Join WhatsApp

Join Now

Join Telegram

Join Now

উভতি নহাৰ কবিতা Class 12 Assamese Chapter 15 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক উভতি নহাৰ কবিতা Class 12 Assamese Chapter 15 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

উভতি নহাৰ কবিতা Class 12 Assamese Chapter 15 Solutions

উভতি নহাৰ কবিতা Class 12 Assamese Chapter 15 Solutions

উভতি নহাৰ কবিতা – নৱকান্ত বৰুৱা

কবি পৰিচয়: নৱকান্ত বৰুৱা (১৯২৬-২০০২) বিংশ শতাব্দীৰ এজন লেখতলবলগীয়া অসমীয়া কবি, উপন্যাসিক আৰু শিশু সাহিত্যিক। তেওঁৰ জন্ম হয় গুৱাহাটীত। তেওঁ স্কুলীয়া শিক্ষা নগাওঁত শেষ কৰি শান্তি নিকেতনৰ পৰা বি. এ. আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। বৰুৱাই শিক্ষা সমাপ্ত কৰি জগন্নাথ মহাবিদ্যালয়ত কর্ম জীৱনৰ পাতনি মেলি কটন মহাবিদ্যালয়ত সুদীর্ঘ কাল অধ্যাপনা কৰি উপাধ্যক্ষৰ পদবীৰে কৰ্মজীৱনৰ সামৰণি মাৰে।

ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি ঢালখোৱা তেওঁৰ উল্লেখযোগ্য কাব্য পুথিসমূহ হ’ল – হে অৰণ্য হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, ৰাৱণ, সম্রাট, যতি আৰু কেইটিমান স্কেচ, দলঙত তামীঘৰা আদি। তেওঁ ৰচনা কৰা উপন্যাস সমূহৰ হ’ল – কপিলী পৰীয়া সাধু, ককাদেউতাৰ হাড়, গৰমা কুঁৱৰী, মানুহ আটাইবোৰ দ্বীপ আদি। শিশু আৰু চেমনীয়াৰ উপযোগীকৈ লিখা গ্ৰন্থৰাজি হ’ল- আখৰৰ জখলা, শিয়ালী পালেগৈ ৰতনপুৰ, ভত উকাৰে ভু আদি। সাহিত্য সমালোচনা আৰু গীত ৰচনাতো বৰুৱাদেৱৰ অবদান স্মৰণীয়।

২০০২ চনত নৱকান্ত বৰুৱা স্বর্গগামী হয়।

কঠিন শব্দৰ অৰ্থঃ

তামীঘৰা: তম্বু। যন্ত্রণা মোৰ জীয়াৰ মন্ত্র: কবিয়ে জীবনত লাভ কৰা দুখ-যন্ত্ৰণাৰ পৰাই শিক্ষা লাভ কৰিছে।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ১)

১। উভতি নহাৰ কবিত’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰ: ‘উভতি নহাৰ কবিতা’টি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। কোনখন কবিতা পুথিৰ বাবে নৱকান্ত বৰুবাই সাহিত্য একাদেমি বঁটা লাভ কৰিছিল?

উত্তৰ: নৱকান্ত বৰুৱাই ‘ককাদেউতাৰ হাড়’ উপন্যাসখনৰ বাবে সাহিত্য একাদেমি বঁটা লাভকৰিছিল।

৩। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত এটি পার্থক্য লিখা।

উত্তৰ: ৰেমান্টিক কবিতা অতি কল্পনা প্রৱণ। আনহাতে আধুনিক কবিতা বাস্তৱবাদী।

৪। ‘উভতি নহাৰ কবিতা’ কোন শ্ৰেণীৰ কবিতা? H.S. 18

উত্তৰঃ ‘উভতি নহাৰ কবিতা’ আধুনিক বাস্তৱবাদী কবিতা।

৫। ‘তামীঘৰা’ শব্দটির অর্থ লিখা। H.S. 17

উত্তৰ: ‘তামীঘৰা’ শব্দৰ অৰ্থ হ’ল তম্বু।

(খ) চমু প্রশ্ন (প্রতিটোৰ মূল্যাংক: ২/৩)

১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।  H.S. 18

উত্তৰ: নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম হ’ল: ‘হে অৰণ্য হে মহানগৰ’, ‘এটি দুটি এঘাৰটি তৰা’, আৰু ‘মোৰ আৰু পৃথিৱীৰ’।

২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। H.S. 17

উত্তৰ: নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হ’ল: ‘কপিলীপৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’।

৩। ‘নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰ: ‘নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্রন্থ হ’ল: ‘আখৰৰ জখলা’ আৰু ‘ভত উকাৰে ভু’।

৪। কবিৰ বাবে জীয়াই থকাৰ মন্ত্র কি? ‘জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে? H.S. ’17

