Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক বিশ্বখনিকৰ Class 12 Assamese Chapter 10 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
বিশ্বখনিকৰ Class 12 Assamese Chapter 10 Solutions
বিশ্বখনিকৰ – মফিজুদ্দিন আহমদ হাজৰিকা
কবি পৰিচয়ঃ মফিজুদ্দিন আহমদ হাজৰিকা (১৮৭০-১৯৫৮) হৈছে অসমীয়া ভাষাত প্রথম চুফীবাদী দার্শনিক কবি। তেওঁৰ জন্ম হয় ডিব্রুগড়ত। ১৮৯৬ চনত তেওঁৰ প্ৰথম কবিতা পুথি ‘জ্ঞানমালিনী’ প্রকাশ পায়। এই কবিতাপুথিৰ বাবেই মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া সাহিত্য জগতত ‘জ্ঞানমালিনীৰ কবি’ ৰূপে জনাজাত হয়। ‘জ্ঞানমালিনী’ কাব্যপুথিৰ কবিতাসমূহ আধ্যাত্মিক ভাৱেৰে পুষ্ট। অসমীয়া ভাষাত তেওঁৰ কবিতাতে পোনপ্রথমতে চুফী ভাবধাৰা প্রকাশ পায়। তেওঁৰ ৰচনা কৰা কবিতাৰ সংখ্যা তাকৰ। মৰণোত্তৰভাবে তেওঁৰ অপ্রকাশিত কবিতাসমূহ গোটাই ‘তত্ত্ব-পাৰিজাত’ নামেৰে তেওঁৰ আন এখন কবিতা পুথি প্রকাশ পায়।
১৯৩০ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত তেওঁ সভাপতিৰ আসন অলংকৃত কৰিছিল। ১৯৫৮ চনত তেওঁৰ মৃত্যু হয়।
কঠিন শব্দৰ অৰ্থঃ
খনিকৰ : শিল-কাঠ-মাটিৰ মূর্তি নির্মাণ কৰোঁতা। বিশ্ব-খনিকৰ: বিশ্বভ্রমাণ্ডৰ সৃষ্টি কৰোঁতা। যদিস্যাতো: যদিও। ত্রিলোক: স্বর্গ, মর্ত্য আৰু পাতাল। নিৰগুণ: সকলো গুণৰ ঊর্ধ্বত। হুনুঃ হেনো। বিশ্ব-গিৰিঃ বিশ্বৰ গৰাকী, সৃষ্টিকর্তা। শেহান্তৰে: অন্তত, অৱশেষত। এমাডিমা: কেঁচুৱা অৱস্থাত। গোমস্তা: দোকানত হিচাপ-পত্র বখা কর্মচাৰী। অন্তর্যামী: মনৰ সকলো ভাব বুজি পাওঁতা। সর্ব-ব্যাপী: সকলোতে জুৰি থকা। ভ্রূব ভাস: চেলাউৰীৰ শোভা। লীলা বিলাসে: অংগী-ভংগীৰে। চৰণে মঞ্জৰী ঝুৰে উচ্চায়া পঞ্চম পূৰে: চৰণত নুপুৰে শব্দ কবে; উচ্চকৈ পঞ্চম সুৰত গীত গায়।
পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:
(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ১)
১। ‘জ্ঞানমালিীৰ কবি কোন? H.S. ’18
উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকা।
২। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্রকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰ: তত্ত্ব-পাৰিজাত।
৩। বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কৈছে?
উত্তৰ: ‘বিশ্বখনিকৰ’ বুলি লেখকে ঈশ্বৰ (সৃষ্টিকর্তা)ৰ কথা কৈছে।
৪। ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা?
উত্তৰ: ‘বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দার্শনিক শ্রেণীৰ কবিতা।
৫। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?
উত্তৰ: জোনাকী যুগৰ কবি।
(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক: ২। ৩)
১। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। H.S. ’18
উত্তৰ: ‘মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল:
(ক) সহজ-সৰল ঘৰৰুৱা ভাষাৰ প্ৰয়োগ আৰু
(খ) সহজবোধ্য ৰূপকৰ ব্যৱহাৰ।
২। কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি অভিহিত কৰিছে?
উত্তৰ: ‘বিশ্বখনিকৰ’ মানে বিশ্বৰ সৃষ্টিকর্তা। এই বিশ্ব ব্রহ্মাণ্ডত থকা সকলোবোৰ বস্তু যেনে-জোন, বেলি, গ্রহ, তৰা, জীৱ, জন্তু, বায়ু, পানী ইত্যাদি সকলোবোৰ বস্তু ঈশ্বৰেই সৃষ্টি কৰিছে। তেৱেঁই সত্তঃ, ৰজঃ আৰু তমোঃ গুণৰ অধিকাৰী। সেয়ে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে।
৩। সত্ত্বঃ, ৰজঃ, তেমো গুণ কি বুজাই লিখা। H.S. ’19
নাইবা
‘সত্ত্ব, ৰজঃ আৰু তমঃ গুণে মানব জীবনলৈ কি কঢ়িয়াই আনে? H.S. ’20
উত্তৰ: ভগৱান পৰমেশ্বৰ গুণৰ অতীত। সত্ত্বঃ ৰজঃ তমো -এই সকলো গুণ তেওঁৰ অধীন। ভগৱান এই তিনি গুণৰ অধিকাৰী হৈয়ো নির্গুণ। অর্থাৎ এই তিনি গুণে ভগৱানক ক্রিয়া কৰিব নোৱাৰে। ‘সত্ত্বঃ’ গুণে জ্ঞান আৰু সুখ দিয়ে। ‘ৰজঃ’ গুণে অহংকাৰ সৃষ্টি কৰে আৰু ‘তমো’ গুণে জীৱৰ জীৱনলৈ অন্ধকাৰ নমাই আনে। এই তিনি গুণ ভগৱানৰ সৃষ্টি যদিও তেওঁ এই তিনি গুণৰ ঊর্ধ্বত থাকি বিশ্বব্ৰহ্মাণ্ড পৰিচালনা কৰি আছে।
৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।
উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হ’ল ‘জ্ঞানমালিনী’ আৰু ‘তত্ত্ব-পাৰিজাত’।
৫। কবিয়ে বিশ্বখনিকৰক কিয় সর্ব-ব্যাপী সর্বশক্তিমান বুলি আখ্যা দিছে?
উত্তৰ : এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকর্তা হৈছে পৰম ঈশ্বৰ ভগৱান। তেঁৱেই জোন, বেলি, গ্রহ, তৰা, সমস্ত জীৱ আৰু জড় জগত সৃষ্টি কৰিছে। তেওঁ হৈছে সর্বব্যাপী অর্থাৎ তেওঁ সৃষ্টিৰ সকলোতে বিৰাজমান। তেওঁৰ পৰাই সকলো বস্তুৰ উৎপত্তি হৈছে আৰু তেওঁতেই সকলো লীন হয়। তেওঁ মহা শক্তিশালী। তেওঁৰ প্ৰভুত্ব সকলোতে আছে। আমি তেওঁৰ আকাৰ দেখা নাপাওঁ যদিও সৃষ্টি জগতৰ মাজত তেওঁৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেয়ে কবিয়ে বিশ্বখনিকৰ সর্ব-ব্যাপী সর্বশক্তিমান বুলি আখ্যা দিছে।
(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪। ৫)
১। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মাজেৰে কবিয়ে প্রকৃততে কাৰ কথা কৈছেআৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?
উত্তৰ: ‘বিশ্বখনিকৰ’ কবিতাটিৰ মাজেৰে কবিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকর্তা পৰম ঈশ্বৰৰ কথা কৈছে। ‘বিশ্বখনিকৰ’ মানে বিশ্বৰ সৃষ্টিকর্তা। এই বিশ্বব্রহ্মাণ্ডত থকা সকলোবোৰ বস্তু তেবেই সৃষ্টি কৰিছে। তেৱেঁই সত্তঃ, ৰজঃ আৰু তমো গুণৰ অধিকাৰী। এই তিনি গুণৰ অধিকাৰী হৈয়ো তেওঁ এই তিনি গুণৰ ঊর্ধ্বত অর্থাৎ তেওঁ এটাতো লিপ্ত নহয়। এই বিশ্বব্রহ্মাণ্ডত তেওঁৰ বাদে কোনো বস্তুৰ অস্তিত্ব নাই। তেবেই সকলো জুৰি আছে। সকলোৰে মূল কাৰণ তেৱেঁই। মাত্ৰ আমাৰ দেখাৰ ভ্ৰম। এই ভাবটোৱেই কবি মফিজ উদ্দিন হাজৰিকাদেৱে ‘বিশ্বখনিকৰ’ কবিতাটিৰ মাজেৰে প্রকাশ কৰিছে।
২। ‘সকলোতে আছে তেওঁ কিন্তু নেদেখে কেওঁ ওৰণিৰে মুখ ঢাকি থাকে ওচৰত।’ এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাব প্রকাশ কৰিব বিচাৰিছে লিখা।
উত্তৰ: উক্ত কবিতাফাকিৰ মাজেৰে কবিয়ে ক’ব বিচাৰিছে যে ভগৱান নিৰাকাৰ হৈয়ো সকলোতে বিৰাজ কৰি আছে। বিশ্বব্রহ্মাণ্ডৰ সকলোতে ভগৱানৰ অস্তিত্ব বিৰাজমান। তেওঁ জড়-জীব সকলোতে আছে। জগতৰ প্রতিটো অণু-পৰমাণুতে ঈশ্বৰৰ অস্তিত্ব আছে। কিন্তু আমাৰ চৰ্ম চক্ষুৰে তাক দেখিবলৈ নাপাওঁ। তেওঁ সকলোতে আছে অথচ নিজক লোক চক্ষুৰ পৰা অদৃশ্য থাকি সৃষ্টি জগতৰ মাজেৰে নিজৰ মহিমা প্রকাশ কৰি আছে। অর্থাৎ তেওঁ আমাৰ ওচৰতে আছে কেৱল নিজৰ ৰূপটোহে যেন অৱগুণ্ঠনেৰে ঢাকি ৰাখিছে।
৩। ‘বিশ্বখনিকৰ’ কবিতাটোৰ মূলভাব লিখা।
উত্তৰ: ‘বিশ্বখনিকৰ’ মানে বিশ্বৰ সৃষ্টিকর্তা। এই বিশ্বভ্রমাণ্ডত থকা সকলোবোৰ বস্তু যেনে- জোন, বেলি, গ্রহ, তৰা, জীব, জন্তু, বায়ু, পানী ইত্যাদি সকলোবোৰ বস্তু তেৱেঁই সৃষ্টি কৰিছে। তেবেই সত্ত্বঃ, ৰজঃ আৰু তমো গুণৰ অধিকাৰী। এই তিনি গুণৰ অধিকাৰী হৈয়ো তেওঁ এই তিনি গুণৰ ঊর্ধ্বত অর্থাৎ তেওঁ এটাতো লিপ্ত নহৈ গোটেই বিশ্বব্রহ্মাণ্ডখন পৰিচালনা কৰি আছে। তেওঁ নিৰাকাৰ হৈয়ো সকলোতে জুৰি আছে। সকলোৰে মূল কাৰণ তেৱেঁই। মাত্ৰ আমাৰ দেখাৰ ভ্ৰম।
৪। ‘বিশ্বখনিকৰ’ কবিতাটিত প্রকাশিত আধ্যাত্মিক দৰ্শনৰ আভাস দিয়া।
উত্তৰ: ‘বিশ্বখনিকৰ’ কবিতাটি এক আধ্যাত্মিক ভাবসম্পন্ন দার্শনিক কবিতা। কবিতাটিত ইছলামীয় চুফীবাদী দর্শন প্রকাশ পাইছে।
চুফীবাদী দর্শনে স্পষ্টকৈ স্বীকাৰ কৰে যে এই বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টিৰ মূলতে আছে সর্বশক্তিমান পৰম ঈশ্বৰ। এই বিশ্ব ব্রহ্মাণ্ডত থকা সকলোবোৰ বস্তু যেনে- জোন, বেলি, গ্রহ, তৰা, জীৱ, জন্তু, বায়ু, পানী ইত্যাদি সকলোবোৰ বস্তু তেৱেঁই সৃষ্টি কৰিছে। তেৱেঁই সত্ত্বঃ, ৰজঃ আৰু তমোঃ গুণৰ অধিকাৰী। এই তিনি গুণৰ অধিকাৰী হৈয়ো তেওঁ এই তিনি গুণৰ ঊর্ধ্বত অর্থাৎ তেওঁ এটাতো লিপ্ত নহৈ গোটেই বিশ্বব্রহ্মাণ্ডখন পৰিচালনা কৰি আছে। এই বিশ্বব্রহ্মাণ্ডত তেওঁৰ বাদে কোনো বস্তুৰ অস্তিত্ব নাই। তেওঁ নিৰাকাৰ হৈয়ো সকলোতে জুৰি আছে। সকলোৰে মূল কাৰণ তেৱেঁই। মাত্ৰ আমাৰ দেখাৰ ভ্রম।
৫। প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰাঃ H.S. ’18
‘তেঁৱে কাম, তেঁৱে কর্মী, তেঁৱে কাৰিকৰ নিশ্চয় নিশ্চয় তেঁৱে বিশ্বখনিকৰ।’
উত্তৰ: উদ্ধৃত কবিতাৰ পংক্তিটো আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিবিষ্ট কৰা মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। পৰমেশ্বৰে বিশ্বব্রহ্মাণ্ড সৃষ্টি কৰি কেনেদৰে তাক পৰিচালনা কৰি আছে তাকে ক’বলৈ যাওঁতে কবিয়ে উক্ত পংক্তিটো উল্লেখ কৰিছে। ভগৱান পৰমেশ্ববে এই বিশ্ব ব্রহ্মাণ্ড আৰু ইয়াৰ মাজত থকা জড়-জীব জগতক সৃষ্টি কৰি ইয়াক পৰিচালনা কৰি আছে। অর্থাৎ তেওঁ স্রষ্টা আৰু পালনকর্তা। তেঁৱেই অদৃশ্যত থাকি বিশ্বৰ সকলোবোৰ বস্তু সৃষ্টি কৰি কৰ্মৰ যোজনা প্রস্তুত কৰিছে আৰু সেইমতে বিশ্বব্রহ্মাণ্ড পৰিচালিত কৰি আছে। আন কথাত তেঁৱেই কাম, তেঁৱেই সেই কামৰ কর্মী আৰু সকলো কামৰে নিপুণ শিল্পী। তেঁৱেই বিশ্বখনিকৰ।
অতিৰিক্ত প্রশ্ন-উত্তৰ :
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়াঃ (মূল্যাংক: ১)
(ক) মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া সাহিত্য জগতত কি কবি হিচাপে জনাজাত?
উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া সাহিত্য জগতত ‘জ্ঞানমালিনী’ৰ কৰি হিচাপে জনাজাত।
(খ) পৰমেশ্বৰৰ তিনিটা গুণ কি কি?
উত্তৰ: পৰমেশ্বৰৰ তিনিটা গুণ হ’ল সত্ত্বঃ, ৰজঃ আৰু তমঃ।
(গ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কি দর্শন প্রকাশ পাইছে?
উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত চুফীবাদী দর্শন প্রকাশ পাইছে।
(ঘ) মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ কবিতাটি তেওঁৰ কোনখন কাব্য গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে।
উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ কবিতাটি তেওঁৰ ‘জ্ঞানমালিনী’ নামৰ কাব্যপুথিখনৰ পৰা তুলি দিয়া হৈছে।
(ঙ) বিশ্ব খনিকৰক খেপিয়ালে কিয় পোৱা নাযায়? H.S. ’17
উত্তৰ: বিশ্বব্ৰহ্মাণ্ডৰ খনিকৰজন তেওঁৰ সৃষ্টি সকলোবোৰ বস্তুৰ আঁৰত লুকাই আছে অর্থাৎ আমাৰ মাজত থাকিও ওৰণিৰে মুখ ঢাকি আছে বাবে তেওঁক খেপিয়ালে পোৱা নাযায়।
(চ) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কোনগৰাকী কবি ‘জোনাকী’ কাকতৰ স’তে জড়িত নাছিল? H.S. ’20
উত্তৰঃ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘জ্ঞানমালিনী’ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা ‘জোনাকী’ কাকতৰ সতে জড়িত নাছিল।
(ঘ) ‘গোমোস্তা’ শব্দৰ অৰ্থ লিখা। H.S. ’19
উত্তৰ: ‘গোমস্তা’ শব্দৰ অৰ্থ হ’ল দোকানত হিচাপ-পত্ৰ ৰখা কৰ্মচাৰী।
(ঙ) ‘বিশ্বখনিকৰ’ কবিতাত কবিয়ে ‘কুঁহি-গজালি’ বুলি কোন তিনিজোপা গছৰ নাম বন্ধনীত উল্লেখ কৰিছে? H.S. ’20
উত্তৰ: কবিয়ে ‘কুঁহি-গজালি’ বুলি উল্লেখ কৰা তিনিজোপা গছৰ নাম হ’ল পমা, চিচু আৰু পাৰলীক।
২। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:
(ক) ‘সত্তঃ, ৰজঃ তমোঃ গুণ সকলোতে নিৰগুণ বোলে হুনু বিশ্ব-গিৰি সেই মহাজন।’
উত্তৰ: উদ্ধৃত কবিতাৰ পংক্তিটো আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিবিষ্ট কৰা মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। পংক্তিটোৰ জৰিয়তে ভগৱান সকলোতে বিৰাজমান হৈয়ো যে নির্গুণ তাকে বুজাব বিচাৰিছে। ভগৱান পৰমেশ্বৰ গুণৰ অতীত। সত্ত্বঃ ৰজঃ তমো -এই সকলো গুণ তেওঁৰ অধীন। ভগৱান এই তিনি গুণৰ অধিকাৰী হৈয়ো নির্গুণ। অর্থাৎ এই তিনি গুণে ভগৱানক ক্রিয়া কৰিব নোৱাৰে। ‘সত্ত্বঃ’ গুণে জ্ঞান আৰু সুখ দিয়ে। ‘ৰজঃ’ গুণে অহংকাৰ সৃষ্টি কৰে আৰু ‘তমো’ গুণে জীৱৰ জীৱনলৈ অন্ধকাৰ নমাই আনে। এই তিনি গুণ ভগৱানৰ সৃষ্টি যদিও তেওঁ এই তিনি গুণৰ ঊর্ধ্বত থাকি বিশ্ব ব্রহ্মাণ্ডখন পৰিচালনা কৰি আছে।
(গ) নিশ্চয় নিশ্চয় তেঁৱে (দেখা নায়ো যদি কেঁবে) অন্তর্যামী সর্বজ্ঞান, বিশ্ব-আত্মা প্রাণ সর্ব-ব্যাপী সর্বশক্তিমান।’ H.S. ’17
উত্তৰ: উদ্ধৃত কবিতাৰ পংক্তিটো আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিবিষ্ট কৰা মফিজুদ্দিন হাজৰিকাদেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। ভগবান পৰমেশ্বৰৰ স্বৰূপ প্রকাশ কৰিবলৈ যাওঁতে কবিয়ে উক্ত পংক্তিটো উল্লেখ কৰিছে।
এই বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিকর্তা হৈছে পৰম ঈশ্বৰ ভগবান। তেঁৱেই জোন, বেলি, গ্রহ, তৰা, সমস্ত জীৱ আৰু জড় জগত সৃষ্টি কৰিছে। তেওঁ হৈছে সর্বব্যাপী অর্থাৎ তেওঁ সৃষ্টিৰ সকলোতে বিৰাজমান। তেওঁৰ পৰাই সকলো বস্তুৰ উৎপত্তি হৈছে আৰু তেওঁতেই সকলো লীন হয়। তেওঁ মহা শক্তিশালী। তেওঁৰ প্ৰভুত্ব সকলোতে। আমি তেওঁৰ আকাৰ দেখা নাপাওঁ যদিও সৃষ্টি জগতৰ মাজত তেওঁৰ অস্তিত্ব অনুভৱ কৰিব পাৰি।
৩। কোন চনত আৰু কোন ঠাইত মফিজুদ্দিন H.S. ’24 আহম্মদ হাজৰিকাৰ জন্ম হৈছিল?।
উত্তৰ: মফিজুদ্দিন আহমদ হাজৰিকাৰ ১৮৭০ চনত ডিব্রুগড়ত জন্ম গ্রহণ কৰিছিল।
৪। অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্রথম কোনগৰাকী কবিৰ কবিতাত প্রকাশ পায়? H.S. ’24
উত্তৰ: ‘মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত।