Class 12 Logic And Philosophy Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Logic And Philosophy বিষয়ৰ পাঠভিত্তিক প্রকল্প Class 12 Logic And Philosophy Chapter 4 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
প্রকল্প Class 12 Logic And Philosophy Chapter 4 Solutions
প্রকল্প
চতুর্থ অধ্যায়
ক. অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)
১। প্ৰকল্পৰ স্তৰ কেইটা?
উত্তৰ: চাবিটা।
২। পৰিশেষ প্রণালী নিগমনাত্মক নে?
উত্তৰ: নহয়।
৩। ব্যতিৰেকী প্ৰণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্রয়োজন?
উত্তৰ দুটা।
৪। ব্যতিৰেকী প্রণালী আবিষ্কাৰৰ নে প্ৰমাণৰ প্ৰণালী?
উত্তৰ প্ৰমাণৰ।
৫। অন্বয়ী প্রণালীক নিষ্ফল কৰি তোলা প্রধান দোষটো কি?
উত্তৰ বহুকাৰণ সম্ভবনা।
৬। মিশ্র অন্বয়ী ব্যতিৰেকী প্রণালী প্রয়োগৰ বাবে কিমান দৃষ্টান্তৰ আবশ্যক?
উত্তৰ : দুটা।
৭। কি বিশেষ ক্ষেত্ৰত সহ-পৰিৱৰ্তন প্রণালীৰ প্রয়োগ অপৰিহাৰ্থ হৈ পৰে?
উত্তৰ পৰিমাণগত হ্রাস-বৃদ্ধিৰ ক্ষেত্ৰত।
৮। ‘সহ-পৰিবৰ্তন প্রণালী স্থায়ীকৰণৰ ক্ষেত্ৰত বিশেষভাবে প্রযোজ্য’ কথাযাৰ সঁচানে?
উত্তৰ সঁচা।
৯। সহ-পৰিবৰ্তন প্রণালী নিৰীক্ষণমূলক নে পৰীক্ষামূলক?
উত্তৰ : উভয়ে।
১০। নিৰীক্ষণ প্ৰণালীৰূপে ব্যতিৰেকী প্রণালী প্রয়োগ কৰিলে যি দোষেৰে দুষিত হয় তাৰ নাম কি?
উত্তৰ বহুকাৰণ সম্ভাবনা দোষ।
১১। ‘উত্তাপ বাঢ়িলে থার্মোমিটাৰৰ পাৰা ওপৰলৈ উঠে আৰু উত্তাপ কমিলে থার্মোমিটাৰৰ পাৰা তললৈ নামি আহে। গতিকে উত্তাপৰ হ্রাস-বৃদ্ধিয়ে থার্মোমিটাৰৰ পাৰা ওপৰলৈ উঠা বা তললৈ নমাৰ কাৰণ।’-উক্ত উদাহৰণ কোনটো পৰীক্ষণ প্রণালীৰ অন্তৰ্গত?
উত্তৰ : সহ-পৰিবৰ্তন প্রণালী।
১২। পৰিশেষ প্ৰণালীৰ এটা উদাহৰণ দিয়া।
উত্তৰ: পেট্র’লিয়ামেৰে পূৰ্ণ গেলেন এটাৰ ওজন ৩০ কিঃ গ্রাম। আমি জানো যে গেলেনটোত ২৫ কিঃ গ্রাম পেট্র’ল আছে। গতিকে পৰিশেষ পদ্ধতি প্রয়োগ কৰি সিদ্ধান্ত কৰা হ’ল যে গেলেনটোৰ ওজন ৫ কিঃ গ্রাম।
১৩। সহ-পৰিবৰ্তন প্ৰণালীৰ সূত্ৰ দিয়া।
উত্তৰ: কোনো এটা ঘটনাৰ কোনো ধৰণৰ পৰিৱৰ্তন হ’লে যদি অন্য এটা ঘটনাবো কোনো বিশেষ ধৰণৰ পৰিবৰ্তন হয়, তেনেহ’লে সেই ঘটনাটো আন ঘটনাটোৰ কাৰণ বা কাৰ্য অথবা কোনো ধৰণে কাৰ্যকাৰণ সম্বন্ধবে সম্বন্ধিত হ’ব।
১৪। পৰিশেষ প্ৰণালীৰ সংজ্ঞা দিয়া।
উত্তৰ: যদি কোনো ঘটনাৰ কোনো অংশক পূর্বজ্ঞাত আগমনৰ পৰা কোনো বিশেষ পূর্ববর্তী অংশৰ কার্য বুলি জনা যায়, তেনেহ’লে সমগ্র ঘটনাৰ পৰা সেই অংশক বাদ দিলে যি অংশ অবশিষ্ট থাকে, সেই অংশটো পূর্ববর্তী অবশিষ্ট অংশৰ কাৰণ হ’ব।
১৫। প্রকল্পৰ বিষয়-বস্তু এটা বাস্তৱ কাৰণ বা হ’ব লাগিব। (খালী ঠাই পূৰণ কৰা)।
উত্তৰ: অস্তিত্বশীল কাৰণ।
১৬। ‘বিজুলী এক প্রকাৰৰ তৰল পদাৰ্থ’-ই কোন প্ৰকাৰৰ প্ৰকল্পৰ উদাহৰণ?
উত্তৰ কাৰ্যকৰী প্রকল্প।
১৭। কোনজন চিন্তাবিদৰ মতে প্রকল্প তিনি প্ৰকাৰৰ?
উত্তৰ: স্টেবিঙৰ মতে।
১৮। ভবিষ্যত বাণী কৰাৰ ক্ষমতা বৈধ প্রকল্পৰ এটা চৰ্ত হয়নে?
উত্তৰ হয়।
১৯। অস্তিত্বশীল কাৰণৰ অৰ্থ কি?
উত্তৰ: অস্তিত্বশীল কাৰণৰ অৰ্থ হ’ল যাৰ অস্তিত্ব স্বীকাৰ কৰাটো যুক্তিসংগত আৰু যাৰ অস্তিত্বব স্বীকৃতি আত্মবিৰোধী নহয়।
২০। ‘প্রকল্প সদায় এটা প্রাথমিক ধাৰণাহে’ কথাষাৰ সঁচানে?
উত্তৰ সঁচা।
২১। প্রকল্প হৈছে আনুমানিক ধাৰণা। H. S. ’14
উত্তৰ : সাময়িক।
২২। মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ শেষ স্তৰটো কি? H. S. ’15
উত্তৰ: প্রমাণীকৰণ।
২৩। এটা বৈধ প্রকল্পৰ সত্যাপনীয়তাৰ চৰ্তটোৰ অৰ্থ কি? H. S. ’15
উত্তৰ : এটা বৈধ প্রকল্পৰ সত্যাপনীয়তাৰ চৰ্তটোৰ অৰ্থটো হৈছে প্রকল্পটো সত্য বা অসত্য হোৱাৰ প্রমাণ হোৱাৰ যোগ্যতা থকা।
২৪। নির্ণায়ক বা চৰম দৃষ্টান্ত কি? H. S. ’16
উত্তৰ যিবোৰ দৃষ্টান্ত ঘটনা এটাৰ ব্যাখ্যাৰ বাবে সন্তোষজনক আৰু অপ্রতিদ্বন্দ্বী সেয়াই নির্ণায়ক বা চৰম দৃষ্টান্ত।
২৫। প্রকল্প সমস্যা সমাধানৰ প্ৰক্ৰিয়া হয় নে?
উত্তৰ হয়।
২৬। ‘প্রকল্প হ’ল এক দক্ষতাপূর্ণ কার্য, আবিষ্কাৰৰ প্ৰথম স্তৰ।’ তুমি একমত নে?
উত্তৰ: হয়।
২৭। নিম্নোক্ত কোনটি উক্তি সত্য? H. S. ’15
(ক) পৰীক্ষণ হৈছে ঘটনাৰ আবিষ্কাৰ আৰু নিৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি।
(খ) নিৰীক্ষণৰ স্থান পৰীক্ষণৰ পিছত।
(গ) পৰীক্ষণত কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পৰা নাযায়।
উত্তৰ: (গ) পৰীক্ষণত কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পৰা নাযায়।
২৮। নিম্নোক্ত কোনেটো উক্তি শুদ্ধ নহয়? H. S. ’16
(ক) কেবল নিৰীক্ষণৰ দ্বাৰাহে কোনো প্রকল্পৰ প্রত্যক্ষ সত্যাপন কৰিব পাৰি।
(খ) কোনো প্রকল্পৰ প্রত্যক্ষ সত্যাপন নিৰীক্ষণ নাইবা পৰীক্ষণৰ দ্বাৰা কৰিব পাৰি।
(গ) কেবল পৰীক্ষণৰ দ্বাৰাহে কোনো প্রকল্পৰ প্রত্যক্ষ সত্যাপন কৰিব পাৰি। H. S. ’16
উত্তৰ: (খ) কোনো প্রকল্পৰ প্রত্যক্ষ সত্যাপন নিৰীক্ষণ নাইবা পৰীক্ষণৰ দ্বাৰা কৰিব পাৰি।
২৯। অস্তিত্বশীল কাৰণৰ অৰ্থ কি?
উত্তৰ: বাস্তব কাৰণ।
৩০। ‘প্রকল্পৰ বাবে প্রমাণীকৰণ দৰকাৰনে?
উত্তৰ হয়।
৩১। কি প্ৰকাৰৰ প্ৰকল্পৰ সহায়ত নেপচুন গ্রহ আবিষ্কাৰ হৈছিল। H. S. ’20
উত্তৰ ব্যাখ্যামূলক প্রকল্প।
৩২। মিলৰ প্ৰকল্পৰ সংজ্ঞা অনুসৰি প্ৰকল্পৰ প্ৰথম স্তৰটো কি? H. S. ’19
উত্তৰ: প্রাকৃতিক ঘটনাৱলীৰ নিৰক্ষণ।
খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ২)
১। কার্যকৰী প্রকল্প বুলিলে কি বুজা? H. S. ’15, ’18
উত্তৰ: কোনো ঘটনাৰ ব্যাখ্যাৰ উদ্দেশ্যে নিৰীক্ষণৰ সঠিক উপায়ৰ অভাৱত নিৰীক্ষণৰ দ্বাৰবা সামান্য আহিলাৰ ওপৰত নিৰ্ভৰ কৰি যি সাময়িক প্রকল্প গঠন কৰা হয় তাকে ‘কার্যকৰী প্রকল্প’ বোলে।
২। ‘নিৰীক্ষণ হ’ল প্ৰকল্পৰ প্ৰথম স্তৰ’: কিয়?
উত্তৰ নিৰীক্ষণ হ’ল প্ৰকল্পৰ প্ৰথম স্তৰ কাৰণ নিৰীক্ষণৰ জৰিয়তে প্রাকৃতিক ঘটনাসমূহৰ লগত আমাৰ পৰিচয় ঘটে। এই পৰিচয়ৰ বাবেই আমাৰ মনত ঘটনাসমূহ সম্পর্কে প্রশ্ন জাগে আৰু প্রশ্নসমূহৰ উত্তৰ বা সামাধান পাবৰ বাবে অনুসন্ধানৰ প্রয়োজনীয়তাও উপলব্ধি হয়। সেয়ে নিৰীক্ষণ হ’ল প্ৰকল্পৰ প্ৰথম স্তৰ।
৩। ‘প্রকল্প পূর্ব প্রতিষ্ঠিত সত্য বিৰোধী হ’ব নোৱাৰে’ – কিয়?
উত্তৰ : ‘প্রকল্প পূর্ব প্রতিষ্ঠিত সত্য বিৰোধী হ’ব নোৱাৰে’ কাৰণ নতুনকৈ গঠন কৰা প্ৰকল্প যদি পূর্ব আৰ্জিত জ্ঞানৰাজিৰ লগত সম্বন্ধযুক্ত নহয় অর্থাৎ ই যদি বিৰোধী বা বিসংগতিপূর্ণ হয় তেন্তে ইয়াৰ সত্যতা সম্পৰ্কে আমাৰ মনত সন্দেহৰ সৃষ্টি হ’ব।
৪। প্রকল্প সম্পর্কে জন স্টুৱার্ট মিলে আগবঢ়োৱা সংজ্ঞাটো লিখা।
উত্তৰ: তর্কশাস্ত্রবিদ জন স্টুৱার্ড মিলে প্রকল্পৰ সংজ্ঞা দিছে এইদৰে, “প্রকল্প হৈছে বাস্তব তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্রমাণ নোহোৱাকৈ অথবা অপর্যাপ্ত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা এক আনুমানিক ধাৰণা আৰু যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহ’লে সেই ধাৰণা সত্য হ’ব বা সত্য হোৱাৰ সম্ভাবনা থাকিব।”
৫। পাৰিপার্শ্বিক প্রকল্প বুলিলে কি বুজা? H. S. ’13
উত্তৰ: কোনো এটা ঘটনাৰ কৰ্তা বা কি নিয়ম অনুযায়ী ঘটিছে তাক জনা থাকি ঘটনাটো কি পৰিস্থিতিত ঘটিছে তাক জানিবলৈ পাৰিপার্শ্বিক অবস্থা সম্পর্কে যি প্রকল্প গঠন কৰা হয় তাকে ‘পাৰিপার্শ্বিক প্রকল্প’ বুলি কোৱা হয়।
৬। উপযুক্ত উদাহৰণৰ সৈতে বৈধ প্ৰকল্পৰ যিকোনো এটা চর্ত চমুকৈ ব্যাখ্যা কৰা। H. S. ’16
উত্তৰ: বৈধ প্ৰকল্পৰ এটা চর্ত হৈছে প্রকল্পৰ বিষয়-বস্তু অস্তিত্বশীল কাৰণ হ’ব লাগিব। অস্তিত্বশীল কাৰণ বুলিলে সেইবোৰ কাৰণক বুজায় যিবোৰ কাৰণৰ অস্তিত্বক স্বীকাৰ কৰাটো যুক্তিসংগত। উদাৰহণ বাতি শিশু এজন হেৰালে আকাশ দেবতাই পলাই লৈ যোৱা বুলি অনুমান কৰিলে ই বৈধ প্রকল্প হ’ব নোৱাৰে। কিয়নো এনে কাৰণ অস্তিত্বশীল নহয়।
