Class 12 Logic And Philosophy Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Logic And Philosophy বিষয়ৰ পাঠভিত্তিক আগমন Class 12 Logic And Philosophy Chapter 1 Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
আগমন Class 12 Logic And Philosophy Chapter 1 Solutions
আগমন
ক-অংশ
তর্ক বিজ্ঞান
প্রথম অধ্যায়
ক. অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)
১। বৈজ্ঞানিক আগমনে কেনে ধৰণৰ বচন প্রতিষ্ঠা কৰে?
উত্তৰ: সার্বিক যথার্থ বচন।
২। ‘আগমনৰ সিদ্ধান্ত আশ্রয় বাক্যতকৈ কম ব্যাপক’ উক্তিটো সচা নে মিছা?
উত্তৰ মিছা।
৩। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাব্য স্বভাবৰ’: উক্তিটো সঁচানে মিছা?
উত্তৰ: মিছা।
৪। ঘটনা সংযোজন প্রকৃত আগমনৰ এটা প্রকাৰ হয়নে?
উত্তৰ: নহয়।
৫। ‘অবৈজ্ঞানিক আগমনে বৈজ্ঞানিক আগমনৰ বাট মুকলি কৰে’ কথাষাৰ সঁচানে?
উত্তৰ সঁচা।
৬। ‘আগমন আৰু নিগমন এটা আনটোৰ পৰিপূৰক’ সঁচানে?
উত্তৰ সঁচা।
৭। আগমনৰ মূল বৈশিষ্ট্য কি?
উত্তৰ: আগমনাত্মক জীপ।
৮। পূর্ণ আগমনত জাঁপ থাকেনে?
উত্তৰ: নাথাকে।
৯। সাদৃশ্যানুমানৰ মূল ভিত্তি কি?
উত্তৰ : সাদৃশ্য থকা বিষয়ৰ সংখ্যা।
১০। ‘আগমন আৰু নিগমনৰ পাৰ্থক্য মূলগত’ কথাষাৰ সঁচানে?
উত্তৰ সঁচা নহয়।
১১। ‘প্রকৃতিৰ একৰূপতা নীতি অবৈজ্ঞানিক আগমনৰ ভিত্তি’ সঁচানে?
উত্তৰ সঁচা।
১২। ‘পাচিটোত থকা সকলোবোৰ আম মিঠা’-ই কোন প্ৰকাৰৰ আগমনৰ উদাহৰণ?
উত্তৰ: পূৰ্ণ আগমনৰ।
১৩। ‘আগমন জাঁপ’ নাথাকিলে সেই আগমনক কি বোলে?
উত্তৰ: তথাকথিত আগমন।
১৪। সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ নে?
উত্তৰ নহয়।
১৫। সাদৃশ্যমূলক অনুমানত জনাৰ পৰা নজনালৈ যোৱা হয় নে? H. S. ’17
উত্তৰ: হয়।
১৬। বৈজ্ঞানিক আগমন কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰশীল হয়নে?
উত্তৰ: হয়।
১৭। ‘সকলো কাউৰী ক’লা’ঃ ই কোন প্ৰকাৰৰ আগমনৰ উদাহৰণ?
উত্তৰ: অবৈজ্ঞানিক।
১৮। আগমন অনুমান কেই প্ৰকাৰৰ?
উত্তৰ দুই প্রকাৰৰ।
১৯। ‘বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত’- কিয়?
উত্তৰ: বৈজ্ঞানিক আগমনে কার্যকাৰণ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত বচন প্রতিষ্ঠা কৰে বাবে ইয়াৰ সিদ্ধান্ত বচন নিশ্চিত।
২০। শুদ্ধ উত্তৰটো নিৰ্ণয় কৰাঃ
আগমন অনুমানত সামান্যৰ পৰা বিশেষলৈ। বিশেষৰ পৰা সামানালৈ গতি কৰা হয়।
উত্তৰ বিশেষৰ পৰা সামান্যলৈ।
২১। শুদ্ধটো বাছি উলিওৱা:
আগমনৰ অনুমান আকাৰগত সত্যতা। বস্তুগত সত্যতা/ উভয় সত্যতাত লগত জড়িত।
উত্তৰ: উভয় সত্যতাৰ লগত জড়িত।
২২। যথার্থ আগমন কেই প্ৰকাৰৰ?
উত্তৰ: তিনি প্ৰকাৰৰ।
২৩। ঘটনা সংযোজন আৰু পূর্ণ গণনাভিত্তিক আগমনৰ মাজত পার্থক্য আছেনে?
উত্তৰ: আছে।
২৪। ‘আগমন অনুমানৰ আশ্রয়বাক্যই সিদ্ধান্তৰ সত্যতাৰ নিশ্চয়তা সাব্যস্ত কৰে।’ কথাষাৰ সত্যনে? H. S. ’15
উত্তৰ: অসতা।
২৫। ‘নিম্নোক্ত কোনটি উক্তি শুদ্ধ? H. S. ’15
(ক) আগমন কেৱল আকাৰগত সত্যতাৰ লগত জড়িত।
(খ) আগমন হৈছে এক সামান্যকৰণৰ প্ৰণালী।
(গ) আগমনৰ সিদ্ধান্তই ইয়াৰ আশ্রয় বাক্যবোৰৰ পৰা অনিবার্যভাবে নিঃসৃত হয়?
