Join WhatsApp

Join Now

Join Telegram

Join Now

জনতাৰ আহ্বান Class 12 Assamese Chapter 12 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক জনতাৰ আহ্বান Class 12 Assamese Chapter 9 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

জনতাৰ আহ্বান Class 12 Assamese Chapter 12 Solutions

জনতাৰ আহ্বান Class 12 Assamese Chapter 12 Solutions

জনতাৰ আহ্বান – জ্যোতিপ্ৰসাদ আগৰৱালা

কবি পৰিচয়: জোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১) হৈছে অসমৰ এজন প্রখ্যাত সংজ্ঞীতজ্ঞ, কবি, বোলছবি পৰিচালক, নাট্যকাৰ আৰু স্বাধীনতা বিপ্লবী। জ্যোতিপ্রসাদ আগৰৱালৰ জন্ম হয় ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত। তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। তেওঁ অসমতে হাইস্কুলীয়া শিক্ষা শেষ কৰি ১৯২৬ চনত ইংলণ্ডলৈ যায় যদিও কোনো ডিগ্রী নোলোৱাকৈ উভতি আহে। তাৰ পিছত তেওঁ জার্মানীলৈ গৈ কথাছবি পৰিচালনা আৰু প্রযোজনা বিষয়ত প্রশিক্ষণ লয়। তেওঁ অসমলৈ উভতি আহি ১৯৩৫ চনত অসমৰ প্ৰথম বোলছবি ‘জয়মতী’ নিৰ্মাণ কৰে। ১৯৪২ চনত গণ আন্দোলনত যোগদান কৰে আৰু মত্যু বাহিনীৰ অধিনায়ক হৈ বহুদিন আত্মগোপন কৰিবলগীয়াত পৰে। ১৯৩৯ চনত তেওঁ অসমীয়া ভাষাৰ দ্বিতীয় বোলছবি ‘ইন্দ্রমালতী’ নির্মাণ কৰে। তেওঁ অসমীয়া সংগীত জগতলৈ বহুতো সুন্দৰ সুন্দৰ গীতি কবিতা উপহাৰ দি গৈছে। তেওঁৰ গীতি কবিতাবোৰৰ মাজেদি স্বদেশপ্রেম, প্রকৃতিপ্রেম আৰু বিপ্লবী সুৰ প্রকাশ পাইছে। তেওঁ ৰচনা কৰা নাটকবোৰ হ’ল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা, সোণ পখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ। তেওঁৰ সাহিত্য কৰ্মৰ মাজেদি সুন্দৰৰ সাধনা কৰা বাবে অসমীয়া সাহিত্য-সংস্কৃতি জগতত তেওঁক ‘রূপকোঁৱৰ’ বুলি অভিহিত কৰা হৈছে।

তেওঁ ব্যস্ততাপূর্ণ জীবনৰ মাজেদি অসমীয়া সাংস্কৃতিক জগতলৈ বহু অবদান আগবঢ়াই ১৯৫১ চনত দুৰাৰোগ্য ব্যাধিত আক্রান্ত হৈ ইহলীলা সম্বৰণ কৰে।

কঠিন শব্দৰ অৰ্থঃ

ষোড়শোপচাৰ: পূজাৰ ১৬ বিধ উপকৰণ। সেইবোৰ হ’ল: আসন, স্বাগত, পাদ্য, অর্ঘ্য, আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা।। অভিনব একেবাৰে নতুন। সংহতিঃ মিলন, একীভূত। অভ্যুত্থান: জাগৰণ। দুর্নিবাৰঃ দুৰ্বাৰ, বাধা দিব নোৱাৰা।। অভিযান: যাত্রা। প্রবুদ্ধ : জ্ঞান লাভ কৰা, জাগৰিত, জ্ঞানী।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংকঃ ১)

১। অসমীয়া সাহিত্য-সংস্কৃতি জগত ত ‘ৰূপকোঁৱৰ’ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে?

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাক।

২। ‘জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰ: লুইতৰ পাৰৰ অগ্নিসুৰ।

৩। জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটকখনৰ নাম কি?

