Join WhatsApp

Join Now

Join Telegram

Join Now

আঘোণৰ কুঁৱলী Class 12 Assamese Chapter 14 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক আঘোণৰ কুঁৱলী Class 12 Assamese Chapter 14 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

আঘোণৰ কুঁৱলী Class 12 Assamese Chapter 14 Solutions

আঘোণৰ কুঁৱলী Class 12 Assamese Chapter 14 Solutions

আঘোণৰ কুঁৱলী – কেশৱ মহন্ত

কবি পৰিচয়: কেশৱ মহন্ত (১৯২৬-২০০৬) অসমীয়া প্রগতিশীল কবি আৰু গীতিকাৰ। তেওঁ জামুগুৰিহাট হাই স্কুলত শিক্ষক হিচাপে কর্ম জীৱন আৰম্ভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রকাশন বিষয়া হিচাপে অৱসৰ লয়। তেওঁৰ প্ৰথম কবিতা পুথিখন হ’ল ‘আমাৰ পৃথিৱী’। তেওঁৰ অন্যান্য কবিতা পুথিসমূহ হ’ল – আগন্তুক, তোমাৰ তেজ, মোৰ শুকান কলিজাত কুঁহিপাত, ৰ’দ চিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধৱলী বৰণ, বকুত এজাক ধুমুহা। ‘মোৰ যে কিমান হেঁপাহ’ তেওঁৰ দ্বাৰা ৰচিত গীতৰ সংকলন। এই পুথিখনৰ বাবে মহন্তুই সাহিত্য একাডেমী বঁটা লাভ কৰে। তেওঁ শিশু সাহিত্যও ৰচনা কৰিছিল। ওমলা ঘৰ, আৰু মা আমি শদিয়ালৈ যামেই তেওঁৰ শিশু সাহিত্য পুথি। ২০০৬ চনত কেশব মহন্ত স্বর্গগামী হয়।

কঠিন শব্দৰ অৰ্থঃ

কেচ্ কেচ্ঃ কাঁচিৰে ধান কাটোতে হোৱা শব্দ। বিৰিঙা: অলপকৈ নিগৰি ওলোৱা। ডাঙৰি (HS ’17): ধানৰ সৰু সৰু মুঠি একেলগ কৰি বন্ধা ডাঙৰ মুঠা। তেউ হালধীয়া: তেল হালধীয়া, পাতল হালধীয়া। পতা-সোণ: সোণাৰীয়ে পিটি পাতল কৰা সোণ। সোতৰ বছৰ হোৱা কবিয়ে বিচাৰি যোৱা দাৱনীৰ বয়স সোতৰ বছৰ। মোক তোল আঘোণ: পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণক বুজাইছে। উৰুলি: শুভ কার্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ। ৰাগি: নিচা, মাদকতা। তৰা-জৰী (H.S. ’18): তৰা গছৰ জৰী।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্ৰতিটোৰ মূল্যাংক: ১)

১। ‘কবি কেশর মহন্তই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাদেমি বঁটা লাভ কৰিছিল? H.S. 17

উত্তৰ: কবি কেশৱ মহন্তই ‘মোৰ যে কিমান হেঁপাহ’ কাব্যগ্রন্থৰ বাবে সাহিত্য একাদেমি বঁটা লাভকৰিছিল।

২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। H.S. 18

উত্তৰ: কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথি হ’ল: ‘মোৰ যে কিমান হেঁপাহ’।

৩। ‘পছোৱা’ আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল?

নাইবা

‘পছোৱা’ আলোচনীখনৰ সম্পাদকগৰাকীৰ নাম লিখা। H.S. 20

উত্তৰ: হেম বৰৰুৱা।

৪। ‘কেশর মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে আত্ম প্রকাশ কৰিছিল?

উত্তৰ: “জয়ন্তী’ আলোচনীত।

৫। ‘আঘোণী বুবলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী’ কোন?

উত্তৰ: ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত থকা ‘সেউতী’ হৈছে কবিৰ প্ৰেয়সী।

(খ) চমু প্রশ্ন (প্রতিটোৰ মূল্যাংক: ২/ ৩)

১। ‘জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: ‘জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’লঃ

(ক) সিহঁতে বাস্তৱ সামাজিক জীৱনৰ দুখ-শোক, হাঁহি-কান্দোন, অর্থনৈতিক ভেদ-ভাদ, দুখীয়াসকলৰ কাৰুণ্যময় জীৱন, প্রগতিশীল চিন্তাধাৰা আদিক বিষয়-বস্তু হিচাপে লৈ কবিতা ৰচনা কৰিছিল।

(খ) কবিতাত কথিত গদ্যময়ী ভাষাৰ ব্যৱহাৰ কৰিছিল।

২। অসমীয়া কবিতাত আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা।

উত্তৰ: অসমীয়া কবিতাত আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনী হ’ল : ‘জয়ন্তী’, বাঁহী’ আৰু ‘ৰামধেনু’।

৩। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ: কেশৱ মহন্তই ৰচনা কৰা দুখন কবিতা পুথি হ’ল: ‘আমাৰ পৃথিৱী’, আৰু ‘মোৰ শুকান কলিজাৰ কুঁহিপাত’।

৪। ‘আঘোণৰ পথাৰত কাম আৰু কাম।’: কবিয়ে আঘোণৰ পথাৰত থকা কি ‘কাম’ৰ বিষয়ে ইংগিত দিছে।

উত্তৰ: ‘আঘোণৰ পথাৰ পকা ধানেৰে ভৰি থাকে। সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যক্ত থাকে। অসমীয়া তিৰোতসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা আদি নানান কাম কৰিবলগা হয়। কবিয়ে কবিতাটোত ‘আঘোণৰ পথাৰত কাম আৰু কাম’ কথাষাৰৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত দিছে।

৫। ‘উকলি’ আৰু ‘বাগি’ শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰ:

শব্দ অর্থ 

‘উৰুলি’ শুভ কার্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ।

ৰাগি নিচা, মাদকতা।

(গ) দীঘল প্রশ্ন (প্রতিটোৰ মূল্যাংক: ৪। ৫)

১। আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে, বুজাই লিখা।

উত্তৰ আঘোণ মাহত অসমীয়া তিৰোতাসকলে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকো আর্কষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেসয়ীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্রেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। এনেদৰে আঘোণৰ কুঁৱলীয়ে কবিক আমনি কৰিছে।

২। আঘোণৰ পথাৰৰ মন পৰশা চিত্র ‘আঘোণৰ কুঁৱলী’ত কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।

উত্তৰ: কবি কেশৱ মহন্তই ‘আঘোণৰ কুঁৱলী’ কবিতাটোত সহজ সৰল অথচ মন পৰশা গাঁৱলীয়া প্ৰেমৰ চিত্ৰ অংকন কৰিছে। আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকো আকর্ষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেসয়ীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। এনেদৰে কবিয়ে ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোত সহজ সৰল প্ৰেমৰ চিত্র অংকন কৰিছে।

৩। ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বজাই লিখা। H.S. ’17

উত্তৰ: কবি কেশৱ মহন্তই ‘আঘোণৰ কুঁৱলী’ কবিতাটোত সহজ সৰল অথচ মন পৰশা গাঁৱলীয়া প্ৰেমৰ চিত্ৰ অংকন কৰিছে। আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকো আর্কষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেসয়ীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।

৪। ‘আঘোণৰ কুঁ বলী’ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰ: কবি কেশৱ মহন্তই ‘আঘোণৰ কুঁৱলী’ শিৰোনামাৰ কবিতাটিত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবিৰ অন্তৰৰ বিষাদবোধ তলত দিয়া ধৰণে অংকন কৰিছে। আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধান চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মুৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকো আর্কষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেসয়ীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। এনেদৰে কবিয়ে ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোত সহজ সৰল প্ৰেমৰ চিত্ৰ অংকন কৰাৰ লগতে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰাত মনত উদয় হোৱা বিষাদবোধৰো চিত্র অংকন কৰিছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

(ক) ‘আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি, কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম।’

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

আঘোণৰ পকা ধাননি পথাৰত অসমীয়া তিৰোতাসকলে ধান চপোৱাৰ বাবে কেনেদৰে ব্যস্ত হয় তাৰ চিত্ৰ উদ্ধৃত কবিতাফাকিৰ মাজেৰে ফুটাই তোলা হৈছে।

আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মুৰত খোপা বান্ধি পথাৰত নামে। সিহঁতে মুঠি মুঠি ধান কাটি ডাঙৰি বান্ধে। সেই সময়ত সিহঁত ইমানেই ব্যস্ত হৈ পৰে যে ওপৰলৈ মূৰ তুলি চাবলৈয়ো সময় নাপায়। আঘোণৰ পথাৰত দাৱনীসকলৰ কাম বহুত। সিহঁতে এই কাম সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে আনন্দৰ সৈতে কৰি থাকে। কবিতাফাকিৰ মাজেৰে অসমীয়া তিৰোতাসকলৰ কর্তব্যবোধ আৰু ব্যস্ততাপূর্ণ জীৱনৰ চিত্র ফুটি উঠিছে।

(খ) ‘আঘোণৰ পথাৰত উৰুলিৰ ৰাগি আছে, বাগি আছে, আঘোণৰ পথাৰত ৰাগি আৰু ৰাগি।’

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কেশর মহন্তই ৰচনা কৰা ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

আঘোণ মাহৰ পকা ধাননি পথাৰত ব্যস্ত থকা সময়তো যে ডেকা-ডেকেৰীৰ মনত প্ৰেমৰ উদয় হ’ব পাৰে সেই প্রসংগত কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

প্রেম এক সহজাত অনুভূতি। যিকোনো মূহুর্তত আৰু যিকোনো পৰিৱেশত ডেকা-ডেকেৰীৰ মনত প্রেমানুভূতিৰ উদয় হ’ব পাৰে। আঘোণৰ পথাৰত কর্মব্যস্ত গাভৰুহঁতক চাই কবিৰ মনতো প্ৰেমৰ অনুৰণন জাগি উঠছে। আঘোণমহীয়া পথাৰৰ ওপৰেদি বন-হাঁহবোৰ উৰি যোৱা দেখিলে ডেকা-গাভৰুৰ মনো এক বিশেষ ৰাগীত (প্রেমানুভূতিত) উৰা মাৰে ভালপোৱাজনৰ কাষলৈ। অর্থাৎ আঘোণৰ পথাৰত কামৰ লগতে প্রেমানুভূতিৰ আনন্দও আছে।

(গ) ‘আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীত দাবনী ঢাকিলে আঘোণৰ কুঁৱলীতে সেউতী হেৰালে ডাঙৰি বান্ধিম বুলি তাৰ-জৰী তোলাতে থাকিল …..’

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তর্গত কেশর মহন্তই ৰচনা কৰা ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কতিাফাকিৰ জৰিয়তে কবিয়ে আঘোণৰ পথাৰত কুঁৱলীয়ে ঢাকি ৰখা বাবে নিজৰ প্ৰেয়সীক চাব নোৱাৰি বিষাদত উক্ত কথাষাৰ কৈছে।
কবিয়ে আঘোণৰ পথাৰত কাঁচিবে ধান কাটি থকা গাভৰু ছোৱালীসকলৰ মাজত নিজৰ প্ৰেয়সী সেউতীক বিচাৰিছে। কিন্তু পথাৰখন কুঁৱলীয়ে ঢাকি ৰখা বাবে কবিয়ে নিজৰ প্ৰেয়সী তাত আছে নে নাই চাব পৰা নাই। গাভৰুসকলে ধান মুঠি মুঠিকৈ কাটি ডাঙৰি বান্ধি আছে, কিন্তু কবিয়ে কল্পনাত নিজৰ মন প্রেয়সী সেউতীৰ মনৰ লগত ডাঙৰি বন্ধা দি বান্ধি আছে।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া : (মূল্যাংক: ১)

(ক) ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ কবি কোন?

উত্তৰ: আঘোণৰ কুঁৱলী’ শিৰোনামাৰ কবিতাটিৰ কবিজন হ’ল- কেশর মহন্ত।

(খ) কেশৱ মহন্তৰ প্রকাশিত প্রথম কবিতা পুথিখনৰ নাম কি?

উত্তৰ: কেশৱ মহন্তৰ প্ৰকাশিত প্রথম কবিতা পুথিৰখনৰ নাম ‘আমাৰ পৃথিবী’।

(ঘ) কেশর মহন্ত কোন শ্রেণীৰ কবি?

উত্তৰ: কেশৱ মহন্ত প্রগতিশীল কবি।

(চ) কেশৱ মহন্তই কোন চনত জন্ম গ্রহণ কৰিছিল?

উত্তৰ: কেশৱ মহন্তুই ১৯২৬ চনত জন্ম গ্রহণ কৰিছিল।

(জ) আঘোণৰ কুঁৱলীয়ে কি ভেটিছে?

উত্তৰ: আঘোণৰ কুঁৱলী’য়ে বাট ভেটিছে।

(ঝ) কেশৱ মহন্তুই ৰচনা কৰা এখন শিশু গ্ৰন্থৰ নাম লিখা।

উত্তৰ: কেশৱ মহন্তুই ৰচনা কৰা এখন শিশু গ্ৰন্থৰ নাম হ’ল- ‘মা আমি শদিয়ালৈ যামেই’।

(ঞ) কোনখন অসমীয়া আলোচনীৰ যোগেদি অসমীয়া আধুনিক কবিতাৰ বিকাশ সাধন হয়?

উত্তৰঃ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত ‘ৰামধেনু’ আলোচনীৰ যোগেদি অসমীয়া আধুনিক কবিতাৰ বিকাশ সাধন হয়।

(চ) ‘মোৰ শুকান কলিজাৰ কুঁহিপাত’ কাব্যগ্ৰন্থখন কাৰ ৰচনা?

উত্তৰ: কেশৱ মহন্তৰ।

(ছ) ‘বদ জিকিমিকি’ কাব্য গ্ৰন্থৰ ৰচক কোন? H.S. ’19

উত্তৰ: কেশৱ মহন্ত।

(জ) ‘আঘোণৰ পথাৰত কাম আৰু কাম’ কবিয়ে আঘোণৰ পথাৰত কি কি কামৰ বিষয়ে ইংগিত কৰিছে? H.S. ’19

অসমীয়া তিৰোতাসকলে ধান চপোৱাৰ বাবে উত্তৰ: আঘোণৰ পকা ধাননি পথাৰত কেনেদৰে ব্যস্ত হয় তাৰ চিত্ৰ উদ্ধৃত কবিতাফাকিৰ মাজেৰে ফুটাই তোলা হৈছে। আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মুৰত খোপা বান্ধি পথাৰত নামে। সিহঁতে মুঠি মুঠি ধান কাটি ডাঙৰি বান্ধে। সেই সময়ত সিহঁত ইমানেই ব্যক্ত হৈ পৰে যে ওপৰলৈ মূৰ তুলি চাবলৈয়ো সময় নাপায়। আঘোণৰ পথাৰত দাৱনীসকলৰ কাম বহুত। সিহঁতে এই কাম সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে আনন্দৰ সৈতে কৰি থাকে। কবিতাফাকিৰ মাজেৰে অসমীয়া তিৰোতাসকলৰ কর্তব্যবোধ আৰু ব্যস্ততাপূর্ণ জীৱনৰ চিত্র ফুটি উঠিছে।

(জ) আঘোণৰ পথাৰত কুঁৱলী নথকা হ’লে কবিয়ে কি কি দেখা পালেহেঁতেন প্রথম দুটা স্তৱকৰ আলমত লিখা। H.S. ’19

উত্তৰ: আঘোণ মাহত অসমীয়া তিৰোতাসকলে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকো আর্কষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেসয়ীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্রেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।

(ঝ) ‘আঘোণৰ কুঁৱলী’ কবিতাটিত কবিয়ে সেউতীক উদ্দেশ্যি বৌদেউক বন্ধনীত সোধা কাব্যপংক্তিটো কি আছিল? H.S. ’20, ’24

উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ কবিতাটিত কবিয়ে সেউতীক উদ্দেশ্যি বৌদেউক সোধা পংক্তিটো হ’ল- ‘বাইদেউ, আপুনিয়ে কৈছিল সেউতীৰ কথা! মোৰ কথা সেউতীক কৈছিল জানো?

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×