৭। প্ৰকল্পৰ প্ৰমাণীকৰণ কেই প্ৰকাৰৰ আৰু কি কি? H. S. ’20
উত্তৰ : প্ৰকল্পৰ প্রমাণীকৰন দুই প্ৰকাৰৰ
(ক) প্রত্যক্ষ আৰু (খ) পৰোক্ষ।
৮। নিয়ম সম্পর্কীয় প্রকল্পৰ এটি উদাৰহণ দিয়া। H. S. ’19
উত্তৰ: যেতিয়া কোনো ঘটনাৰ কৰ্তা আৰু ঘটনাটো উদ্ভব হোৱাৰ পৰিবেশৰ বিষয়ে জনা থাকে কিন্তু ঘটনাটো কি নিয়ম অনুসৰি ঘটিল সেয়া জনা নাথাকে, তেনে ক্ষেত্রত ঘটনাটো সংঘটিত হোৱাৰ নিয়ম জানিবলৈ যি প্রকল্প গঠন কৰা হয় তাকে ‘নিয়ম সম্পর্কীয় প্রকল্প’ বোলে। উদাৰহণ ধৰা হ’ল কোনো এঘৰ মানুহৰ ঘৰত ডকাইতি হ’ল, ডকাইতি কোনে কৰিছে তাক জনা আছে, কিন্তু কি নিয়ম অনসুৰি ডকাইতজনে ডকাইতি কৰিছে সেয়া জানিবলৈ যি প্রকল্প গঠন কৰা হয় সেয়াই নিয়ম বিষয়ক প্রকল্প।
গ. মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক -৪)
১। উদ্দেশ্য অনুসৰি প্ৰকল্পৰ বিভিন্ন প্ৰকাৰবোৰ আলোচনা কৰা।
নাইবা
ষ্টেবিডৰ মতে প্রকল্পৰ ভাগবোৰ আলোচনা কৰা। H. S. ’20
উত্তৰ: কোনো ঘটনাৰ বিষয়ে সুস্পষ্ট জ্ঞান লাভ কৰিবৰ উদ্দেশ্যে যি প্রাথমিক ধাৰণাৰ আশ্ৰয় লৈ ঘটনাটোক বিজ্ঞানসম্মত উপায়েৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয়, তাকে ‘প্রকল্প’ বোলে।
উদ্দেশ্য অনুসৰি প্রকল্প তিনি প্রকাৰৰ। যেনে ব্যাখ্যামূলক প্রকল্প, বর্ণনামূলক প্রকল্প আৰু সাদৃশ্যমূলক প্রকল্প। তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।
(১) ব্যাখ্যামূলক প্রকল্প: যি প্রকল্পই কোনো কর্তা বা কাৰণৰ ধাৰণা কৰি তাৰ সহায়ত ঘটনাৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰে, তাকে ‘ব্যাখ্যামূলক প্রকল্প’ বোলে।
(২) বর্ণনামূলক প্রকল্পঃ যি প্রকল্পই কোনো নিয়মৰ ধাৰণা কৰি তাৰ সহায়ত ঘটনা এটি কেনেকৈ ঘটিছে তাৰ বৰ্ণনা দিবলৈ চেষ্টা কৰে তাকে ‘বর্ণনামূলক প্রকল্প’ বোলে।
(৩) সাদৃশ্যমূলক প্রকল্প: সাদৃশ্যমূলক প্রকল্প হৈছে এনে এক প্রকল্প য’ত ধাৰণা কৰা হয় যে কোনো এক শ্ৰেণীৰ ক্ষেত্ৰত যি সত্য হয় আন এক ঘটনাৰ ক্ষেত্ৰতো সেইটো সত্য হ’ব যদিয়ে দুয়োটা শ্রেণীৰে কিছুমান নির্দিষ্ট সাধাৰণ আৰু আকাৰগত ধর্ম থাকে। এনে অবস্থা প্রমাণ কৰিবলৈ যি প্রকল্প গঠন কৰা হয় তাকে ‘সাদৃশ্যমূলক প্রকল্প’ বোলে।
২। প্ৰকল্পৰ চাৰিটা প্রয়োজনীয়তা উল্লেখ কৰা। H. S. ’14, ’16
উত্তৰ: কোনো ঘটনাৰ সত্যাসত্য প্রমাণ কৰিবলৈ পৰীক্ষা-নিৰীক্ষাৰ প্রয়োজন হয় আৰু পৰীক্ষা-নিৰীক্ষাৰ বাবে প্রথমে এক সুনির্দিষ্ট প্রকল্পৰ প্রয়োজন হয়। তলত প্ৰকল্পৰ প্রয়োজনীয়তা উল্লেখ কৰা হ’ল-
(১) প্রকল্প যিকোনো বৈজ্ঞানিক অনুসন্ধানৰ প্রাথমিক স্তব। বিজ্ঞানৰ সকলো সুপ্রতিষ্ঠিত নিয়ম, সূত্র আদি প্রকল্প রূপেই আৰম্ভ হয়।
(২) প্রকল্পই নিৰীক্ষণ আৰু পৰীক্ষণক সম্ভব কৰি তোলে।
(৩) প্রকল্পই নিগমন ক্ষেত্রতো সহায় কৰে। নিগমনৰ সিদ্ধান্ত প্রতিষ্ঠাৰ বাবে যিবোৰ সামান্য আশ্রয় বাক্যৰ প্রয়োজন হয় সেইবোৰ প্ৰকল্পৰ ধাৰণাযোগে পাব পাৰি।
(৪) দৈনন্দিন জীবনতো প্রকল্পৰ প্রয়োজন আৰু ব্যৱহাৰ হয়। য’ত পৰীক্ষণ সম্ভৱ নহয়, নিবীক্ষণৰ ফালো সম্ভাবনামূলক তেনে ক্ষেত্রত প্রকল্পই ঘটনা এটিব ব্যাখ্যাৰ একমাত্র উপায়।
৩। ব্যাখ্যামূলক প্রকল্প আৰু বর্ণনামূলক প্রকল্পৰ মাজত পাৰ্থক্য লিখা। H. S. ’15
উত্তৰ : ব্যাখ্যামূলক প্রকল্প আৰু বর্ণনামূলক প্রকল্প হৈছে উদ্দেশ্য অনুসৰি কৰা প্ৰকল্পৰ দুটা ভাগ। তলত দুয়োৰে মাজত থকা পার্থক্যসমূহ উল্লেখ কৰা হ’ল:
যি প্রকল্পই কোনো কর্তা বা কাৰণৰ ধাৰণা কৰি তাৰ সহায়ত ঘটনাৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰে, তাকে ব্যাখ্যামূলক প্রকল্প বোলে।
আনহাতে যি প্রকল্পই কোনো নিয়মৰ ধাৰণা কৰি তাৰ সহায়ত ঘটনা এটি কেনেকৈ ঘটিছে তাৰ বৰ্ণনা দিবলৈ চেষ্টা কৰে তাকে বর্ণনামূলক প্রকল্প বোলে।
ব্যাখ্যামূলক প্রকল্পই ঘটনাৰ কাৰণে অনুসন্ধান কৰি ঘটনাৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰে। আনহাতে বর্ণনামূলক প্রকল্পই সেই কাৰণৰ ক্রিয়া প্রণালী অর্থাৎ কর্তাই কি নিয়ম অনুসৰি ক্রিয়া সম্পাদন কৰিলে তাৰ বৰ্ণনা দিয়ে।
ব্যাখ্যামূলক প্রকল্প আটাইতকৈ সবল প্রকল্প। কোনো এটা ঘটনা ঘটিলে আন ঘটনাৰ দ্বাৰা ঘটনাটো ব্যাখ্যা কৰাৰ বাবে ব্যাখ্যামূলক প্রকল্প গঠন কৰা হয়।
আনহাতে বর্ণনামূলক প্রকল্প সাধাৰণতে অন্বেষণীয় জটিল ঘটনা বা তথ্যসমূহৰ সুশৃংখলিত সম্বন্ধ নির্ণয় কৰিবলৈ সংকেত প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হয়।
৪। উপযুক্ত উদাহৰণৰ সহায়ত কর্তা বা কাৰণ বিষয়ক প্রকল্প আৰু নিয়ম বিষয়ক প্রকল্পৰ মাজত পার্থক্য বিচাৰ কৰা। H. S. ’16
উত্তৰ উত্তৰ: প্রকল্প হৈছে কোনো ঘটনাৰ বৈজ্ঞানিক ব্যাখ্যা দিবলৈ গ্রহণ কৰা এক প্ৰাৰম্ভিক অনুমান। ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্রকল্প তিনি প্রকাৰৰ। যেনেঃ কর্তা সম্পর্কীয় প্রকল্প, নিয়ম সম্পর্কীয় প্রকল্প, পাৰিপার্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প। তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।
(১) কর্তা সম্পর্কীয় প্রকল্প: কেতিয়াবা কেতিয়াবা ঘটনা এটি কিভাবে ঘটিল সেয়া জনা থাকে কিন্তু ঘটনাটো কোনে ঘটালে সেয়া জনা নাথাকে। তেনে ক্ষেত্রত কর্তাক জানিবলৈ যি প্রকল্প গঠন কৰা হয় তাকে ‘কর্তা সম্পর্কীয় প্রকল্প’ বোলে। উদাহৰণস্বৰূপে এজন ব্যবসায়ীক এজন অজ্ঞাত আততায়ীয়ে হত্যা কৰিলে। সেই অজ্ঞাত আততায়ীৰ বিষয়ে জানিবলৈ বা বিচাৰি উলিয়াবলৈ যি প্রকল্প গঠন কৰা হয় সেয়াই কর্তা সম্পর্কীয় প্রকল্প।
