Join WhatsApp

Join Now

Join Telegram

Join Now

আনুষ্ঠানিক লিখন আৰু অনাআনুষ্ঠানিক লিখন

By Rabbi Masrur

Published On:

আনুষ্ঠানিক লিখন আৰু অনাআনুষ্ঠানিক লিখন

লিখন হৈছে আমাৰ চিন্তা আৰু ভাবনা অন্যৰ লগত ভাগ-বতৰা কৰাৰ এটা উপায়। বিভিন্ন পৰিস্থিতিত আমি বিভিন্ন ধৰণৰ ভাষা ব্যৱহাৰ কৰোঁ। লিখন বা লেখনৰ দুটা মুখ্য ধৰণ হৈছে – ‘আনুষ্ঠানিক লিখন’ আৰু ‘অনানুষ্ঠানিক লিখন’।

আনুষ্ঠানিক লিখনঃ

আনুষ্ঠানিক লিখন পদ্ধতি বিদ্যায়তনিক বা কাৰ্য্যালয়-সংক্ৰান্ত বিষয়ত ব্যৱহাৰ কৰা হয়। এই ধৰণৰ লিখনি স্পষ্ট, ব্যাকৰণিক দিশত শুদ্ধ আৰু নিৰ্দ্দিষ্ট ৰূপ বা শৈলীত লিখা হয়। সাধাৰণতে আবেদন পত্ৰ, কাৰ্য্যালয়ত ব্যৱহাৰ কৰা নথি-পত্ৰ আৰু ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা বহীত উMৰ লিখোতে এই পদ্ধতিত লিখা হয়। এনে লিখনিত চহা শব্দ, ঘৰুৱা শব্দ বা ভাষাৰ আঞ্চলিক ৰূপ ব্যৱহাৰ নকৰি মান্য ৰূপ ব্যৱহাৰ কৰা হয়। ইয়াৰ ভাষা শালীন আৰু পেচাদাৰী হ’ব লাগে। উদাৰহণ–

শ্ৰদ্ধেয় মহাশয়,

মই আপোনাৰ বিদ্যালয়ত শিক্ষক পদৰ বাবে আবেদন জনাইছোঁ। মোৰ তিন বছৰীয়া অভিজ্ঞতা আছে। মোক সাক্ষাৎকাৰৰ সুযোগ দিলে মই

কৃতজ্ঞ থাকিম।

আপোনাৰ বিশ্বস্ত

অকনি বৰা

আনুষ্ঠানিক লিখনিৰ সাধাৰণ বশিষ্ট্যসমূহ হ’ল–

শ্ৰদ্ধাশীল আৰু গম্ভীৰ ভাষা

সঠিক ব্যাকৰণ আৰু যতিচিহ্নৰ ব্যৱহাৰ

চহা শব্দ বা সংক্ষিপ্ত ৰূপ এৰাই চলা

পূৰ্ণ বাক্য ব্যৱহাৰ

সু-গঠিত অনুচ্ছেদ।

অনানুষ্ঠানিক লিখনিঃ

অনানুষ্ঠানিক লিখন পদ্ধতি সাধাৰনতে বন্ধু-বান্ধৱ, পৰিয়াল বা পৰিচিত লোকৰ সৈতে যোগাযোগ কৰোতে ব্যৱহাৰ কৰা হয়। এই ধৰণৰ লিখন সহজ আৰু বন্ধুসুলভ। ই কথোপকথনৰ দৰে অনুভৱ হয়।

এই লিখনত সংক্ষিপ্ত ৰূপ, সহজ শব্দ, আৰু কিছু আনন্দদায়ক বা আবেগজনক ভাষা ব্যৱহাৰ কৰা হয়। উদাহৰণ–

হাই অনিমা,

কেনে আছা? মই নতুন চাকৰি এটা পাই গ’লোঁ, ইটো বহুত মজা। অলপতে দেখা কৰিম, কিজানি! আহোদেই।

তোমাৰ

অনিতা

অনানুষ্ঠানিক বাক্যৰ উদাহণ–

“দুঃখিত, মই আজি যাব নোৱাৰোঁ। পাৰিলে তুমি আহানা।”

অনানুষ্ঠানিক লেখাৰ সাধাৰন বৈশিষ্ট্যসমূহ হ’ল–

সহজ আৰু বন্ধুসুলভ ভাষা

সংক্ষিপ্ত ৰূপ ব্যৱহাৰ (যেনে— মই আছোঁ, নাযাওঁদে, হ’ব দিয়া)

সাধাৰণ শব্দৰ ব্যৱহাৰ

চহা বা কথ্য শব্দ ব্যৱহাৰ (যেনে— বাহ, দাৰুণ, হ্যাঁ)

ব্যক্তিগত আৰু আবেগজনক ভাষা

সামৰণি:

আনুষ্ঠানিক লিখনি আৰু অনানুষ্ঠানিক লিখনি দুয়ো গুৰুত্বপূৰ্ণ। আনুষ্ঠানিক লিখনি শিক্ষা আৰু কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আনহাতে, অনানুষ্ঠানিক লিখনি আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ সৈতে সহজভাবে কথা পাতিবলৈ ব্যৱহাৰ কৰা হয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment