অসমৰ সমাজ ব্যৱস্থা বিষয় The Society of Assam
বহু বছৰ ধৰি বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণত অসমীয়া জাতি গঢ় লৈ উঠা বাবে অসমীয়া সমাজ ব্যৱস্থাত বিভিন্ন জনগোষ্ঠীৰ নিজা নিজা ৰাতি-নীতিৰ স্পষ্ট আৰু স্থায়ী প্ৰভাৱ দেখা যায়।
বিভিন্ন জাতি-জনজাতিৰ বাসস্থান উত্তৰ-পূব অঞ্চললৈ আৰ্য-সকলৰ আগমনৰ লগে লগে ইয়াত আৰ্য সংস্কৃতিৰ প্ৰভাৱ পৰে।
লাহে লাহে ৰাজকীয় পৃষ্ঠপোষকতাত এই সভ্যতাই স্থানীয় সমাজৰ মাজত দকৈ সোমাবলৈ লয়।
ফলত এই ভূ-খণ্ডৰ সমাজ ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ স্থায়ী হৈ পৰে। হিন্দুসকল ব্ৰাহ্মণ, কায়স্থ, দৈৱজ্ঞ বা গণক, কলিতা, কোচ, কেওট, কৈৱৰ্ত, কুমাৰ, হাড়ি আদি কেইবটাও ভাগত বিভক্ত।
অসমীয়া সমাজত জাতি-ভেদ প্ৰথা আছে যদিও ইয়াৰ বান্ধোন সিমান কট্কটীয়া নহয়। বহু জাতি-উপজাতি একেলগে বাহি, একে চৰুতে ৰন্ধা অন্ন গ্ৰহণ কৰাও দেখা যায়। সেইদৰে বিভিন্ন জাতি,উপজাতিৰ মাজত বিয়া-বাৰুৰো প্ৰচলন আছে।
অসমীয়া সমাজ পিতৃপ্ৰধান। পৰিয়ালৰ বয়োজ্যেষ্ঠ পুৰুষজনেই সাধাৰণতে ঘৰখনৰ গৰাকী।
বিয়াৰ পাছত ছোৱালী স্বামীগৃহলৈ যায় আৰু¸ স্বামীৰ উপাধি গ্ৰহণ কৰে। সন্তানে পিতৃৰ পিতৃৰ উপাধি গ্ৰহণ কৰে আৰু¸ পিতৃৰ পাছত পুত্ৰই সম্পত্তিৰ গৰাকী হোৱাৰ অধিকাৰ লাভ কৰিছে।
You May Like:
- অসমীয়া ভাষা আৰু সাহিত্য Assamese Language and Literature
- অসমৰ ধৰ্ম কুইজ Assam Religion Quiz
- অসম হস্তশিল্প কুইজ Assam Handicraft Quiz