আধুনিক অসমৰ শিক্ষা ব্যৱস্থা ও নিবনুৱা সমস্যা – শিক্ষা ব্যৱস্থা, দুটা শব্দ মাথোন, কিন্তু ইয়াৰ গূঢ়াৰ্থ বৰ্তমানৰ আধুনিকতাৰ দুনিয়াত কিমান জনে জানে বাৰু? মহাভাৰতৰ গুৰুকূল ব্যৱস্থা আৰু আজিৰ শিক্ষা ব্যৱস্থাৰ মাজত পাৰ্থক্য জনাহলে আজিৰ অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নতি আৰু অৱনতিৰ বিষয়ে কব পাৰিলোহেতেন।
চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠানৰে আজিৰ অসম ভৰপূৰ, প্ৰতিটো গলিতে যেন শিক্ষাৰ ৰমৰমীয়া বেপাৰহে চলে , কিন্তু তাত গুণগত মানদণ্ডৰ শিক্ষা ব্যৱস্থা আছেনে কোনোবাই ভাবি চাইছোনে? আজিৰ যুগতো ভাব হয় যেন আমি প্ৰাচীনতম যুগতে আছো।
১৯০১ চনতে শিক্ষাৰ প্ৰসাৰৰ বাবে অসমৰ বুকুত গৰ্ব সহকাৰে গঢ়ি উঠিছিল কটন মহাবিদ্যালয় ( পাছলৈ কটন বিশ্ববিদ্যালয়)। তাৰ পিছতনো আৰু কি কম চৰকাৰী-বেচৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয় বহুত প্ৰতিষ্ঠা হল, প্ৰতিষ্ঠা লভিলে বহু উচ্চতৰ মাধ্যমিক, উচ্চ মাধ্যমিক বিদ্যালয় আনহাতে প্ৰতিষ্ঠা লভিলে বহু এম.ই.,এম.ভ., এল.পি. আৰু ব্যক্তিগত খণ্ডৰ বহু জাতীয় বিদ্যালয়। কিন্তু আমি কব পাৰিমনে আমাৰ অসমৰ শিক্ষা ব্যৱস্থা আজি উন্নয়নৰ শিখৰত উপনীত হৈছে, আমি কব পাৰিমনে উন্নত হৈছে ছাত্ৰৰ অৱস্থিতি ?
গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিৰ নিচিনা চৰকাৰী বিশ্ববিদ্যালয়ে হওক বা অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ নিচিনা ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে হওক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে হওক বা অসম কৃষি বিশ্ববিদ্যালয় বা অসম মীন বিশ্ববিদ্যালয়ে হওক, আজিও পোন আছেনে আমাৰ এই জাতীয় ৰাজহাড় হেন শিক্ষা কেন্দ্ৰ? আজিও ঠিক আছেনে ইয়াৰ শৈক্ষিক, আভ্যন্তৰীণ পৰিবেশ? মাজে মাজে বাতৰি কাকতত কিয় প্ৰকাশ পায় ছাত্ৰাবাসৰ জোৰ জুলুম আৰু আন বেয়া পৰিৱেশ ? ইয়াৰ আৰত কাৰ হাত আছে কোনোদিনা প্ৰকাশ পাবনে? আমাৰ নিচিনা ছাত্ৰই আৰু কিমানদিন ৰেগিংৰ চিকাৰ হব লাগিব? চৰকাৰ ও প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ কৰনীয় কি? প্ৰতিজন অসমীয়াই জনা এইবোৰ বাতৰি বাদ দিলো। প্ৰশ্ন হল মই পঢ়া পঢ়াশালিৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে কিমান জনে জানে বাৰু ? কোনোবা মন্ত্ৰী বিধায়ক নিৰ্বাচিত হৈ আমাৰ খবৰ লবলৈ আহিছেনে কেতিয়াবা? মহাবিদ্যালয়, বিশ্ববিদ্যালয় ঘূৰি ফুৰি নিজৰ দায়িত্ব শেষ কৰা নেতাই জানে নেকি মোৰ শ্ৰেণীত প্ৰতিজন শিক্ষকৰ বিপৰীতে কিমান জন ছাত্ৰ ছাত্ৰী আছে? জানেনে এতিয়াও বহু ছাত্ৰ ছাত্ৰী মাটিত বহি পঢ়ে । এনে ঠাইৰ পৰা জানো ভাল ডাক্তৰ, ভাল অভিযন্তা পাব পাৰি ?
