Join WhatsApp

Join Now

Join Telegram

Join Now

জিকিৰ Class 10 Assamese Chapter 2 Solutions HSLC ২০২৫

By Rabbi Masrur

Updated On:

Amaraxom.com লৈ আপোনাক স্বাগতাম। আপুনি যদি জিকিৰ Class 10 Assamese Chapter 2 Solutions প্রশ্নোত্তৰ ইন্টারনেটত ইতিমদ্ধে বিচাৰি আছে নেকি? যদি হয়। তেনেহলে আপুনি সঠিক স্থানত আহিছে আজি আমি এই পোস্টত জিকিৰ Class 10 Assamese Chapter 2 Solutions ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

জিকিৰ Class 10 Assamese Chapter 2

জিকিৰ Class 10 Assamese Chapter 2 Solutions HSLC

অসমীয়া (বাধ্যতামূলক)

সূচীপত্ৰ

গ্ৰুপ- ক (বাধ্যতামূলক)

পদ্যাংশ

জিকিৰ জাৰী

আজান ফকিৰ

চমু

প্রশ্নোত্তৰ

👉 Read Also:

১। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া হল:

(ক) জিকিৰৰ ৰচক কোন? HSLC ’18

উত্তৰঃ জিকিৰৰ ৰচক হৈছে আজান ফকিৰ বা ‘শ্বাহ মিলান’। পাৰি?

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব

উত্তৰঃ আজান ফকিৰে ৰচনা কৰা জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক গীত বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?

নাইবা

‘জিকিৰ’ শব্দৰ অৰ্থ কি? HSLC ’23

উত্তৰঃ ‘জিকিৰ’ শব্দটো ‘জিকৰ’ শব্দৰ পৰা ওলাইছে। ‘জিকিৰ’ অৰ্থ হ’ল- স্মৰণ কৰা।

(ঘ) আজান ফকিৰৰ আচল নাম কি আছিল? HSLC ’20

উত্তৰঃ আজান ফকিৰৰ আচল নাম আছিল ‘শাহ মিলান’।

(ঙ) ‘মোমিন’ শব্দৰ অৰ্থ কি? HSLC ’16

উত্তৰঃ ‘মোমিন’ শব্দৰ অৰ্থ হ’ল ঈশ্বৰ বিশ্বাসী।

(ছ) ‘আচমানৰ কুটুব ত’ৰা আদমৰ জাত। ‘ইয়াত আদম কোন? জিকিৰত উল্লেখ থকা আদম কোন? HSLC 24

উত্তৰঃ ‘জিকিৰ’ত উল্লেখ থকা আদম হ’ল ঈশ্বৰে সৃষ্টি কৰা প্ৰথম মানৱ। ৰচনাধর্মী প্রশ্নোত্তৰ

১। ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।’ ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা। HSLC ’18, 20

উত্তৰঃ মক্কা হৈছে ইছলাম ধর্মালম্বীসকলৰ পবিত্র ধর্মস্থান। প্রতি বছৰ বহুতো লোক সেই ঠাইলৈ তীর্থ কৰিবলৈ যায়। কিন্তু সেই স্থান দর্শন কৰিলেই ধর্ম নহয় বা মুক্তি লাভ নহয়। মোক্ষ বা মুক্তি লাভ কৰিবলৈ মানুহ মুমিন অর্থাৎ ঈশ্বৰ বিশ্বাসী হ’ব লাগিব। যদিহে মানুহ মুমিন (ঈশ্বৰ বিশ্বাসী) নহয় আৰু ভাল-বেয়া বিচাৰ কৰি নচলে তেন্তে তীর্থলৈ গ’লেও মোক্ষ লাভ কৰিব নোৱাৰে। মন আৰু আত্মাক পবিত্ৰ নকৰি মক্কালৈ যোৱা মানে দৰিকনা মাছে শাল আৰু শ’লৰ লগত যুঁজিবলৈ যোৱাৰ দৰেই মূর্খামি। এনেদৰে উক্ত কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ মুর্খামিৰ কথাকেই সূচাইছে।

২। ব্যাখ্যা কৰাঃ

(ক) “পানী মৰে পিয়াহত অগ্নি মৰে জাৰত। খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।” HSLC ’16

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি ‘অসমীয়া সাহিত্য চয়নিকা’ৰঅন্তৰ্গত আজান ফকিৰে ৰচনা কৰা ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ঈশ্বৰৰ অস্তিত্ব বিৰাজমান যে প্রত্যেক মানুহৰ অন্তৰতে সেয়া উক্ত কবিতাফাঁকিৰ দ্বাৰা বুজোৱা হৈছে। মানুহ বৰ নির্বোধ। সেয়ে ঈশ্বৰ যে প্রত্যেকজন ঈশ্বৰ বিশ্বাসী ব্যক্তিৰ হৃদয়তে বিৰাজমান সেই কথা উপলব্ধি কৰিব নোৱাৰে। পানীয়ে তৃষ্ণা নিবাৰণ কৰাৰ আৰু জুইৰ প্ৰচণ্ড দহন শক্তি আছে। কিন্তু পানী আৰু জুইয়ে নিজৰ নিজৰ ক্ষমতা বা গুণাগুণৰ বিষয়ে অৱগত নহয়। ঠিক তেনেদৰে মুৰ্খমতি মানুহে নিজৰ অন্তৰতে যে ঈশ্বৰ বিৰাজ কৰি আছে সেই কথা উপলব্ধি কৰিব নোৱাৰি হাবাথুৰি খায়।

(খ) “মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট। বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।”

নাইবা

HSLC ’17, 22 “খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ। স্কাৰ দুৱাৰত বন্দো মাৰিলা সঞ্চাৰ।” HSLC ’18

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আজান ফকিৰৰ দ্বাৰা ৰচনা কৰা ‘জিকিৰ’ নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে। এই সংসাৰত মানুহ যে মায়া-মোহত আবদ্ধ হৈ ঈশ্বৰ বিমুখ হৈ থাকে সেয়া বুজাবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। ভাৰতবৰ্ষৰ প্ৰয়াগ নামে ঠাইত গংগা, যমুনা আৰু সৰস্বতী নামৰ তিনিখন নদী মিলিত হৈছে। নদী নিতনিখন মিলিত হোৱা স্থানখনক ‘ত্রিবেণী ঘাট’ বুলি কোৱা হয়। হিন্দু সকলে ত্রিবেণী ঘাটক তীর্থস্থান বুলি ভাবি প্রতি বছৰ তালৈ তীর্থ কৰিবলৈ যায়। ঠিক তেনেদৰে মক্কা হৈছে মুছলমানসকলৰ ত্রিবেণী ঘাট অর্থাৎ পুণ্য স্থান। তালৈ প্রতি বছৰ লাখ লাখ মানুহ তীর্থ কৰিবলৈ যায়। তীৰ্থ কৰিলে মানুহৰ পাপ মোচন হয় আৰু পুণ্য সঞ্চয় হয় অর্থাৎ মানুহে মোক্ষ লাভ কৰিব পাৰে। পুণ্য সঞ্চয় মাত্র সেইসকল লোকৰ বাবেহে সম্ভব হয় যিসকলে সংসাৰৰ মায়া-মোহৰ পৰা মুক্ত। কিন্তু মানুহ বৰ নিৰ্বেঅধ সিহঁতে বিষয়-ভাৱনাত লিপ্ত থকা বাবে তীর্থ কৰিও পুণ্য সঞ্চয় বা মোক্ষ লাভ কৰিব নোৱাৰে।

(গ) “সজাৰ মইনাটিৰ অনেক যুগুতি। দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি।” HSLC ’19

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি ‘অসমীয়া সাহিত্য চয়নিকা ‘ৰঅন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। মানৱ জীৱন যে অস্থায়ী সেয়া উদ্ধৃত কবিতা ফাঁকিৰ দ্বাৰা বুজোৱা হৈছে। মানব জীবন অনিত্য অর্থাৎ ক্ষণস্থায়ী। কোন মুহূৰ্তত মানুহৰ শৰীৰৰ পৰা আত্মা ওলাই গুচি যায়গৈ সেয়া কোনেও নাজানে। আত্মা এবাৰ গুচি গ’লে দ্বিতীয়বাৰ সেয়া উভতি নাহে। ঠিক সজাত বন্ধী কৰি বখা মইনা চৰাই এটিৰ দৰে। সজাৰ মইনা চৰাই এটি যদি কোনে প্ৰকাৰে সজাৰ পৰা ওলাই যাব পাৰে তেন্তে সি আৰু দুনাই ঘূৰি নাহে। সেয়ে কবিয়ে বুজাব বিচাৰিছে যে মানুহে সংসাৰৰ অনিত্যতা অনুধাৱন কৰি মায়া- মোহত আবদ্ধ নাথাকি ঈশ্বৰ চিন্তাত আত্মনিয়োগ কৰা উচিত।

(ঘ) ‘দেও মাৰি পাৰ হৈ জীবই আছে চাই। চোৱা চোৱা জীৱসকল ভেলৰে বিলাই”।। HSLC ’20

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আজান ফকিৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। অস্থায়ী মানর জীবন যে দুঃখ-যন্ত্রণাৰে, মায়া- মোহেৰে ভৰপুৰ তাকেই উক্ত কবিতাফাকিৰ দ্বাৰা বুজোৱা হৈছে। মানৱ জীৱন অনিত্য অর্থাৎ ক্ষণস্থায়ী। কোন মুহূৰ্তত মানুহৰ শৰীৰৰ পৰা আত্মা ওলাই গুচি যায়গৈ সেয়া কোনেও নাজানে। আত্মা এবাৰ গুচি গ’লে দ্বিতীয়বাৰ সেয়া উভতি নাহে। ঠিক সজাত বন্ধী কৰি ৰখা মইনা চৰাই এটিৰ দৰে। সজাৰ মইনা চৰাই এটি যদি কোনে প্ৰকাৰে সজাৰ পৰা ওলাই যাব পাৰে তেন্তে সি আৰু দুনাই ঘূৰি নাহে। সেয়ে কবিয়ে বুজাব বিচাৰিছে যে মানুহে সংসাৰৰ অনিত্যতা অনুধাৱন কৰি মায়া- মোহত আবদ্ধ নাথাকি ঈশ্বৰ চিন্তাত আত্মনিয়োগ কৰা উচিত।