উত্তৰঃ (খ) আগমন হৈছে এক সামান্যক্ৰণৰ প্ৰণালী।
২৬। যথার্থ আগমনৰ মূল লক্ষণ কি? H. S. ’17, 20
উত্তৰ: আগমনাত্মক জীপ।
২৭। নিম্নোক্ত আগমনৰ প্রকাসমূহৰ কোনটোত আগমনাত্মক জাঁপ থাকে? H. S. ’16
(ক) পূর্ণ আগমন
(খ) সাদৃশ্যমূলক আগমন
(গ) ঘটনা সংযোজন
(ঘ) যুক্তি সাদৃশ্যানুমান।
উত্তৰ : সাদৃশ্যমূলক আগমন।
২৮। তথাকথিত আগমান বা আগমনাভাস কাক বোলে? H. S. ’14, 18
উত্তৰ যি আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ নাথাকে, তাকে তথাকথিত আগমন বা আগমনাভাস বোলে।
২৯। বৈজ্ঞানিক আগমনৰ আধাৰ কি? H. S. ’18
উত্তৰ: অবাধিত অভিজ্ঞতা।
৩০। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয়নে? H. S. ’18
উত্তৰ হয়।
৩১। তাপ পালে সকলো বস্তুৰ আয়তন বাড়ে’- এইটো বৈজ্ঞানিক আগমনৰ উদাহৰণ হয় নে?
উত্তৰ: হয়।
৩২। আগমন প্ৰকাৰৰ। (খালী ঠাই পূৰণ কৰা) H. S. ’18
উত্তৰ : তিনি
৩৩। তর্ক বিজ্ঞানৰ মূল আলোচ্য বিষয় কি? H. S. ’19
উত্তৰ চিন্তা, অনুমান আৰু যুক্তি।
৩৪। ইংৰাজী বৰ্ষৰ প্রতিটো মাহেই ৩২ দিনতকৈ কম। উক্তিটো কি আগমনৰ উদাহৰণ?
উত্তৰ: তথাকথিত আগমন।
৩৫। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ হয়নে? H. S. ’19
উত্তৰ নহয়।
৩৬। পূর্ণ আগমনত আগমন জাঁপ আছে নে? H. S. ’19
উত্তৰ: নাই।
৩৭। সাদৃশ্যমূলক অনুমানে কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰেনে? H. S. ’20
উত্তৰ: নকৰে।
৩৮। বৈজ্ঞানিক অনুমানে কোন প্ৰকাৰৰ বচন প্রতিষ্ঠা কৰে? H. S. ’20
উত্তৰ: যথার্থ বচন।
৩৯। ‘আগমনৰ ভিত্তিয়েই আগমনৰ ফল’ কথাষাৰ কোনে কৈছিল? H. S. ’20
উত্তৰঃ জন স্টুৱার্ট মিল।
খ. চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক- ২)
১। আগমন কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ আগমন প্রধানতঃ দুই প্রকাৰৰ, যেনে
(ক) প্রকৃত আগমন আৰু
(খ) তথাকথিত আগমন বা আগমনাভাস।
প্রকৃত আগমন আকৌ তিনি প্রকাৰৰ, যেনে: (ক) বৈজ্ঞানিক আগমন (খ) অবৈজ্ঞানিক আগমন আৰু
(গ) সাদৃশ্যানুমান।
তথাকথিত আগমন আকৌ তিনি প্ৰকাৰৰ, যেনে (ক) পূর্ণ আগমন, (খ) যুক্তি সাদৃশ্যানুমান আৰু
(গ) ঘটনা সংযোজন।
২। বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া। H. S. ’18, 19
উত্তৰ : যি আগমন অনুমানত বিশেষ বিশেষ ঘটনা নিৰীক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কার্য-কাৰণ সম্বন্ধৰ ভিত্তিত সেই জাতীয় সকলো ঘটনা সম্পর্কে এটা যথার্থ বচন সিদ্ধান্ত হিচাপে প্রতিষ্ঠা কৰা হয়, তাকে ‘বৈজ্ঞানিক আগমন’ বোলে।
উদাহৰণঃ বাম হয় মৰণশীল। বহিম হয় মৰণশীল।
এতেকে সকলো মানুহ মৰণশীল।
৩। অবৈজ্ঞানিক আগমন কি? বা অবৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া। H. S. ’20
উত্তৰ: প্রকৃতিৰ বিশেষ বিশেষ ঘটনাৰাজিক নিৰীক্ষণ কৰি কাৰ্য-কাৰণ নিয়ম প্রতিষ্ঠা নকৰি কেবল অপ্রতিৰুদ্ধ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি যি সামান্য সিদ্ধান্ত বচন প্রতিষ্ঠা কৰা হয়, তাকে ‘অবৈজ্ঞানিক আগমন’ বোলে।
৪। তথাকথিত আগমন বা আগমনাভাসৰ সংজ্ঞা দিয়া।
উত্তৰ: যি আগমনত আগমনৰ মূল লক্ষণ ‘আগমনাত্মক জাঁপ’টো নাথাকে অর্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনাৰ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক ‘তথাকথিত আগমন’ বা ‘আগমনাভাস’ বোলে।
৫। নিগমন অনুমান কাক বোলে?