মোৰ ঘৰৰ লগতে দুটাকৈ জাতীয় বিদ্যালয় আছে, তুলনামূলকভাৱে তাৰ ছাত্ৰ শিক্ষকৰ অনুপাত ঠিকেই কিন্তু যিটো সময়ত মোৰ মা দেউতা দিন হাজিৰা কৰে আনৰ ঘৰত তেনে স্থলত মোক জানো জাতীয় বিদ্যালয় বা ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমত পঢ়াব পাৰিব । সচাই যদি সামৰ্থ্য থাকিলেহেতেন মোৰ পিতৃ-মাতৃয়ে মোক কেতিয়াও ১০০ জন ছাত্ৰৰ বিপৰীতে ১ জন শিক্ষক থকা বিদ্যালয়ত নপঢ়ালেহেতেন । নিবনুৱাই জুৰুলা কৰা অসম মাতৃত শিক্ষিত নিবনুৱাৰ অভাৱ নাই, হিতাধীকাৰী সৃষ্টি কৰাতকৈ বিদ্যালয়ত যোগ্যজনক নিযুক্তি দি ছাত্ৰ সমাজ ও নিবনুৱাত জুৰুলাক সকাহ দিব নোৱাৰেনে?
আজি জানো সকলোতে মেধাৰ ওপৰত ভিত্তি কৰিয়েই নিযুক্তি দিয়া হয় বা নামভৰ্তি হয় নেকি জলপানৰ পৰিমানৰ ওপৰত ভিত্তি কৰি হয় কোনোবাই কবচোন। হাৰে! যিটো পৰিস্থিতিত মোক জাতীয় বিদ্যালয়ত পঢ়াব নোৱাৰে মোৰ বাবে জানো ৩-৪ লাখ টকাৰে চৰকাৰী চিট কিনি পঢ়াব পাৰিব মোক? মোৰ জানো পঢ়াৰ অধিকাৰ নাই? দুখীয়াৰ ঘৰত জন্ম লোৱাটো জানো মোৰ বাবে পাপ , নেকি মোৰ পিতৃ-মাতৃৰ, নেকি বিধাতাৰ ?
আজি কালিৰ শিক্ষা যেন শিক্ষা নহয় নিলামহে আৰু শিক্ষানুষ্ঠানবোৰ যেন টকাৰ খনি য’ত নাই কোনো মানবতা নৈতিকতাৰ স্থান। ভাবকচোন ৪-৫ লাখ টকাৰে চৰকাৰী চিট কিনি বছৰেকত ২-৩ লাখ খৰচ কৰি ডাক্তৰ হোৱা ডাক্তৰ জনে জানো নিঃস্বাৰ্থভাবে চিকিৎসা সেৱা আগবঢ়াব ? মানে ধৰক নিৰ্বাচনৰ সময়ত পইচা দি আপোনাৰ পৰা ভোট লোৱা মানুহজনে নিৰ্বাচিত হৈ আপোনাৰ হৈ কাম কৰিব বুলি ভাবেনে আপুনি? যিজন মানুহে চাকৰি লোৱাৰ বাবে লাখ লাখ টকা ঘোচ দিয়ে তেওঁ জানো নিঃস্বাৰ্থভাবে সেৱা আগবঢ়াব ? ঘোচ দিয়া চিষ্টেম সলনি হ’ব নে?
আজি জাপান বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ কিন্তু জাপানৰ ভঁৰালত নাই কোনো পাৰমাণবিক অস্ত্ৰ কিন্তু কিয়? কাৰণ জাপানে জানে পাৰমাণবিক আক্ৰমণে জাতি এটাক কিমান পিছলৈ লৈ যায় সেয়েহে জাপানে নিজেও নিবিচাৰে যাতে কোনো শক্ৰৰো তেনে পৰিস্থিতি হয় । আমি কিয় সলনি নহও নিযে যিটো পৰিস্থিতিত পৰিছিলো আনক কিয় পেলাও তেনে পৰিস্থিতিত? কালৰ সোঁতত আমিয়ে ইয়াৰ ফল ভূগিব লাগিব ।
আজিৰ অসমৰ সকলোতকৈ ভয়াবহ সমস্যাটো হ’ল নিবনুৱা সমস্যা যাৰ কবলত পৰি কিমান পৰিয়াল শেষ হৈছে কিমানজনে হিচাপ ৰাখিছে। প্ৰতিটো পৰিয়ালত ৰেচনৰ নামত সদস্য প্ৰতি ৫ কিলো চাউল আৰু মুৰব্বী জনীক অৰুনোদইৰ নামত ১২০০ টকা প্ৰদান কৰি জানো দায়িত্ব সামৰিব পাৰি? আকৌ এই আচঁনিবোৰ জানো উপযুক্ত জনে পাই আছে? অসম চৰকাৰে হিতাধীকাৰী আঁচনি বন্ধ কৰি নিবনুৱাক কৰ্ম সংস্থাপন দিব নোৱাৰেনে? মই এজন ভূক্তভূগি হিচাপে অসম চৰকাৰক অনুৰোধ জনাও যাতে হিতাধীকাৰী সৃষ্টি কৰা বাদ দি নিবনুৱাক কৰ্ম সংস্থাপন দিয়ে । কোনো সন্তান যাতে পিতৃৰ কান্ধৰ বোজা হ’ব নালাগে।
আজি আমাৰ অসমৰ শিক্ষা ব্যৱস্থা এনে ৰূপ পাইছে যে কিবা এটা চৰকাৰী এনট্ৰেন্স পৰীক্ষা দিবলৈ হ’লেও ১৬০০-২০০০ টকা মাছুল পৰিশোধ কৰিব লাগে। এই মাছুলটো কিমান আমাৰ নিচিনা ছাত্ৰইহে বুজি পায় , AC ৰ তলত বহি মাছুল নিৰ্ধাৰণ কৰাজনেনো কি বুজি পাব ? এটা কথা মনত পৰিল, যোৱা ০৮-০৬-২০২৫ তাৰিখে মোৰ গুৱাহাটী কমাৰ্চ কলেজত SSUHS য়ে অনুষ্ঠিত কৰা ফাৰ্মাছিৰ এনট্ৰেন্স পৰীক্ষা আছিল। পৰীক্ষা হলত সোমোৱাৰ আগত মোৰ মোবাইলটো বেগত ভৰাই গেটৰ ভিতৰতে থৈছিলো, পৰীক্ষাৰ পিছত মোবাইল উধাও ( লগে লগে চান্দমাৰী আৰক্ষী চকীত এজাহাৰ দিও যদিও মোবাইল এতিয়ালৈ পোৱা নাই)
তেন্তে ২০০০ টকা প্ৰদান কৰিও জানো আমি আমাৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰোঁ।
আজি ইমানবোৰ সমস্যাৰ বিষয়ে আমাতকৈ বেছি কোনেও নাজানে বোধ হয় কাৰণ আমি যিটো পৰিৱেশত আছিলো আৰু যিটো পৰিৱেশত এতিয়া আছো হয়তো তেনে পৰিৱেশৰ কথা মন্ত্ৰী বিধায়কে ভাবিব নোৱাৰে।
অসমৰ শিক্ষা জগতৰ অন্যতম সমস্যা হল মাতৃভাষাক প্ৰাধান্যতা প্ৰদান নকৰা। আজি যেন অসমত অসমীয়া ভাষাৰ কোনো গুৰুত্ব নাই, এলাগী হৈছে মোৰ মাতৃভাষা অসমীয়া। বড়ো মানুহে বড়ো ভাষাক প্ৰাধান্য দিয়ে, বঙালী মানুহে বঙালী ভাষাক কিন্তু আমাৰ অসমীয়াই গুৰুত্ব দিয়ে ইংৰাজী আৰু বঙালীত । মাতৃভাষাৰ সলনি সন্তানক শিক্ষা প্ৰদান কৰে ইংৰাজী মাধ্যমত বা বঙালী মাধ্যমত । চৰকাৰে যেন অসমীয়া ভাষাক শেষ কৰাৰ ঠিকা লৈছে, অসম চৰকাৰক অনুৰোধ জনাও অসমীয়া ভাষাক সমৃদ্ধিশালী কৰিব নোৱাৰিলে নাই কিন্তু আমাৰ মাতৃভাষা শেষ নকৰিব । মনত ৰাখিব লাচিতে কৈছিল ‘ দেশতকৈ মোমাই ডাঙৰ নহয়’ আৰু আমি লাচিতৰ দেশৰে মানুহ। সকলোৱে মাতৃভাষাক যি এলাগী কৰি থৈছে ভাৱ হৈছে ১৮৬৩ চনৰ ভাষা আন্দোলন অৰ্থহীন।
অৱশেষত সমূহ লিখনিৰ শেষত অসমীয়া ভাষা, অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে চৰকাৰ তথা অসমীয়া জনতা ওলাই আহিব তাৰেই আশা ৰাখিছো। পাণ্ডুলিপি ত সহায় কৰা ছাহানাজ আকতাৰ ওৰফে পাৰুলক ( চৰাবড়ী বিলপাৰ) ধন্যবাদ জনাইছোঁ ।
সমূহ ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি আজি ইয়াতে সামৰিছো।
Biodata: