বংশগতি আৰু ক্ৰমবিকাশ Class 10 Science Chapter 9 Solutions ২০২৫

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত বংশগতি আৰু ক্ৰমবিকাশ Class 10 Science Chapter 9 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই লিখনিত অসমীয়া মাধ্যমৰ class 10 general science ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Science Chapter 9 Solutions

বংশগতি আৰু ক্ৰমবিকাশ Class 10 Science Chapter 9 Solutions

অধ্যায়- ৯

বংশগতি আৰু ক্ৰমবিকাশ

নির্বাচিত প্রশ্নোত্তৰ

প্রশ্নঃ বিভিন্ন মানুহৰ আকাৰ, আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্রজাতিত অন্তর্ভূক্ত কিয়?

উত্তৰঃ কাৰণ, সকলো মানুহে যৌন প্রক্ৰিয়াৰ দ্বাৰা বংশবিস্তাৰ কৰে।

প্রশ্নঃসংকৰণ পৰীক্ষা কাক বোলে?

উত্তৰঃ একে প্রজাতিৰ বিপৰীত ধর্মী বৈশিষ্ট্য সম্পন্ন কিন্তু বিশুদ্ধ গুণ থকা দুটা জীৱৰ মাজত কৰা সংগম পৰীক্ষাক সংকৰণ পৰীক্ষা বোলে।

প্রশ্নঃ মানব দেহত কিমানযোৰ ক্ৰম’জম থাকে?

উত্তৰঃ 23 যোৰ।

প্রশ্নঃ আৰ্জিত চৰিত্ৰৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ খাদ্যৰ অভাৱত মানুহৰ ওজন হ্রাস পোৱা।

প্রশ্নঃ যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কার্য সম্পন্ন কৰে, সেইবোৰ কি? HSLC ’16

উত্তৰঃ সমবৃত্তি।

প্রশ্নঃ মানুহৰ উৎপত্তি ক’ত হৈছিল? HSLC ‘1

উত্তৰঃ আফ্রিকাত।

প্রশ্নঃ প্রভাবী চৰিত্ৰ কাক বোলে? HSLC ’19

উত্তৰঃ দুই বিপৰীত ধৰ্ম বা চৰিত্ৰসম্পন্ন বিশুদ্ধ সম যুগ্মজাত জীৱৰ মাজত নিষেচন প্রক্রিয়া সংঘটিত হ’লে প্রথম অপত্য জনুত যিটো চৰিত্ৰ প্রকাশিত হয়, সেইটোকে ‘প্রভাৱী চৰিত্ৰ’ বোলে।

প্রশ্নঃ প্রকৃতিত কিয় আমি চাপৰ মট ৰমাহৰ গছতকৈ ওখ মটৰমাহ গছ বেছিকৈ দেখা পাওঁ? HSLC ’16

উত্তৰঃ স্ব-পৰাগযোগৰ বাবে আমি প্রকৃতিত চাপৰ মটৰমাহতকৈ ওখ মটৰমাহ গছ বেছিকৈ দেখা পাওঁ।

প্রশ্নঃ বিপৰীত সংগম কাক বোলে?

উত্তৰঃ একে প্রজাতিৰ দুটা পৃথক চাৰিত্রিক বৈশিষ্ট্যযুক্ত জীৱৰ মাজত হোৱা সংগমক বিপৰীত সংগম বোলে।

প্রশ্নঃ বিপৰীতধর্মী চৰিত্ৰ কাক বোলে?

উত্তৰঃ জীৱৰ একোটা চৰিত্ৰ প্রকাশ কৰা বৈষম্যমূলক লক্ষণবোৰক বিপৰীত ধর্মী চৰিত্ৰ বোলে।

প্রশ্নঃ মেণ্ডেলৰ পৰীক্ষাত ব্যৱহৃত ওখ আৰু চাপৰ মটৰমাহৰ কোনটো লক্ষণ প্রভাবী? HSLC ’17

উত্তৰঃ ওখ মটৰমাহ লক্ষণ প্রভাবী।

প্রশ্নঃ অযৌন প্রক্রিয়াৰে বংশবিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিক ভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হ’ব পাৰেনে? যদি পাৰে বা নোৱাৰে কিয়?