উত্তৰ যি অনুমান প্রক্রিয়াত সার্বিক সম্বন্ধৰ জ্ঞানৰ ভিত্তিত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাকে ‘নিগমন অনুমান’ বোলে।
৬। প্রকৃত আগমন কাক বোলে?
উত্তৰ : যি আগমনত আগমনৰ মূল লক্ষণ ‘আগমনাত্মক জাঁপ’ থাকে অর্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাকে ‘প্রকৃত আগমন’ বোলে।
৭। ‘যুক্তি’ কাক বোলে?
উত্তৰ: অনুমানক যেতিয়া ভাষাত প্রকাশ কৰা হয়, তেতিয়া তাক ‘যুক্তি’ বুলি কোৱা হয়। এটা যুক্তি দুটা বা ততোধিক বচনৰ দ্বাৰা গঠিত হয়।
৮। আধাৰবাক্য বা আশ্রয়বাক্য বুলিলে কি বুজা?
উত্তৰ : যি বচনৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰি আন এটা বচনৰ সত্যতাত উপনীত হোৱা যায় তাক ‘আধাৰবাক্য’ বা ‘আশ্রয়বাক্য’ বুলি কোৱা হয়।
১০। সিদ্ধান্ত কাক বোলে?
উত্তৰ যি যি বচনৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰি আন এটা বচনৰ সত্যতাত উপনীত হোৱা যায় তাক ‘আধাৰবাক্য’ বা ‘আশ্রয়বাক্য’ বুলি কোৱা হয় আৰু আশ্রয় বাক্যৰ পৰা যিটো বচন নিঃসৃত কৰা হয়, তাকে ‘সিদ্ধান্ত’ বোলে।
১১। সাদৃশ্যানুমান কি?
উত্তৰ দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয়, তাক ‘সাদৃশ্যানুমান’ বোলে।
১২। আগমনাত্মক জাঁপ (আগমনাত্মক সংকট) কি?
নাইবা
আগমনাত্মক জাঁপৰ সংজ্ঞা দিয়া। H. S. 18
উত্তৰ: আগমন অনুমান প্রক্রিয়াত বিশেষ বিশেষ ঘটনাৰ অভিজ্ঞতাৰ ভিত্তিত সার্বিক সম্বন্ধৰ জ্ঞানত উপনীত হওঁতে যি জাঁপ বা সংকট সৃষ্টি হয়, সেই জাঁপকে ‘আগমন জাঁপ’ বা ‘আগমন সংকট’ বুলি কোৱা হয়।
১৩। পূর্ণ আগমন কি?
উত্তৰ : যি আগমনত সন্নিবিষ্ট প্রত্যেকটো বিশেষ সিদ্ধান্তকেই পৃথক পৃথকভাৱে পৰীক্ষা কৰি সামান্য বচন প্রতিষ্ঠা কৰা হয়, তাকে ‘পূর্ণ আগমন’ বোলে।
১৪। সু-সাদৃশ্যানুমান কাক কয়?
নাইবা
উপযুক্ত উদাহৰণসহ সু-সাদৃশ্যমূলক অনুমানৰ সংজ্ঞা দিয়া। H. S. ’14. ’18
উত্তৰ যি অনুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য হয়, সেই অনুমানক ‘সু-সাদৃশ্যানুমান’ বোলে।
উদাহৰণ
পৃথিৱীৰ দৰে মংগল গ্রহতো মাটি, পানী আৰু বায়ু আছে।
পৃথিৱীত জীৱ আছে, সেয়ে মংগল গ্রহতো জীর আছে।
১৫। উপযুক্ত উদাহৰণসহ দু-সাদৃশ্যানুমান বা কু-সাদৃশ্যানুমানৰ সংজ্ঞা দিয়া? H. S. ’15
উত্তৰ যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য নহয়, গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য মাত্র, সেই সাদৃশ্যানুমানক ‘দু-সাদৃশ্যানুমান’ বা ‘কুসাদৃশ্যানুমান’ বোলে। উদাহৰণ-মানুহৰ দৰে গৰুৰো জন্ম, বৃদ্ধি আৰু মৃত্যু আছে। মানুহৰ বুদ্ধি আছে সেয়ে গৰুৰো বুদ্ধি আছে।
১৬। নিগমন আৰু আগমনৰ মাজত দুটা পার্থক্য উল্লেখ কৰা। H. S. 15. ’17, 19
উত্তৰ নিগমন আৰু আগমনৰ মাজৰ দুটা পার্থক্য হ’ল
(ক) নিগমনত সার্বিকৰ পৰা বিশেষ সত্যলৈ যোৱা হয়। কিন্তু আগমনত বিশেষৰ পৰা সার্বিকলৈ যোৱা হয়।
(খ) নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত। আনহাতে আগমন বস্তুগত আৰু আকাৰগত উভয় সত্যতাৰ লগত জড়িত।
১৭। সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত কিয় সম্ভাৱনামূলক? H. S. ’18
উত্তৰ : সাদৃশ্যমূলক অনুমান কার্যকাৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত নহয় বাবে ইয়াৰ সিদ্ধান্ত সম্ভারনামূলক।
১৮। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কিয় সম্ভাৱনামূলক? H. S. ’18
উত্তৰ: অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক কাৰণ এনে অনুমানত কাৰ্যকাৰণ সম্বন্ধ নির্ণয় নকৰাকৈ কেৱল অবাদিত অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত প্রতিষ্ঠা কৰা হয়।
১৯। “মানুহৰ দৰে উদ্ভিদৰো জন্ম, বৃদ্ধি আৰু মৃত্যু আছে। মানুহৰ বুদ্ধি আছে। গতিকে উদ্ভিদবো বুদ্ধি আছে।” এনে সাদৃশ্যমূলক অনুমানক কোন প্ৰকাৰৰ সাদৃশ্যমূলক অনুমান বুলি কোৱা হয়। H. S. ’18
উত্তৰ: দু-সাদৃশ্যানুমান (কু-সাদৃশ্যানুমান)।
২০। কাৰ্যকাৰণ বিধিক কিয় আকাৰগত ভিত্তি বোলা হয়? H. S. ’19
উত্তৰ কাৰ্যকাৰণ বিধিৰ জৰিয়তে আগমনৰ আকাৰগত সত্যতা প্রতিষ্ঠা কৰা হয় ববে ইয়াক আগমনৰ আকাৰগত ভিত্তি বোলা হয়।
গ. মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ৪)
১। আগমনৰ পদ্ধতিৰ স্তৰ কেইটাৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ: আগমনৰ পদ্ধতিৰ স্তৰ চাৰিটা, যথা: (ক) নিৰীক্ষণ (খ) প্রকল্প গঠন (গ) সামান্যীকৰণ আৰু (ঘ) সত্যাপন। তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল:
(ক) নিৰীক্ষণ: আগমন অনুমানত বিশেষৰ পৰা সামন্যলৈ যোৱা হয়। এই পদ্ধতিৰ প্রথম স্তৰটো হ’ল নিৰীক্ষণ। ঘটনাৰ মাজত কি প্ৰকাৰৰ একরূপী আৰু কাৰ্যকাৰণ সম্বন্ধ আছে তাক পোনতে নিৰীক্ষণ কৰা হয়।
(খ) প্রকল্প গঠন: আগমনৰ দ্বিতীয় স্তব হ’ল প্রকল্প গঠন। এই স্তৰত জটিল ঘটনাৰ বিশ্লেষণ, অপসৰণ আৰু পাৰিপার্শ্বিক অৱস্থাৰ পৰিৱৰ্তনৰ দ্বাৰা যেতিয়া স্থিৰ কৰা হয় যে কোনো দুটা ঘটনাৰ মাজৰ সম্বন্ধ নিয়ত বা অপৰিৱৰ্তনীয়, তেতিয়া সেই ঘটনাৰ মাজত কাৰ্যকাৰণ সম্বন্ধৰ অস্তিত্বৰ বিষয়ে এটা প্রকল্প গঠন কৰা হয়।
(গ) সামান্যীকৰণ: সামান্যীকৰণ হ’ল আগমনৰ তৃতীয় স্তৰ। এই স্তৰত বিশেষ বিশেষ ঘটনাৰ জ্ঞানৰ ভেটিত সেই ঘটনাৰ লগত মিল থকা সকলো ঘটনাৰ বিষয়ে এটা সামান্য বাক্য স্থাপন কৰা হয়। যেতিয়া পৰীক্ষামূলক প্রণালী প্রয়োগৰ দ্বাৰা কার্যকাৰণ সম্বন্ধব অস্তিত্ব প্রমাণিত হয়, তেতিয়া সামান্য বাক্য স্থাপন সম্ভব হয়।
(ঘ) সত্যাপন: আগমনৰ শেষ স্তৰ হ’ল সত্যাপন। যি ঘটনাৰ সম্বন্ধে সামান্য বাক্য স্থপন কৰা হয়, সেই বাক্য সেই ঘটনাৰ অনুৰূপ আন আন ঘটনাৰ ক্ষেত্ৰতো সত্য হয় নে নহয় সেই বিষয়ে অনুসন্ধান চলোৱা হয়। অনুৰূপ আন ঘটনাৰ ক্ষেত্ৰতো সামান্য বাক্যটো সত্য হ’লে সি নিয়ম বুলি গণ্য কৰা হয়।
২। বৈজ্ঞানিক আগমন কি? ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। H. S. ’20
উত্তৰ যি আগমন অনুমানত বিশেষ বিশেষ ঘটনা নিবীক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কার্য-কাৰণ সম্বন্ধৰ ভিত্তিত সেই জাতীয় সকলো ঘটনা সম্পর্কে এটা যথার্থ বচন সিদ্ধান্ত হিচাপে প্রতিষ্ঠা কৰা হয়, তাকে ‘বৈজ্ঞানিক আগমন’ বোলে।
বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ হ’ল:
(ক) বৈজ্ঞানিক আগমনত একোটা বচন প্রতিষ্ঠা কৰা হয়। এই বচন কোনো ধাৰণা বা প্রত্যয় নহয়। বচন হ’ল দুটা পদৰ সম্বন্ধ। দুটা পদৰ ধাৰণাৰ মাজত সম্পর্ক স্থাপন কৰি এটা সার্বিক বচন গঠন কৰা বৈজ্ঞানিক আগমনৰ কাম।
(খ) বৈজ্ঞানিক আগমনত সার্বিক বচন সিদ্ধান্ত হিচাপে প্রতিষ্ঠা কৰা হয়। ইয়াৰ দ্বাৰাই বিধেয় পদে উদ্দেশ্য পদ সম্বন্ধে নতুন জ্ঞান প্রদান কৰে।
(গ) ইয়াৰ সিদ্ধান্তটো নিৰীক্ষণ আৰু পৰীক্ষণৰ ওপৰত প্রতিষ্ঠিত। সেয়ে ইয়াৰ সিদ্ধান্তটো বস্তুগতভাবে সত্য।
(ঘ) ইয়াৰ সিদ্ধান্ত বচনটো সার্বিক ইয়াত বিশেষ বচনেৰে আৰম্ভ কৰি সামান্য সিদ্ধান্তত উপনীত হ’ব পাবি।
(৬) বৈজ্ঞানিক আগমনত জ্ঞাত কথাৰ পৰা অজ্ঞাত কথাকৈ যোৱা হয়। ইয়াত সদায় ‘আগমন জাঁপ’ বিদ্যমান।
(চ) বৈজ্ঞানিক আগমনত বস্তুগত ভিত্তিৰ উপৰিও প্রকৃতিৰ একৰূপতা নীতি আৰু কাৰ্যকাৰণ নিয়মো মানি চলা হয়। সেয়ে ই বস্তুগতভাবে সত্য হোৱাৰ উপৰিও আকাৰগতভাৱেও সত্য হ’বলৈ বাধ্য।
২। অবৈজ্ঞানিক আগমন কি? ইয়্যাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। H. S. ’17, ’19
উত্তৰ: প্রকৃতিৰ বিশেষ বিশেষ ঘটনাৰাজিক নিৰীক্ষণ কৰি কাৰ্য-কাৰণ নিয়ম প্রতিষ্ঠা নকৰি কেবল অপ্রতিৰুদ্ধ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি যি সামান্য সিদ্ধান্ত বচন প্রতিষ্ঠা কৰা হয়, তাকে ‘অবৈজ্ঞানিক আগমন’ বোলে। উদাহৰণ- আমি আজিলৈকে দেখা পোৱা সকলো ৰাজহাঁহ বগা সেয়ে পৃথিৱীৰ সকলো ৰাজহীহ বগা। এইবিধ আগমনক অবৈজ্ঞানিক আগমন বুলি কোৱা হয় এই কাৰণেই যে ইয়াত কাৰ্যকাৰণৰ নিয়ম প্রতিষ্ঠা নকৰি সিদ্ধান্ত বচন প্রতিষ্ঠা কৰা হয়।
অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ হ’ল:
(ক) অবৈজ্ঞানিক আগমনত এটা যথার্থ বচন প্রতিষ্ঠা কৰা হয়।
(খ) ইয়াৰ সার্বিক বচনটো বিশেষ বিশেষ বহু দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল।
(গ) ইয়াৰ সিদ্ধান্ত বচনটো পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ’লেও কেরল পর্যবেক্ষণৰ জৰিয়তে সার্বিক সিদ্ধান্ত প্রতিষ্ঠা কৰিব নোৱাৰি।
