Join WhatsApp

Join Now

Join Telegram

Join Now

বিশ্বায়ন Class 12 Political Science Chapter 9 Solutions

By Rabbi Masrur

Published On:

আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ বিশ্বায়ন Class 12 Political Science Chapter 9 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

বিশ্বায়ন Class 12 Political Science Chapter 9 Solutions

বিশ্বায়ন Class 12 Political Science Chapter 9 Solutions

বিশ্বায়ন (GLOBALISATION)

অধ্যায় – ৯

১। অতি চমু প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ১)

(ক) বিশ্বায়ন’ বা ‘গোলকীকৰণ’ (Globalisation) বুলিলে কি বুজা?

উত্তৰ: ‘বিশ্বায়ন’ বা ‘গোলকীকৰণ’ (Globalisation) বুলিলে বিভিন্ন ৰাষ্ট্ৰ আৰু বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ মাজত সামাজিক, অর্থনৈতিক আদি বিভিন্ন ক্ষেত্ৰত পৰস্পৰ নিৰ্ভৰশীলতা তথা বিশ্ব ব্যাপী যোগযোগৰ আন্তঃসংযোগক বুজায়।

(খ) ‘গোলকীকৰণৰ ক্ষেত্ৰত প্ৰযুক্তি হ’ল গুৰুত্বপূৰ্ণ কাৰকসমূহৰ ভিতৰত এটা।’ উক্তিটো শুদ্ধনে অশুদ্ধ লিখা।

উত্তৰ: শুদ্ধ।

(গ) বিশ্বায়নৰ এটা সকৰাত্মক দিশ উল্লেখ কৰা।

উত্তৰ ভাৱৰ সহজ আদান-প্রদান।

(ঘ) অর্থনৈতিক গোলকীকৰণে কি বুজায়?

উত্তৰ: অর্থনৈতিক গোলকীকৰণে বিশ্বৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ অর্থনৈতিক বস্তু যেনে-মূলধন, কাৰিকৰী কৌশল, বস্তু-সামগ্রী আদিৰ আদান-প্রদানক বুজায়।

(ঙ) ভাৰতত কেতিয়া নতুন অর্থনৈতিক নীতি গ্রহণ কৰা হৈছিল?

উত্তৰ: ১৯৯১ চনত।

(চ) সাংস্কৃতিক একীভূতকৰণৰ এটা ৰূপ। (খালী ঠাই পূৰণ কৰা।)

উত্তৰ: বিশ্বায়ন।

(ছ) ভাৰতে অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল? H.S. ’18

উত্তৰঃ ১৯৯১ চনত।

(জ) ৰাষ্ট্ৰৰ সমৰ্থনত গোলকীকৰণৰ ইতিবাচক পৰিণতি এটা উল্লেখ কৰা।

উত্তৰ: প্রযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক নানান তথ্য-পাতি যোগান ধৰিব পাৰে।

(ঝ) বিশ্ব সামাজিক মঞ্চ কি?

উত্তৰ: বিশ্ব সামাজিক মঞ্চ হৈছে এনেকুৱা এক মঞ্চ য’ত মানৱাধিকাৰী কর্মী, শ্রমিক, যুৱ সম্প্রদায় আৰু মহিলা কর্মীসকলে একগোট হৈ নতুন উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰে।

(ঞ) বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হ’ল প্রযুক্তিবিদ্যা। (হয়নে নহয় লিখা) H.S. ’18 

উত্তৰ: হয়।

(ট) কোন ক্ষেত্রত গোলকীকৰণ লাভদায়ক নহয়?

উত্তৰ: সামাজিক আৰু সাংস্কৃতিক ক্ষেত্রত।

(ঠ) বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠক কেতিয়া ক’ত হৈছিল?

উত্তৰ: ব্রাজিলৰ পোর্টো এলগাৰত, ২০০১ চনত।

(ড) গোলকীকৰণৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: মুক্ত বজাৰ অর্থনীতি।

(ঢ) ‘প্ৰতিৰক্ষাবাদ’ কি?

