Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক বৰ্ষা বৰ্ণন Class 12 Advance Assamese Chapter 1 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
বৰ্ষা বৰ্ণন Class 12 Advance Assamese Chapter 1 Solutions
বর্ষা বর্ণন – শ্রীশংকৰদেৱ
কবি পৰিচয়ঃ শ্রীশংকৰদের (১৪৪৯- ১৫৬৮) নরবৈষ্ণৱ ধর্ম (একশৰণ নাম ধর্ম)ৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক আৰু এজন মহান সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে মাক-দেউতাক ঢুকুৱাত বুঢ়ীমাক খেৰসুতিয়ে শংকৰদেৱক তুলি-তালি ডাঙৰ-দীঘল কৰে।
বুঢ়ীমাক খেৰসুতিয়ে শিশু শংকৰদেৱক বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলি নামৰ এজন পণ্ডিতৰ টোলত ভর্তি কৰি দিয়ে। অতি কম সময়ৰ ভিতৰতে তেওঁ সংস্কৃত শাস্ত্রত পাৰ্গত হৈ উঠে। ইয়াৰ পিছত ১৪৮১ চনত ১৭ জন সঙ্গীৰ সৈতে তীর্থ ভ্রমণ কৰিবলৈ ওলায়। ভ্ৰমণৰ পৰা উভতি আহি ভাগবত গীতাৰ ভিত্তিত এক নতুন ধর্মমতৰ পাতনি মেলে। সেই ধর্মক ‘নববৈষ্ণব ধর্ম’ বা ‘একশৰণ নাম ধর্ম’ বুলি কোৱা হয়। ‘এক দেব, এক সেব, এক বিনে নাই কের’ হৈছে তেওঁৰ ধৰ্মৰ মূলমন্ত্র।
শংকৰদেৱে তেওঁৰ ধর্মীয় তত্ত্ব সর্বসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ মাধ্যম হিচাপে বহুতো গ্রন্থও ৰচনা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি।
কাব্য: হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন, অমৃত মথন, গজেন্দ্র উপাখ্যান, অজামিল উপাখ্যান, কুরুক্ষেত্র আদি।
ভক্তিমূলক পুথি: ভক্তি প্রদীপ, ভক্তি ৰত্নাকৰ, অনাদি পতন, নিমি-নর সিদ্ধ সংবাদ আদি।
নাম প্রসঙ্গমূলক পুথি: কীর্তন ঘোষা, গুণমালা আদি।
অনুবাদমূলক পুথি: ভাগৱত আৰু উত্তৰাকাণ্ড ৰামায়ণ।
অংকীয়া নাট: পত্নী প্রসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামজিয়।
গীত: বৰগীত, ভটিমা, টোটয় আদি।
শ্রীমন্ত শংকৰদেৱৰ ‘কীৰ্তন ঘোষা’ নামৰ পুথিখন হৈছে তেওঁৰ সাহিত্যিক কৰ্মৰ কীৰ্তি স্তম্ভ স্বরূপ।
এইজন মহাপুৰুষে ১৫৬৮ চনত এশ উনৈশ বছৰ বয়সত ভেলা মধুপুৰত ইহলীলা সম্বৰণ কৰে।
কঠিন শব্দৰ অৰ্থঃ
মণ্ডল: ঘূৰণীয়া। খর্ব্বঃ খৰ, তীক্ষ্ণ। নাকলিয়: নোলায়, নাভাবি। ছন: বিয়পি পৰা। সত্ত্বঃ সংখ্যা দর্শনত উল্লেখিত ত্রিগুণৰ প্ৰথমটো (নম্ন আৰু শান্ত গুণ), সাবভাগ, আত্মা, প্রাণ। চণ্ড: খং, বৰ খঙাল। মহি: পৃথিবী। ছয়: ধ্বংস, নষ্ট। পলুৰংগা: কেঁচুমাটি, কণ কণ মাটিৰ দ’ম। সামৰাজ: সমূহ, সমূহত। আসুখ: অসম্ভব। শ্রীক: শোভা-সৌন্দর্যক, ধন-সম্পত্তিক, সমৃদ্ধিক। নিঝৰ নিজৰা। উণাবন্তঃ শুনা। পৈশন্তঃ প্রবেশ কৰা, সোমাল। প্রয়াস: পুৰুষার্থ, চেষ্টা, যত্ন। গোষ্টক: গৰু-ম’হৰ খুটি। চৈতন্য: চেতনা, জীবনী শক্তি।
পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:
১। ‘বর্ষা বর্ণন’ কবিতাটিৰ মাজেৰে বর্ষা কালৰ বৰ্ণনা কেনেদৰে দিয়া হৈছে? H. S. ’15
নাইবা
বর্ষা বর্ণন’ কবিতাটিত বর্ষা কালৰ চিত্ৰ কিদৰ প্ৰকাশ পাইছে, আলোচনা কৰা। H. S. ’18
উত্তৰ: ‘বর্ষা বর্ণন’ কবিতাটিৰ মাজেৰে কবি শ্রীশংকৰদেৱে বর্ষাকালৰ আবেদনময়ী সৌন্দর্য আৰু কাৰ্য-কলাপৰ এক নৈসর্গিক বর্ণনা দাঙি ধৰিছে।
গ্রীষ্ম ঋতু অন্ত পৰাৰ লগে লগে বর্ষা ঋতু উপস্থিত হয়। সূর্যই উজ্জ্বল ৰ’দ দিয়া আৰম্ভ কৰে। মাজে মাজে আকাশখন ক’লা মেঘে ঢাকি ধৰে। বেগেৰে বতাহ বলিবলৈ লয়। বিজুলীয়ে চমকনি মাৰে। আকাশৰ তাৰকামণ্ডলী মেঘৰ আঁৰত নিশ্চিহ্ন হয়। ধাৰাষাৰ বৰষুণ আৰম্ভ হয়। নদ-নদী, খাল-বিল পানীৰে উপচি পৰে। বাৰিষাৰ ধাৰাষাৰ বৰষুণত শুকান ভূমি জীপাল হৈ উঠে। সাগৰেও সুউচ্চ ঢৌ তুলি নাচিবলৈ ধৰে। আকাশত পঞ্চবর্ণে ৰঞ্জিত হৈ ৰামধেনু ওলায়। মেঘৰ গুৰণ্ডৰণিৰ তালে তালে ময়ুৰেও চালি ধৰি নৃত্য কৰিবলৈ আৰম্ভ কৰে।
মুঠতে বর্ষা ঋতুটো হৈছে এক আবেদনময়ী সৌন্দৰ্যৰ ঋতু।
২।’ বর্ষা কালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে? H. S. ’16, 17, 20
উত্তৰ: ‘বর্ষা বর্ণন’ কতিাটিত কবিয়ে বর্ষা ঋতুক ৰূপক হিচাপে গ্রহণ কৰি ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে।
বর্ষা ঋতুত আকাশৰ গ্রহ নক্ষত্র মেঘে ঢাকি ধৰে। ফলত সেইবোৰ দেখা নাযায়। কবিৰ ভাষাত, ‘চন্দ্রজ্যোতি প্রকাশিত যিটো মেঘগণ।
নজলন্ত চন্দ্রো সেহি মেঘে হুয়া ছন্ন।।
উক্ত ৰূপকৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে যে মানৱ আত্মা ক্ষণভঙ্গুৰ শৰীৰৰ লগত মিলি যায় অর্থাৎ শৰীৰে অমৰ আত্মাক খন্তেকীয়া সময়ৰ বাবে আচ্ছন্ন কৰি ৰাখে।
তেনেদৰে কবিয়ে পৰ্বতৰ ৰূপকৰ মাজেৰে বুজাব বিচাৰিছে যে মুষলধাৰে বৰ্ষণ কৰা মেঘে যেনেদবে পৰ্বতৰ একো ক্ষতি কৰিব নোৱাৰে, ঠিক তেনেদৰে হৰিভক্তিপৰায়ণ লোক এজনকো বৈষয়িক শোক-দুখ, যন্ত্রণা আদিয়ে টলাব নোৱাৰে। কবিৰ ভাষাত, ‘যদ্যপি মুষলধাৰে মেঘে বৰষিল।
তথাপি পর্বতে পীড়া কিছো নজানিল।’
বর্ষা ঋতুত আকাশত ৰামধেনু ওলায়। ই দেখাত অতি সুন্দৰ। কিন্তু এই ৰামধেনুৰ কোনো নিজস্ব অস্তিত্ব নাই। এই ৰূপক (উপমা) টোৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে ৰামধেনুৰ দৰেই ভগৱানৰো নিজস্ব কোনো গুণ নাই। ই ইয়াৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্রকাশ কৰে। অর্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ জীৱ আৰু প্রাণীজগতৰ মাজেৰে ভগবানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি।
এনেদৰে কবি শ্ৰীশংকৰদেৱে ‘বর্ষা বর্ণন’ কবিতাটিৰ জৰিয়তে বর্ষা ঋতুক ৰূপক হিচাপে লৈ ইয়াৰ মাজেৰে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিছে।
৩। ‘বর্ষা বর্ণন’ কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাব বুজাই লিখা।
নাইবা
‘ বর্ষা বর্ণন’ কবিতাত থকা এটা উপমাৰ ভিতৰুৱা ভাব বুজাই লিখা। H. S. ’20
উত্তৰ: বর্ষা বর্ণন’ কবিতাটিত কবিয়ে কেইবাটাও উৎকৃষ্ট উপমাৰ সুপ্ৰয়োগ কৰিছে। যেনে-
(ক) ‘যদ্যপি মুষলধাৰে মেঘে বৰষিল।
তথাপি পর্বতে পীড়া কিছো নজানিল।’
(খ) ‘নাদ শুনি মেঘৰ, বেঙৰ ৰোল চবে।
গুৰু পাঠ দিলে যেন শিষ্যে পাছে পড়ে।’
ওপৰত উদ্ধৃত প্রথম উপমাটোৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে যে যেনেদৰে মুষলধাৰে বৰ্ষণ কৰা মেঘে পৰ্বতৰ একো ক্ষতি কৰিব নোৱাৰে, ঠিক তেনেদৰে হৰিভক্তিপৰায়ণ লোক এজনকো বৈষয়িক শোক-দুখ, যন্ত্রণা আদিয়ে টলাব নোৱাৰে।
ওপৰোদ্ধৃত দ্বিতীয় উপমাটোৰ জৰিয়তে কবিয়ে ক’ব বিচাৰিছে যে বাৰিষা কালত মেঘৰ গুজৰণি শুনি ভেকুলীয়ে টোৰটোৰাবলৈ আৰম্ভ কৰে। ই যেন ঠিক এজন শিষ্যৰ দৰে যি শিষ্যই গুৰুৱে পাঠ পঢ়ি যোৱাৰ পিছে পিছে পঢ়িবলৈ (আখৰা কৰিবলৈ) ধৰে।
৪। প্রসঙ্গ-সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা।
(ক) ‘বহবৈ বিপথে আতি ক্ষুদ্র নদী যত।
কৰৈ অকাৰ্য্যক যেন ধনৰ গৰ্বত।’
উত্তৰ: উদ্ধৃত কবিতাফাকি উচ্চতৰ অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত শ্রীশংকৰদেৱে ৰচনা কৰা ‘বর্ষা বর্ণন’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
মানুহে যে ধনৰ গৰ্বত অকার্য বা অধর্ম আচৰণ কৰিবলৈ লয় সেই কথা বুজাবলৈ কবিয়ে উক্ত কবিতা ফাকিৰ অৱতাৰণা কৰিছে।
বাৰিষা কালত বৰষুণৰ পানীয়ে নদ-নদী উপচাই পাৰ ভাঙি মানুহৰ শস্য পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰে। কিন্তু বাৰিষা কাল পাৰ হৈ যোৱাৰ লগে লগে নদীৰ সেই অহংকাৰ চূৰ্ণ হৈ যায়।
ঠিক তেনেদৰে হৰিভক্তিহীন মানুহে ধনৰ গৰ্বত বহু সময়ত নানান অকার্য বা অধর্ম আচৰণ কৰিবলৈ লয়। ফলত সিহঁতে অজ্ঞানতাবশতঃ নিজৰেই ক্ষতি কৰে অৰ্থাৎ পিছলৈ অশেষ দুখ-যন্ত্রণা ভোগ কৰিব লগা হয়।
(খ) যদ্যপি মুষলধাৰে মেঘে বৰষিল।
তথাপি পর্বতে পীড়া কিছো নজানিল।
যিজনৰ মন ভৈল কৃষ্ণত প্রবেশ।
তাক যেন লঙ্ঘিব নপাৰে দুখক্লেশ।
উত্তৰ: উদ্ধৃত কবিতাফাকি উচ্চতৰ অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত শ্রীশংকৰদেৱে ৰচনা কৰা ‘বর্ষা বর্ণন’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
হৰিভক্তিপৰায়ণ লোকক যে কোনো বৈষয়িক দুখ-কষ্টই পীড়ন কৰিব নোৱাৰে তাকে বুজাবলৈ কবিয়ে কবিতাটোত উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
বাৰিষা কালত মুষলধাৰে বৰষুণ পৰিবলৈ ধৰে। বৰষুণে নদ-নদীৰ পাৰ উপচাই মানুহৰ অশেষ ক্ষতি কৰে যদিও ই পৰ্বতৰ একো ক্ষতি কৰিব নোৱাৰে। ঠিক তেনেদৰে হবিভক্তিপৰায়ণ লোক এজনকো বৈষয়িক শোক-দুখ, যন্ত্রণা আদিয়ে টলাব নোৱাৰে। অর্থাৎ যিসকল লোকৰ মন-প্রাণ কৃষ্ণ ভক্তিত মজি থাকে সেইসকল লোকক কোনো ধৰণৰ সাংসাৰিক দুঃখ, ক্লেশে মষিমূৰ কৰিব নোৱাৰে।
(গ) ‘পঞ্চবর্ণে ৰঞ্জিত নির্গুন ইন্দ্রধনু।
গুণবন্ত মেঘত প্রকাশে পুনু পুনু।
যেন তিনি গুণময় জগত যতেক।
নির্গুণ পুৰুষ তাত প্রকাশৈ প্রত্যেক।’
উত্তৰ: উদ্ধৃত কবিতাফাঁকি উচ্চতৰ অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত শ্রীশংকৰদেৱে ৰচনা কৰা ‘বর্ষা বর্ণন’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
নির্গুণ ভগৱানে যে ইয়াৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্রকাশ কৰে এই তত্ত্বক প্রকাশ কৰিবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।
বর্ষা ঋতুত আকাশত ৰামধেনু ওলায়। ই দেখাত অতি সুন্দৰ। কিন্তু এই ৰামধেনুৰ কোনো নিজস্ব অস্তিত্ব নাই। এই রূপক (উপমা) টোৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে ৰামধেনুৰ দৰেই ভগৱানৰো নিজস্ব কোনো গুণ নাই। ই ইয়াৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্রকাশ কৰে। অর্থাৎ কৃষ্ণ ভক্তিপৰায়ণ লোক এজনে বিশ্বব্ৰহ্মাণ্ডৰ জীৱ আৰু প্রাণী জগতৰ মাজেৰে ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰে।
এনেদৰে কবি শ্রীশংকৰদেৱে কবিতাফাকিৰ জৰিয়তে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিছে।
অতিৰিক্ত প্রশ্ন-উত্তৰ:
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:
(ক) ‘বর্ষা বর্ণন’ কবিতাটিৰ কবি কোন?
উত্তৰ: শ্ৰীশংকৰদেৱ।
(খ) শ্রীশংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?
উত্তৰ: এক শৰণনাম ধর্ম বা নৱ বৈষ্ণৱ ধর্ম।
(গ) শ্রীশংকৰদেৱৰ ‘বর্ষা বর্ণন’ কবিতাংশ ভাগৱতৰ কোনটো স্কন্ধত পোরা যায়?
উত্তৰ: ভাগৱতৰ দশম স্কন্ধত।
(ঘ) শংকৰদেৱে ৰচনা কৰা এখন তাত্ত্বিক গ্ৰন্থৰ নাম লিখা।
উত্তৰ: কীৰ্তন ঘোষা।
(ঙ) শ্রীশংকৰদেৱে ৰচনা কৰা দুখন কাব্যপুথিৰ নাম লিখা।
উত্তৰ: (১) হৰিশ্চন্দ্র উপাখ্যান আৰু (২) ৰুক্মিণীহৰণ কাব্য।
(চ) শ্রীশংকৰদেৱ কিমান চনত জন্ম গ্রহণ কৰিছিল?
উত্তৰঃ ১৪৪৯ চনত।
(ছ) শ্রীশংকৰদেৱ ক’ত ইহলীলা সম্বৰণ কৰিছিল?
উত্তৰ: কোচবিহাৰৰ ভেলা মধুপুৰ সত্ৰত।
(জ) শ্রীশংকৰদেৱ কোন যুগৰ কবি?
