আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত কাৰ্বন আৰু তাৰ যৌগ Class 10 Science Chapter 4 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই লিখনিত অসমীয়া মাধ্যমৰ class 10 general science ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
কাৰ্বন আৰু তাৰ যৌগ Class 10 Science Chpater 4 Solutions
অধ্যায়-৪
কাৰ্বন আৰু তাৰ যৌগ
নির্বাচিত প্রশ্নোত্তৰ
প্রশ্নঃ অনুঘটক কি?
উত্তৰঃ অনুঘটক হ’ল এনে কিছুমান পদার্থ যি নিজৰ ধৰ্মৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ বিক্ৰিয়াৰ গতিবেগ বঢ়োৱাত সহায় কৰে।
প্রশ্নঃ যোগাত্মক বিক্রিয়া বা হাইড্র’জেনেচন কাক বোলে?
উত্তৰঃ যিবোৰ বিক্ৰিয়াত অনুঘটকৰ উপস্থিতিত হাইড্র’জেন যুক্ত কৰা হয়, তেনেবোৰ বিক্রিয়াক যোগাত্মক বিক্রিয়া বোলে।
প্রশ্নঃ কেটিনেচন কাক বোলে?
উত্তৰঃ কাৰ্বনে নিজৰ মাজতেই বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে। এই ধর্মকেই কেটিনেচন বোলে।
প্রশ্নঃ সংপৃক্ত যৌগ কাক বোলে?
উত্তৰঃ কাৰ্বন বান্ধনিবোৰ এক-বান্ধনিৰে সংযুক্ত হৈ থাকিলে তাক সংপৃক্ত যৌগ বোলে।
প্রশ্নঃ অসংপৃক্ত যৌগৰ সংজ্ঞা দিয়া।
উত্তৰঃ যিবোৰ যৌগত কাৰ্বন পৰমাণুবোৰ দ্বি- বান্ধনি বা ত্রি-বান্ধনিৰে সংযুক্ত হৈ থাকিলে তাক অসংপৃক্ত যৌগ বোলে।
প্রশ্নঃ এলকেন, এলকিন আৰু এলকাইনৰ সংজ্ঞা দিয়া।
উত্তৰঃ এলকেনঃ সংপৃক্ত হাইড্র’কার্বনক এলকেন বোলে।
এলকিনঃ এডাল বা ততোধিক দ্বি-বান্ধনি থকা অসংপৃক্ত যৌগক এলকিন বোলে।
এলকাইনঃ ত্রি-বান্ধনিযুক্ত যৌগক এলকাইন বোলে।
প্রশ্নঃ চাইক্ল ‘হেক্সেনৰ সংকেত লিখা।
উত্তৰঃ C₆H₁₂.
প্রশ্নঃ সমগণীয় শ্ৰেণীৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ CH₃OH, C₂H₅OH, C₃H₇OH, C₄H9OH.
প্রশ্নঃ জাৰক পদার্থ কাক বোলে? এটা উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ পদার্থই বিক্রিয়া এটাত অক্সিজেন দিব পাৰে, তেনেবোৰ পদাৰ্থক জাৰক পদার্থ বোলে। উদাহৰণঃ পটাছিয়াম ড্রাইক্র’মেট।
প্রশ্নঃ যোগাত্মক বিক্ৰিয়াৰ এটা ব্যৱহাৰ লিখা।
উত্তৰঃ উদ্ভিদৰ তেলত হাইড্র’জেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰিবলৈ যোগাত্মক বিক্রিয়া ব্যৱহাৰ কৰা হয়।
প্রশ্নঃ ইথানলক ইথান’য়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?
উত্তৰঃ ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰোতে অনুঘটকে অক্সিজেন যুক্ত কৰে, সেইবাবে ইয়াক জাৰণ বিক্রিয়া বুলি কোৱা হয়।
প্রশ্নঃ ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া? HSLC ’18
উত্তৰঃ ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰোতে ইথানলত এটা অক্সিজেন যোগ হয়। সেইবাবে ইয়াক জাৰণ বিক্রিয়া বুলি কোৱা হয়।
প্রশ্নঃ লোহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়?
উত্তৰঃ ইথাইন আৰু অক্সিজেন দহন কৰিলে যথেষ্ট পৰিমানে তাপৰ উদ্ভৱ হয়। ফলত লোহা জোৰা দিয়াত সুবিধা হয়। কিন্তু বায়ুৰ পৰিৱেশত ইথাইন দহন কৰিলে বায়ুত থকা নাইট্র ‘জেনৰ দহন হ’ব আৰু নাইট’জেন অক্সাইড উৎপন্ন হ’ব আৰু যথেষ্ট তাপৰ উদ্ভৱ নহ’ব।
প্রশ্নঃ জাৰক দ্রব্য কি?
উত্তৰঃ কোনো পদাৰ্থক জাৰিত কৰিবলৈ যি দ্রব্য ব্যৱহাৰ কৰা হয়, সেইবোৰক জাৰক দ্ৰব্য বোলে।
প্রশ্নঃ অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক’ব পাৰিবানে?
উত্তৰঃ কঠিনতা ধৰিব নোৱাৰি। অপমাৰ্জক ব্যৱহাৰ কৰি পানীৰ
প্রশ্নঃ পৰীক্ষাৰ সহায়ত এলক ‘হল আৰু কার্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি? HSLC 20
উত্তৰঃ দুটা 5ml বিশিষ্ট পৰীক্ষানলীত সংপৃক্ত ছ’ডিয়াম বাইকার্বনেটৰ দ্ৰৱ লৈ এটাত এলক’হল আৰু আনটোত কার্বক্সিলিক এছিডৰ দ্ৰৱ মিহলোৱা হ’ল। এতিয়া যিটোত কার্বন ডাই অক্সাইড উৎপন্ন হ’ব সেই দ্ৰৱটো কার্বক্সিলিক এছিড হ’ব আৰু আনটো এলক ‘হল।
প্রশ্নঃ ইথেন (CH) অণু এটাত
(a) 6 টা সহযোজী বান্ধনি আছে।
(b) 7 টা সহযোজী বান্ধনি আছে।
(c) ৪ টা সহযোজী বান্ধনি আছে।
(d) 9 টা সহযোজী বান্ধনি আছে।
উত্তৰঃ (b) 7 টা সহযোজী বান্ধনি আছে।
প্রশ্নঃ চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কার্যকৰী মূলক হ’ল-
(a) কার্বক্সিলিক এছিড
(b) এলডিহাইড
(c) কিট’ন
(d) এলক ‘হল
উত্তৰঃ (c) কিট’ন।
প্রশ্নঃ ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়নো-
(a) খাদ্য ভালদৰে নিসিজিল।
(b) ইন্ধন সম্পূর্ণরূপে দহন নহয়।
(c) ইন্ধনটো সিক্ত।
(d) ইন্ধনটো সম্পূর্ণকৈ দহন হয়।
উত্তৰঃ (b) ইন্ধন সম্পূর্ণরূপে দহন নহয়।
প্রশ্নঃ সমগণীয় শ্রেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা। HSLC ’16
উত্তৰঃ একেটা আনৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পৰা একে ৰাসায়নিক ধর্ম বিশিষ্ট জৈৱ যৌগবোৰৰ শ্ৰেণীক সমগণীয় শ্রেণী বুলি কোৱা হয়।
উদাহৰণ– এলকেন শ্ৰেণীৰ কেইটামান যৌগ, যেনে- মিথেন (CH₄), ইথেন (C₂H₆), প্র’পেন (C₃H₈), বিউটেন (C₄H₁₀), পেন্টেন (C₅H₁₂), হেক্সেন (C₆H₁₄)।
প্রশ্নঃ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পাৰ্থক্য লিখা।
উত্তৰঃ ইথানল আৰু ইথানয়িক এছিডৰ মাজত পার্থক্য হ’ল:
ইথানল লিটমাছ দ্ৰৱৰ ওপৰত কোনো ধৰণৰ প্রভার নেপেলায়।
আনহাতে, ইথানয়িক এছিডে নীলা লিটমাছ দ্ৰৱ ৰঙা কৰে।
ইথানল সুগন্ধযুক্ত।
ইথানল এছিডৰ ভিনেগাৰৰ দৰে গোন্ধ আছে।
ইথানলত ছ’ডিয়াম বাইকার্বনেটৰ দ্ৰৱ যোগ কৰিলে কোনো গেছ উৎপন্ন হয়।
আনহাতে, ছ’ডিয়াম বাইকার্বনেটৰ দ্ৰব্য যোগ কৰিলে CO₂ গেছ উৎপন্ন নহয়।
প্রশ্নঃ প্রায় সকলো ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?
উত্তৰঃ কাৰ্বন আৰু কাৰ্বনৰ যৌগবোৰ দহন কৰিলে যথেষ্ট পৰিমানে তাপ উৎপন্ন হয়। সেইবাবে ইবোৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
প্রশ্নঃ হাইড্র’জেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়োগ লিখা।
উত্তৰঃ পেলাডিয়াম বা নিকেলৰ দৰে অণুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্র ‘কাৰ্বনৰ লগত হাইড্র’জেন যোগ হৈ সংপৃক্ত হাইড্র ‘কার্বন উৎপন্ন হোৱা প্রক্রিয়াক হাইড্র’জেনেচন বোলে।
হাইড্ৰ’জেনেচনৰ ঔদ্যোগিক ব্যৱহাৰ-
ইয়াক শস্যজাতীয় তেলৰ পৰা নিকেল অনুঘটকৰ উপস্থিতিত বনস্পতি ঘি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।
প্রশ্নঃ নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?
উত্তৰঃ চাবোন এবিধ তীব্র ক্ষাৰক। সেই গতিকে, চাবোনৰ দ্ৰৱণে ৰঙা লিটমাছক নীলা কৰে।
প্রশ্নঃ তলৰ কোন বিলাকৰ হাইড্র ‘কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়?
C₂H₆, C₃H₈, C₃H₆, C₂H₂ আৰু CH₄
উত্তৰঃ C₃H₆ আৰু C₂H₂
প্রশ্নঃ মাখন (butter) আৰু খোৱা তেলৰ (cooking oil) মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ ব্ৰ’মাইন পানী ব্যৱহাৰ কৰি ৰন্ধন তেল আৰু মাখনৰ মাজৰ পাৰ্থক্য উলিয়াব পাৰি। যেনে-
ৰন্ধন তেলে ব্র’মাইন পানীৰ ৰং ৰঙা কৰে। আনহাতে, মাখনে ব্র’মাইন পানীৰ লগত কোনো ধৰণৰ ক্ৰিয়া নকৰে।
প্রশ্নঃ চাবোনৰ মলি আঁতৰোৱাৰ প্রক্রিয়া (cleaning action) ব্যাখ্যা কৰা। HSLC ’20
উত্তৰঃ বেছিভাগ মলি তেলীয় গুণযুক্ত। চাবোনৰ অণুবোৰ হৈছে দীঘল শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ ছ’ডিয়াম বা পটেছিয়াম লবণ। চাবোনৰ আয়নীয় মেৰু পানীত দ্রৱণীয়। আনহাতে, কার্বন শৃংখল তেলত অদ্রবণীয়। এনেদৰে চাবোনে পানীত সমাচ্ছায়া সৃষ্টি কৰে। চাবোনৰ ফেনে এনেদৰে মলি আঁতৰ হোৱাত সহায় কৰে।
প্রশ্নঃ তলত দিয়াবোৰৰ পৰা এলকিনটো বাছি উলিওঁরা।
(a) C₄H₈
(c) C₄H₆
(b) C₄H₁₀
(d) C₂H₆
উত্তৰঃ (a) C₄H₈
প্রশ্নঃ COOH মূলক কোনটো শ্ৰেণীৰ মূলক?
উত্তৰঃ কার্বক্সিলিক এছিড।
প্রশ্নঃ কেটিনেছন কাক বোলে? HSLC 220
উত্তৰঃ যি ধৰ্মৰ বাবে কাৰ্বনে নিজৰ মাজত C—C বান্ধনিৰ সহায়ত অতি দীঘল শৃংখল গঠন কৰিব পাৰে, তাক কেটিনেছন বোলে।
প্রশ্নঃ এলকিন আৰু এলকাইনবোৰ কিয় ৰাসায়নিকভাবে অধিক সক্রিয় হয়?
উত্তৰঃ এলকিন আৰু এলকাইনবোৰৰ কাৰ্বন পৰমাণুবোৰৰ মাজত বহু বান্ধনি থকা বাবে এইবোৰ ৰাসায়নিকভাৱে অধিক সক্রিয়।
প্রশ্নঃ কার্যকৰী মূলকবোৰ কি? দুটা উদাহৰণ দিয়া।
উত্তৰঃ হাইড্ৰ’কার্বন শৃংখল এটাত হাইড্র’জেন পৰমাণু প্রতিস্থাপিত কৰা এলক ‘হল মূলকৰ দৰে পৰমাণু বা পৰমাণু সমষ্টিটোৱেই হ’ল কাৰ্যকৰী মূলক। যেনে- কিট’ন, এলডিহাইড আদি।
প্রশ্নঃ সহযোজী যৌগৰ দুটা ধৰ্ম লিখা।
উত্তৰঃ (ক) সহযোজী যৌগবোৰৰ গলনাংক আৰু উতলাংক অতি কম।
(খ) সহযোজী যৌগবোৰ বিদ্যুতৰ কু-পৰিবাহী।
প্রশ্নঃ ইথান’লৰ দুটাকৈ ভৌতিক ধর্ম আৰু ব্যৱহাৰ লিখা।
উত্তৰঃ ইথান’লৰ দুটা ভৌতিক ধৰ্ম হ’ল-
(ক) সাধাৰণ উষ্ণতাত ই এবিধ বৰণহীন তৰল।
(খ) দাহ্য আৰু নীলা শিখাৰ সৈতে দহন হয়।
ইথানলৰ দুটা ব্যৱহাৰ হ’ল-
(ক) এলক ‘হলীয় পানীয়ত মুখ্য উপাদান হিচাপে ব্যৱহৃত হয়।
(খ) বং, আঁতৰ আদিত দ্রাবক হিচাপে ব্যৱহাৰ কৰা হয়।
প্রশ্নঃ দুটা এলকেনৰ নাম লিখা।
উত্তৰঃ দুটা এলকেন হ’ল- মিথেন আৰু ইথেন।
প্রশ্নঃ লোহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইনৰ মিশ্রণ দহন কৰা হয়। ইথাইন আৰু বায়ুৰ মিশ্রণ কিয় ব্যৱহাৰ কৰা নহয়? ব্যাখ্যা কৰা? HSLC ’19
উত্তৰঃ ইথাইন এছিডক যেতিয়া বায়ুৰ পৰিৱেশত দহন কৰা হয় তেতিয়া ই ক’লা ধোঁৱাৰ সৈতে হালধীয়া পোহৰৰ সৃষ্টি কৰে। ইয়াৰ ফলত কম পৰিমাণৰ তাপশক্তিৰ উদ্ভৱ হয়, যি লোহা জোৰা দিয়াৰ বাবে যথেষ্ট নহয়। কিন্তু ইয়াক অক্সিজেনৰ পৰিৱেশত দহন কৰিলে যথেষ্ট পৰিমাণে তাপ শক্তিৰ সৈতে নীলা শিখাৰ উৎপত্তি হয়।
সেয়ে লোহা জোৰা দিয়াৰ সময়ত অক্সিজেন আৰু ইথাইনৰ মিশ্রণ দহন কৰা হয়।
প্রশ্নঃ NaC1 যৌগটোত থকা আয়নসমূহ কি কি? HSLC ’19
উত্তৰঃ NaC1 যৌগটোত থকা আয়নসমূহ হ’ল Na⁺ আৰু C1−
প্রশ্নঃ চাবোনেৰে মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা। HSLC ’18
উত্তৰঃ চাবোনৰ আয়নবোৰে তেলজাতীয় মলিবিলাকৰ চাৰিওফালে এক বিশেষ ধৰণৰ যৌগ গঠন কৰে। পানীৰে ধুই দিলে এই যৌগবোৰে মলিবোৰ কাপোৰৰ পৰা আঁতৰ কৰাত সহায় কৰে।
প্রশ্নঃ কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন যৌগ পাওঁ? HSLC ’16
উত্তৰঃ নিম্ন উল্লেখিত দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে কাৰ্বনৰ অজস্ৰ যৌগ দেখিবলৈ পাওঁ:
(ক) কাৰ্বনৰ কেটিনেচন ধর্ম আৰু
(খ) কাৰ্বনৰ চতুৰযোজ্যতা।
প্রশ্নঃ এটা উদাহৰণৰ সৈতে প্রতিস্থাপন বিক্রিয়া ব্যাখ্যা কৰা। HSLC ’18
উত্তৰঃ প্রতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ হ’ল: Fe+ CuSO₄(aq) →FeSO₄(aq) + Cu
প্রশ্নঃ তলৰ কোনবিলাক হাইড্রকার্বনে যোগাত্মক বিক্রিয়া দেখুৱায়? HSLC ’19
C₂H₂, C₃H₈, C₃H₆, C₂H₂, CH₄
উত্তৰঃ যোগাত্মক বিক্রিয়া দেখুৱা হাইড্রকাৰ্বনবোৰ হৈছে: C₂H₆, C₂H₂
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ পৰিসামিত বায়ুৰ পৰিৱেশত সংপৃক্ত হাইড্র’কার্বনে সাধাৰণতে উৎপন্ন কৰে-
(a) সেউজীয়া শিখা
(b) ক’লা ধোৱাযুক্ত হালধীয়া শিখা
(c) এলান্ধুযুক্ত শিখা।
(d) অমলিন নীলা শিখা।
উত্তৰঃ (c) এলান্ধযুক্ত শিখা।
প্রশ্নঃ সমগণীয় শ্রেণী এটাৰ সকলোবোৰ যৌগই একে ধৰণৰ………..দেখুওৱায়।
(a) ৰাসায়নিক সংহতি
(b) ৰাসায়নিক বিক্রিয়া
(c) ৰাসায়নিক ধর্ম
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) ৰাসায়নিক ধর্ম।
প্রশ্নঃ ক্ল’ৰিণৰ পৰমাণু ক্ৰমাংক 17। ইয়াৰ যোজ্যতা হ’ব-
(a) 2
(c) 7
(b) 1
(d) 0
উত্তৰঃ (b) 1.
প্রশ্নঃ প্ৰ’পেনৰ অণু এটাত। …….
(a) 10 সহযোজী বান্ধনি থাকে
(b) 9 সহযোজী বান্ধনি থাকে
(c) ৪ সহযোজী বান্ধনি থাকে
(d) 11 সহযোজী বান্ধনি থাকে
উত্তৰঃ (a) 10 সহযোজী বান্ধনি থাকে।
প্রশ্নঃ প্রপান’নত থকা কাৰ্যকৰী মূলকটো হ’ল-
(a) এলডিহাইড
(b) কার্বক্সিলিক এছিড
(c) কিট’ন
(d) এলকহ’ল
উত্তৰঃ (c) কিট’ন।
প্রশ্নঃ এলকেনে অংশগ্রহণ কৰা বিক্রিয়াটো হৈছে-
(a) যোগাত্মক বিক্রিয়া
(b) জাৰণ-বিজাৰণ বিক্রিয়া
(c) প্রতিস্থাপন বিক্রিয়া
(d) বহুযোগীকৰণ বিক্রিয়া
উত্তৰঃ (c) প্রতিস্থাপন বিক্রিয়া।
প্রশ্নঃ অসংপৃক্ত হাইড্রড্ৰ’কার্বনে সাধাৰণতে উৎপন্ন কৰে-
(a) সেউজীয়া শিখা
(b) ক’লা ধোৱাযুক্ত হালধীয়া শিখা
(c) এলান্ধুযুক্ত শিখা।
(d) অমলিন নীলা শিখা।
উত্তৰঃ (b) ক’লা ধোৱাযুক্ত হালধীয়া শিখা।
প্রশ্নঃ তলৰ কোনটো এবিধ জাৰক পদার্থ?
(a) হাইড্ৰ’জেন পেৰ’ক্সাইড
(b) আইৰণ ক্ল’ৰাইড
(c) ছালফিউৰিক এছিড
(d) ক্ষাৰকীয় পটাছিয়াম পাৰমেঙ্গানেট
উত্তৰঃ (d) ক্ষাৰকীয় পটাছিয়াম পাৰমেঙ্গানেট।
প্রশ্নঃ তলৰ কোনটোৱে বন্ধ শৃংখল দেখুৱায়?
(a) ছাইক্ল পেপ্টেন
(b) ছাইক্ল মিথেন
(c) বিউটেন
(d) পেল্টেন
উত্তৰঃ (a) ছাই পেপ্টেন।
প্রশ্নঃ ভিনেগাৰত কিমান শতাংশ এচেটিক এছিড থাকে?
(a) 9-12%
(b) 5-8%
(c) 1-2%
(d) 3-5%
উত্তৰঃ (b) 5-8%