উত্তৰ: শোণিত কুঁৱৰী।

৪। জ্যোতিপ্রসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্রশিক্ষণ লৈছিল?

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কথাছবি প্রযোজনা আৰু পৰিচালনা বিষয়ত প্রশিক্ষণ লৈছিল।

৫। প্রথম অসমীয়া কথছবিখনৰ নাম কি?

উত্তৰ: জয়মতী।

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ২/৩)

১। জ্যেতিপ্রসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্রতি দায়বদ্ধতা আদি তেওঁৰ কবিতাৰ প্ৰসঙ্গত বৈশিষ্ট্য।

(খ) ভাষা আৰু শব্দ প্রয়োগৰ ওজস্বিতা, যৌৱনসুলভ দীপ্ততা তেওঁৰ কবিতাৰ শৈলীগত বৈশিষ্ট্য।

২। ‘আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে ষোড়শোপচাৰ’- ষোড়শোপচাৰ কি বুজাই লিখা। H.S. ’20

উত্তৰ: ‘ষোড়শোপচাৰ’ হৈছে পূজাৰ বাবে প্রয়োজনীয় ১৬ বিধ উপকৰণ। সেইবোৰ হ’ল-আসন, স্বাগত, পাদ্য, অর্ঘ্য, আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা।

৩। কবিতাটোত কবিয়ে ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান’ বুলি কিয় কৈছে?

উত্তৰ: কবিয়ে লক্ষ্য কৰিছে যে আজি শোষিত, নিষ্পেষিত জনতা নিজৰ অধিকাৰৰ প্ৰতি সচেতন হৈ মুখৰিত হৈ উঠিছে। কবিয়ে জনতাৰ এই জাগ্রত ৰূপ দেখি আনন্দ পাইছে। জনতাৰ আহ্বানত যে জনতাবেই মঙ্গল হ’ব সেই কথা কবিয়ে উপলব্ধি কৰিব পাৰিছে।

৪। ‘হে মোৰ আলোক পূজাৰী প্রাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰ: ‘হে মোৰ আলোক পূজাৰী প্রাণ’ কথাষাৰ বৰ তাৎপর্যপূর্ণ। কবিয়ে ‘আলোক-পূজাৰী প্রাণ’ বুলি জনতাক বুজাইছে। কবিয়ে ক’ব বিচােিছ যে আজি জনতাৰ মাজত এক নতুন চেতনাৰ অভ্যুদ্বয় হৈছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে, তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে।

৫। কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় দিয়া।

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমীয়া কথাছবিৰ জনক। ১৯৩৩ চনত তেওঁ ভোলাগুৰি চাহ বাগিছাত ‘চিত্রবন’ স্টুডিঅ’ স্থাপন কৰি ১৯৩৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ নাটকখনক কথাছবিৰ ৰূপ দিয়ে। ‘জয়মতী’ কথাছবিয়ে ১৯৩৫ চনৰ ১০ মাৰ্চৰ দিনা কলিকতাত প্রথমে মুক্তি পায় আৰু ইয়াৰ ১০ দিন পিছত ২০ মার্চ তাৰিখে গুৱাহাটীৰ ৰাইজে সেই ছবি উপভোগ কৰে। ‘ইন্দ্রমালতী’ হৈছে তেওঁৰ দ্বিতীয়খন কথাছবি। পিছলৈ তেওঁৰ পৰা প্ৰেৰণা লাভ কৰি অসমৰ বোলছবি জগতত বহু প্ৰতিভাৰ জন্ম হয়।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪/৫)

১। ‘জনতাৰ আহ্বান’ কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰঃ “জনতাৰ আহ্বান’ কবিতাটোৰ মাজেদি কবিয়ে পৃথিৱীৰ জনতাৰ মনত অভ্যুদ্বয় হোৱা নতুন চেতনাৰ কথা প্রকাশ কৰিছে। এই চেতনা সৌন্দৰ্যৰ চেতনা, দাসত্বৰ পৰা মানৱৰ মুক্তিৰ চেতনা। অর্থাৎ কবিয়ে ভাবে যে বিশ্ব ৰূপান্তৰৰ দিশত ধাৱমান হৈছে। এই ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভহৈছে, তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। সাধৰণ জনতাই আজি বোকাত জন্ম লোৱা পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি, আকশত সৌন্দর্য সিঁচিবলৈ আজি জনতাই ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীবনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্রত কৰি তুলিছে। আজি জনতাৰ আলোক বিজয়ী অপূর্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱ-জীৱনৰ মহাসংঘাতে বর্তমানক কঁপাই তুলিছে, বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্র আজি সার্থক হ’বলৈ আগবাঢ়িছে, ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্রৰ জয়, মহামানবতন্ত্ৰৰ জয়। অর্থাৎ দাসত্বৰ শিকলি ছিঙি মানৱ সমাজ স্বাধীনতাৰ বাবে উদীপ্ত কন্ঠে ওলাই আহিছে।

২। ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাৱ প্ৰকাশ পাইছে?

উত্তৰ: ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ মাজেদি সাধাৰণ মানুহৰ প্ৰতি কবিৰ কল্যাণকামী গভীৰ আস্থাৰ ভাব প্রকাশ পাইছে। কবিয়ে শোষিত, পদ-দলিত জনগণৰ দুখত দুখী হৈ সাধাৰণ জনতাক এক সুন্দৰ ভৱিষ্যতৰ বাবে জাগি উঠিবলৈ আহ্বান জনাইছে। তেওঁ পৃথিবীৰ জনতাৰ মাজত এক নতুন চেতনাৰ আশাবাদেৰে কৈছে যে বোকাত জন্ম লোৱা জনতাই আজি পদুম হৈ ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি, পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ অর্থাৎ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ জনতা আজি ওলাই আহিছে।

৩। কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।

উত্তৰ: ‘জনতাৰ আহ্বান’ কবিতাটিত কবিয়ে দাসত্বৰ বান্ধোনৰ পৰা মুক্ত হ’বলৈ জনতা যে আজি জাগি উঠিছে তাৰ উদীপ্ত কাব্যিক বর্ণনা দাঙি ধৰিছে। কবিয়ে লক্ষ্য কৰিছে যে শোষিত, বঞ্চিত, মেহনতী জনতা জাগ্রত হৈ সিহঁতৰ নায্য প্রাপ্য আদায়ৰ বাবে ৰাজপথলৈ ওলাই আহিছে। অর্থাৎ বিপ্লৱ আৰম্ভ হৈছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে এই বিপ্লৱেই মানব সমাজৰ কদাকাৰ ৰূপ পৰিবৰ্তন কৰি সৌন্দৰ্যৰ আনয়ন কৰিব। অর্থাৎ জনতাৰ সংহত অভ্যুত্থানে দেশত জনতন্ত্র প্রতিষ্ঠা হ’ব। এই জনতন্ত্র হ’ব শোষণহীন, ধনী-দুখীৰ মাজত ভেদ-ভাবহীন যিখন জনতন্ত্র (গণতন্ত্র)ত সকলোৰে ন্যায় আৰু অধিকাৰ প্ৰতিষ্ঠিত হ’ব।

৪। ‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্রাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা।

উত্তৰ: কবিয়ে জানে যে জনতা এই বিশ্বৰ প্রধান চালিকা শক্তি হোৱা সত্বেও সিহঁতে চিৰদিন লাঞ্চিত, বঞ্চিত আৰু শোষিত হৈ আহিছে। কবিয়ে লক্ষ্য কৰিছে যে অৱশেষত জনতা সিহঁতৰ অধিকাৰৰ প্রতি সচেতন হৈছে। সিহঁত যেন নিদ্ৰাৰ পৰা জাগৃত হৈছে। জনতাৰ এই অভ্যুত্থান বর্ণনা কৰি কবিয়ে কৈছে যে বোকাত জন্ম লোৱা জনতাই আজি পদুম হৈ ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি, পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ অর্থাৎ নিজৰ অধিকাৰ সাব্যক্ত কৰিবলৈ জনতা আজি ওলাই আহিছে। সিহঁত আশাবাদী যে সিহঁতৰ অৱস্থাৰ এক বৈপ্লবিক পৰিবৰ্তন হ’ব।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

‘আজি জনতাৰ পঙ্কজ ৰূপ জাগে পদুমৰ দৰে বোকাত জনমা মানুহে আজি আলোকলৈ উঠি আহে বেলিমুৱা হৈ হাঁহে।’ H.S. ’17, ’20

উত্তৰ: উদ্ধৃত কবিতা ফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা ‘জনতাৰ আহ্বান’ শিৰোনামাৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। অধিকাৰ সাব্যস্তৰ বাবে জাগ্রত হোৱা জনতাৰ প্রশংসাত কবিয়ে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে। কবিয়ে জানে যে জনতা এই বিশ্বৰ প্রধান চালিকা শক্তি হোৱা সত্বেও সিহঁতে চিৰদিন লাঞ্চিত, বঞ্চিত আৰু শোষিত হৈ আহিছে। কবিয়ে লক্ষ্য কৰিছে যে অৱশেষত জনতা সিহঁতৰ অধিকাৰৰৰ প্রতি সচেতন হৈছে। সিহঁত যেন নিদ্ৰাৰ পৰা জাগৃত হৈছে। জনতাৰ এই অভ্যুদ্বয় বর্ণনা কৰি কবিয়ে কৈছে যে বোকাত জন্ম লোৱা জনতাই আজি পদুম হৈ ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি, পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ অর্থাৎ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ জনতা আজি ওলাই আহিছে। সিহঁত আশাবাদী যে সিহঁতৰ অৱস্থাৰ এক বৈপ্লবিক পৰিবৰ্তন হ’ব।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়াঃ

(ক) কোন চনত জ্যোতিপ্ৰসাদ আগৰৱালৰ জন্ম হৈছিল? H.S. ’18

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯০৩ চনত জন্ম গ্রহণ কৰে।

(খ) কোনখন নাটকৰ জৰিয়তে জ্যোতিপ্রসাদ আগৰৱালাই নাট্যকাৰ হিচাপে আত্মপ্রকাশ কৰে? H.S. ’17

উত্তৰ: ‘শোণিত কুঁৱৰী’ নাটকখনৰ জৰিয়তে জ্যোতিপ্ৰসাদ আগৰৱালাই নাট্যকাৰ হিচাপে আত্মপ্রকাশ কৰে।

(গ) প্রথম অসমীয়া বোলছবি নির্মাতা কোন?

উত্তৰ: প্ৰথম অসমীয়া বোলছবি নির্মাতাজন হ’ল-জ্যোতিপ্রসাদ আগৰৱালা।

(ঘ) জনতাৰ কেনেকুৱা ৰূপ পদুম হৈ জাগি উঠিছে?

উত্তৰ: জনতাৰ বোকাত গজা পঙ্কজ ৰূপ পদুম হৈ জাগি উঠিছে।

(ঙ) জনতাই কিহৰ অভিযান আৰম্ভ কৰিছে?

উত্তৰ: জনতাই আলোক বিজয়ী অভিযান আৰম্ভ কৰিছে।

(চ) কিহৰ মহাসংঘাতে বর্তমান কঁপাইছে?

উত্তৰ: নৱ-জীৱনৰ মহাসংঘাতে বর্তমান কঁ পাইছে।

(ছ) জ্যোতিপ্রসাদ আগৰৱালাক অসমীয়া সাহিত্য-সংস্কৃতিত কি খিতাপেৰে বিভূষিত কৰা হৈছে?

উত্তৰ: অসমীয়া সাহিত্য-সংস্কৃতিত জ্যোতিপ্ৰসাদ আগৰৱালাক ‘রূপকোঁৱৰ’ উপাধিৰে বিভূষিত কৰা হৈছে।

(জ) প্রথম অসমীয়া বোলছবি নির্মাতা কোন?

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা প্রথম অসমীয়া বোলছবি নির্মাতা।

(ঝ) জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা তিনিখন নাটকৰ নাম লিখা। H.S. ’17

উত্তৰ: শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী আৰু লভিতা।

(ঞ) জ্যোতিপ্রসাদ আগৰৱালাই ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নিৰ্মাণ কৰিছিল? H.S. ’20

উত্তৰ: ১৯৩৯ চনত।

(ট) ‘জনতাৰ আহ্বান’ কবিতাটিত কবিয়ে কিহৰ জয় বিচাৰিছে? H.S. ’19

উত্তৰ: ‘জনতাৰ আহ্বান’ কবিতাটিত কবিয়ে চিৰদিন লাঞ্চিত, বঞ্চিত আৰু শোষিত সাধাৰণ ৰাইজৰ জয় বিচাৰিছে।

(ঠ) ‘প্রবুদ্ধ জনতা’ শব্দটোরে কি বুজাইছে? H.S. ’19

উত্তৰ: ‘প্রবুদ্ধ জনতা’ শব্দটিৰ দ্বাৰা কবিয়ে নিজৰ অধিকাৰৰ প্ৰতি সচেতন হোৱা জনতাক বুজাইছে।

(ড) ‘পদকীয়া’ মানে কি? H.S. ’19

উত্তৰ: ‘পদকীয়া’ মানে প্রতিবাদী অর্থাৎ যাৰ বিৰুদ্ধে গোচৰ তৰা হয়।

(ড)’হে মোৰ আলোক-পূজাৰী প্ৰাণ’ বুলি কবিয়ে কাক কি যাচিবলৈ আহ্বান জনাইছে? H.S. ’19

উত্তৰ: ‘হে মোৰ আলোক-পূজাৰী প্রাণ’ বুলি জনতাক ‘শোড়শোপচাৰ’ যাচিবলৈ আহ্বান কৰিছে।

২। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) ‘আজি জনতাৰ আলোক বিজয়ী অপূর্ব অভিযান আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান; নৱজীৱনৰ মহা সংঘাতে কঁপায় বর্তমান।’

উত্তৰ: উদ্ধৃত কবিতা ফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত জ্যোতিপ্রসাদ আগৰৱালাই ৰচনা কৰা ‘জনতাৰ আহ্বান’ শিৰোনামাৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।শোষক আৰু শোষিতৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বিষয়ে ক’বলৈ যাওঁতে কবিয়ে উক্ত কবিতাকলিৰ আগমণ ঘটাইছে।

শোষিত জনতাই আজি বহুদিনৰ মূৰত জাগি উঠিছে আৰু সিহঁতৰ নায্য অধিকাৰ সাব্যস্ত কৰিবলৈ সিহঁত আকাশ-বতাহ মুখৰিত কৰি বিপ্লৱ আৰম্ভকৰিছে। ফলত শোষিত আৰু শোষকৰ মাজত সংঘাত আৰম্ভ হৈছে। কিন্তু বিশাল জনতাৰ সন্মুখত মুষ্ঠিমেয় শোষক শ্রেণী কঁপি উঠিছে। অর্থাৎ সিহঁত যে জনতাৰ ওচৰত হাৰ মানিব লাগিব তাৰেই ইংগিত দিছে।

৩। ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ মূলভাব লিখা। H.S. ’24

উত্তৰ: জনতা এই বিশ্বৰ প্রধান চালিকা শক্তি হোৱা সত্বেও সিহঁতে চিৰদিন লাঞ্চিত, বঞ্চিত আৰু শোষিত হৈ আহিছে। কিন্তু অৱশেষত জনতা সিহঁতৰ অধিকাৰৰ প্ৰতি সচেতন হৈছে আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। সিহঁতৰ বিপ্লৱী ধ্বনিত আকাশ-বতাহ কঁপি উঠিছে। সিহঁত আশাবাদী যে সিহঁতৰ অৱস্থাৰ এক বৈপ্লবিক পৰিবৰ্তন হ’ব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×