(ঙ) “আচমানৰ কুটুব তৰা আদমৰ জাত। সজাত মইনা আছে ঘনে লগায় মাত।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ আজান ফকিৰৰ ‘জিকিৰ’ শিৰোনামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ জৰিয়তে মানৱ জীৱনৰ ক্ষণস্থয়ীত্বৰ কথা কোৱা হৈছে। আকাশ হ’ল মহাশূন্য, তৰাইহে তাক পোহৰাই তোলে। তৰাৰ তিৰবিৰণি নহ’লে আকাশৰ উজ্জ্বলতা নাথাকিলহেঁতেন আৰু আকাশ সৌন্দর্যহীন তথা মূল্যহীন হৈ পৰিলহেঁতেন। কবিয়ে জীৱদেহৰ আত্মাক সজাত বন্দী মইনা চৰাইৰ লগত তুলনা কৰিছে। মইনা সজাত বন্দী হৈ থকাৰ দৰে মানৱ আত্মাও দেহৰ ভিতৰত বন্দী হৈ থাকে। আত্মা থকা বাবেই মানুহে ধুনীয়া আচৰণেৰে স-প্রতিভ হৈ থাকে। মইনা সজাৰ পৰা উৰি গুচি গ’লে যেনেদৰে সজাটো মূল্যহীন হৈ পৰে, একেদৰে আত্মা নাথাকিলে মানৱ দেহো কোনো মূল্য নাথাকে। আমাৰ দেহৰূপী সজাৰ পৰা মইনাৰূপী আত্মা ওলাই যোৱাৰ পাছত দেহটোৰ কোনো অস্তিত্ব নোহোৱা হয়। অর্থাৎ, প্রাণস্পন্দন থকালৈকেহে জীৱদেহৰ অস্তিত্ব থাকে। সেয়ে এনে দেহৰ সুখত মত্ত হৈ আল্লাহক স্মৰণ কৰিবলৈ পাহৰি যোৱাটো অনুচিত বুলি কবিয়ে কৈছে।

২। চমু টোকা লিখাঃ আজান ফকিৰ HSLC ’16, 22, 23

উত্তৰঃ আজান ফকিৰ বা শ্বাহ মিলান হৈছে এজন ইছমলাম ধর্মী সাধু লোক। তেওঁ সপ্তাদশ শতিকাৰ আদি ভাগত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আৰব দেশৰ পৰা আৰু কোনো কোনোৰ মতে ভাৰতৰ আজমীৰৰ পৰা অসমলৈ আহিছিল। বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাৰ মতে ৰূপাইদা- ধৰা নামেৰে এজন লোকৰ চক্ৰান্তত সেই সময়ৰ আহোম ৰজা গদাধৰ সিংহই আজান ফকিৰৰ চকু উভালি পেলায়। পিছলৈ তেওঁৰ ধৰ্মৰ মাহাত্ম্য বুজিব পাৰি ৰজাইদিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বৃত্তি দি তেওঁক থাকিবলৈ দিয়ে। তাতেই আজান ফকিৰে ধৰ্ম প্ৰচাৰ কৰি ইহলীলা সম্বৰণ কৰে। তেওঁ বহুতো ‘জিকিৰ আৰু জাৰি’ ৰচনা কৰিছিল। জিকিৰ আৰু জাৰি গীতসমূহত বিশ্ব সংসাৰৰ অনিত্যতা আৰু পৰম আল্লাহ আৰু ৰছুলৰ গুণানুকীৰ্তন আছে।

৩। তোমাৰ পাঠ্যপুথিত থকা ‘জিকিৰ’টোৰ মূলভাব লিখা।

উত্তৰ: মানৱ জীৱন অনিত্য অর্থাৎ ক্ষণস্থায়ী। কোন মুহূৰ্তত মানুহৰ শৰীৰৰ পৰা আত্মা ওলাই গুচি যায়গৈ সেয়া কোনেও নাজানে। আত্মা এবাৰ গুচি গ’লে দ্বিতীয়বাৰ সেয়া উভতি নাহে। সেয়ে মানুহে সংসাৰৰ অনিত্যতা অনুধাৱন কৰি মায়া-মোহত আবদ্ধ নাথাকি ঈশ্বৰ চিন্তাত আত্মনিয়োগ কৰা উচিত।

৪। জিকিৰসমূহত ইছলাম ধৰ্মৰ কি কি কথা প্রকাশ পাইছে? HSLC ’23

উত্তৰঃ জিকিৰসমূহত ঈশ্বৰ, ৰছুল, ইহকাল, পৰকাল, মানৱ জীৱনৰ অনিত্যতা আৰু পার্থিব জীৱনৰ বহুতো কৰণীয় দিশবোৰৰ কথা প্রকাশ পাইছে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×