোনখন অধিবেশনৰ সভাপতি আছিল?

উত্তৰ তীৰ্থনাথ শর্মা অসম সাহিত্য সভাৰ ১৯৭১ চনত অনুষ্ঠিত মাকুম অধিবেশনৰ সভাপতি আছিল।

(ঙ) কোনখন উপনিষদৰ অনুশাসনৰ কথাখিনি দকৈ গমি চাব লগা?

উত্তৰ: তৈত্তিবীয় উপনিষদৰ কথা দকৈ গমি চাবলগীয়া।

(চ) তীর্থনাথ শর্মা কোনখন কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল? H.S. ’17

উত্তৰ তীর্থনাথ শর্মা গুৱাহাটী প্রাগজ্যোতিষ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

(ছ) ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়?

উত্তৰ: ঋকবেদৰ মন্ত্ৰ বিলাকত এক উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰৱল ধাউতীৰ পৰিচয় পোৱা যায়।

(জ) ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰণৰ?

উত্তৰ: ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ নিজৰ পৰা পৰিয়াল আৰু পৰিয়ালৰ পৰা সমাজ।

(ঝ) নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা?

উত্তৰ: বিদ্যার্থীৰ বাবে অধ্যয়ন প্রতিদিনৰ কৰণীয় কাৰ্য। নিত্য অধ্যয়ন সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ। খাৱন-শোৱনৰ নিচিনাকৈ অধ্যয়নো এক এৰিব নোৱাৰা কৰ্তব্য।

(ঞ) সমাজ আৰু ব্যক্তিৰ মংগলৰ বাবে মানুহে কি দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগে?

উত্তৰ: সমাজ আৰু ব্যক্তিৰ মংগলৰ বাবে মানুহে সত্য আৰু ধর্ম- এই দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগে।

(ট) কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ কোন আছিল? H.S. ’18

উত্তৰঃ সূর্যকুমাৰ ভূঞা।

(ঠ) দেবাসুৰ লগলাগি কিহৰ কাৰণে সমুদ্র মন্থন কৰিছিল? H.S. ’18 

উত্তৰঃ অমৃতৰ কাৰণে।

(ড) সংযতভাবে জীবন যাপন কৰি প্রাপ্তিতো নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়? H.S. ’20 

উত্তৰঃ বৈৰাগ্য।

(গ) উপনিষদৰ কৰ্ম যোগৰ নিৰ্দেশত কি তত্ত্ব নিহিত হৈ আছে পাঠৰ আধাৰত চমুকৈ লিখা। H.S. ’20

উত্তৰঃ উপনিষদৰ কৰ্ম যোগত নিহিত থকা তত্ত্বটো হৈছে কাম কৰা কিন্তু সেই কামত নিৰাসক্ত হৈ কাম কৰা। অর্থাৎ কামো কৰিবা আৰু সেই কামত লিপিত খায়ো নাথাকিবা-এয়াই উপনিষদৰ কৰ্মযোগ।

(ঙ) ঈশোপনিষদৰ নিষেধ বাক্যটি কি? H.S. ’19

উত্তৰঃ ঈশোপনিষদৰ নিষেধ বাক্যটি হৈছে-‘ভুঞ্জীথা’। ইয়াৰ অৰ্থ হৈছে ভোগ কৰা, কিন্তু ত্যাগ কৰিহে ভোগ কৰা। আন কথাত নিজে ত্যাগৰ ভাৱত থাকি আনৰখিনিলৈ আকাংক্ষা নকৰি ভোগ কৰা।

(ঘ) ‘বৃহৎ সাহিত্য’ আৰু ‘যশস্তিলক’ গ্রন্থ দুখনৰ ৰচক কোন। H.S. ’19

উত্তৰ: ‘বৃহৎ সংহিতা’ গ্ৰন্থৰ ৰচকজন হ’ল বৰাহমিহিৰ আৰু ‘যশক্তিলক’ গ্রন্থৰ ৰচকজন হ’ল সোমদের।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×