উত্তৰ: কবিয়ে যন্ত্রণাক জীয়াই থকাৰ মন্ত্ৰ বুলি কবিয়ে জীয়াই থকাৰ ধেমালিটো মাত্র এবাৰ খেলিছে। কবিয়ে পৃথিৱীক ভাল পায়। কিন্তু তেওঁ পৃথিৱীলৈ দুনাই উভতি আহিবলৈ হাবিয়াস কৰা নাই। কাৰণ তেওঁ জানে যে মৃত্যুয়েই মানব জীৱনৰ শেষ পৰিণতি। সেয়ে তেওঁ পৃথিৱীখনক এবাৰতেই যিমান পাৰে উপভোগ কৰি গৈছে। কবিৰ ভাষাত: ‘জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ’লোঁ।’

৫। কবিৰ মতে পৃথিবীলৈ ‘নতুন মানুহ আহিলে’ কি পৰিৱৰ্তন হ’ব?

উত্তৰ: কবিয়ে উপলব্ধি কৰিছে যে তেওঁৰ পিছত আন কোনোৱাই (নতুন মানুহে) জন্ম গ্রহণ কৰিব। সিও কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন নতুন কবিতা, গীত আদিৰ জন্ম দিব। নতুন দিনত নতুন নতুন চিন্তা-ধাৰণাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব।

(গ) দীঘল প্রশ্ন (প্রতিটো মূল্যাংক: ৪। ৫)

১। কবিয়ে কিয় পৃথিবীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।

উত্তৰ: কবি নৱকান্ত বৰুৱা পৰম্পৰাগত হিন্দু ধৰ্ম দৰ্শনৰ পৰা আঁতৰি আহিছে। তেওঁ বাস্তববাদী। আজিলৈকে তেওঁ কোনো মানুহকে মৃত্যুৰ পিছত দুনাই পৃথিৱীলৈ ঘুৰি অহা দেখা নাই। তেওঁ উপলব্ধি কৰিছে যে মৃত্যুয়েই হৈছে মানৱ জীৱনৰ শেষ পৰিণতি। ইয়াৰ পিছত একো অৱশিষ্ট নাথাকে। সেয়ে কবি নৱকান্ত বৰুৱাই পৃথিৱীলৈ উভতি নাহে বুলি কৈছে।

২। ‘উভতি নহাৰ কবিতাটি’ৰ মূলভাব লিখা।

উত্তৰ: মানৱ জীবন ক্ষন্তেকীয়া। পৃথিবীলৈ মানুহৰ জন্ম-মৃত্যুৰ অন্তহীন সোঁত বৈ আছে। ইয়াত কোনোবাই মৃত্যু বৰণ কৰিছে আৰু কোনোবাই জন্ম গ্রহণ কৰিছে। ইয়াত জন্ম গ্রহণ কৰা সকলো ব্যক্তিয়েই নিজৰ ভালপোৱা ধৰণে কাম কৰি গৈছে। মৃত্যৰ পিছত কেনোৱেই দুনাই এই পৃথিৱীলৈ উভতি নাহে। সেয়ে জীয়াই থকা কালছোৱাত প্রত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ কাম কৰি যাব লাগে।

৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন কিয় নাথাকিব বুলি ভাবিছে, বুজাই লিখা।

উত্তৰ: কবিয়ে জানে যে মানব জীবন ক্ষন্তেকীয়া। মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। তেওঁ কোনো দিনেই উভতি নাহে। কবিকো মানুহে পাহৰি যাব। তেওঁৰ পিছত আন কোনোৱাই জন্ম গ্রহণ কৰিব। সিও কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন নতুন কবিতা বা গীতৰ জন্ম দিব। নতুন দিনত নতুন নতুন চিন্তা-ধাৰণাই ঠাই পাব। সেয়ে কবিয়ে কৈছে যে তেওঁ মৰি যোৱাৰ লগে লগে তেওঁৰ কোনো চিন নাথাকিব।

৪। ‘উভতি নহাৰ কবিতা’ত পৃথিবীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰ: কবিয়ে পৃথিৱীখনক অতি ভাল পায়। পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা অনুভূতিটো তেওঁৰ কাম-কাজৰ মাজেদি প্রকাশ কৰি গৈছে। পৃথিৱীৰ প্রতি কবিৰ ভালপোৱা অনুভৱটো বহুত বাৰ তেওঁৰ কবিতা, গীত আদিৰ মাজেদি প্রকাশ কৰিছে। তেওঁ পৃথিৱীত বহুত যন্ত্রণাও পাইছে, তথাপি তেওঁ পৃথিৱীখনক ভাল পায়। পৃথিৱীৰ জাবৰ-জোথৰৰ পৰা তেওঁ তেওঁৰ ভাললগা বস্তুও সংগ্রহ কৰিছে। কিন্তু তেওঁ মৃত্যুৰ পিছতো এইখন পৃথিৱীক ভাল পাই থাকিব যদিও তেওঁ দুনাই এইখন পৃথিবীলৈ উভতি নাহে।

৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) ‘যন্ত্রণা মোৰ জীয়াৰ মন্ত্র সেই মন্ত্রকে গালোঁ জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলোঁ।’ H.S. ’19

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত নৱকান্ত বৰুৱাই ৰচনা কৰা ‘উভতি নহাৰ কবিতা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

দুখ-যন্ত্রণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্রসংগত কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। পৃথিৱীখনত জন্ম গ্রহণ কৰি কবিয়ে বহুতো দুখ-শোক, যন্ত্রণা আদি পাইছে। এই দুখ-যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অর্থাৎ যন্ত্রণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্রকেই বাৰে বাৰে গাইছে। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্রণাময় ধেমালি। এই ধেমালি তেওঁ যিমান পাৰে সিমান খেলি গৈছে। কাৰণ তেওঁ জানে যে মানব জীৱনটো ক্ষন্তেকীয়া। তেওঁ এদিনাখন মৰি যাব আৰু দুনাই এইখন পৃথিবীলৈ ঘুৰি নাহে। তেওঁ তেওঁৰ সকলো খেল এবাৰতেই খেলি গ’ল অর্থাৎ তেওঁ এবাৰতেই যিমান পাৰে সিমান পৃথিৱীখনক উপভোগ কৰি গ’ল।

(খ) ‘কোনোবা আহিব মোৰ দৰে কোনো দিনা? মোৰ সুৰতেই বাজিব নতুন বীণা? ওহোঁ সেয়া হ’ব নতুন মানুহ সেই দিনো হ’ব নতুন দিন মোৰ তাত একো নাথাকে চিন।’

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ ‘ৰ অন্তৰ্গত নৱকান্ত বৰুৱাই ৰচনা কৰা ‘উভতি নহাৰ কবিতা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

পৃথিৱীখনত যে লানি লিছিগা মানুহৰ জন্ম-মৃত্যুৰ কালচক্র চলি থাকিব- সেই ভাবধাৰা প্ৰকাশ কৰিবলৈ কবিয়ে কবিতাফাকিৰ অৱতাৰণা কৰিছে।
কবিয়ে জানে যে মানৱ জীৱন ক্ষন্তেকীয়া। মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। তেওঁ কোনো দিনেই উভতি নাহে। কবিকো মানুহে পাহৰি যাব। তেওঁৰ পিছত আন কোনোৱাই জন্ম গ্রহণ কৰিব। সিও কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন নতুন কবিতা, গীত আদিৰ জন্ম দিব। নতুন দিনত নতুন নতুন চিন্তাঞ্চধাৰণাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব

অতিৰিক্ত প্রশ্ন-উত্তৰ :

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া: (মূল্যাংকঃ ১)

(ক) ‘হে অৰণ্য হে মহানগৰ’ কাব্যগ্রন্থখনৰ ৰচক কোন?

উত্তৰ: ‘হে অৰণ্য হে মহানগৰ’ কাব্যগ্রন্থখনৰ ৰচক হ’ল নৱকান্ত বৰুৱা।

(খ) কোন চনত আৰু কত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল? H.S. ’19

উত্তৰ: ১৯২৬ চনত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল।

(গ) ‘কবিৰ জীয়াই থকাৰ মন্ত্র কি?

উত্তৰ: কবিৰ জীয়াই থকাৰ মন্ত্ৰ হ’ল ‘যন্ত্রণা’।

(ঘ) ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ ৰচক কোন?

উত্তৰ: ‘কলিপীৰীয়া সাধু’ উপন্যাসখনৰ ৰচক হ’ল নৱকান্ত বৰুৱা।

(ঙ) ‘এটি দুটি এঘাৰটি তৰা’ কাব্যপুথিখন কোনে ৰচনা কৰিছে?

উত্তৰ: ‘এটি দুটি এঘাৰটি তৰা’ কাব্যগ্রন্থখন নৱকান্ত বৰুৱাই ৰচনা কৰিছে।

(চ) নৱকান্ত বৰুৱাই জার্মান মহা কবি গ্যেটেৰ কোনখন পুথি অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰ: নৱকান্ত বৰুৱাই মহাকবি গ্যেটেৰ ‘দ্য ফাউস্ট’ পুথিখন অসমীয়ালৈ অনুবাদ কৰিছিল।

(ছ) নৱকান্ত বৰুৱাই সম্পাদনা কৰা এখন শিশু আলোচনীৰ নাম লিখা।

উত্তৰ: নৱকান্ত বৰুৱাই সম্পাদনা কৰা এখন শিশু আলোচনীৰ নাম হ’ল ‘জোনবাই’।

(জ) নৱকান্ত বৰুৱাই গ্রহণ কৰা ছদ্ম নামটো কি আছিল?

উত্তৰ: নৱকান্ত বৰুৱাই গ্রহণ কৰা ছদ্ম নামটো আছিল ‘এখুদ ককাইদেউ’।

(ঝ) পৃথিৱীৰ প্ৰতি নৱকান্ত বৰুৱাৰ দৃষ্টিভঙ্গী কেনে আছিল?

উত্তৰ: পৃথিৱীৰ প্ৰতি নৱকান্ত বৰুৱাৰ দৃষ্টিভঙ্গী আছিল তেওঁ পৃথিৱীখনক প্রাণভৰি ভাল পায়।

(ঞ) নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ বাবে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। H.S.’17

উত্তৰ: ‘আখৰৰ জখলা’ আৰু ‘ভত উকাৰে ভু’।

(চ) কবি নৱকান্ত বৰুৱাৰ ম’তে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিবৰ্তন হ’ব? H.S. ’19

উত্তৰ: কবিয়ে জানে যে মানব জীৱন ক্ষন্তেকীয়া। মৃত্যু হোৱা মানুহ এজন কোনো দিনেই উভতি নাহে। তেওঁৰ পিছত আন কোনোৱাই জন্ম গ্রহণ কৰিব। সিও কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন নতুন কবিতা, গীত আদিৰ জন্ম দিব। নতুন দিনত নতুন নতুন চিন্তাঞ্চধাৰণাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব।

(ছ) নৱকান্ত বৰুৱাৰ কাব্য-চর্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয়? H.S. 19

উত্তৰ: ৰামধেনু।

(জ) নৱকান্ত বৰুৱাৰ ‘ৰত্নাকৰ’ এখন উপন্যাস – কথাষাৰ শুদ্ধনে? H.S. ’20

উত্তৰ: নহয়।

(ঝ) নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। H.S. ’20

উত্তৰ: নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাস হ’ল: কপিলী পৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’।

(ঞ) ‘দি এনচিয়েন্ট মেৰিণাৰ’ শীর্ষক কবিতাটিৰ ৰচক কোন? H.S. 19

উত্তৰ: ‘দি এনচিয়েন্ট মেৰিণাৰ’ শীর্ষক কবিতাটিৰ ৰচকজন হ’ল চেমুৱেল টেলৰ কলেৰিজ।

২। ব্যাখ্যা কৰাঃ মই নাহোঁ মই নাহোঁ পৃথিবী, তোমাক ভাল পাই গ’লোঁ তথাপিও মই নাহোঁ। H.S. ’20, ’24

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ ‘ৰ অন্তৰ্গত নৱকান্ত বৰুৱাই ৰচনা কৰা ‘উভতি নহাৰ কবিতা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

মৃত্যু হোৱা মানুহ এজন কোনো দিনেই উভতি নাহে তাকে প্রকাশ কৰিবলৈ কবিয়ে কবিতাফাকিৰ অৱতাৰণা কৰিছে। কবিয়ে জানে যে মানৱ জীৱন ক্ষন্তেকীয়া। মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। তেওঁ কোনো দিনেই উভতি নাহে। কবিকো মানুহে পাহৰি যাব। তেওঁৰ পিছত আন কোনোবাই জন্ম গ্রহণ কৰিব। সিও কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন নতুন কবিতা, গীত আদিৰ জন্ম দিব। নতুন দিনত নতুন নতুন চিন্তাঞ্চধাৰণাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব।

৪। ‘উভতি নহাৰ কবিতা’ কবিতাটিৰ সাৰাংশ লিখা।

উত্তৰ: কবিয়ে পৃথিৱীখনক অতি ভাল পায়। পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা অনুভূতিটো তেওঁৰ কাম-কাজৰ মাজেদি প্রকাশ কৰি গৈছে। পৃথিৱীৰ প্রতি কবিৰ ভালপোৱা অনুভৱটো বহুত বাৰ তেওঁৰ কবিতা, গীত আদিৰ মাজেদি প্রকাশ কৰিছে। তেওঁ পৃথিবীত বহুত যন্ত্রণাও পাইছে, তথাপি তেওঁ পৃথিবীখনক ভাল পায়। পৃথিৱীৰ জাবৰ-জোথৰৰ পৰা তেওঁ তেওঁৰ ভাললগা বস্তুও সংগ্ৰহ কৰিছে। কিন্তু তেওঁ মৃত্যুৰ পিছতো এইখন পৃথিবীক ভাল পাই থাকিব যদিও তেওঁ দুনাই এইখন পৃথিৱীলৈ উভতি নাহে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×