Join WhatsApp

Join Now

Join Telegram

Join Now

প্ৰশস্তি Class 10 Assamese Chapter 3 Solutions HSLC ২০২৫

By Rabbi Masrur

Updated On:

Amaraxom.com লৈ আপোনাক স্বাগতাম। আপুনি যদি প্ৰশস্তি Class 10 Assamese Chapter 3 Solutions প্রশ্নোত্তৰ ইন্টারনেটত ইতিমদ্ধে বিচাৰি আছে নেকি? যদি হয়। তেনেহলে আপুনি সঠিক স্থানত আহিছে আজি আমি এই পোস্টত প্ৰশস্তি Class 10 Assamese Chapter 3 Solutions ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

প্ৰশস্তি Class 10 Assamese Chapter 3 Solutions HSLC

প্ৰশস্তি Class 10 Assamese Chapter 3 Solutions HSLC

১। তলত প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া হল।

(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? HSLC ’23

উত্তৰঃ ৰঘুনাথ চৌধাৰীক ‘বিহগী কবি’ অর্থাৎ চৰাইৰ কবি বুলি জনা যায়।

(খ) ঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতী পুথি দুখনৰ নাম ‘সাদৰী’ আৰু ‘কেতেকী’।

(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? HSLC ’24

উত্তৰঃ প্রকৃতিক নতুন কুঁহিপাতে সাদৰি আনিলে বুলি কবিয়ে কৈছে।

(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে ‘প্ৰেম পৰিমল’ যচা বুলি কবিয়ে কৈছে? HSLC ’20

উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম পৰিমল যচা বুলি কোৱা হৈছে।

(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?

উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে বুলি কবিয়ে কৈছে।

(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?

উত্তৰঃ ইয়াত মহামহিমৰ গান মোহন কীচক বেণুয়ে গায় বুলি কবিয়ে কৈছে।

(ক) ৰঘুনাথ চৌধাৰীক কিয় ‘বিহগী’ বুলি বুলি আখ্যা দিয়া হৈছে? HSLC ’22

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে ‘বিহগ’ অর্থাৎ চৰাইক প্রধান বিষয় হিচাপে লৈ বহুতো সুন্দৰ সুন্দৰ কবিতা ৰচনা কৰা বাবে তেওঁক ‘বিহগী’ কবি বুলি আখ্যা দিয়া হৈছে।

ৰচনাধর্মী প্রশ্নোত্তৰ।

১। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।

উত্তৰঃ ‘প্রশস্তি’ নামৰ কবিতাটোত কবিয়ে প্রকৃতিৰ সুন্দৰ সুন্দৰ বস্তু যেনে বেলি, কুঁহিপাত, ফুল, চৰাই আদি নানা বস্তুৰ প্ৰসংগ টানি আনিছে। কবিয়ে কৈছে যে বেলিৰ পোহৰে পৃথিৱীক আলোকিত কৰি তুলিছে। গছৰ কুঁহিপাতে প্রকৃতিক আদৰি আনিছে। ৰবাব ফুলে প্রকৃতিক প্রেম যাচিছে

আৰু চৰাইবোৰে সুমধুৰ সুৰে গান গাই দেৱতাৰ সন্ধান কৰিছে।

২। কবিতাটিত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে?।

উত্তৰঃ ‘প্রশস্তি’ নামৰ কবিতাটিত কবিয়ে প্রাকৃতিক সৌন্দৰ্যৰ প্ৰশক্তি অর্থাৎ গুণ-গান কৰিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ-বনে প্রকৃতিক নতুন ৰূপেৰে সজাই তুলিছে। ফুলসমূহৰ মন-প্রাণ আনন্দৰে ভৰি পৰিছে। চৰাহ-চিৰিকতিয়ে সকলোতে দেৱতাৰ সন্ধান কৰিছে।