উত্তৰ বিশ্বৰ বিভিন্ন দেশৰ জাতীয়তাবাদী নেতাসকলে বিশ্বায়নৰ পৰা জাতীয় ঐতিহ্য সুৰক্ষা কৰাৰ বাবে চলোৱা প্রচেষ্টাক ‘প্রতিৰক্ষাবাদ’ বুলি কোৱা হয়।

(ণ) গোলকীকৰণ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৯০ চনত।

২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)

(ক) অর্থনৈতিক বিশ্বায়নৰ লগত জড়িত দুটা সংস্থাৰ নাম লিখা। H.S. ’16

উত্তৰঃ (১) বিশ্ব বাণিজ্য সংস্থা আৰু (২) আন্তর্জাতিক মুদ্রা নিধি।

(খ) বিশ্বায়নৰ দুটা কাৰণ উল্লেখ কৰা। H.S. ’18

উত্তৰ: উন্নত প্রযুক্তি-কৌশলৰ আবিষ্কাৰৰ ফলত যাতায়ত আৰু যোগাযোগৰ প্রভূত উন্নয়ন বিশ্বায়নৰ এটা প্রধান কাৰণ। দ্বিতীয়তে, পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি, বস্তু-বাহানি আৰু মানুহৰ প্ৰবাহ তৰান্বিত হোৱাটো বিশ্বায়নৰ অন্যতম কাৰণ।

(গ) সাংস্কৃতিক বিবিধতা মানে কি?

উত্তৰ: সাংস্কৃতিক বিবিধতাই প্রত্যেককে নিজৰ বৈচিত্রপূর্ণ সংস্কৃতি ৰক্ষা কৰি নিজৰ সংস্কৃতি অধিক চহকী কৰাৰ সুবিধা প্রদান কৰাকে বুজায়।

(ঘ) বিশ্বায়নৰ প্ৰভাৱ সকলো ঠাইত একে নে?

উত্তৰ: বিশ্বায়নৰ প্ৰভাৱ সকলো ঠাইতে একে নহয়। যদিও বিশ্বায়নে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰকাৰে গ্ৰহণ কৰা একে ধৰণৰ অর্থনৈতিক নীতি মানি চলে, তথাপি বিশ্বৰ বিভিন্ন প্রান্তত বিভিন্ন ফলাফলৰ সৃষ্টি কৰে।

(ঙ) বিশ্বায়নৰ প্ৰধান বিভিন্ন (মাত্রা) দিশসমূহ কি কি?

উত্তৰ: বিশ্বায়নৰ প্রধান তিনিটা (মাত্রা) দিশ হ’ল -অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক।

৩। মজলীয়া দৈর্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)

(ক) গোলকীকৰণৰ চাৰিটা ফলাফল লিখা।

উত্তৰ: গোলকীকৰণৰ চাৰিটা ফলাফল হ’ল

(১) তথ্য প্রযুক্তিৰ নতুন নতুন উদ্ভাৱনৰ ফলত কম্পিউটাৰ আৰু ইন্টাৰনেটৰ জৰিয়তে বিশ্বৰ যিকোনো ৰাষ্ট্ৰই মুক্তভাবে ভাৱৰ আদান-প্রদান কৰিব পাৰে।

(২) ভিছা নীতিৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰসমূহৰ মাজত যোগাযোগ নিশ্চিত হৈছে।

(৩) গোলকীকৰণৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ মাজত মূলধন চলাচলত দেখা দিয়া বাধা-নিষেধৰ পৰিমাণ হ্রাস হৈছে।

(৪) বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি, বিশ্ব স্বাস্থ্য সংস্থা আদি অনুষ্ঠানসমূহে বিশ্বত অধিক প্রভাব বিস্তাৰ কৰিব পাৰিছে। ফলত বিশ্ব দোপতদোপে উন্নয়নৰ পিনে আগবাঢ়ি গৈ আছে।

(খ) বিশ্বায়নৰ অৰ্থনৈতিক তাৎপর্য বা পৰিণতিৰ বিষয়ে চমুকৈ লিখা। H.S. ’18 

উত্তৰ: বিশ্বায়নৰ অৰ্থনৈতিক তাৎপর্য বহুত, যেনে-

(১) অর্থনৈতিক বিশ্বায়নে বহুতো দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰিছে। অনুন্নত দেশ উন্নয়নশীল দেশলৈ ধাবমান হৈছে।

(২) বস্তু-সামগ্রী এঠাইৰ পৰা আন ঠাইলৈ সহজে পঠিয়াব পৰা হৈছে। ফলত দ্রব্যৰ অভাৱ সহজে পূৰণ হৈছে।

(৩) বিশ্বায়নে উৎপাদন প্রক্রিয়াত বিশেষীকৰণ কৰিছে। ফলত বিশ্বত উৎপাদন বৃদ্ধি হৈছে।

(৪) বিশ্বায়নৰ ফলত অর্থনৈতিক ক্ষেত্রত প্রতিযোগীতাও বৃদ্ধি পাইছে। ফলত দ্রব্য-সামগ্রী সুলভ হৈছে।

(গ) ভাৰতবৰ্ষত বিশ্বায়নৰ প্রভাব আলোচনা কৰা।

উত্তৰ: ভাৰতবৰ্ষৰ অৰ্থনীতি, সামাজিক তথা ৰাজনৈতিক দিশত বিশ্বায়নৰ প্রভাৱ তাৎপর্যপূর্ণ। যেনে-

(১) বিশ্বায়নৰ প্রভাৱৰ ফলত ভাৰতবৰ্ষই আমদানিকৃত বস্তুৰ অনুজ্ঞাপত্র প্রদানত যথেষ্ট শিথিলতা অৱলম্বন কৰিছে।

(২) উদ্যোগৰ ক্ষেত্ৰত ভাৰতবৰ্ষই অনুজ্ঞাপত্র প্রায় সম্পূর্ণরূপেই উঠাই লৈছে।

(৩) ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ লগতে যৌথভাৱে পৰিচালিত বিদেশী বেংকসমূহকো সিহঁতৰ বিত্তীয় কাৰ্যৰ পৰিসৰ বৃদ্ধি কৰাৰ অনুমতি প্রদান কৰিছে।

(৪) বিশ্ব বাণিজ্য সংস্থাৰ প্রভাৱত বিভিন্ন বয়-বস্তুৰ পৰা বাণিজ্য শুল্ক উঠাই দিয়া হৈছে।

(ঘ) বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে দুটিকে যুক্তি দিয়া। H.S. ’15, ’20 

উত্তৰ: বিশ্বায়নৰ সপক্ষে দুটা যুক্তি হ’ল-

(১) ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ লগতে যৌথভাবে পৰিচালিত বিদেশী বেংকসমূহকো সিহঁতৰ বিত্তীয় কাৰ্যৰ পৰিসৰ বৃদ্ধি কৰাৰ অনুমতি প্রদান কৰিছে।

(২) বিশ্ব বাণিজ্য সংস্থাৰ প্রভাৱত বিভিন্ন বয়-বস্তুৰ পৰা বাণিজ্য শুল্ক উঠাই দিয়া হৈছে।

বিশ্বায়নৰ বিপক্ষে দুটা যুক্তি হ’ল-

(১) বিশ্বায়নৰ প্ৰভাৱৰ ফলত ভাৰতবৰ্ষই আমদানিকৃত বস্তুৰ অনুজ্ঞানপত্র প্রদানত যথেষ্ট শিথিলতা অৱলম্বন কৰিছে।

(২) উদ্যোগৰ ক্ষেত্ৰত ভাৰতবৰ্ষই অনুজ্ঞাপত্র প্রায় সম্পূর্ণরূপেই উঠাই লৈছে।

(ক) বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা। H.S. ’15

উত্তৰঃ (১) বিশ্ব বেংক আৰু (২) আন্তর্জাতিক মুদ্রা নিধি।

৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)

(ক) বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিবোৰ আলোচনা কৰা। H.S. ’16

উত্তৰ: বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি।

প্রথম, বিশ্বায়নৰ ফলত চৰকাৰে আইন-শৃঙ্খলা ৰক্ষা কৰা, জাতীয় ক্ষেত্র, প্রতিক্ষা, নাগৰিকৰ নিৰাপত্তা আদি কাৰ্যবোৰত অধিক মনোনিৱেশ কৰিছে।

দ্বিতীয়, ৰাষ্ট্ৰৰ আর্থ-সামাজিক ক্ষেত্রত বজাৰ ভিত্তিক প্রধান্যতাই গুৰুত্ব পাইছে।

তৃতীয়তে, বিশ্বায়নৰ ফলত বহুজাতিক কোম্পানীবোৰে গুৰুত্ব পাইছে। তেনে কোম্পানীবোৰে পৰোক্ষ আৰু প্রত্যক্ষভাৱে চৰকাৰৰ কাৰ্যত হস্তক্ষেপ কৰিব পৰা হৈ উঠিছে। সেইবোৰৰ প্ৰৱেশ আৰু অধিকতৰ ভূমিকা গ্রহণে চৰকাৰী সিদ্ধান্তৰ ওপৰত প্ৰায়ে প্রভাৱ বিস্তাৰ কৰা দেখা গৈছে। ফলশ্রুতিত বহু সময়ত ৰাষ্ট্ৰই নিজাববীয়া সিদ্ধান্ত গ্রহণত ব্যর্থ হোৱা দেখা যায়।

চতুৰ্থতে, বিশ্বায়নৰ ফলত বিশ্বৰ দেশসমূহৰ মাজত প্রতিযোগিতা বৃদ্ধি পাইছে। ব্যৱসায়, বাণিজ্যৰ লগতে ৰাজনৈতিক প্রভাব বিস্তাৰত উন্নত দেশবোৰৰ মাজত প্রতিযোগিতাও বৃদ্ধি পাইছে।

পঞ্চমতে, বিশ্বায়নৰ ফলত কেতবোৰ ৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি পাইছে আৰু কিছুমান ৰাষ্ট্ৰ শক্তিশালী ৰাষ্ট্ৰৰ দ্বাৰা শোষিত হৈছে।

(খ) বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিসমূহৰ বিষয়ে আলোচনা কৰা। H.S. ’19 

উত্তৰ: বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিসমূহ হ’ল:

(ক) বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন জাতিসমূহৰ মাজত সংস্কৃতিৰ আদান-প্রদান আৰম্ভ হৈছে। ফলত সাংস্কৃতিক জগতত দ্রুত বিপ্লব সংঘটিত হৈছে। বিশেষকৈ পাশ্চাত্য সংস্কৃতিয়ে গোটেই বিশ্বক প্রভাবিত কৰিছে।

(খ) বিশ্বায়নৰ ফলত বিশ্বৰ জনসাধাৰণে নিজৰ পছন্দ অনুযায়ী সংস্কৃতি বৰ্জন আৰু গ্ৰহণ কৰিবলৈ লৈছে। ফলত বিশ্বজুৰি এক বুজাপৰা আৰু একাত্মবোধৰ সৃষ্টি হৈছে।

(গ) বিশ্বায়নৰ ফলত আজি অতি দ্রুতগতিত বিশ্বৰ যিকোনো স্থানৰ লগত যোগাযোগ সম্ভব হৈছে। মানুহৰ ভাৱ, অনুভূতি আদিৰ আদান-প্রদান সহজতৰ হৈছে।

(ঘ) পশ্চিমীয়া উন্নত সভ্যতাৰ সংস্কৃতি তৃতীয় বিশ্বত বহুলভাবে জনপ্রিয়তা লাভ কৰিছে। ফলত তৃতয় বিশ্বৰ স্বকীয় সংস্কৃতিত ভাবুকিৰ সৃষ্টি হৈছে।

(ঙ) সাংস্কৃতিক বিনিময়ৰ সুযোগত মানুহৰ জীৱনৰ ধাৰণৰ মানদণ্ড উন্নত হৈছে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×