Class 12 Logic And Philosophy Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Logic And Philosophy বিষয়ৰ পাঠভিত্তিক আগমনৰ ভিত্তি Class 12 Logic And Philosophy Chapter 2 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
আগমনৰ ভিত্তি Class 12 Logic And Philosophy Chapter 2 Solutions
আগমনৰ ভিত্তি (কাৰ্যকৰণ বিধি আৰু আগমনৰ বস্তুগত ভিত্তি)
দ্বিতীয় অধ্যায়
ক. অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)
১। আগমন অনুমানৰ আকাৰগত ভিত্তি কেই প্ৰকাৰৰ?
উত্তৰ: দুই প্ৰকাৰৰ।
২। আগমনৰ আকাৰগত ভিত্তি সমূহ কি কি?
উত্তৰ: আগমনৰ আকাৰগত ভিত্তি হ’ল দুটা, যেনেঃ (ক) প্রকৃতিৰ একৰূপতা বিধি আৰু (খ) কার্যকাৰণ বিধি।
৩। আগমনৰ বস্তুগত ভিত্তি কি কি?
উত্তৰ : আগমনৰ বস্তুগত ভিত্তি দুটা, যেনে : (ক) নিৰীক্ষণ আৰু (খ) পৰীক্ষণ।
৪। অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি?
উত্তৰ প্ৰকৃতিৰ একরূপতা বিধি।
৫। প্রকৃতিৰ একৰূপতা বিধি আগমনৰ আকাৰগত ভিত্তি হয় নে?
উত্তৰ হয়।
৬। নিৰীক্ষণৰ সাধাৰণ চৰ্ত কেইটা?
উত্তৰ তিনিটা।
৭। আগমনৰ আকাৰগত সত্যতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ কাৰ্যকাৰণ বিধি আৰু প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত আগমনৰ আকাৰগত সত্যতা নিৰ্ভৰ কৰে।
৮। ‘নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজৰ পাৰ্থক্য গুণগত নহয়, পৰিমাণগতহে।’ এইটো গ্রহণযোগ্য নে?
উত্তৰ হয়।
৯। ‘কাৰণ অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টি’ উক্তিটো কাৰ?
উত্তৰ: জন স্টুৱার্ট মিলৰ।
১০। ‘নানাকাৰণবাদ’ কাৰণ সম্বন্ধীয় এটা যথার্থ মতবাদ হয়নে?
উত্তৰ: নহয়।
১১। ‘পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সমতুল্য’- উক্তিটো কাব?
উত্তৰ কাৰ্ভেথ ৰীডৰ।
১২। ‘সদর্থক উপকাৰণসমূহৰ সমষ্টিয়েই কাৰণ’ কথাষাৰ সঁচানে?
উত্তৰ সঁচা নহয়।
১৩। ‘প্রকৃতি এককপীয়েই নহয়, প্রকৃতি অনন্ত বৈচিত্রময়ী’ সঁচানে?
উত্তৰ সঁচা।
১৪। প্রকৃতিৰ একৰূপতা নীতি সম্পৰ্কীয় মিলৰ পৰস্পৰ বিৰোধী মতবাদ সংঘটিত হোৱা দোষটোৰ নাম কি?
উত্তৰ আগমনৰ বিৰোধাভাস।
১৫। ‘নিৰীক্ষণ হৈছে ঘটনাৰ আবিষ্কাৰ’ উক্তিটো কাৰ?
উত্তৰ: বেইনৰ।
১৬। নিৰীক্ষণ কোন প্ৰকাৰৰ ভিত্তিৰ অন্তৰ্গত?
উত্তৰ বস্তুগত ভিত্তি।
১৭। ‘জোনাক ৰাতি মাটিত পৰি থকা ৰচী এডালক সাপ যেন দেখা’-ই কোন প্ৰকাৰৰ দোষৰ উদাহৰণ?
উত্তৰ: ভ্রান্ত পর্যবেক্ষণ।
১৮। কাউৰী গছত পৰাত তাল ফল সৰিল। ই কোন প্ৰকাৰৰ দোষৰ উদাহৰণ?
উত্তৰ কাকতালীয় দোষ।
১৯। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
কাৰণ কাৰ্যৰ নিয়ত। অনিয়ত পূর্ববর্তী ঘটনা।
উত্তৰ : নিয়ত।
২০। শুদ্ধ উত্তৰটো লিখাঃ
নিৰীক্ষণৰ পৰিসৰ পৰীক্ষণৰ পৰিসৰতকৈ অব্যাপক। ব্যাপক।
উত্তৰ: ব্যাপক।
২১। আগমনৰ বিৰোধাভাস কাৰ্যকাৰণ বিধিৰ সৈতে। ব্যতিৰেকী পদ্ধতিৰ সৈতে। প্রকৃতিৰ একৰূপতা বিধিৰ সৈতে জড়িত। সঁচাটো লিখা।
উত্তৰ : প্ৰকৃতিৰ একৰূপতা বিধিৰ সৈতে।
২২। নিৰীক্ষণ আৰু পৰীক্ষণৰ পাৰ্থক্য গুণগত পৰিমাণগত। কোনটো সঁচা।
উত্তৰ পৰিমাণগত।
২৩। শুদ্ধ উত্তৰটো বাছি উলিওবা:
প্রকৃতিৰ একৰূপতা বিধিয়ে প্রকৃতিৰ বৈচিত্র স্বীকাৰ কৰে। নকৰে।
উত্তৰ স্বীকাৰ কৰে।
২৪। নিৰীক্ষণ আৰু পৰীক্ষণৰ পাৰ্থক্য প্রকাৰগত। মাত্ৰাগত। সঁচাটো লিখা।
উত্তৰ: মাত্রাগত।
২৫। শুদ্ধ উত্তৰটো বাছি উলিওবা:
কোনো বস্তুক যথার্থ ৰূপত প্রত্যক্ষ নকৰাটোক অপ্রত্যক্ষ ভ্রান্ত প্রত্যক্ষ বোলে।
উত্তৰ। ভ্রান্ত প্রত্যক্ষ।
২৬। ‘প্রকৃতিয়ে একে পৰিস্থিতিত একেদৰে আচৰণ কৰে।’ কথাষাৰ সঁচানে?
উত্তৰ : সঁচা।
২৭। কাৰণ হৈছে সদর্থক আৰু নঞর্থক উপকাৰণসমূহৰ সমষ্টি।’ এই উক্তিটো কাৰ?