প্ৰকৃতিৰ এই ৰূপৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ লুকাই আছে।

এনেদৰে কবিয়ে সুন্দৰৰ আৰাধনা কৰিছে।

৩। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। HSLC ’23

উত্তৰঃ ‘প্রশস্তি’ শিৰোনামৰ কবিতাটিত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ জৰিয়তে সুন্দৰৰ প্ৰশস্তি কৰিছে। পাহাৰৰ চূড়াৰ সৌন্দৰ্য, গছ-বন আৰু ফুলৰ মনোমোহা দৃশ্যই পৃথিৱীখন সজাই তুলিছে। ফুলবোৰৰ সৌন্দর্যই চাৰিওফালে আনন্দৰ বতৰা বিয়পাইছে। চৰাইবোৰে প্রকৃতিৰ সকলোতে দেৱতাৰ উপস্থিতি অনুভৱ কৰিছে। কবিয়ে মানুহক অন্ধকাৰ ৰাতিৰ অন্তত মুক্তিব পথ সন্ধান কৰিবলৈ আহ্বান জনাইছে। কীচক বনৰীয়া বতাহত সৃষ্টিকর্তাৰ গান ধ্বনিত হৈছে। কবিয়ে ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্যৰ ভিতৰত সুন্দৰৰ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

প্রকৃতিৰ এই মোহময়ী সৌন্দৰ্যৰ মাজত কবিয়ে নেদেখা ঈশ্বৰক উপস্থিতি কৰে। সেয়েহে প্ৰকৃতিৰ সৌন্দৰ্যৰ সাধনাৰ মাজত ঈশ্বৰ ভক্তিৰ গভীৰ চিন্তা লুকাই আছে।

৪। ‘প্রশস্তি’ কবিতাটিৰ মূলভাৰ লিখা। HSLC ’20

উত্তৰঃ ‘প্রশস্তি’ শিৰোনামৰ কবিতাটিত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ জৰিয়তে সুন্দৰৰ প্ৰশস্তি কৰিছে। পাহাৰ-চূড়া আৰু গছ-বনে প্রকৃতিৰ অপূৰ্ব ৰূপ সজাই তুলিছে। ফুলবোৰৰ সৌন্দৰ্যই সকলোৰে মন-প্রাণ আনন্দৰে ভৰাই তোলে। চৰাইবোৰে প্ৰকৃতিত দেৱতাৰ উপস্থিতি অনুভৱ কৰে।
কবিয়ে কৈছে, অমৃতৰ সন্তান হোৱা মানুহে অন্ধকাৰ ৰাতিৰ শেষত মুক্তিৰ পথ বিচাৰিব লাগে। বনৰীয়া বতাহত সৃষ্টিকৰ্তাৰ গান ধ্বনিত হৈছে। কবিয়ে ভক্তসকলক তন্দ্রা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্যৰ ভিতৰত সুন্দৰৰ সাধনা কৰিবলৈ আহ্বান জনাইছে।

প্রকৃতিৰ মোহময়ী সৌন্দৰ্যৰ মাজত কবিয়ে নেদেখা সৃষ্টিকর্তাৰ উপস্থিতি অনুভৱ কৰিছে। সেয়েহে কবিতাটিত প্ৰকৃতিৰ প্ৰশংসাৰ মাজেৰে সুন্দৰৰ ধ্যানৰ আৱাহন কৰা হৈছে।

৫। ‘উঠা হে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্রী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। HSLC ’20, ’24

উত্তৰঃ কবিয়ে ঋতিক অর্থাৎ পুৰোহিত, ধ্যানমগ্ন ঋষিক অনুৰোধ কৰিছে যেন সিহঁতে মনৰ পৰা সকলো কলুষ কালিমা আদি ত্যাগ কৰি মুক্তিৰ পথ বিচাৰি যায়। কিয়নো দিনৰ পোহৰে ৰাতিৰ অন্ধকাৰ নাশ কৰাৰ দৰে মনৰ বেয়া ভাৱ ত্যাগ কৰি মুক্তি পাব পাৰি।
সেয়ে কবিয়ে সুন্দৰৰ আৰাধনাৰ মাজেদি মুক্তি পথ বিচাৰি ল’বলৈ সকলোকে আহ্বান কৰিছে।

৬। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।

উত্তৰঃ ‘প্রশস্তি’ শিৰোনামৰ কবিতাটিত কবি ৰঘুনাথ চৌধাৰীয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেদি সুন্দৰৰ প্রশস্তি কৰিছে। পুৱাৰ সূৰ্যই পোহৰাই তোলা পৃথিৱীত গছ বনে প্রকৃতিক নতুন ৰূপত সজাই তুলিছে। গছ-গছনিত থকা ফুলসমূহৰ মন-প্রাণ আনন্দৰে ভৰি পৰিছে। চৰাইবিলাকে প্ৰকৃতিৰ মাজতদেৱতাৰ সন্ধান কৰিছে। এনে অৱস্থাত কবিয়ে অমৃতৰ সন্তান মানুহক অন্ধকাৰ ৰাতিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গীত গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্রা (টোপনি) ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান কৰিছে। কবিয়ে প্ৰকৃতিৰ এনে সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে।

কবিয়ে উপলব্ধি কৰিছে যে মানুহে মনৰ পৰা সকলো হিংসা, বিদ্বেষ, কলুষ কালিমা আদি ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিলে মুক্তিৰ পথ পাব পাৰে। সেয়ে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক আহ্বান কৰিছে।

৭। ব্যাখ্যা কৰাঃ

(ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ হৃদভৰা সুমধুৰ তান, জলস্থল, অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান।

উত্তৰঃ উক্ত কবিতাফাঁকি বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱে ৰচিত ‘প্রশস্তি’ শিৰোনামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
প্রকৃতি যে সৌন্দৰ্যৰ আধাৰ তাকে বুজাবলৈ কবিয়ে উক্ত কথাফাকি কৈছে।
কবিয়ে দেখা পাইছে যে হাবিৰ মাজত বিভিন্ন ধৰণৰ চৰাইয়ে সুমধুৰ হৃদত গীত গাই সুন্দৰৰ আৰাধনা কৰিছে। ৰাতিপুৱাৰ সূৰ্যই পোহৰ বিলাই চাৰিওদিশ পোহৰময় কৰিছে। ফুলবোৰে আনন্দত নাচি আছে। কবিয়ে প্রকৃতিৰ এই কার্যকলাপ আৰু সৌন্দৰ্যৰ মাজত এক ৰহস্যৰ উমান পাইছে। কবিৰ মতে প্ৰকৃতিৰ সকলো বস্তুৱেই জল, স্থল, আকাশ সকলোতে ভগৱানক সন্ধান কৰিছে।

(খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ’ল মহাকালৰাত্রি, উঠাহে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্রী। HSLC ’20, 24

উত্তৰঃ উক্ত কবিতাফাঁকি বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱে ৰচিত ‘প্রশস্তি’ শিৰোনামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।
কবিতাফাকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ আৰাধনাৰ জৰিয়তে মানুহক মুক্তি পথ বিচাৰি যাবলৈ আহ্বান জনাইছে।
কবিয়ে দেখা পাইছে যে মানুহৰ মন নানা ধৰণৰ কু- চিন্তা, কলুষ-কালিমা আদিৰে ভৰপুৰ। কবিয়ে মানুহক এইকলু-কালিমাৰ ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্যৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে কিয়নো কবিয়ে উপলব্ধি কৰিছে যে প্ৰকৃতিৰ সৌন্দৰ্য মাজতে ঈশ্বৰ অস্তিত্ব বিৰাজমান। অন্ধকাৰ ৰাতিৰ শেষত সূৰ্যৰ আবিৰ্ভাৱ হোৱাৰ দৰে মনৰ ক্লেন্দ, কালিমা ত্যাগৰ জৰিয়েত মানৱ আত্মাই মুক্তি পাব পাৰে।

(গ) মোহন কীচক বেণু অনাহত ছন্দে গায় মহামহিমৰ গান, মোহ তন্দ্রালস তেজি উঠা ভক্তবন্দ! সুন্দৰৰ কৰা ৰূপধ্যান।

উত্তৰঃ উক্ত কবিতাফাঁকি ৰঘুনাথ চৌধাৰীদেৱে ৰচিত ‘প্রশস্তি‘ শিৰোনামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উপৰুদ্ধৃত কবিতাফাকিৰ জৰিয়তে কবিয়ে সুন্দৰৰ আৰাধনা কৰিবলৈ মানুহক আহ্বান জনাইছে।
কবিৰ মতে প্ৰকৃতিৰ সকলো বস্তুৱেই সৌন্দর্যক আৰাধনা কৰি আছে। চৰাইবোৰে সুমধুৰ ৰাগত গীত গাইস্ৰষ্টাক স্তুতি কৰে। কীচক বেণুৱেও বতাহত স্ৰষ্টাৰ প্রশংসা কৰিছে। কবিয়ে উপলব্ধি কৰিছে যে মনৰ কলুষ- ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰি ঈশ্বৰক পাব পাৰি বা পৰা মোক্ষ লাভ কৰিব পাৰি। সেয়ে কবিয়ে ভক্তবৃন্দক তন্দ্রা বা টোপনি ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জানইছে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×