উত্তৰ: বৈষ্ণৱ যুগৰ কবি।
(ঞ) শংকৰদেৱ ৰচনা কৰা এখন অংকীয়া নাটৰ নাম লিখা।
নাইবা
শংকৰদেৱৰ শেষ নাটকখনৰ নাম কি? H. S. ’20
উত্তৰ : ৰাম বিজয়।
(ট) ‘পলুৰংগা’ শব্দৰ অর্থ কি?
উত্তৰ: কেঁচু মাটি বা কণ কণ মাটিৰ দ’ম।
(ঠ) ‘গোষ্টক’ শব্দৰ অৰ্থ কি?
উত্তৰ: গৰু-ম’হৰ খুটি।
(ড) শংকৰদেৱে ৰামায়ণৰ কোনটো খণ্ডৰ পদ ভাঙনি কৰিছিল। H. S. ’18
উত্তৰ: উত্তৰাকাণ্ড।
(ঢ) পৰীক্ষিত ৰজাৰ আগত কোনে বর্ষাৰ বৰ্ণনা দিছিল? H. S. ’19
উত্তৰ: শুকমুনিয়ে।
২। দীঘলীয়া প্রশ্নোত্তৰ:
(ক) ‘বর্ষা বর্ণন’ পাঠটি ক’ৰ পৰা আহৰণ কৰা হৈছে? বর্ষা ঋতুৰ সৌন্দৰ্যই কৃষ্ণৰ লগতে গোপসকলক কেনেদৰে বিমোহিত কৰিছিল পাঠটিৰ আধাৰত লিখা। H. S. ’19
উত্তৰ: শ্রী শংকৰদেৱৰ ‘বর্ষা বর্ণন’ কবিতাটি ভাগৱতৰ দশম স্কন্ধৰ পৰা আহৰণ কৰা হৈছে।
‘বর্ষা বর্ণন’ কবিতাটিৰ মাজেৰে কবি শ্রীশংকৰদেৱে বর্ষাকালৰ আবেদনময়ী সৌন্দর্য আৰু কার্য-কলাপৰ এক নৈসর্গিক বর্ণনা দাঙি ধৰিছে।
গ্রীষ্ম ঋতু অন্ত পৰাৰ লগে লগে বর্ষা ঋতু উপস্থিত হয়। সূর্যই উজ্জ্বল ৰ’দ দিয়া আৰম্ভ কৰে। মাজে মাজে আকাশখন ক’লা মেঘে ঢাকি ধৰে। বেগেৰে বতাহ বলিবলৈ লয়। বিজুলীয়ে চমকনি মাৰে। আকাশৰ তাৰকামণ্ডলী মেঘৰ আঁৰত নিশ্চিহ্ন হয়। ধাৰাষাৰ বৰষুণ আৰম্ভ হয়। নদ-নদী, খাল-বিল পানীৰে উপচি পৰে। বাৰিষাৰ ধাৰাষাৰ বৰষুণত শুকান ভূমি জীপাল হৈ উঠে। সাগৰেও সুউচ্চ ঢৌ তুলি নাচিবলৈ ধৰে। আকাশত পঞ্চবর্ণে বঞ্জিত হৈ ৰামধেনু ওলায়। মেঘৰ গুৰগুৰণিৰ তালে তালে ময়ুৰেও চালি ধৰি নৃত্য কৰিবলৈ আৰম্ভ কৰে। পৰ্বতৰ নিজৰায়ো বাৰিষাৰ পদধ্বনি শুনি লয়লাসে নাচি উঠিছে আৰু তাকে দেখি কৃষ্ণ আৰু লগৰীয়া গোপ শিশুসকলে নিজৰাৰ ধ্বনি কাণপাতি শুনিছে। বৰষুণ অহাৰ বাবে গোপসকলে ৰং-ধেমালি কৰি গুহাৰ ভিতৰত সোমাই আনন্দৰে ফল ভক্ষণ কৰিছে। কোনোৱাই পানী যুৱলিৰ শিলত বহি আনন্দ মনেৰে দধিভাত খাইছে। বাৰিষা কালৰ এনে আনন্দময় ৰূপ দেখি শ্রীকৃষ্ণই বৰষা কালক বৰকৈ প্রশংসা কৰিছে।
এনেদৰে শ্রীকৃষ্ণই গোপবালকসকলৰ লগত নানান ৰং-ধেমালি আৰু কৌতুক কৰি গোটেই দিনটো অতিবাহিত কৰিছে আৰু আনন্দমনে গৰু-দামুৰি লৈ সন্ধিয়া ঘৰলৈ ওভতিছে।