উত্তৰ কাৰভেথ বীডব।
২৮। ‘কাৰণ’ কি? H. S. ’17
উত্তৰ কাৰণ কাৰ্যৰ অব্যবহৃত, চর্তহীন, অপৰিৱৰ্তনীয় পূর্ববর্তী ঘটনা।
২৯। নিম্নোক্ত কোনটো উক্তি সত্য? H. S. ’17
(ক) কাৰ্যকাৰণ বিধি হৈছে আগমনৰ বস্তুগত ভিত্তি।
(খ) নিৰীক্ষণ আৰু কাৰ্যকাৰণ বিধি হৈছে আগমনৰ আকাৰগত ভিত্তি।
(গ) নিৰীক্ষণ আৰু পৰীক্ষণ হৈছে আগমনৰ আকাৰগত ভিত্তি।
(ঘ) ওপৰোক্ত কোনোৱেই সত্য নহয়।
উত্তৰ: (ঘ) ওপৰোক্ত কোনো এটা উক্তিয়েই সত্য নহয়।
৩০। ‘কাৰণ আৰু কার্য দুয়োটাই বিশেষ সময়ত সংঘটিত হোৱা ঘটনা।’ উক্তিটো কাৰণৰ পৰিমাণগত লক্ষণ হয়নে? H. S. ’16
উত্তৰ: (ঘ) নহয়।
৩১। ‘পূর্বস্থাপিত শৃংখলা মতবাদ’ কেনে আগবঢ়াইছিল? H. S. ’16
উত্তৰ: লাইবনিজ।
৩২। ‘বাস্তব কাৰণ’ কাক বোলে? H. S. ’17
উত্তৰ কাৰ্য ঘটাব পৰা অস্তিত্বশীল কাৰণক ‘বাস্তব কাৰণ’ বুলি কোৱা হয়।
৩৩। নিম্নোক্ত কোনটো উক্তি শুদ্ধ: H. S. ’16
(ক) কেবল নিৰীক্ষণৰ দ্বাৰাহে কোনো প্রকল্পৰ সত্যাপন কৰিব পাৰি।
(খ) কোনো প্রকল্পৰ প্রত্যক্ষ সত্যাপন নিৰীক্ষণ নাইবা পৰীক্ষণৰ দ্বাৰা কৰিব পাৰি।
(গ) কেবল পৰীক্ষণৰ দ্বাৰাহে কোনো প্রকল্পৰ সত্যপন কৰিব পাৰি।
উত্তৰ: (খ) কোনো প্রকল্পৰ প্রত্যক্ষ সত্যাপন নিৰীক্ষণ নাইবা পৰীক্ষণৰ দ্বাৰা কৰিব পাৰি।
৩৪। কোনটো উক্তি শুদ্ধ: H. S. ’16
(ক) পৰীক্ষণ হৈছে ঘটনাৰ আবিষ্কাৰ আৰু নিৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি।
(খ) নিৰীক্ষণৰ স্থান পৰীক্ষণৰ পিছত।
(গ) পৰীক্ষণত কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পৰা নাযায়।
উত্তৰ: (গ) পৰীক্ষণৰ কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পৰা নাযায়।
৩৫। তলৰ কোনটো শুদ্ধ নিৰীক্ষণৰ চৰ্ত নহয়। H. S. ’14
(ক) নিৰীক্ষক গৰাকী বৌদ্ধিকভাবে সুস্থ হ’ব লাগিব।
(খ) নিৰীক্ষকগৰাকী পক্ষপাতিত্বহীন হ’ব লাগিব।
(গ) নিৰীক্ষকগৰাকী কৃত্রিম সঁজুলি ব্যবহাৰ কৰিব লাগিব।
(ঘ) নিৰীক্ষকগৰাকী সুস্থ মন আৰু মন থাকিব লাগিব।
উত্তৰ: (গ) নিৰীক্ষকগৰাকী কৃত্রিম সঁজুলি ব্যৱহাৰ কৰিব লাগিব।
৩৬। নিম্নোক্ত কোনটো উক্তি শুদ্ধ নহয়? H. S. ’15
(ক) নিৰীক্ষণ হৈছে নির্দিষ্ট উদ্দেশ্যেৰে কৰা এক প্রত্যক্ষ।
(খ) নিৰীক্ষণ হৈছে প্রাকৃতিক ঘটনাৰ প্রত্যক্ষ।
(গ) নিৰীক্ষণ প্রাকৃতিক পৰিৱেশৰ মাজত কৰা কোনো ঘটনাৰ প্রত্যক্ষ নহয়।
(ঘ) নিৰীক্ষণত প্রাকৃতিক ঘটনাবোৰ নিৰীক্ষকগৰাকীৰ সম্পূৰ্ণ নিয়ন্ত্রণাধীন।
উত্তৰ: (গ) নিৰীক্ষণত প্রাকৃতিক পৰিৱেশৰ মাজত কৰা কোনো ঘটনাৰ প্রত্যক্ষ নহয়।
খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ২)
১। ‘প্রকৃতিৰ একৰূপতা নীতি’ বুলিলে কি বুজা?
উত্তৰ: ‘প্রকৃতিৰ একরূপতা নীতি’ হ’ল আগমনৰ আকাৰগত ভিত্তি যি নীতি অনুসৰি একে পৰিস্থিতি আৰু পৰিৱেশত প্রকৃতিয়ে একে ঘটনাৰ উদ্ভৱ কৰে।
২। ‘আগমনৰ ভিত্তি’ বুলিলে কি বুজা?
উত্তৰ: আগমন অনুমানত এটা যথার্থ সার্বিক বচন প্রতিষ্ঠা কৰোতে যি দুটা সার্বিক আৰু মৌলিক বিধি পূর্ব স্বীকার্য হিচাপে মানি লোবা হয়, তাকে ‘আগমনৰ ভিত্তি’ বুলি কোৱা হয়।
৩। বহুকাৰণবাদ বুলিলে কি বুজা?
উত্তৰ : একেটা কাৰ্য বিভিন্ন কাৰণৰ দ্বাৰা সংঘটিত হয় বুলি কোৱা মতবাদকে ‘বহুকাৰণবাদ’ বোলা হয়।
৪। ‘কাৰণ সংযোজন’ বুলিলে কি বাজ?