(২) নিয়ম সম্পর্কীয় প্রকল্প: যেতিয়া কোনো ঘটনাৰ কৰ্তা আৰু ঘটনাটো উদ্ভৱ হোৱাৰ পৰিবেশৰ বিষয়ে জনা থাকে কিন্তু ঘটনাটো কি নিয়ম অনুসৰি ঘটিল সেয়া জনা নাথাকে, তেনে ক্ষেত্রত ঘটনাটো সংঘটিত হোৱাৰ নিয়ম জানিবলৈ যি প্রকল্প গঠন কৰা হয় তাকে ‘নিয়ম সম্পর্কীয় প্রকল্প’ বোলে। উদাৰহণ– ধৰা হ’ল কোনো এঘৰ মানুহৰ ঘৰত ডকাইতি হ’ল, ডকাইতি কোনে কৰিছে তাক জনা আছে, কিন্তু কি নিয়ম অনসুৰি ডকাইতজনে ডকাইতি কৰিছে সেয়া জানিবলৈ যি প্রকল্প গঠন কৰা হয় সেয়াই নিয়ম বিষয়ক প্রকল্প।
৫। কাৰ্যকৰী প্ৰকল্পৰ বিষয়ে চমু টোকা লিখা। H. S. ’13
নাইবা
কাৰ্যকৰী প্ৰকল্পৰ সংজ্ঞা দিয়া। H. S. ’20
উত্তৰ: কোনো ঘটনাৰ ব্যাখ্যাৰ উদ্দেশ্যে নিৰীক্ষণৰ সঠিক উপায়ৰ অভাৱত নিৰীক্ষণৰ দ্বাৰা সামান্য আহিলাৰ ওপৰত নিৰ্ভৰ কৰি যি সাময়িক প্রকল্প গঠন কৰা হয় তাকে ‘কার্যকৰী প্রকল্প’ বোলে। উদাহৰণ-
বেয়া ছাত্র এজনে হঠাৎ পৰীক্ষাত ভাল ফল দেখুৱালে।
কার্যকৰী প্ৰকল্পৰ কিছুমান বৈশিষ্ট্য আছে, যেনে-
(ক) এনে প্রকল্পত নিৰীক্ষণৰ সঠিক উপয়াৰ অভাব থাকে।
(খ) এনে প্রকল্পত সামান্য আহিলাৰ ওপৰত নিৰ্ভৰ কৰা হয়।
(গ) ই এক সাময়িক প্রকল্প।
৬। প্রকল্প কাক বোলে? প্রকল্পৰ প্রকৃতি ব্যাখ্যা কৰা। H. S. ’20
উত্তৰ: কোনো ঘটনাৰ বিষয়ে সুস্পষ্ট জ্ঞান লাভ কৰিবৰ উদ্দেশ্যে যি প্রাথমিক ধাৰণাৰ আশ্রয় লৈ ঘটনাটোক বিজ্ঞানসম্মত উপায়েৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয়, তাকে ‘প্রকল্প’ বোলে।
প্ৰকল্পৰ প্রকৃতি তলত দিয়া ধৰণৰ-
(ক) প্রকল্প এটা আনুমানিক ধাৰণা।
(খ) ধাৰণাৰ সমর্থনত সঠিক প্ৰমাণৰ অভাৱ।
(গ) ধাৰণাৰ পৰা জ্ঞাত বাস্তব সত্য অনুসৰি সঠিক সিদ্ধান্তত উপনীত হোবা।
(ঘ) সিদ্ধান্তৰ লগত জ্ঞাত বাস্তব তথ্যৰ মিল থাকিলে ধাৰণাটো সত্য হোৱাৰ সম্ভাবনা থাকে।
৭। নিৰীক্ষণ কাক বোলে? নিৰীক্ষণৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। H. S. ’20
উত্তৰ: প্রাকৃতিক পৰিবেশত কোনো নির্দিষ্ট উদ্দেশ্য আগত লৈ কোনো প্রাকৃতিক ঘটনা পদ্ধতিগতভাবে প্রত্যক্ষ কৰাই ‘নিবীক্ষণ’।
নিৰীক্ষণৰ কিছুমান বৈশিষ্ট্য আছে, যেনেঃ
(ক) নিৰীক্ষণৰ সদায় এটা নির্দিষ্ট উদ্দেশ্য থাকে।
(খ) নিৰীক্ষণ প্রাকৃতিক পৰিৱেশত কৰা হয়।
(গ) নিৰীক্ষণ যিহেতু প্রাকৃতিক পৰিবেশত হয়, সেয়ে নিবীক্ষণ কৰিবলগা প্রাকৃতিক ঘটনাটো মানুহৰ নিয়ন্ত্রণাধীন নহয়।
৮। নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত দুটা পার্থক্য লিখা।
উত্তৰ নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত দুটা পার্থক্য হ’ল-
(ক) নিৰীক্ষণৰ পৰিসৰ পৰীক্ষণতকৈ ব্যাপক। H. S. ’20
(খ) নিৰীক্ষণত অপ্রাসংগিক বিষয়বোৰ বৰ্জন কৰিব নোৱাৰি; কিন্তু পৰীক্ষণত বৰ্জন কৰিব পাৰি।
ঘ. বচনাধর্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৬)
১। প্ৰকল্পৰ সংজ্ঞা দিয়া। বৈধ প্রকল্পৰ চৰ্তসমূহ আলোচনা কৰা। H. S. ’15, 17, 18
নাইবা
বৈধ প্রকল্পৰ দুটা চৰ্ত উল্লেখ কৰা। H. S. ’20
উত্তৰ: কোনো ঘটনাৰ বিষয়ে সুস্পষ্ট জ্ঞান লাভ কৰিবৰ উদ্দেশ্যে যি প্রাথমিক ধাৰণাৰ আশ্ৰয় লৈ ঘটনাটোক বিজ্ঞানসম্মত উপায়েৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয়, তাকে ‘প্রকল্প’ বোলে।
বৈধ প্রকল্পৰ কেইবাটাও চর্ত আছে, যথাঃ
(ক) কোনো ধাৰণা ব্যাখ্যা কৰিবলৈ প্রকল্প গ্রহণ কৰা হয় সেয়ে ইয়াৰ প্রথম চৰ্তটো হৈছে প্রকল্প সুস্পষ্ট হ’ব লাগিব। অস্পষ্ট ধাৰণাৰ ওপৰত কোনো অনুসন্ধান আৰম্ভ কৰিব নোৱাৰি। উদাহৰণ- আমেৰিকাত অতি বৃষ্টি হৈছে বুলি ভাৰত খৰাং বতৰ চলি আছে। এই ধাৰণা স্পষ্ট নহয়।
(খ) প্রকল্প প্রকৃতিৰ নীতি-নিয়মৰ বিৰোধী হ’ব নোৱাৰে। উদাহৰণ- ভূতে সৰু ল’বা এজনক আপেল ফল দি গ’ল। ই বৈধ প্রকল্প হ’ব নোৱাৰে কাৰণ ই প্রকৃতিৰ নিয়ম বিৰোধী।
(গ) প্রকল্প বাস্তব ঘটনা বা তথ্যৰ ওপৰত প্রতিষ্ঠিত হ’ব লাগিব। ই কেতিয়াও অবাস্তব বা কাল্পনিক হ’ব নালাগে। ৰমেনৰ বিয়াৰ চতুৰ্থ বছৰত কন্যা সন্তান হ’ব। ই প্রকল্প হ’ব নোৱাৰে।
(ঘ) প্রকল্পৰ বিষয়-বস্তু অস্তিত্বশীল কাৰণ হ’ব লাগিব। অস্তিত্বশীল কাৰণ বুলিলে সেইবোৰ কাৰণক বুজায় যিবোৰ কাৰণৰ অস্তিত্বক স্বীকাৰ কৰাটো যুক্তিসংগত। নাঙঠ ফকিৰৰ আশীবাদত বাজেনে পৰীক্ষাত ভাল ফল দেখুৱালে। ই এক অবাস্তব বিশ্বাসহে।
(ঙ) বৈধ প্রকল্প সৰল আৰু প্রমাণযোগ্য হ’ব লাগিব। প্রমাণ কৰিব নোৱাৰা বা অসম্ভাব্য ধাৰণা এটি প্রকল্প হ’ব নোৱাৰে। কপাৰনিকাচে কৈছিল, পৃথিবী সূৰ্যৰ চাৰিওফালে ঘুৰে। এই বৈধ প্রকল্প। কাৰণ ইয়াক প্রমাণ কৰিব পাৰি।
২। প্ৰকল্পৰ স্তৰ কেইটা চমুকৈ ব্যাখ্যা কৰা। H. S. ’14, 16, 17, 18, 19, 20
উত্তৰ: কোনো ঘটনাৰ বিষয়ে সুস্পষ্ট জ্ঞান লাভ কৰিবৰ উদ্দেশ্যে যি প্রাথমিক ধাৰণাৰ আশ্রয় লৈ ঘটনাটোক বিজ্ঞানসম্মত উপায়েৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয়, তাকে ‘প্রকল্প’ বোলে।
প্রকল্পৰ চাৰিটা স্তৰ আছে, যথা:
(১) প্রকল্পৰ প্রথম স্তব হৈছে প্রাকৃতিক ঘটনাবলীৰ নিৰীক্ষণ। নিৰীক্ষণৰ জৰিয়তে ব্যাখ্যা কৰিবলগীয়া বিষয়ৰ সৈতে পৰিচয় ঘটে। এই পৰিচয়ৰ ফলত ঘটনা সম্পর্কে মনত প্রশ্ন জাগে আৰু ঘটনা ব্যাখ্যা কৰাৰ প্রয়োজনীয়তা উপলব্ধি হয়।
(২) প্রকল্পৰ দ্বিতীয় স্তৰ হৈছে প্রকল্প গঠন। নিৰীক্ষণৰ পৰা পোৱা ধাৰণাৰ সমৰ্থনত যদি কার্য-কাৰণ সম্পর্কে সঠিক প্রমাণ পোৱা নাযায়, তেন্তে কার্যকাৰণ সম্বন্ধ নির্ণয় কৰিব নোৱাৰি। তথাপিও নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কৰিয়েই ঘটনা এটিৰ ব্যাখ্যাৰ বাবে এটি আনুমানিক ধাৰণা কৰিব লগা হয়।
(৩) প্ৰকল্পৰ তৃতীয় স্তৰ হৈছে আনুমানিক ধাৰণাৰ পৰা সিদ্ধান্ত নিঃসৰণ কৰা।
(৪) প্ৰকল্পৰ চতুৰ্থ স্তৰত নিঃসৰণ কৰা সিদ্ধান্তটো প্ৰমাণ কৰিব লাগে। এই স্তৰত পৰীক্ষা-নিৰীক্ষা বা গৱেষণা আৰম্ভ হয়। পৰীক্ষা বা গৱেষণাৰ পিছত যদিহে সিদ্ধান্তসমূহ বাস্তৱ ঘটনাসমূহৰ লগত মিল থাকে
তেন্তে ধাৰণাটো সত্য হোৱাৰ সম্ভাবনা থাকিব যদিয়ে মিল নাথাকে তেন্তে অসত্য বুলি প্রমাণিত হ’ব।
৫। ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্ৰকল্পৰ বিভিন্ন প্রকাৰসমূহ আলোচনা কৰা। H. S. ’18
নাইবা
উদাহৰণসহ তলত দিয়া প্রকল্পসমূহ ব্যাখ্যা কৰা।
(ক) কর্তা বিষয়ক প্রকল্প, (খ) নিয়ম বিষয়ক প্রকল্প, (গ) পাৰিপাৰ্শ্বিক সংস্থিতি বিষয়ক প্রকল্প।
উত্তৰ: প্রকল্প হৈছে কোনো ঘটনাৰ বৈজ্ঞানিক ব্যাখ্যা দিবলৈ গ্রহণ কৰা এক প্ৰাৰম্ভিক অনুমান। ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্রকল্প তিনি প্ৰকাৰৰ। যেনে কর্তা সম্পর্কীয় প্রকল্প, নিয়ম সম্পর্কীয় প্রকল্প, পাৰিপার্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প। তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।
(১) কর্তা সম্পর্কীয় প্রকল্প: কেতিয়াবা কেতিয়াবা ঘটনা এটি কিভাবে ঘটিল সেয়া জনা থাকে কিন্তু ঘটনাটো কোনে ঘটালে সেয়া জনা নাথাকে। তেনে ক্ষেত্রত কর্তাক জানিবলৈ যি প্রকল্প গঠন কৰা হয় তাকে ‘কর্তা সম্পর্কীয় প্রকল্প’ বোলে। উদাহৰণস্বৰূপে এজন ব্যবসায়ীক এজন অজ্ঞাত আততায়ীয়ে হত্যা কৰিলে। সেই অজ্ঞাত আততায়ীৰ বিষয়ে জানিবলৈ বা বিচাৰি উলিয়াবলৈ যি প্রকল্প গঠন কৰা হয় সেয়াই
কর্তা সম্পর্কীয় প্রকল্প।
(২) নিয়ম সম্পর্কীয় প্রকল্প: যেতিয়া কোনো ঘটনাৰ কৰ্তা আৰু ঘটনাটো উদ্ভব হোৱাৰ পৰিবেশৰ বিষয়ে জনা থাকে কিন্তু ঘটনাটো কি নিয়ম অনুসৰি ঘটিল সেয়া জনা নাথাকে, তেনে ক্ষেত্রত ঘটনাটো সংঘটিত হোৱাৰ নিয়ম জানিবলৈ যি প্রকল্প গঠন কৰা হয় তাকে ‘নিয়ম সম্পর্কীয় প্রকল্প’ বোলে।
(৩) পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প: কোনো এটা ঘটনা বা কার্য বিভিন্ন পাৰিপার্শ্বিক অবস্থাৰ মাজত ঘটে। যিবোৰ পৰিস্থিতিৰ মাজত ঘটনা এটি ঘটে তাকে ‘সংস্থিতি’ বোলে।
যেতিয়া কোনো এটা ঘটনাৰ কৰ্তা আৰু নিয়ম দুয়োটাই জনা থাকে কিন্তু কি পাৰিপার্শ্বিক অৱস্থাৰ সমাবেশত ঘটনাটো ঘটিছে সেয়া জনা নাথাকে, তেনে অৱস্থাত পাৰিপার্শ্বিক অবস্থাৰ বিষয়ে জানিবলৈ যি প্রকল্প গঠন কৰা হয় তাকে ‘পাৰিপার্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প’ বোলে।