(ঘ) অবৈজ্ঞানিক আগমন অবিৰুদ্ধ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। কোনো বস্তু বা ঘটনাৰ বহুতো দৃষ্টান্ত পর্যবেক্ষণ কৰি কোনো ক্ষেত্ৰত বিৰোধী দৃষ্টান্ত নেদেখি ইয়াৰ ভিত্তিত সার্বিক সিদ্ধান্ত প্রতিষ্ঠা কৰা হয়।
(ঙ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ সত্যতা নিশ্চিত স্বভাৱৰ নহয়, ই সম্ভাবনামূলকহে।
৩। ‘আগমনাত্মক জাঁপ’ৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ আগমন অনুমান হ’ল বিশেষ বিশেষ কেইটামান দৃষ্টান্ত নিৰীক্ষণ কৰি সেই জাতীয় সকলো জ্ঞাত আৰু অজ্ঞাত ঘটনা সম্বন্ধে এটা সার্বিক সিদ্ধান্ত প্রতিষ্ঠা কৰা হয় এনে প্রক্রিয়াত জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা হয়। এনে প্রক্রিয়াত এটা জাঁপৰ সৃষ্টি হয়। এনে জপিৰ অনিশ্চয়তা থাকে। অর্থাৎ পর্যবেক্ষিত বিশেষ বিশেষ ঘটনাৰ পৰা সেই জাতীয় ঘটনাৰ এটা সার্বিক বচনলৈ যাব লগা হ’লে এটা আশংকা আহি পৰে। উদাহৰণ স্বৰূপে ৰাম, ৰহিম, হৰিৰ মৃত্যু হোৱা ঘটনা চাই সকলো মানুহ মৰণশীল বুলি সিদ্বান্তত উপনীত হওঁতেও এটা আশংকা আহি পৰে। আগমনৰ জাঁপৰ এনে অনিশ্চয়তাক তর্কবিদ বেইনে ‘আগমন সংকট’ বুলি অভিহিত কৰিছে। তথাপি এনে সংকটৰ মাজেদিয়েই আগবাঢ়ে বাবে বেইনে ইয়াক আগমনৰ মূল লক্ষণ বুলি কৈছে।
৪। সাদৃশ্যানুমান কি? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। H. S. ’15, ’17, ’20
উত্তৰ দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয়, তাক ‘সাদৃশ্যানুমান’ বোলে।
সাদৃশ্যানুমাৰ প্রধান বৈশিষ্ট্যবোৰ হ’ল:
(ক) সাদৃশ্যমূলক অনুমান হ’ল দুটা বস্তুৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্রতিষ্ঠিত অনুমান।
(খ) এনে অনুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়।
(গ) সাদৃশ্যানুমান কাৰ্যকাৰণ জ্ঞানৰ ওপৰত প্রতিষ্ঠিত নহয়। সেয়ে ইয়াৰ সিদ্ধান্তৰ সত্যতা সম্ভাবনামূলকহে।
(ঘ) প্রকৃত অনুমানৰ অন্যান্য প্ৰকাৰৰ দৰে সাদৃশ্যমূলক অনুমানতো জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা হয়। সেয়ে আগমনৰ মূল লক্ষণ ‘আগমন জাঁপ’ সাদৃশ্যমূলক অনুমানতো বিদ্যমান
৫। বৈজ্ঞানিক অনুমান কাক বোলে? বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা তিনিটা
সাদৃশ্য লিখা। H. S. 16, 17, 20
উত্তৰ যি আগমন অনুমানত বিশেষ বিশেষ ঘটনা নিৰীক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কার্য-কাৰণ সম্বন্ধৰ ভিত্তিত সেই জাতীয় সকলো ঘটনা সম্পর্কে এটা যথার্থ বচন সিদ্ধান্ত হিচাপে প্রতিষ্ঠা কৰা হয়, তাকে ‘বৈজ্ঞানিক আগমন’ বোলে।
বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা সাদৃশ্যবোৰ হ’ল-
(ক) দুয়ো প্ৰকাৰৰ আগমনতেই একো একোটা যথার্থ বচন প্রতিষ্ঠা কৰা হয়।
(খ) বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন উভয়েই পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল।
(গ) দুয়ো প্ৰকাৰৰ অনুমানতেই ‘আগমনাত্মক জাঁপ’ বিদ্যমান।
৬। উপযুক্ত উদাহৰণৰ সৈতে সু-সাদৃশ্যমূলক অনুমান আৰু কু-সাদৃশ্যমূলক অনুমানৰ মাজত পার্থক্য নিৰূপণ কৰা। H. S. ’17
উত্তৰ যি অনুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূর্ণ গুণৰ সাদৃশ্য হয়, সেই অনুমানক ‘সু-সাদৃশ্যানুমান’ বোলে। উদাহৰণ পৃথিৱীৰ দৰে মংগল গ্রহতো মাটি, পানী আৰু বায়ু আছে।
পৃথিৱীত জীৱ আছে, সেয়ে মংগল গ্রহতো জীৱ আছে।
যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূর্ণ গুণৰ সাদৃশ্য নহয়, গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য মাত্র, সেই সাদৃশ্যানুমানক ‘দু-সাদৃশ্যানুমান’ বা ‘কুসাদৃশ্যানুমান’ বোলে। উদাহৰণ-মানুহৰ দৰে গৰুৰো জন্ম, বৃদ্ধি আৰু মৃত্যু আছে। মানুহৰ বুদ্ধি আছে সেয়ে গৰুৰো বুদ্ধি আছে।
৭। ‘সকলো প্ৰকাৰৰ অনুমানেই মূলতঃ সাদৃশ্যানুমান ভিত্তিক’ মন্তব্যটোৰ তাৎপর্য ব্যাখ্যা কৰা। H. S. ’15
উত্তৰ: সাদৃশ্যানুমানৰ মূল ভিত্তি হৈছে সাদৃশ্যজ্ঞান। দার্শনিক মিলৰ মতে সকলো অনুমানই সাদৃশ্যমূলক। সাদৃশ্যজ্ঞান যিদবে সাদৃশ্যমূলক অনুমানৰ ভিত্তি সেইদৰে নিগমন আৰু আগমনবো মূল ভিত্তি। আগমনত সাদৃশ্যজ্ঞানৰ ভিত্তিত সামান্য বচন প্রতিষ্ঠা কৰা হয়। নিগমনতো সাদৃশ্যৰ ভিত্তিৰ সমান সম্বন্ধৰ পৰা বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হয়। কিন্তুৰ মিলৰ এই মত বহুতে গ্রহণ কৰিব নোখোজে কাৰণ সাদৃশ্যমূলক অনুমানত সাদৃশ্যৰ ভিত্তিত বিশেষৰ পৰা বিশেষলৈ যোৱা হয়। কিন্তু নিগমন আৰু আগমনত সার্বিক নিয়ম কার্য কাৰণ সম্বন্ধই দিয়ে। সেয়ে সকলো অনুমান সাদৃশ্যমূলক ভিত্তি নহয়।
৮। সাদৃশ্যমূলক আৰু বৈজ্ঞানিক আগমনৰ মাজৰ দুটা সাদৃশ্য আৰু দুটা পার্থক্য লিখা।
উত্তৰ : সাদৃশ্যমূলক আৰু বৈজ্ঞানিক আগমনৰ মাজত কিছু সাদৃশ্য আছে, যেনেঃ
(খ) দুয়ো প্ৰকাৰৰ অনুমানেই পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল।
(ক) সাদৃশ্যমূলক আগমন আৰু বৈজ্ঞানিক আগমন উভয়ে প্রকৃত আগমন। H. S. ’16
সাদৃশ্যমূলক আগমন আৰু বৈজ্ঞানিক আগমনৰ মাজত কিছু বৈসাদৃশ্য আছে, যেনেঃ
(ক) সাদৃশ্যমূলক অনুমান কার্যকাৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত নহয়। কিন্তু বৈজ্ঞানিক আগমন কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্রতিষ্ঠিত।
(খ) সাদৃশ্যমূলক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক। আনহাতে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত।
৯। সাদৃশ্যানুমানৰ মূল্য নির্ণয় কৰিবলৈ গ্রহণ কৰা দুটা চৰ্ত উদাহৰণৰ সৈতে চমুকৈ আলোচনা কৰা।
উত্তৰ: সাদৃশ্যানুমানৰ মূল্য নির্ণয় কৰিবলৈ গ্রহণ কৰা দুটা চর্ত হ’ল: H. S. 16, 18
(ক) সাদৃশ্য থকা গুণৰ পৰিমাণ আৰু গুৰুত্ব যিমানেই বেছি হ’ব সাদৃশ্যানুমানৰ সম্ভাৱনাও সিমানে বেছি হ’ব। উদাহৰণ মানুহ আৰু চিম্পাঞ্জীৰ মাজত সাদৃশ্য আছে। মানুহৰ বুদ্ধি আছে, সেয়ে চিম্পাঞ্জীবো বুদ্ধি আছে।
(খ) বৈসাদৃশ্য থকা গুণৰ পৰিমাণ বা গুৰুত্ব যিমানেই বেছি হ’ব সাদৃশ্যানুমানৰ সম্ভাবনাও সিমানেই কম হ’ব। উদাহৰণ-মংগল গ্রহ আৰু পৃথিৱীৰ মাজত বহুত অমিল আছে যদিও দুই এটা বিষয়ত সাদৃশ্য লক্ষ্য কৰি (যেনে পৃথিৱীত মাটি আছে, মংগল গ্রহতো মাটি আছে) আমি অনুমান কৰিব পাৰো যে পৃথিৱীত যিহেতু গছ-গছনি আছে সেয়ে মংগল গ্রহতো গছ-গছনি আছে। কিন্তু ইয়াৰ সম্ভাৱনা কম হ’ব কাৰণ দুয়ো গ্রহৰ মাজত বৈসাদৃশ্যৰ পৰিমাণ বেছি।
ঘ. বচনাধর্মী প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক- ৬)
১। বৈজ্ঞানিক অনুমান আৰু অবৈজ্ঞানিক অনুমানৰ মাজত থকা পাথর্ক সমূহ আলোচনা কৰা। H. S. ’18 ’20
উত্তৰঃ বৈজ্ঞানিক অনুমান আৰু অবৈজ্ঞানিক অনুমানৰ মাজত থকা পার্থক্যসমূহ হ’ল:
(ক) যি আগমন অনুমানত বিশেষ বিশেষ ঘটনা নিৰীক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কার্য-কাৰণ সম্বন্ধৰ ভিত্তিত সেই জাতীয় সকলো ঘটনা সম্পর্কে এটা যথার্থ বচন সিদ্ধান্ত হিচাপে প্রতিষ্ঠা কৰা হয়, তাকে ‘বৈজ্ঞানিক আগমন’ বোলে।
আনহাতে প্রকৃতিৰ বিশেষ বিশেষ ঘটনাৰাজিক নিৰীক্ষণ কৰি কাৰ্য-কাৰণ নিয়ম প্রতিষ্ঠা নকৰি কেৱল অপ্ৰতিৰুদ্ধ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি যি সামান্য সিদ্ধান্ত বচন প্রতিষ্ঠা কৰা হয়, তাকে ‘অবৈজ্ঞানিক আগমন’ বোলে।
(খ) বৈজ্ঞানিক অনুমানৰ সিদ্ধান্তটো নিৰীক্ষণ আৰু পৰীক্ষণৰ ওপৰত প্রতিষ্ঠিত। সেয়ে ইয়াৰ সিদ্ধান্তটো বস্তুগতভাবে সত্য।
আনহাতে, অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ সত্যতা নিশ্চিত স্বভাৱৰ নহয়, ই সম্ভাৱনামূলকহে।
(গ) ইয়াৰ সিদ্ধান্ত বচনটো সার্বিক। ইয়াত বিশেষ বচনেৰে আৰম্ভ কৰি সামান্য সিদ্ধান্তত উপনীত হ’ব পাৰি।
আনহাতে, অবৈজ্ঞানিক অনুমানত সিদ্ধান্ত বচনটো পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ’লেও কেৱল পর্যবেক্ষণৰ জৰিয়তে সার্বিক সিদ্ধান্ত প্রতিষ্ঠা কৰিব নোৱাৰি।
(ঘ) বৈজ্ঞানিক আগমন এটা জটিল প্রক্রিয়া বুলি ক’ব পাৰি। কাৰণ বৈজ্ঞানিক আগমণত চাৰিটা স্তৰ আছে, যেনে- পর্যবেক্ষণ, প্রকল্প গঠন, প্রমাণীকৰণ, সত্যাপন আদি।
আনহাতে অবৈজ্ঞানিক আগমন অতি সবল। ইয়াত একরূপত্য অভিজ্ঞাতাৰ ভিত্তিত সিদ্ধান্ত বচন প্রতিষ্ঠা কৰা হয়।
২। অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক অনুমানৰ মাজত থকা যিকোনে তিনিটা সাদৃশ্য আৰু তিনিটা বৈসাদৃশ্য লিখা।
উত্তৰ: অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক অনুমানৰ মাজত থকা সাদৃশ্যসমূহ হ’ল
(ক) অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যমূলক অনুমান দুয়ো প্রকৃত আগমন।
(খ) উভয় আগমন পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল।
(গ) দুয়োটা আগমনত কার্যকাৰণ সম্বন্ধ নির্ণয় কৰাৰ চেষ্টা কৰা হয়।
অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমানৰ মাজত থকা বৈসাদৃশ্য হ’ল-
(ক) অবৈজ্ঞানিক আগমনত বিশেষৰ পৰা সার্বিকলৈ যোৱা হয়। কিন্তু সাদৃশ্যানুমানত বিশেষৰ পৰা বিশেষলৈ যোৱা হয়।
(খ) অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি অবাদিত অভিজ্ঞতা। কিন্তু সাদৃশানুমানৰ মূল ভিত্তি অসম্পূর্ণ সাদৃশ্য জ্ঞান।
(গ) অজ্ঞৈানিক আগমনত ব্যচ্যাৰ্থৰ বিষয়ে জনা যায়। সাদৃশ্যানুমানত বস্তুৰ লক্ষণ বা গুণৰ বিষয়ে জনা যায়। H. S. 19
৩। আগমনৰ এক আৰকাৰগত ভিত্তি হিচাপে কাৰ্যকাৰণ বিধি ব্যাখ্যা কৰা।
উত্তৰ কাৰ্যকাৰণ বিধি অনুসৰি প্রতিটো ঘটনাৰ অন্তৰালত কিবা কাৰণ থাকে। অর্থাৎ কাৰণ নোহোৱাকৈ কোনো কার্য হ’ব নোৱাৰে। আগমনৰ আকাৰগত ভিত্তি প্রতিষ্ঠাৰ বাবে প্ৰকৃতিৰ একৰূপতা আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।
কাৰ্যকাৰণ বিধিৰ জৰিয়তে যথার্থ সার্বিক বচন প্রমাণ কৰিব পৰা যায়। উদাৰহণ- সকলো মানুহ মৰণশীল। এই বচনৰ সার্বিকতা প্রমাণ কৰিবলৈ আমি অতীত, বর্তমান আৰু ভৱিষ্যতৰ মানুহৰ মৃত্যু নিৰীক্ষণ কৰিব লাগিব। কিন্তু ই আমাৰ বাবে সম্ভৱ নহয়। ইয়াক মাথো কার্যকাৰণ বিধিৰ দ্বাৰাহে প্ৰমাণ কৰিব পাৰি।