উত্তৰঃ নোৱাৰে। কাৰণ, এই প্রক্রিয়াত এটা জীৱই আন এটা জীৱৰ ওপৰত প্ৰজননৰ বাবে নির্ভৰশীল নহয়।

প্রশ্নঃ বংশগতি বংশগতি কাক বোলে? বংশগতিৰ পিতৃ বুলি কাক জনা যায়?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য অপৰিৱৰ্তিতভাবে পৰৱৰ্তী জনুলৈ সঞ্চালিত হয় তাক বংশগতি বোলে।
বংশগতিৰ পিতৃ বুলি গ্ৰেগৰ জোহান মেন্ডেলক জনা যায়।

প্রশ্নঃ বিপৰীত সংগম কাক বোলে?

উত্তৰঃ একে প্রজাতিৰ দুটা পৃথক চাৰিত্ৰিক বৈশিষ্ট্যযুক্ত জীৱৰ মাজত হোৱা সংগমক বিপৰীত সংগম বোলে।

প্রশ্নঃ মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাক স্বতন্ত্রভাবে প্রবাহিত হয় বুলি কেনেকৈ নির্ণয় কৰিছিল? HSLC ’18

উত্তৰঃ মেণ্ডেলে কৰা দ্বি-সংকৰণ পৰীক্ষাবোৰৰ ভিতৰত বীজত্বকৰণ আকৃতিৰ বাবে থকা দুযোৰ বিপৰীতধর্মী চৰিত্ৰ ক্রমে হালধীয়া (Y); সেউজীয়া (y) আৰু ঘূৰণীয়া (RR), শোটোৰা (rr) লক্ষণযুক্ত দুজোপা মটৰমাহ উদ্ভিদৰ মাজত কৰা দ্বি-সংকৰণ পৰীক্ষা। বীজত্বকৰ ঘূৰণীয়া আকৃতিৰ লক্ষণটো প্রভাৱী আৰু শোটোৰা লক্ষণটো অপ্রভাবী। আনহাতে বীজৰ হালধীয়া বৰণ প্রভাবী আৰু সেউজীয়া বৰণ অপ্রভাবী লক্ষণ।

মেণ্ডেলে

সেইদৰে সমযুতক হালধীয়া-ঘূৰণীয়া (YYRR) আৰু সমযুতক সেউজীয়া শোটোৰা (yyrr) লক্ষণযুক্ত দুজোপা গছক পিতৃ জনু (P₁) হিচাপে বিবেচনা কৰি মেণ্ডেলে দ্বি সংকৰ পৰীক্ষা কৰিছিল। এই পৰীক্ষাৰ ফলত পোৱা বীজবোৰৰ পৰা যিবোৰ প্ৰথম অপত্য জনুৰ (F₁) গছৰ সৃষ্টি হৈছিল সেইবোৰৰ গোটেইবোৰ আছিল হালধীয়া- ঘূৰণীয়া লক্ষণযুক্ত। দ্বিতীয় অপত্য জনুত (F₂) সৃষ্টি হোৱা গছবোৰত পৈতৃক জনুত গছবোৰৰ হালধীয়া-ঘূৰণীয়া আৰু সেউজীয়া-শোটোবা লক্ষণৰ উপৰিও হালধীয়া-শোটোৰা আৰু সেউজীয়া-ঘূৰণীয়া নতুন লক্ষণ পোৱা গৈছিল। দ্বিতীয় অপত্য জনুৰ (F₂) গছবোৰ সদায় 9:3:3:1 ব্যক্তরূপী অনুপাতত পোৱা যায়।

প্রশ্নঃ জীবাত্মসমূহ কি? বিবর্তন সম্পর্কে জীবাষ্মসমূহে আমাক কি কয়? HSLC ’16

উত্তৰঃ ভূ-পৃষ্ঠৰ গভীৰতাত শিলাস্তবত সোমাই থকা জীবদেহৰ অংশবিশেষ বা জীৱবোৰে এৰি যোৱা সাঁচক জীবাষ্ম বোলে।

জীবাত্মবোৰে কোনো এক নির্দিষ্ট অতীতৰ স্বাক্ষৰ বহন কৰে। জীৱাত্মবোৰৰ বয়সৰ ওপৰত ভিত্তি কৰি বিভিন্ন যুগত যে জীৱৰ পৰিৱৰ্তন হৈছে তাক ঠাৱৰ কৰিব পাৰি আৰু জীৱৰ ক্ৰমবিকাশ অতি সহজে অনুমান কৰিব পাৰি।

প্রশ্নঃ বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্রজাতিত অন্তর্ভুক্ত কিয়?

উত্তৰঃ মানুহৰ আকাৰ, আকৃতি, বৰণ আৰু অবয়ব ভিন্ন হ’লেও ইহঁতক একেটা প্রজাতিত অন্তৰ্ভূক্ত কৰা হয়। কাৰণ, সকলো মানুহে যৌন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰে।

প্রশ্নঃ মানুহৰ সন্তানৰ লিংগ নির্ধাৰণ কিদৰে কৰা হয়? HSLC ’15, 17, 19

উত্তৰঃ মহিলাৰ দেহত দুটা X ক্রম’জ’ম থাকে আৰু ইহঁতে সমসংখ্যক ক্রম’জ’মযুক্ত জননকোষৰ সৃষ্টি কৰে। পুৰুষ মানুহৰ দেহত X আৰু Y দুয়োধৰণৰ ক্ৰম’জ’ম থাকে। গতিকে পুৰুষসকলে আধা X ক্রম’জ ‘মযুক্ত আৰু আধা Y ক্রম’জ’মযুক্ত জননকোষ সৃষ্টি কৰে।

যেতিয়া X ক্রম’জ’যুক্ত শুক্রাণু ডিম্বাণুৰ লগত লগ লাগে তেতিয়া সন্তানটো ছোৱালী (XX) হয়। আকৌ যেতিয়া Y ক্রম’জ’মযুক্ত শুক্রাণু ডিম্বাণুৰ লগত লগ লাগে তেতিয়া সন্তানটো ল’ৰা (XY) হ’ব।

প্রশ্নঃ কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিদ্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্রমাগতভাবে বাঢ়ি যায়?

উত্তৰঃ কোনো এটা জীৱৰ নিদ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য এটা তাৰ জনসংখ্যাত বাঢ়ি যোৱাৰ বিভিন্ন উপায় হ’ল-

(ক) প্রাকৃতিক নির্বাচনঃ যেতিয়া এটা প্রকাৰণ বা বিশেষ বৈশিষ্ট্যই প্রজাতি এটা বাচি থকাত সহায় কবে।

(খ) জিনীয় প্রভাৱঃ যেতিয়া কোনো এটা জিন এটা বিশেষ প্রজাতিত প্রকট হয়।

প্রশ্নঃ জীৱৰ জীবন কালত আর্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে? HSLC ’20

উত্তৰঃ জীয়াই থাকিবলৈ জীৱক এটা উপযুক্ত পৰিৱেশৰ প্ৰয়োজন হয় যিটো কেৱল জিনৰ দ্বাৰা সম্ভৱ নহয়। এই প্রক্রিয়াত অপ্রজননজনিত কলাৰ পৰিবৰ্তন হয়।

প্রশ্নঃ নতুন এটা প্রজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহনা যোগায়? HSLC ’18

উত্তৰঃ নতুন প্রজাতি এটা সৃষ্টিত অৰিহনা যোগোৱা উপাদান হ’ল

(ক) প্রাকৃতিক নির্বাচন।

(খ) জিনীয় পথচ্যুত।

(গ) পাৰিপাৰ্শ্বিক পৰিৱৰ্তন।

(ঘ) প্রকাৰণ।

প্রশ্নঃ সমসংস্থৰ এটা উদাহৰণ হ’ল-

(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং

(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত

(c) আলু আৰু ঘাঁহৰ শিপা

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

প্রশ্নঃ বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাবে জড়িত-

(a) এজন চীনা স্কুলীয়া ছাত্র

(b) এটা চিম্পাঞ্জী

(c) এটা মকৰা

(d) এটা বেক্টেৰিয়া

উত্তৰঃ (a) এজন চীনা স্কুলীয়া ছাত্র।

প্রশ্নঃ বিবর্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে? HSLC ’16, 19