উত্তৰ একে জাতীয় একাধিক কাৰণ লগলাগি যি কাৰ্যৰ উৎপন্ন হয় তাকে ‘কাৰণ সংযোজন’ বুলি কোৱা হয়।
৫। উপকাৰণৰ সংজ্ঞা দিয়া।
উত্তৰ: কোনো এটা মূল কাৰণৰ অপৰিহাৰ্য অংশ বা চর্তসমূহকে ‘উপকাৰণ’ বোলে। উপকাৰণ দুই প্ৰকাৰৰ, যেনে সদর্থক উপকাৰণ আৰু নঞর্থক উপকাৰণ।
৬। উহাৰণসহ নিমিত্ত কাৰণৰ সংজ্ঞা দিয়া।
উত্তৰ: কোনো কার্য উৎপাদন কৰিবলৈ যি শক্তি, দক্ষতা বা কৌশলৰ প্রয়োজন হয় সেই শক্তি, কৌশল বা দক্ষতাক ‘নিমিত্ত কাৰণ’ বোলে। উদাহৰণ – এখন টেবিল তৈয়াৰ কৰোতে মিস্ত্রিয়ে কৰত আৰু বটালীবে কাঠৰ টুকুৰাত যি শক্তি আৰু দক্ষতা প্রয়োগ কৰে সি হৈছে নিমিত্ত কাৰণ।
৭। এৰিষ্টটলৰ মতে কাৰণ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ : এবিষ্টটলৰ মতে কাৰণ চাৰি প্ৰকাৰৰ: (ক) উপাদান কাৰণ, (খ) আকাৰগত কাৰণ, (গ) নিমিত্ত কাৰণ আৰু (ঘ) পৰিমাণগত কাৰণ।
৮। উপাদান কাৰণ কি? উদাৰহণ দিয়া।
উত্তৰ : যি উপাদানেৰে অৰ্থাৎ যি দ্রব্য বা পদার্থৰে কাৰ্য উৎপন্ন কৰা হয় তাকে ‘উপাদান কাৰণ’ বুলি কোৱা হয়। উদাৰহণ- কাপোৰ তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা সুতা হৈছে উপাদান কাৰণ।
১০। ‘কাৰণ সমন্বয়’ বা ‘কাৰণ সংযোজন’ বুলিলে কি বুজা? উদাহৰণ দি বুজাই লিখা। H. S. ’14
উত্তৰ : একাধিক কাৰণ সংযোজিত হৈ একেলগে ক্রিয়া কৰি কোনো এটা জটিল কার্য সম্পাদন কৰিলে, সেই কাৰণবোৰক ‘কাৰণ সমন্বয়’ বুলি কোৱা হয়। উদাহৰণ- কোনো এক ৰূমৰ ভিতৰত একেলগে ৫ টা বান্ধ জ্বলাই পোহৰ কৰা কাৰ্যত ৫ টা বান্ধব সংযোজন কৰাই সংযোজক কাৰণ।
১১। ‘উপযুক্ত উদাহৰণৰ সহায়ত সক্রিয় আৰু নিষ্ক্রিয় উপকাৰণৰ মাজত পাৰ্থক্য লিখা। H. S. ’14
উত্তৰ: সক্রিয় উপকাৰণ আৰু নিষ্ক্রিয় উপকাৰণৰ মাজত পার্থক্য হ’ল-
সক্রিয় উপকাৰণ হ’ল ক্রিয়াশীল উপকাৰণ। আনহাতে যাৰ ওপৰত ক্রিয়াশীল হয়, সেয়েই নিষ্ক্রিয় কাৰণ। কেৰচিন তেলৰ বাটি এটাৰ ওপৰত জলন্ত জুইশলা কাঠী এটা পেলাই দিয়াত কেৰাচিন তেল জ্বলি উঠিল। ইয়াত জুইশলাৰ কাঠি সক্রিয় উপকাৰণ আৰু কেৰাচিন তেলৰ বাটিটো নিষ্ক্রিয় উপকাৰণ।
১২। এৰিষ্টটলৰ মতে আকাৰগত কাৰণ কাক বোলে? H. S. ’18
উত্তৰঃ উপাদান কাৰণৰ উৎপন্ন হোৱা বস্তু এটিত যি নতুন আকাৰ বা ৰূপ দিয়া হয়, তাকে ‘আকাৰগত কাৰণ’ বোলে।
১৩। দ্রব্য আৰু অবিনশ্বৰতাৰ সূত্ৰটোৰ অৰ্থ লিখা। H. S. ’18
উত্তৰ: শক্তিৰ কোনো হ্রাস বা বৃদ্ধি নঘটে। এটা শক্তি মাথো আন এটা শক্তিলৈ ৰূপান্তৰিত হয়।
১১। এটা কাৰ্যৰ এটাতকৈ অধিক কাৰণ থাকিব পাৰেনে? H. S. ’18
উত্তৰ নোৱাৰে।
১৪। পৰীক্ষণ আৰু নিৰীক্ষণক কিয় আগমন অনুমানৰ বস্তুগত ভিত্তি বুলি কেৱা হয়? H. S. ’17
উত্তৰ: আগমন অনুমানত নিৰীক্ষণ আৰু পৰীক্ষণৰ ভিত্তিত কিছুমান বিশেষ ঘটনা সংগ্ৰহ কৰি সিহঁতৰ মাজত সম্বন্ধ বচনা কৰা। সেয়ে পৰীক্ষণ আৰু নিৰীক্ষণক আগমন অনুমানৰ বস্তুগত ভিত্তি বুলি কোৱা হয়।
১৫। সবল নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা। H. S. ’17
উত্তৰ সবল নিৰীক্ষণৰ দুটা সুবিধা হ’ল ঃ
(ক) সবল নিৰীক্ষণৰ জৰিয়তে কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ অনুসন্ধান কৰিব পাৰি।
(খ) সৰল নিৰীক্ষণৰ প্রয়োগৰ ক্ষেত্ৰ বিশাল।
১৬। নিৰীক্ষণৰ বৌদ্ধিক চর্ত কি লিখা।
উত্তৰ : নিৰীক্ষণৰ বৌদ্ধিক চর্ত হৈছে-অনুসন্ধিৎসু (জনাৰ আগ্রহ)।
গ. মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৪)
১। ‘কার্যকাৰণ নীতি আগমনৰ আকাৰগত ভিত্তি’: ব্যাখ্যা কৰা। H. S. ’18
উত্তৰ কাৰ্যকাৰণ নীতি অনুসৰি প্রত্যেক কার্য বা ঘটনাৰে এক কাৰণ থাকে। অর্থাৎ কাৰণ অবিহনে কোনো কার্য হ’ব নোৱাৰে। যদি বিনা কাৰণত কিবা ঘটিলেহেঁতেন তেন্তে কোনো ঘটনাৰেই ব্যাখ্যা সম্ভব নহ’লহেঁতেন।
‘কাৰণ’ হ’ল পূর্ববর্তী ঘটনা আৰু কার্য হ’ল অনুবর্তী ঘটনা। যিকোনো পূর্ববর্তী ঘটনাকেই ‘কাৰণ’ বুলি ধৰি ললে কাকতালীয় দোষ হোৱাৰ সম্ভাবনা আছে। সেয়ে কার্যকাৰণ সম্বন্ধৰ কিছুমান নিয়ম আছে, যেনে :
(ক) কোনো কার্য ঘটা বা উদ্ভৱ হোৱাৰ কোনো কাৰণ থাকিব লাগিব।
(খ) সেই কাৰণৰ পৰা কাৰ্যটো নিয়মিতভাবে উৎপন্ন হ’ব।
(গ) সেই কাৰণটো উপস্থিত নাথাকিলে কার্যটো নঘটিব।
সেয়ে দেখা যায় ‘কাৰণ’ উপস্থিত থাকিলেহে কার্য ঘটিব। আগমনে সামান্য বচন প্রতিষ্ঠিা কৰিবলৈ হ’লে এই দুই বিধিৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ আগমনৰ উদ্দেশ্য হ’ল সামান্য বচন প্রতিষ্ঠা কৰা। এই সামান্য বচন প্রত্যক্ষ অভিজ্ঞতাৰ দ্বাৰাই প্রতিষ্ঠা কৰা সম্ভব নহয়।
সেয়ে প্রকৃতিৰ একৰূপতা আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সামান্য বচন প্রতিষ্ঠা কৰা হয়।
গতিকে কার্যকাৰণ নীতি আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়।
২। কাকতালীয় দোষ কি? ব্যাখ্যা কৰা।
উত্তৰ কাকতালীয় দোষ কোনো কার্য সংঘটিত হোবা সম্পর্কীয় এটা দোষ। ‘কাৰণ’ হ’ল কোনো কাৰ্যৰ পূৰ্ববর্তী ঘটনা। কিন্তু যিকোনো পূর্ববর্তী ঘটনাই ‘কাৰণ’ হ’ব নোৱাৰে। যিকোনো পূর্ববর্তী ঘটনাক ‘কাৰণ’ বুলি ধৰি ললেই এনে দোষ ঘটে।
ভাৰতীয় তর্ক বিজ্ঞানত ‘কাকতালীয় দোষটোক ‘কাউৰী পৰাৰ লগে লগে গছৰ পৰা তাল ফল সবি পৰা’ ঘটনাৰ পৰা লোৱা হৈছে। এই ঘটনাৰ বাখ্যাত কোৱা হৈছে যে তালৰ ওপৰত কাউৰী এজনী পৰাটোৱেই হৈছে তাল ফল সৰি পৰাৰ কাৰণ। কিন্তু আচলতে তাল সৰি পৰাৰ কাৰণ ‘কাউৰী বহাটো’ নহয়। কাউৰী নবহিলেও তাল সৰি পৰে। ইয়াৰ কাৰণ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিহে। কাউৰী বহাটো তাল সৰাৰ এটা পূর্ববর্তী আকস্মিক ঘটনাহে।
সেয়ে যিকোনো পূর্ববর্তী ঘটনাক ঘটনা এটিৰ কাৰণ বুলি অনুমান কৰাৰ ফলত যি দোষ ঘটে তাকেই ‘কাকতালীয় দোষ’ বুলি কোৱা হয়। সমাজত কাকতালীয় ঘটনাৰ বহু উদাহৰণ লোকবিশ্বাসত পোৱা যায়। যেনে ঋষিজন গাওঁখনৰ পৰা গুচি যোৱাটোৱেই মহামাৰীয়ে দেখা দিয়াৰ কাৰণ, আকাশত ধুমকেতুৰ আবির্ভাবেই ৰজাৰ মৃত্যুৰ কাৰণ, নাঙঠ ফকিৰজন সোমাই অহাটোবেই ৰোগীজনৰ মৃত্যুৰ কাৰণ। বৈজ্ঞানিক দৃষ্টিত কাকতালীয় দোষ কিছুমান মানুহৰ অন্ধবিশ্বাসহে।
৩। নিৰীক্ষণ কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। H. S. ’18
উত্তৰ: যেতিয়া কোনো এক বিশেষ উদ্দেশ্য অনুসৰি প্রাকৃতিক ঘটনাক সুনিয়ন্ত্রিতভাবে প্রত্যক্ষ কৰা হয়, তেতিয়া তাক ‘নিৰীক্ষণ’ বা ‘সবল পর্যবেক্ষণ’ বোলে।
নিৰীক্ষণৰ কেইবাটাও বৈশিষ্ট্য আছে, যেনেঃ
(ক) নিৰীক্ষণ উদ্দেশ্যপ্রণোদিত এক প্রত্যক্ষ। কিন্তু এই নিৰীক্ষণ সাধাৰণ প্রত্যক্ষৰ দৰে নহয়। নিৰীক্ষক এজনে নিজৰ উদ্দেশ্য অনুসৰি নিজৰ মতে ঘটনাবলী প্রত্যক্ষ কবে।
(খ) নিৰীক্ষণ প্রাকৃতিক পৰিবেশত প্রাকৃতিক ঘটনাৰ প্ৰত্যক্ষ। প্রকৃতিক নিয়ম অনুসৰি কোনো ঘটনা সংঘটিত হ’লেহে তাক নিৰীক্ষণ বুলি কোৱা হয়।
(গ) নিৰীক্ষণত প্রত্যক্ষ কৰিব লগীয়া ঘটনাবোৰ প্ৰকৃতিৰ পৰা উদ্ভব হয় বাবে নিৰীক্ষণ কৰিব লগা ঘটনাবোৰ মানুহৰ নিয়ন্ত্রণাধীন নহয়।
(ঘ) নিৰীক্ষণ নির্ভুল হ’বলৈ কেইবাটাও সাধাৰণ চর্ত আছে যেনেঃ (১) বৌদ্ধিক চর্ত, (২) দৈহিক চর্ত আৰু (৩) নৈতিক চর্ত। অর্থাৎ নিৰীক্ষকজন জ্ঞানৰ আকাঙক্ষা থকা অনুসন্ধিৎসু মনৰ হ’ব লাগিব। নিৰীক্ষকজনৰ ইন্দ্রিয়সমূহ সুস্থ থাকিব লাগিব আৰু তেওঁ পক্ষপাতিত্বমূলক চিন্তামুক্ত নিৰপেক্ষ হ’ব লাগিব।
৪। নিৰীক্ষণৰ দোষবোৰ ব্যাখ্যা কৰা। H. S. ’18
উত্তৰ: যেতিয়া কোনো এক বিশেষ উদ্দেশ্য অনুসৰি প্রাকৃতিক ঘটনাক সুনিয়ন্ত্রিতভাবে প্রত্যক্ষ কৰা হয়, তেতিয়া তাক ‘নিৰীক্ষণ’ বা ‘সবল পর্যবেক্ষণ’ বোলে। সাধাৰণতে নিৰীক্ষণৰ দোষ দুই প্ৰকাৰৰ : (১) অনবেক্ষণ দোষ বা অসম্পূর্ণ অনুভৱ আৰু (২) ভ্রান্ত নিৰীক্ষণ বা কু-পর্যবেক্ষণ। তলত এইবোৰৰ দোষৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল-
(১) অনবেক্ষণ দোষ: নিৰীক্ষণৰ সহায়ত যি দেখা বা লক্ষ্য কৰা উচিত তাকে নকৰিলে নিৰীক্ষণত যি দোষ ঘটে তাকে ‘অনবেক্ষণ দোষ’ বুলি কোৱা হয়। অনবেক্ষণ দোষ দুই প্রকাৰৰ, যেনেঃ
(ক) প্রাথমিক দৃষ্টান্তৰ অনবেক্ষণ: নিজৰ নিজব পূর্বধাৰণা বা কুসংস্কাৰৰ দ্বাৰাই চালিত হৈ যিবিলাক দৃষ্টান্ত আমাৰ অনুকূল সেইবোৰক লৈ যেতিয়া অনুমান কৰা হয়, তাকেই প্রাথমিক দৃষ্টান্তৰ অনবেক্ষণ বোলে। উদাহৰণ স্বৰূপে এজন সৈনিকে সন্নাসী এজনৰ পৰা কবচ এখন গ্রহণ কৰি ডিঙিত বান্ধি যুদ্ধলৈ যোৱাত সি যুদ্ধত জয়লাভ কৰাত সি সিদ্ধান্তত উপনীত হ’ল যে কবচ পিন্ধাই জয় লাভৰ কাৰণ।
(খ) পাৰিপার্শ্বিক অবস্থাৰ অনবেক্ষণ প্রয়োজনীয় পাৰিপার্শ্বিক বস্তুক ভালদৰে লক্ষ্য নকৰি মাত্র কোনো এটা পূর্ববর্তী ঘটনাক সম্পূর্ণ কাৰণ বুলি ধৰি লৈ নিৰীক্ষণ কৰিলে পাৰিপার্শ্বিক অবস্থার অনবেক্ষণ দোষ ঘটে।
(২) ভ্রান্ত নিৰীক্ষণ দোষ: ইন্দ্রিয়জ প্রত্যক্ষণৰ দ্বাৰা নিৰীক্ষিত বস্তু বা ঘটনাৰ ভুল ব্যাখ্যা দিয়া কাৰণেই এই প্ৰকাৰৰ দোষ ঘটে। প্রত্যক্ষ আৰু অনুমতি জ্ঞানৰ পার্থক্য নাৰাখি যি প্রত্যক্ষ কৰা হয়, তাক আপাত অজ্ঞাতসাবে অনুমান কৰিলে কু-পর্যবেক্ষণ দোষ ঘটে। উদাহৰণস্বৰূপে কু-পর্যবেক্ষণৰ কাৰণেই বচী এডালক সাপ বুলি ভবা হয়। ভ্রান্ত নিৰীক্ষণ দুই প্রকাৰৰ, যেনেঃ
(ক) ব্যাক্তিগত ভ্রান্ত নিৰীক্ষণ: ভ্রান্ত নিবীক্ষণ যেতিয়া ক্ষেত্রত নহয়, তাক ব্যক্তিগত ‘ভ্রান্ত নিৰীক্ষণ’ বোলে। যেনে ধাৰণা হ’ব পাৰে; কিন্তু ই সকলোৰে ক্ষেত্রত নহয়। কোনো ব্যক্তি বিশেষৰ ক্ষেত্রত হয়, সকলোৰে ৰচী এডালক এজনৰ মনত সাপ বুলি ভ্রান্ত
(খ) সার্বজনীন ভ্রান্ত নিৰীক্ষণ: যি ভ্রান্ত পর্যবেক্ষণ সকলোৰে ক্ষেত্রত ঘটে, তাক সার্বজনীন ‘ভ্রান্ত নিৰীক্ষণ’ বোলে। উদাহৰণ চলন্ত গাড়ী এখনৰ পৰা সকলো যাত্রীয়েই ৰাস্তাৰ দুয়োকাষে থকা গছবোৰক বিপৰীত ফালে বেগাই পাৰ হৈ থকা দেখে।
৫। পৰীক্ষণ কি? পৰীক্ষণৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ : কৃত্রিম পৰিৱেশত কোনো এক নির্দিষ্ট উদ্দেশ্যবে কোনো কৃত্রিম ঘটনা প্রস্তুত কৰি প্রত্যক্ষ কৰাকে ‘পৰীক্ষণ’ বুলি কোৱা হয়। পৰীক্ষণত পৰিৱেশ কৃত্রিম হোৱাৰ উপৰিও তাত বৈজ্ঞানিক যন্ত্র-পাতিও ব্যৱহাৰ হ’ব পাৰে। পৰীক্ষণৰ কিছুমান বৈশিষ্ট্য আছে। যেনে
(ক) পৰীক্ষণৰ এক নির্দিষ্ট উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্যক আগত ৰাখিয়েই পদ্ধতিগতভাবে ঘটনা প্রত্যক্ষ কৰা হয়।
(খ) পৰীক্ষণত প্রত্যক্ষৰ বিষয়-বস্তু কৃত্রিমভাবে তৈয়াৰ কৰা হয়। এনেবোৰ পৰীক্ষণ প্রায়েই গবেষণাগাৰত কৰা হয়।
(গ) পৰীক্ষণত প্রত্যক্ষ কৰিব লগা ঘটনা বা বিষয়-বস্তু সম্পূর্ণভাবে পৰীক্ষণৰ নিয়ন্ত্রনাধীন বা ইচ্ছামতে ঘটনাবোৰ প্রত্যক্ষ কৰিব পাৰে।
৬। নানাকাৰণবাদ কি? বিজ্ঞানৰ দৃষ্টিত ই গ্রহণযোগ্য নে? H. S. ’19
উত্তৰ: নানাকাৰণবাদ কাৰণ সম্পৰ্কীয় এক ভ্রান্ত ধাৰণা। নানাকাৰণবাদ মতে, কোনো এটা কাৰ্যৰ এটা কাৰণ নহৈ বহুতো কাৰণ হ’ব পাবে। অর্থাৎ একেটা কাৰ্য বিভিন্ন কাৰণৰ দ্বাৰা সংঘটিত হয় বুলি কোৱা মতবাদকে ‘বহুকাৰণবাদ’ বা ‘নানাকাৰণবাদ’ বোলা হয়। নানাকাৰণবাদ লৌকিক দৃষ্টিৰ পৰা সঁচা যেন লাগিলেও বৈজ্ঞানিক দৃষ্টিৰ পৰা ইয়াক সমর্থন কৰিব নোৱাৰি। ইয়াৰ কাৰণ-
(ক) নানাকাৰণবাদত ঘটনাৰ অন্তর্গত থকা বিভিন্ন কাৰণবোৰৰ সাধাৰণ লক্ষণৰ ওপৰত গুৰুত্ব দিয়া নহয়। উদাহৰণস্বৰূপে ‘মৃত্যুৰ কাৰণ বহুতো হ’ব পাৰে। যেনে দুর্ঘটনা, আত্মহত্যা, গুপ্তঘাতকৰ দ্বাৰা হত্যা, পানীত পৰি ইত্যাদি।
(খ) নানাকাৰণবাদত কাৰণৰ বিশিষ্ট স্বভাৱবোৰৰ ওপৰতহে গুৰুত্ব দিয়া হয়। কাৰ্যৰ বিশিষ্ট স্বভাৱবোৰৰ ওপৰত গুৰুত্ব দিয়া নহয়। ওপৰৰ উদাহৰণটোত দেখা গৈছে যে মৃত্যুৰ কাৰণৰবোৰৰ স্বভাব বেলেগ বেলেগ। মৃত্যু বিভিন্ন কাৰণবোৰৰ অন্তৰ্গত এটা সাধাৰণ লক্ষণ বা স্বভাব।
গতিকে দেখা যায় নানাকাৰণবাদ বৈজ্ঞানিক দৃষ্টিত গ্রহণযোগ্য নহয়।
৭। উপযুক্ত উদাহৰণৰ সহায়ত কাৰণ আৰু উপকাৰণৰ মাজত পার্থক্য লিখা। H. S. ’17
উত্তৰ কাৰণ কাৰ্যৰ অব্যবহৃত, চর্তহীন, অপৰিৱর্তনীয় পূর্ববর্তী ঘটনা। আনহাতে কোনো এটা মূল কাৰণৰ অপৰিহাৰ্য অংশ বা চর্তসমূহকে ‘উপকাৰণ’ বোলে।
কাৰণ কোনো এক বিশেষ ঘটনা নহয়। ই ঘটনাৰ সমষ্টি। আনহাতে কাৰণৰ অন্তর্ভুক্ত বিভিন্ন ঘটনাবোৰৰ প্রত্যেকটোবেই একো একোটা উপকাৰণ।
উদাবহণস্বৰূপে এজন ব্যক্তি জখলা এটা বগাই উঠোতে সৰি পৰি মৰিল। জখলাৰ পৰা সৰি পৰাটো ব্যক্তিজনৰ মৃত্যু হোৱাৰ কাৰণ। কিন্তু জখলাৰ পৰা সৰি পৰাটোৱে মানুহজন মৰাৰ একমাত্ৰ কাৰণ নহয়। মৃত্যু হোৱা কার্য সংঘটিত হওঁতে আন কিছুমান অবস্থা বা চর্ত জখলাৰ পৰা সৰি পৰা কাৰণৰ সৈতে যুক্ত হৈ আছে। যেনেঃ জখলাৰ উচ্চতা, দৈহিক অক্ষমতা, মাটিৰ কঠিনতা, আঘাতৰ প্রাবল্য আদি। মানুহজনৰ মৃত্যু ঘটাবৰ বাবে এই আটাইবোৰেই একো একাটা অপৰিহাৰ্য অংশ। গতিকে ইয়াৰ প্রত্যেক অংশই একো একোটা উপকাৰণ।
৮। নানা কাৰণবাদ আৰু সমন্বয় বা কাৰণ সংযোজনৰ মাজত পাৰ্থক্য নিরূপণ কৰা। H. S. ’14
উত্তৰ : নানা কাৰণবাদ আৰু সমন্বয় বা কাৰণ সংযোজনৰ মাজত পার্থক্য হ’ল-
(ক) নানাকাৰণবাদ মতে বিভিন্ন কাৰণে স্বতন্ত্রভাবে ক্রিয়া কৰি কোনো কার্য উৎপন্ন কৰে। কিন্তু কাৰণ সংযোজন মতে বিভিন্ন কাৰণে স্বতন্ত্রভাবে কার্য উৎপন্ন কৰিব নোৱাৰে।
(খ) নানা কাৰণে উৎপন্ন কৰা কার্য এটা একক বা সবল ঘটনা। কিন্তু কাৰণ সংযোজনে উৎপন্ন কৰা কার্যটো এটা মিশ্র ঘটনা।
৯। শক্তিৰ সংৰক্ষণশীলতা বা অবিনশ্বৰতাৰ সূত্ৰৰ দৃষ্টিভংগীৰে উপযুক্ত উদাহৰণসহ কাৰণৰ পৰিমাণগত লক্ষণ ব্যাখ্যা কৰা। H. S. ’14, ’16
উত্তৰ: শক্তিৰ ৰক্ষণশীলতা বা অবিনশ্বৰতাৰ সূত্র মতে শক্তিৰ পৰিমাণৰ বঢ়া-টুটা বা হ্রাস-বৃদ্ধি নহয়, মাথো শক্তিৰ পৰিবৰ্তনহে হয়।
উদাহৰণ বিজুলী শক্তি এটা অৱস্থাৰ পৰা আন এটা অবস্থালৈ ৰূপান্তৰ হওঁতে পোহৰ উৎপন্ন হয়। কাৰণ তেতিয়া কার্যত পৰিণত হয়। কাৰণৰ ভিতৰত যি শক্তি নিহিত থাকে সেই শক্তি কার্য শক্তি হিচাপে প্রকাশিত হয়।
১০। সাধ্যৰ দ্বাৰা তাৰ সাধনৰ সমৰ্থন কৰিব পাৰিনে? উপযুক্ত উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। H. S. ’14, ’16
উত্তৰ সাধ্যৰ দ্বাৰা তাৰ সাধনৰ সমৰ্থন কৰিব নোৱাৰি। ইয়াৰ কাৰণ, কোনো এটা কাম ভাল হ’ব লাগিলে উদ্দেশ্য ভাল হোৱাৰ উপৰিও উদ্দেশ্য সাধনৰ উপায়ো ভাল বা সৎ হ’ব লাগিব। উদাহৰণস্বৰূপে দুখীয়ক সহায় কৰাটো এটা ভাল কাম। কিন্তু কাৰোবাৰ সম্পদ চুৰ কৰি দুখীয়াক সহায় কৰাটো ভাল কাম হ’ব নোৱাৰে। দুখীয়াক সহায় কৰিবলৈ হ’লে আমাৰ সহায় কৰা উপায়ো সৎ হ’ব লাগিব।
১১। উপযুক্ত উদহাৰণৰ সহায়ত কাৰণ আৰু উপকাৰণৰ সম্পর্ক ব্যাখ্যা কৰা। H. S. ’16
উত্তৰ কাৰণ কাৰ্যৰ অব্যবহৃত, চর্তহীন, অপৰিবৰ্তনীয় পূর্ববর্তী ঘটনা। আনহাতে কোনো এটা মূল কাৰণৰ অপৰিহাৰ্য অংশ বা চর্তসমূহকে ‘উপকাৰণ’ বোলে।
কাৰণ কোনো এক বিশেষ ঘটনা নহয়। ই ঘটনাৰ সমষ্টি। আনহাতে কাৰণৰ অন্তর্ভুক্ত বিভিন্ন ঘটনাবোৰৰ প্রত্যেকটোবেই একো একোটা উপকাৰণ।
উদাবহণস্বৰূপে এজন ব্যক্তি জখলা এটা বগাই উঠোতে সৰি পৰি মৰিল। জখলাৰ পৰা সৰি পৰাটো ব্যক্তিজনৰ মৃত্যু হোৱাৰ কাৰণ। কিন্তু জখলাৰ পৰা সৰি পৰাটোৱে মানুহজন মৰাৰ একমাত্ৰ কাৰণ নহয়। মৃত্যু হোৱা কার্য সংঘটিত হওঁতে আন কিছুমান অবস্থা বা চৰ্ত জখলাৰ পৰা সৰি পৰা কাৰণৰ সৈতে যুক্ত হৈ আছে। যেনেঃ জখলাৰ উচ্চতা, দৈহিক অক্ষমতা, মাটিৰ কঠিনতা, আঘাতৰ প্রাবল্য আদি। মানুহজনৰ মৃত্যু ঘটাবৰ বাবে এই আটাইবোৰেই একো একাটা অপৰিহাৰ্য অংশ। গতিকে ইয়াৰ প্রত্যেক অংশই একো একোটা উপকাৰণ।
উপকাৰণ দুই প্ৰকাৰৰ (ক) অনুকূল বা সদর্থক উপকাৰণ আৰু প্রতিকূল বা নঞর্থক উপকাৰণ। কার্য এটাক ব্যর্থ নকৰাকৈয়ে যিবোৰ উপকাৰণক বাদ দিব নোৱাৰি সেইবোৰ উপকাৰণকে ‘অনুকূল উপকাৰণ’ বুলি কোৱা হয়। যেনে-লোক এজন নাদত পৰি মৃত্যুমুখত পৰিল। ইয়াৰ অনুকূল উপকাৰণবোৰ হ’ব-ব্যক্তিজন নাদত পৰা ঘটনাটো, নাদৰ গভীৰতা, মাধ্যকর্ষণ শক্তি আদি।
আনহাতে যিবোৰ উপকাৰণে কাৰ্য এটা ব্যর্থ নকৰাকৈ উপস্থিত থাকিব নোৱাৰে, সেইবোৰ উপকাৰণক প্রতিকূল বা নঞর্থক উপকাৰণ বোলে। উদাৰহণ- কোনো লোকৰ নাদত পৰি মৃত্যু হ’ল। তেওঁৰ মৃত্যুৰ প্রতিকূল বা নএার্থক উপকাৰণ হ’ব তেওঁৰ পানীত ভাঁহি থাকিব পৰা বা সাঁতোৰাৰ দক্ষতা, লোকৰ পৰা পোৱা সহায় ইত্যাদি।
১২। পৰীক্ষণ কি? নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাবোৰ কি কি? H. S. ’17
উত্তৰ: কৃত্ৰিম পৰিৱেশত কোনো এক নির্দিষ্ট উদ্দেশ্যৰে কোনো কৃত্রিম ঘটনা প্রস্তুত কৰি প্রত্যক্ষ কৰাকে ‘পৰীক্ষণ’ বুলি কোৱা হয়। পৰীক্ষণত পৰিবেশ কৃত্রিম হোৱাৰ উপৰিও তাত বৈজ্ঞানিক যন্ত্র-পাতিও ব্যৱহাৰ হ’ব পাৰে।
নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাবোৰ হ’ল-
(ক) নিৰীক্ষণৰ সিদ্ধান্ত সম্ভাবনামূলক। কিন্তু পৰীক্ষণৰ সিদ্ধান্ত নিশ্চিত।
(খ) নিৰীক্ষণৰ তুলনাত পৰীক্ষণত ঘটনা এটা পুনঃ পুনঃ প্রত্যক্ষ কৰিব পাৰি।
(গ) নিৰীক্ষণতকৈ পৰীক্ষণত ঘটনা এটি অতি সুস্থভাবে প্রত্যক্ষ কৰিব পাৰি।
(ঘ) নিৰীক্ষণতকৈ পৰীক্ষণত অপ্রাসংগিক বিষয়সমূহ ঘটনাৰ পৰা বাদ দিব পাৰি।
১৩। উপযুক্ত উদাহৰণৰ সহায়ত আবশ্যকীয় দৃষ্টান্তৰ অনবেক্ষণ দোষ আৰু আৱশ্যকীয় পাৰিপার্শ্বিক অবস্থাৰ অনবেক্ষণ দোষৰ মাজত পাৰ্থক্য নিৰীপণ কৰা। H. S. ’15
উত্তৰ নিৰীক্ষণ কৰিবলগীয়া কোনো আবশ্যকীয় দৃষ্টান্ত নিৰীক্ষণ নকৰা দোষক ‘আৱশ্যকীয় দৃষ্টান্তৰ অনবেক্ষণ দোষ’ বোলে। উদাৰহণ বামে গাহৰিৰ মাংস খাই নদীত মাছ ধৰিবলৈ গৈ ডুবি মৰিল। এই ঘটনাৰ পৰা সিদ্ধান্ত লোৱা হ’ল যে গাহৰিৰ মাংস খোৱা বাবে ৰাম নদীত ডুবি মৰিল। এইটো আৱশ্যকীয় দৃষ্টান্তৰ অনবেক্ষণ দোষ। কাৰণ ইয়াত ডুবি মৰাৰ কাৰণ পর্যবেক্ষণ কৰা নাই।
আনহাতে আবশ্যকীয় পাৰিপার্শ্বিক অৱস্থাৰ অনবেক্ষণৰ ফলত উদ্ভৱ হোৱা নিৰীক্ষণৰ দোষক ‘আৱশ্যকীয় পাৰিপার্শ্বিক অৱস্থাৰ অনবেক্ষণ দোষ’ বোলে। উদাহৰণ- এজন পেটৰ বিষ থকা ৰোগীয়ে এসপ্তাহ বাতিপুৱা আপেল খাই ৰোগৰ পৰা আৰোগ্য হোৱাত সিদ্ধান্ত লোৱা হ’ল যে বাতিপুৱা আপেল খোৱাই ৰোগ আৰোগ্যৰ কাৰণ। ইয়াত ৰোগ আৰোগ্যৰ পাৰিপার্শ্বিক অন্যান্য দিশ যথা- বাতিপুৱা টোপনিৰ পৰা উঠা, স্বাস্থ্যৰ যতন লোবা, মানসিকতাৰ পৰিবৰ্তন আদি পাৰিপার্শ্বিক অবস্থা অগ্রাহ্য কৰা হৈছে।
১৪। ভ্রান্ত পর্যবেক্ষণ দোষ বুলিলে কি বুজা? উপযুক্ত উদাহৰণৰ সহায়ত ব্যক্তিগত ভ্রান্ত পর্যবেক্ষণ আৰু সার্বজনীন ভ্রান্ত পর্যবেক্ষণৰ মাজত পার্থক্য নির্ণয় কৰা। H. S. ’15
উত্তৰ: ইন্দ্রিয় সংবেদনৰ ভুল ব্যাখ্যাৰ বাবে কোনো এটা বস্তু যিভাবে থাকে সেইভাবে প্রত্যক্ষ নকৰি অন্যভাবে প্রত্যক্ষ কৰাকে ‘ভ্রান্ত পর্যবেক্ষণ দোষ’ বোলে। ভ্রান্ত নিৰীক্ষণ যেতিয়া কোনো ব্যক্তি বিশেষৰ ক্ষেত্রত হয়, সকলোৰে ক্ষেত্ৰত নহয়, তাক ব্যক্তিগত ‘ভ্রান্ত নিৰীক্ষণ’ বোলে। যেনে বচী এডালক এজনৰ মনত সাপ বুলি ভ্রান্ত ধাৰণা হ’ব পাৰে; কিন্তু ই সকলোৰে ক্ষেত্ৰত নহয়।
আনহাতে, যি ভ্রান্ত পর্যবেক্ষণ সকলোৰে ক্ষেত্ৰত ঘটে, তাক সার্বজনীন ‘ভ্রান্ত নিৰীক্ষণ’ বোলে। উদাহৰণ চলন্ত গাড়ী এখনৰ পৰা সকলো যাত্রীয়েই বাস্তাৰ দুয়োকাষে থকা গছবোৰক বিপৰীত ফালে বেগাই পাৰ হৈ থকা দেখে।
ঘ. বচনাধর্মী প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক- ৬)
১। নিৰীক্ষণ আৰু পর্যবেক্ষণৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ আলোচনা কৰা।
উত্তৰ নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত কিছুমান সাদৃশ্য আছে, যেনে
(ক) নিৰীক্ষণ আৰু পৰীক্ষণ দুয়োটা প্রক্রিয়াই উদ্দেশ্যপ্রণোদিত। প্রাকৃতিক পৰিৱেশতেই হওঁক বা কৃত্রিম পৰিৱেশতেই হওঁক ঘটনাৰ বিশ্লেষণ কৰোতে এটা উদ্দেশ্য থাকে।
(খ) নিৰীক্ষণ আৰু পৰীক্ষণত প্রত্যক্ষৰ বিষয়-বস্তু নির্বাচন কৰি লোৱা হয়।
(গ) দুয়োবিধ প্রক্রিয়াই সুনিয়ন্ত্রিত প্রত্যক্ষ। দুয়োবিধতেই অপ্রাসঙ্গিক ঘটনাৰ পৰা মনটোক আঁতৰাই আনি প্রাসঙ্গিক ঘটনাৰ ওপৰত মনটোক নিবদ্ধ কৰি ঘটনাৰাজিক মনোযোগেৰে প্রত্যক্ষ কৰা হয়। নিৰীক্ষণ আৰু পর্যবেক্ষণৰ মাজত কিছুমান ক্ষেত্রত সাদৃশ্য আছে যদিও দুয়োৰে মাজত কিছুমান বৈসাদৃশ্য বা পার্থক্যও আছে যেনে-
(ক) নিৰীক্ষণৰ বিষয়-বস্তু প্রাকৃতিক ঘটনা। আনহাতে পৰীক্ষণৰ বিষয়-বস্তু কৃত্রিম।
(খ) নিৰীক্ষণত ঘটনা এটিক প্রাকৃতিক পৰিৱেশতহে প্রত্যক্ষ কৰা হয়। আনহাতে পৰীক্ষণত ঘটনা এটিক কৃত্রিম পৰিৱেশত প্রত্যক্ষ কৰা হয়।
(গ) নিবীক্ষণত নিৰীক্ষণ কৰিব লগা ঘটনা বা পৰিবেশ নিৰীক্ষকজনৰ নিয়ন্ত্রণত নাথাকে। ই সম্পূর্ণরূপেই প্ৰকৃতিৰ ওপৰত নির্ভবশীল।
আনহাতে, পৰীক্ষণত পৰিৱেশটো সদায় পৰীক্ষকৰ নিয়ন্ত্রণত থাকে। ইচ্ছা কৰিলে পৰীক্ষকে ঘটনা এটিক কৃত্রিম পৰিবেশত বাৰে বাবে কৰি দেখুৱাব পাৰে।
২। ভাৰতীয় ন্যায়দর্শন মতে ‘কাৰণ’ কি?ই কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ ভাৰতীয় ন্যায় দর্শন মতে, কাৰণ হৈছে এনে কিছুমান পাৰিপার্শ্বিক অবস্থা যিবোৰ কাৰ্যৰ নিয়ত পূর্ববর্তী। ভাৰতীয় ন্যায় দর্শনত কাৰণক তিনিটা ভাগত ভাগ কৰা হৈছে, যথা
(ক) সমবায়ী কাৰণ যি উপাদানেৰে কাৰ্য উৎপন্ন কৰা তাক ‘সমবায়ী কাৰণ’ বোলে। উপাদান আৰু উপাদানেৰে উৎপন্ন হোৱা বস্তুৰ মাজত সমবায়ৰ সম্বন্ধ থাকে, সেইবাবে সমবায়ী কাৰণক ‘উপাদান কাৰণ’ বুলিও কোৱা হয়।
(খ) অসমবায়ী কাৰণ: উপাদান কাৰণক আশ্ৰয় কৰি থকা কোনো গুণ বা ক্রিয়াকে ‘অসমবায়ী কাৰণ’ বোলে। উদাহৰণস্বৰূপে কাপোৰ এখনৰ সমাবায়ী কাৰণ হ’ল সূতা। কাপোৰৰ লগত কাপোৰৰ সম্পৰ্ক সমবায়ৰ সম্পর্ক। আনহাতে সুতাৰ সেউজীয়া বং কাপোৰখনৰ অসমবায়ী কাৰণ।
(গ) নিমিত্ত কাৰণ: যাৰ শক্তি বা চেষ্টাত কার্য উৎপন্ন হয় তাকে নিমিত্ত কাৰণ বোলে। অর্থাৎ কোনো কামৰ কৰ্তাই নিমিত্ত কাৰণ।
১১। উপকাৰণৰ সংজ্ঞা দিয়া। উপকাৰণ কেইপ্ৰকাৰৰ আৰু কি কি?
নাইবা
উপকাৰণ মানে কি? উপযুক্ত উদাহণৰ সহায়ত অনুকূল বা সদর্থক আৰু প্রতিকূল বা নঞর্থক উপকাৰণৰ বিষয়ে লিখা। H. S. ’16
উত্তৰ কাৰণৰ অপৰিহার্য অংশক ‘উপকাৰণ’ বোলে। অর্থাৎ কার্য উৎপাদনৰ কাৰণত যিবোৰ ঘটনা অন্তর্ভুক্ত হৈ থাকে সেই সকলোবোৰেই একো একোটা উপকাৰণ।
উপকাৰণ দুই প্ৰকাৰৰ, যেনেঃ (ক) অনুকূল বা সদর্থক উপকাৰণ আৰু (খ) প্রতিকূল বা নঞর্থক উপকাৰণ। কার্য এটাক ব্যর্থ নকৰাকৈয়ে যিবোৰ উপকাৰণক বাদ দিব নোৱাৰি সেইবোৰ উপকাৰণকে ‘অনুকূল উপকাৰণ’ বুলি কোৱা হয়। যেনে-লোক এজন নাদত পৰি মৃত্যুমুখত পৰিল। ইয়াৰ অনুকূল উপকাৰণবোৰ হ’ব-ব্যক্তিজন নাদত পৰা ঘটনাটো, নাদৰ গভীৰতা, মাধ্যকর্ষণ শক্তি আদি।
আনহাতে যিবোৰ উপকাৰণে কাৰ্য এটা ব্যর্থ নকৰাকৈ উপস্থিত থাকিব নোৱাৰে, সেইবোৰ উপকাৰণক প্রতিকূল বা নঞর্থক উপকাৰণ বোলে। উদাৰহণ- কোনো লোকৰ নাদত পৰি মৃত্যু হ’ল। তেওঁৰ মৃত্যুৰ প্রতিকূল বা নএার্থক উপকাৰণ হ’ব তেওঁৰ পানীত ভাঁহি থাকিব পৰা বা সাঁতোৰাৰ দক্ষতা, লোকৰ পৰা পোৱা সহায় ইত্যাদি।
১২। কাৰভেথ ৰীডক অনুসৰণ কৰি কাৰণৰ সংজ্ঞা দিয়া। কাৰণৰ গুণগত লক্ষণসমূহ চমুকৈ ব্যাখ্যা কৰা। H. S. ’16
উত্তৰ: তর্কবিদ কাৰভেথ ৰীডৰ মতে গুণগত দিশৰ পৰা কাৰণ হৈছে কার্যত নিয়ত, চর্তহীন আৰু অব্যবহিত পূর্ববর্তী ঘটনা।
কাৰণৰ কিছুমান গুণগত লক্ষণ আছে সেইবোৰ হ’ল-
(ক) কাৰণ আৰু কাৰ্য পৰস্পৰ সাপেক্ষ পদ। কাৰণ নাথাকিলে কার্য নহয় আৰু কাৰণ নাথাকিলে কাৰণৰ ধাৰণা নহয়।
(খ) কাৰণ আৰু কার্য সদায় পূর্ববর্তী আৰু অনুবর্তী ঘটনা। অবশ্যে যিকোনো পূর্ববর্তী ঘটনা কাৰণ হ’ব নোৱাৰে। কিয়নো কাৰণ কোনো কাৰ্যৰ লগত সদায় অপৰিৱৰ্তনীয়ভাবে যোগ হৈ থাকে। যিকোনো পূর্ববর্তী ঘটনাকে কাৰণ বুলি ধৰিলে ই ‘কাকতালীয় দোষ’ হ’ব। দুটা ঘটনা নিয়ত পূর্বাপর্য সম্পর্কযুক্ত হ’লে ই কার্যকাৰণ সম্পর্ক নহয়। কিয়নো কার্য সংঘটিত হোৱা ক্ষমতা কাৰণৰ ভিতৰত থাকিব লাগিব।
(ঘ) কাৰ্যকাৰণৰ মাজত কোনো তৃতীয় পদ নাথাকে। এট কাৰ্যৰ সদায় এটাহে কাৰণ থাকে।