উত্তৰঃ বিৱৰ্তন হৈছে জীৱৰ প্ৰাকৃতিক নির্বাচন, জিনীয় পৰিৱৰ্তন আদিৰ ফলত বহুকেইটাপ্ৰজন্মৰ মাজেদি জীৱ এটাৰ চাৰিত্ৰিক পৰিৱৰ্তন।
শ্রেণীবিভাজন হৈছে জীৱৰ মৌলিক চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কৰা ভাগ। যিবিলাক জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য প্রায় একেধৰণৰ, তেনেবোৰ জীৱৰ পূৰ্বপুৰুষ একে বুলি ঠাৱৰ কৰিব পাৰি।

প্রশ্নঃ উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা। HSLC ’18

উত্তৰঃ যিবিলাক অংগৰ উৎপত্তি আৰু গঠন প্রায় একে, কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ তেনেবোৰ অংগক সমসংস্থ অংগ বোলে। যেনে- চৰাইৰ ডেউকা, ভেকুলীৰ আগ ঠেং, বান্দৰৰ আগ ঠেং, বাদুলিৰ ডেউকা, মানুহৰ হাত আদি।

যিবোৰ অংগৰ উৎপত্তি আৰু গঠন এক বেলেগ কিন্তু কাৰ্যৰ ফালৰ পৰা একে সেইবোৰ অংগক সমবৃত্তি অংগ বোলে। যেনে- পখিলাৰ পাখি, জিঞাৰ পাখি, চৰাইৰ ডেউকা আদি।

প্রশ্নঃ মানুহৰ ক্ষেত্ৰত লিংগ কেনেদৰে নিৰ্ণয় কৰা হয়?

উত্তৰঃ জিনৰ যোগেদি।

প্রশ্নঃ ‘জিনক বংশগতি চৰিত্ৰৰ বাহক বুলি কোৱা হয়।’ ব্যাখ্যা কৰা।

উত্তৰঃ ডি. এন. এ. ৰ একোটা অণু দুডাল পৰস্পৰে পাক খাই থকা নিউক্লি অটাইডৰ শিকলিৰে গঠিত। ডি. এন. এ. ক্রম’জমত থাকে। গতিকে জিনো ক্রম’জমত থাকে। জননকোষ গঠনৰ সময়ত ক্রম’জমবোৰে জিনবোৰ জননকোষলৈ কঢ়িয়াই নিয়ে। পিছত জননকোষৰ নিষেচনৰ সময়ত পিতৃ-মাতৃৰ দুয়োৰে জিনবোৰ ক্রম’জমৰ দ্বাৰা অপত্য জনুলৈ স্থানান্তৰিত হয়। সেইবাবে জিনক বংশগতি চৰিত্ৰৰ বাহক বুলি কোৱা হয়।

প্রশ্নঃ বংশগতিৰ প্ৰভাৱিতা সূত্রটো লিখা।

উত্তৰঃ জীৱৰ কোনো লক্ষণৰ বাবে থকা বিপৰীত ধর্মী লক্ষণযুক্ত সমযুতক দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্রথম অপত্য জনুত পিতৃ- মাতৃ দুটা লক্ষণৰ মাত্র এটাহে প্রকাশ পোৱা লক্ষণটোক প্রভাৱী আৰু প্রকাশ নোপোৱাটোক অপ্রভাবী লক্ষণ বোলে। এয়েই বংশগতিৰ প্রভাবিতা সূত্র।

প্রশ্নঃ মেণ্ডেলে মটৰ মাহৰ গছক সংকৰণ পৰীক্ষাৰ বাবে বাছি লোৱাৰ কাৰণ কি?

উত্তৰঃ মেণ্ডেলে মটৰ মাহৰ গছ বাছি লোৱাৰ কাৰণসমূহ হ’ল-

(ক) মটৰমাহৰ জীৱন কাল চুটি।

(খ) মটৰমাহে স্ব-পৰাগযোগ কৰিব পাৰে।

(গ) মটৰমাহৰ ফুলবোৰ আকাৰত ডাঙৰ।

প্রশ্নঃ জীৱৰ ক্ৰমবিকাশ প্রক্রিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্রজাতিৰ জীৱসমূহক চাৰিত্রিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্রিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভব হয়, সেই প্রক্রিয়াক কি বোলা হয়? HSLC ’19

উত্তৰঃ প্ৰজাতিকৰণ।

প্রশ্নঃ কোনো জীৱৰ প্ৰজাতিৰ সংখ্যা স্থিৰ ৰখাৰ বাবে প্রজননে কিদৰে সহায় কৰে? HSLC ‘1

উত্তৰঃ প্রজনন হৈছে এনে এক প্রক্রিয়া যাৰ যোগেদি জীবই নিজৰ বংশ অটুট ৰাখিব পাৰে। জনসংখ্যাৰ দুটা প্রধান বৈশিষ্ট্য হ’ল জন্ম আৰু মৃত্যুৰ হাৰ। জীৱৰ সৃষ্টি হোৱাৰ পিছত বিভিন্ন কাৰণত জীৱৰ মৃত্যু ঘটে। ফলত জনসংখ্যা হ্রাস পায়। কিন্তু প্রজনন প্রক্ৰিয়াৰ দ্বাৰা নতুন জীৱৰ সৃষ্টি হৈ ইয়াৰ অভাৱ পূৰণ হয়।

এইদৰে প্ৰজনন প্রক্ৰিয়াৰ দ্বাৰা জীৱৰ প্ৰজাতিৰ জনসংখ্যা স্থিৰ ৰখাত সহায়ক হয়।

প্রশ্নঃ উদ্ভিদ আৰু প্রাণীত কেনেকৈ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ প্রকাশ পায়? HSLC ’15

উত্তৰঃ DNA ৰ দ্বাৰা উদ্ভিদ আৰু প্ৰাণীৰ চাৰিত্রিক বৈশিষ্ট্যসমূহ প্রকাশ পায়। জনন কোষৰ দ্বাৰা পিতৃ-মাতৃৰ চাৰিত্রিক বৈশিষ্ট্যসমূহ সন্তানে লাভ কৰে। জনন কোষত পিতৃ বা মাতৃৰ অর্ধ সংখ্যক ক্রম’জম থাকে। এই ক্রম’জমত থকা DNA য়ে পিতৃ বা মাতৃৰ চৰিত্ৰ সন্তানলৈ বহন কৰে আৰু অপত্য উদ্ভিদ বা প্রাণীৰ দেহত প্রকাশ পায়।

মেণ্ডেলৰ মতে উদ্ভিদসমূহত চাৰিত্রিক বৈশিষ্ট্যসমূহ কাৰকে বহন কৰে আৰু সতি-সন্ততিৰ দেহত প্রকাশ কৰে। ইয়াৰ উপৰিও তেওঁৰ সূত্রমতে যিকোনো দুটা বিপৰীতধর্মী চৰিত্ৰৰ মাজত এটা চৰিত্ৰহে প্রকাশ পায়।

এনেদৰে উদ্ভিদ আৰু প্রাণীত চাৰিত্ৰিক বৈশিষ্ট্যসমূহ প্রকাশ পায়।

প্রশ্নঃ প্ৰজাতিকৰণৰ কাৰণবোৰ উদাহৰণসমূহ ব্যাখ্যা কৰা? HSLC ’17

উত্তৰঃ প্ৰজাতিকৰণৰ মূল কাৰণসমূহৰ ভিতৰত জিনীয় পথচ্যুত আৰু প্রাকৃতিক নির্বাচন উল্লেখযোগ্য।

উদাহৰণস্বৰূপে গুৱৰুৱা পোকে খাদ্য হিচাপে ব্যৱহাৰ কৰা গছ-গছনিবিলাক যদি কোনো এটা

অঞ্চলত বিস্তৃতভাবে বিয়পি পৰে, তেন্তে সেই অঞ্চলত গুৱৰুৱা পোকৰ সংখ্যা বৃদ্ধি পাব। তাৰে কিছুমান গুবৰুৱা পোকে সিহঁতৰ গোটেই জীৱনকালছোৱা ওচৰৰ কোনো গছৰ পাত খাইয়েই জীৱন অতিবাহিত কৰিব। তেতিয়া গুবৰুৱাৰ এই বৃহৎ জাকটোৰ ওচৰে পাজৰে গুবৰুৱাৰ কিছুমান উপজাকৰুৱাৰ সৃষ্টি হ’ব। এনে উপজাকৰুৱা গুবৰুৱাৰ মাজত প্রায়েই প্রজনন প্রক্রিয়া সংঘটিত হ’ব। কোনো কোনো গুবৰুৱাই কিবা অবাঞ্চিত উপায়ে এটা উপ জাকৰুৱাৰ পৰা আন এটা উপজাকৰুৱালৈ গতি কৰিব পাৰে। এনেদৰে সম্পূর্ণকৈ নহ’লেও আংশিকভাবে দুটা গুবৰুৱা জাকৰুৱাৰ মাজত জিনৰ প্ৰবাহ ঘটিব।

এইদৰে ধাৰাবাহিকভাবে কেইবাটাও প্রজন্ম অতিক্ৰম কৰাৰ লগে লগে জিনীয় পথচ্যুত ঘটিব। ফলত প্রত্যেকটো জাকৰৱাত বিভিন্ন চৰিত্ৰৰ সমাগম হ’ব।

ইয়াৰ উপৰিও প্রাকৃতিক নির্বাচনেও পৃথকভারে ভৌগোলিকভাবে আঁতৰি থকা উপজাকৰুৱাত চৰিত্ৰ সালসলনিত ভূমিকা গ্রহণ কৰিব পাৰে

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রশ্নঃ প্রকৃতিত কিয় আমি চাপৰ মটৰমাহৰ গছতকৈ ওখ মটৰ মাহৰ গছ বেছিকৈ দেখা পাওঁ?

(a) পাৰিৱেশিক বৈশিষ্ট্যৰ বাবে

(b) প্রতিযোগিতাৰ বাবে

(c) পৈতৃক পুৰুষৰ ওখ চাৰিত্রিক বৈশিষ্ট্যৰ

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (c) পৈতৃক পুৰুষৰ ওখ চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে।

প্রশ্নঃ মানুহৰ উৎপত্তি হৈছিল-

(a) এছিয়াত

(c) অস্ট্রেলিয়াত

(b) আফ্রিকাত

(d) ইউৰোপত

উত্তৰঃ (b) আফ্রিকাত।

প্রশ্নঃ বংশগতিৰ পিতৃ বুলি কাক জনা যায়?

(a) এলবার্ট আইনষ্টাইন

(b) চাৰ্লছ ডাৰউইন

(c) গ্ৰেগৰ জোহান মেন্ডেল

(d) ৰ’বার্ট হুক

উত্তৰঃ (c) গ্ৰেগৰ জোহান মেন্ডেল।

প্রশ্নঃ যদি জিনীয় গাঁথনি ওখ (TT) আৰু চাপৰ (tt) যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰটো অপত্য জনুত আমি কোনধৰণৰ গছ পাম?

(a) ওখ (TT) আৰু চাপৰ (tt) দুয়োধৰণৰ

(b) কেবল ওখ

(c) কেবল চাপৰ

(d) ওপৰৰ কোনো ধৰণৰেই নহয়

উত্তৰঃ (b) কেৱল ওখ।

প্রশ্নঃ মেণ্ডেলৰ মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া আৰু চাপৰ গছৰ সৈতে বগা ফুলৰ সংকৰণৰ ফলাফল আছিল-

(a) TTWW

(c) TtWW

(b) TTww

(d) TtWw

উত্তৰঃ (c) TtWw.

প্রশ্নঃ মানুহৰ জননকোষত থকা ক্র’ম’জ’মৰ সংখ্যা কিমান?

(a) 23 ডাল

(b) 21 ডাল

(c) 22 ডাল

(d) 46 ডাল

উত্তৰঃ (a) 23 ডাল।

প্রশ্নঃ বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাবে জড়িত-

(a) এজন চীনা স্কুলীয়া ছাত্র

(b) এটা চিম্পাঞ্জী

(c) এটা মকৰা

(d) এটা বেক্টেৰিয়া

উত্তৰঃ (a) এজন চীনা স্কুলীয়া ছাত্র।

প্রশ্নঃ যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একেই আৰু একে কার্য সম্পন্ন কৰে, সেইবোৰ হ’ল-

(a) সমসংস্থ

(c) নিকট বৰ্তী

(b) সমবৃত্তি

(d) অবশেষাংগ

উত্তৰঃ (b) সমবৃত্তি।

প্রশ্নঃ সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল

(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং

(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত

(c) আলু আৰু ঘাঁহৰ ধাৰক কাণ্ড

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

Leave a Comment

" target="_blank" rel="nofollow">