Join WhatsApp

Join Now

Join Telegram

Join Now

কাঠমিস্ত্ৰীৰ ঘৰ Class 12 Assamese Chapter 13 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক কাঠমিস্ত্ৰীৰ ঘৰ Class 12 Assamese Chapter 13 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

কাঠমিস্ত্ৰীৰ ঘৰ Class 12 Assamese Chapter 13 Solutions

কাঠমিস্ত্ৰীৰ ঘৰ Class 12 Assamese Chapter 13 Solutions

কাঠমিস্ত্ৰীৰ ঘৰ – ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত 

কবি পৰিচয়: ধীৰেন্দ্ৰ চন্দ্র দত্ত (১৯১০-১৯৭২) অসমীয়া প্রগতিশীল কবিতাৰ বাটকটীয়া আৰু এজন কমিউনিষ্ট বিপ্লবী। তেওঁৰ জন্ম হয় কৰুণাটিং বাগিছাত। তেওঁৰ পিতৃৰ নাম ডাঃ শৰৎ চন্দ্ৰ দত্ত। সিহঁতৰ ঘৰ আছিল বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰহ্মপুৰত। তাৰ পৰা অসমলৈ প্ৰব্ৰজন কৰি গোলাঘাটৰ বৰুৱা বামুণগাওঁত নিগাজীকে বসতি কৰিবলৈ লয়। জন্মভূমিৰ আহ্বানত ধীবেন্দ্র চন্দ্র দত্তই নিচেই তল শ্রেণীতে শিক্ষা শেষ কৰি দেশৰ কামত জপিয়াই পৰে। তেওঁ আছিল সাম্যবাদী আদর্শত বিশ্বাসী। তেওঁ কৃষক-বনুৱাৰ স্বাৰ্থত প্ৰকৃত বিপ্লৱীৰ আদৰ্শ ৰাখি থৈ গৈছে।
১৯৩৬ চনত তেওঁৰ কাব্য সংকলন ‘অভিযান’ প্রকাশ পায়। শ্রমজীবি মানুহৰ কাৰুণ্য আৰু সংগ্ৰামৰ চিত্র তেওঁৰ কবিতাত প্রতিভাত হৈ উঠিছে।
তেওঁ ১৯৭২ চনৰ অক্টোবৰ মাহত যোৰহাটৰ চিভিল হস্পিতালত ক্ষয়ৰোগত মৃত্যু বৰণ কৰে।

কঠিন শব্দৰ অৰ্থঃ

ৰাণ্ডা: কাঠ মিহিকৈ চাঁচিবলৈ মিস্ত্রিয়ে ব্যৱহাৰ কৰা অস্ত্র বিশেষ। ঝাণ্ডা: পতাকা। ফেন যায় যায়: কঠোৰ পৰিশ্ৰমৰ বাবে কাঠমিস্ত্ৰিৰ মুখেৰে যেন ফেন বাহিৰ হয় এনে অর্থ প্রকাশ হৈছে। জমিঃ মাটি। প্রবাল দ্বীপ: সাগৰত প্ৰৱাল নামৰ এবিধ প্ৰাণীৰ জঁকা জমা হৈ সৃষ্টি হোৱা দ্বীপ। টিপয়: চাহ জলপান আদি পৰিবেশনৰ বাবে ব্যৱহাৰ কৰা তিনিটা খুৰা থকা মেজ। হর্য্য: কাৰেং। বিলাসীৰ দল: লাহ-বিলাসত থকা ধনী শ্রেণী। জাঁত-জাঁত: ছেও, শব্দ বিশেষ। বিশ্ব শিল্পী মহাবিশ্বৰ: কাঠমিস্ত্রিক কবিয়ে বিশ্ব শিল্পী বুলি অভিহিত কৰিছে।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ১)

১। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো কিমান চনত ৰচিত? H.S. ’17

উত্তৰ: ‘কাঠমিস্ত্ৰৰ ঘৰ’ কবিতাটি ১৯৩৯ চনত ৰচিত।

২। কবি ধীৰেন্দ্ৰ চন্দ্র দত্তৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ: কবি ধীৰেন্দ্ৰ চন্দ্র দত্তৰ এখন কবিতা পুথিৰ নাম ‘অভিযান’।

৩। ‘কবিতাটিত ‘প্রবাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে?

উত্তৰ: ‘প্রবাল দ্বীপ’ হৈছে সাগৰত প্ৰৱাল নামৰ প্ৰাণীৰ জঁকাৰ দ্বাৰা সৃষ্টি হোৱা দ্বীপ। কবিয়ে ‘প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ কথাফাকিৰ জৰিয়তে বুজাব বিচাৰিছে যে যেনেদৰে অসংখ্য প্রৱাল প্রাণীৰ জঁকা লগলাগি প্রবাল দ্বীপৰ সৃষ্টি হয়, ঠিক তেনেদৰে ধনী মানুহৰ ঘৰ অসংখ্য আচবাব-পত্ৰৰে ভৰি থাকে।

৪। কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?

উত্তৰ: কবিতাটিত উল্লেখ থকা বিশ্বশিল্পীজন হ’ল কাঠমিস্ত্রী।

৫। কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোরা হৈছে?

উত্তৰ: নিজ বাহুবলেৰে কাঠমিস্তয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটোত কোৱা হৈছে।

খ) চমু প্রশ্ন (প্ৰতিটোৰ মূল্যাংক: ২। ৩)

১। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা। H.S. ’18

নাইবা

কাঠ খুলিবলৈ আৰু মিহিকৈ চুঁচিবলৈ কাঠমিস্ত্রীয়ে কি কি বিশেষ সঁজুলি ব্যৱহাৰ কৰে? H.S. ’20

উত্তৰ: কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা আৰু কবিতাটিত উল্লেখ থকা দুবিধ সঁজুলিৰ নাম হ’ল: ৰাণ্ডা আৰু বটালি।

২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?

উত্তৰ: ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কোৱা কথাষাৰ হ’ল:

” মোক যদি কোনোবাই দহোটা শ্রেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ’ব ‘কাঠমিস্ত্ৰীৰ ঘৰ’।”

৩। কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা।

উত্তৰ: কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাবৰ নাম হ’ল: চিয়াৰ, টেবুল, আলনা, আলমাৰি, ড্ৰয়াৰ, টিপয় আদি।

৪। ‘কাঠমিস্ত্রীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটোত কোৱা হৈছে?

উত্তৰ: আৰামী চকীত বহি বিলাসী জীবন কটোৱা আঢ্যবন্ত লোকসকলৰ বাবে কাঠমিস্ত্রীয়ে কাম কৰে বুলি কবিতাটোত কোৱা হৈছে।

৫। কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে?

উত্তৰ: কবিয়ে কাঠমিস্ত্রীৰ লগতে কঁহাৰ আৰু কমাৰক নিজ নিজ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪/৫)

১। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।

উত্তৰ: ধীৰেন্দ্ৰ চন্দ্র দত্ত (১৯১০-১৯৭২) অসমীয়া প্রগতিশীল কবিতাৰ বাটকটীয়া আৰু এজন কমিউনিষ্ট বিপ্লবী। তেওঁৰ জন্ম হয় কৰুণাটিং বাগিছাত। তেওঁৰ পিতৃৰ নাম ডাঃ শৰৎ চন্দ্ৰ দত্ত। সিহঁতৰ ঘৰ আছিল বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত। তাৰ পৰা অসমলৈ প্ৰব্ৰজন কৰি গোলাঘাটৰ বৰুৱা বামুণগাওঁত নিগাজীকৈ বসতি কৰিবলৈ লয়। জন্মভূমিৰ আহ্বানত ধীৰেন্দ্ৰ চন্দ্র দত্তই নিচেই তল শ্রেণীতে শিক্ষা শেষ কৰি দেশৰ কামত জপিয়াই পৰে। তেওঁ আছিল সাম্যবাদী আদর্শত বিশ্বাসী। তেওঁ কৃষক-বনুৱাৰ স্বাৰ্থত প্রকৃত বিপ্লৱীৰ আদৰ্শ ৰাখি থৈ গৈছে। ১৯৩৬ চনত তেওঁৰ কাব্য সংকলন ‘অভিযান’ প্রকাশ পায়। শ্রমজীবি মানুহৰ কাৰুণ্য আৰু সংগ্ৰামৰ চিত্ৰ তেওঁৰ কবিতাত প্রতিভাত হৈ উঠিছে।
তেওঁ ১৯৭২ চনৰ অক্টোবৰ মাহত যোৰহাটৰ চিভিল হস্পিতালত ক্ষয়ৰোগত মৃত্যু বৰণ কৰে।

২। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা।

উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিত কবিয়ে কাঠমিস্ত্রীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ অতি প্রাণস্পর্শী ৰূপত তলত দিয়া ধৰণে ফুটাই তুলিছে-

কাঠমিস্ত্রী হৈছে শ্রমজীবি মানুহৰ প্রতিনিধি। সিহঁতৰ জীৱন কাৰুণ্য আৰু গতানুগতিক কামেৰে পৰিপূৰ্ণ। কাঠমিস্ত্রীয়ে অর্থনৈতিকভাবে সবল অর্থাৎ আঢ্যবন্ত মানুহৰ বাবে সুন্দৰ সুন্দৰ কাঠৰ আচবাব পত্র সাজি দিয়ে। কাঠমিস্ত্ৰিৰ বটালি-হাতুৰীৰ খুন্দাত নীৰস কাঠেও প্রাণ পাই উঠে। সিহঁতে আনৰ কাৰণে প্রসাদোপোম ঘৰ সাজে। টোপাটোপে কপালৰ ঘাম মাটিত পেলাই সিহঁতে গোটেই দিন কাম কৰি থাকে। কিন্তু নিজে ডুব গৈ থাকে দৰিদ্ৰতাৰ অন্ধকাৰত। তেওঁলোকে কেতিয়াও সিহঁতৰ কামৰ উপযুক্ত প্রতিদান নাপায়। এনেদৰে কবিতাটিৰ মাজেৰে কবিয়ে কাঠ মিস্ত্রীৰ জীৱনৰ কাৰুণ্যময় অৱস্থাৰ ছবি চিত্রিত কৰিছে।

৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

‘বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গড়ে প্রাসাদ উজ্জ্বল মায়াপুৰী মানৱৰ; কাঠ মিস্ত্ৰীৰ ঘৰ।

উত্তৰ: উদ্ধৃত কবিতাকলি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ধীৰেন্দ্র চন্দ্র দত্তই ৰচনা কৰা ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উদ্ধৃত কবিতাফাকিৰ মাজেদি কবিয়ে শ্রমজীবি শ্রেণীটোৱে কিদৰে দুর্বিসহ দৰিদ্ৰ জীবন যাপন কৰিবলগা হয়-সেই চিত্র অংকন কৰিছে।
বিশ্বৰ সকলো কর্মী দল অর্থাৎ কাঠ মিস্ত্রী, বনুৱা, কমাৰ, কঁহাৰ শ্ৰেণীৰ লোকসকলে অসহনীয় শ্ৰমৰ বোজা মূৰত লৈ শৰীৰৰ তেজ পানী কৰি গোটেই দিন পৰিশ্ৰম কৰি সুন্দৰ সুন্দৰ বস্তু তৈয়াৰ কৰে। কিন্তু সিহঁতে সেই সুন্দৰ বস্তুবোৰ নিজে ব্যৱহাৰ কৰিব নোৱাৰে। সিহঁত চিৰদিন দৰিদ্ৰতাৰ বোজা মুৰত লৈ জীৱন কটাব লগা হয়। আনহাতে সিহঁতে অশেষ শ্রমেৰে তৈয়াৰ কৰা বস্তু-সামগ্ৰীৰ দ্বাৰা অভিজাত শ্রেণীটোৱে মায়াপুৰী সৃষ্টি কৰি বিলাসী জীৱন যাপন কৰে।

৪। কাঠমিস্ত্রীক কিয় শিল্পী বুলি কোৱা হৈছে?

উত্তৰ: কাঠমিস্ত্রীক কবিয়ে শিল্পী বুলি কৈছে। কবিতাটিত ইয়াৰ কাৰণ তলত বর্ণনা কৰা মতে পোৱা পায়:

কাঠমিস্ত্রীয়ে অর্থনৈতিকভাবে সবল অর্থাৎ আঢ্যবন্ত মানুহৰ বাবে সুন্দৰ সুন্দৰ কাঠৰ আচবাব পত্র সাজি দিয়ে। কাঠমিস্ত্ৰীৰ বটালি-হাতুৰীৰ খুন্দাত নীৰস কাঠেও প্রাণ পাই উঠে। সিহঁতে আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠেৰে টেবুল, চিয়াৰ, আলনা, আলমাৰি আদি বহুত আচবাব পত্র তৈয়াৰ কৰে। সিহঁতৰ হাতৰ পৰশত যিকোনো বস্তুই সুন্দৰ হৈ উঠে। সিহঁতে আনৰ কাৰণে প্রসাদোপোম ঘৰ সাজে। টোপাটোপে কপালৰ ঘাম মাটিত পেলাই সিহঁতে গোটেই দিন কাম কৰি থাকে। সেয়ে কবিয়ে কাঠমিস্ত্রীক শিল্পী বুলি কৈছে।

৫। কাঠমিস্ত্রীক ধৰি শ্রমজীবিসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব বুলি কবিতাটিত কোৱা হৈছে?

নাইবা

‘লোৱা অধিকাৰ নিজ বাহুবলে’ কবিয়ে সমাজৰ কোন কোন শ্ৰেণীৰ লোকক নিজে কৰা কৰ্মৰ অধিকাৰ ল’বৰলৈ আহ্বান জনাইছে? H.S. ’20

উত্তৰ: কাঠ মিস্ত্রীয়ে নিজৰ শৰীৰৰ তেজ পানী কৰি অভিজাত শ্রেণীটোৰ বাবে বিলাসী প্রাসাদোপম অট্টালিকা আৰু সুন্দৰ সুন্দৰ আচবাব পত্ৰ সাজি দিয়ে। কিন্তু সিহঁতে সিহঁতৰ নায্য প্রাপ্য নাপায়। সিহঁতৰ জীৱন দৰিদ্ৰতাত ডুব গৈ থাকে। সেয়ে কবিয়ে কাঠমিস্ত্রীৰ লগতে কঁহাৰ আৰু কমাৰসকলক সচেতন হ’বলৈ আহ্বান জনাইছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে যদি সিহঁত সচেতন হৈ বিপ্লব আৰম্ভকৰে, তেন্তে নিশ্চয় সিহঁতৰ অৱস্থাৰ পৰিৱৰ্তন হ’ব। সিহঁতে বিপ্লৱৰ বিনিময়ত নিজৰ নায্য অধিকাৰ সাব্যস্ত কৰিব পাৰিব।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া: (মূল্যাংক: ১)

(ক) ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ ৰচক কোন?

উত্তৰ: ‘কাঠ মিস্ত্রীৰ ঘৰ’ কবিতাটিৰ ৰচকজন হ’ল ধীৰেন্দ্ৰ চন্দ্র দত্ত।

(খ) ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ কবিতাটি কোন চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ ‘কাঠমিস্ত্ৰৰ ঘৰ’ কবিতাটি ১৯৩৯ চনত ৰচনা কৰা হৈছিল।

(গ) ধীৰেন্দ্ৰ চন্দ্র দত্তই কোন চনত জন্ম গ্রহণ কৰিছিল?

উত্তৰ: ধীৰেন্দ্ৰ চন্দ্ৰন্দ্র দত্তই ১৯১০ চনত জন্ম গ্রহণ কৰিছিল।

(ঘ) ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কি ৰোগত আক্রান্ত হৈ মৃত্যু বৰণ কৰিছিল?

উত্তৰ: ধীৰেন্দ্ৰ নাথ দত্তই ক্ষয় বোগত আক্রান্ত হৈ মৃত্যু বৰণ কৰিছিল।

(ঙ) কাঠমিস্ত্রী ক’ত থাকিবলগীয়া হয়?

উত্তৰ: কাঠমিস্ত্রী সদায় এন্ধাৰত ডুবি থাকিবলগীয়া হয়।

(চ) ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ কবিতাটি কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে?

উত্তৰ: ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ শিৰোনামাৰ কবিতাটি ধীৰেন্দ্ৰ নাথ দত্তৰ ‘অভিযান’ নামৰ কাব্য পুথিৰ পৰা লোৱা হৈছে।

(ছ) কাঠ মিস্ত্রীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে?

উত্তৰঃ কাঠ মিস্ত্রীয়ে আজাৰ, শিমলু, শাল আদি বিভিন্ন ধৰণৰ কাঠক মনোহৰ ৰূপ দিয়ে।

(জ) কাঠমিস্ত্রীয়ে কেনেধৰণৰ আচবাব তৈয়াৰ কৰে?

উত্তৰ: কাঠমিস্ত্রীয়ে টেবুল, চিয়াৰ, আলনা, ড্ৰয়াৰ, টিপয় আদি নানান আচবাব তৈয়াৰ কৰে।

(ঝ) কাঠমিস্ত্রীয়ে সজা আচবাব কিহৰ দৰে ভৰি থাকে?

উত্তৰ: কাঠ মিস্ত্রীয়ে সজা আচবাবসমূহ প্রবাল দ্বীপৰ শৃংগৰ দৰে ভৰি থাকে।

(ঙ) কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্রথমে কোন চনত কোনখন মুখপত্রত প্রকাশ হৈছিল? H.S. ’19, ’20, ’24

উত্তৰ: কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি প্রথমতে অসম ছাত্র সম্মিলনৰ মুখপত্র ‘মিলন’ত ১৯৩৯ চনত প্রকাশ হৈছিল।

(চ) ‘বিশ্ব শিল্পী মহাবিশ্বৰ’ কবিয়ে কাক ‘বিশ্ব শিল্পী’ বুলি অভিহিত কৰিছে?

উত্তৰ: ইয়াত কবিয়ে ‘বিশ্বশিল্পী’ বুলি কাঠমিস্ত্রীক বুজাইছে। H.S. ’19

২। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:

(ক) (ঘ) শ্রমিক শ্রেণীক কবিয়ে কিহৰ বাবে আহ্বান জনাইছে – জুকিয়াই লিখা।

উত্তৰ: কাঠমিস্ত্রীয়ে নিজৰ জীৱনৰ তেজ পানী কৰি অভিজাত শ্ৰেণীটোৰ বাবে বিলাসী প্রাসাদোপম অট্টালিকা আৰু সুন্দৰ সুন্দৰ আচবাব পত্ৰ সাজি দিয়ে। কিন্তু সিহঁতে সিহঁতৰ নাৰ্য্য প্রাপ্য নাপায়। সিহঁতৰ জীৱন দৰিদ্ৰতাত ডুব গৈ থাকে। সেয়ে কবিয়ে কাঠ মিস্ত্রী, কঁহাৰ আৰু কমাৰসকলক সচেতন হ’বলৈ আহ্বান জনাইছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে যদি সিহঁত সচেতন হৈ বিপ্লৱ আৰম্ভ কৰে, তেন্তে নিশ্চয় সিহঁতৰ অৱস্থাৰ পৰিৱৰ্তন হ’ব। সিহঁতে বিপ্লৱৰ বিনিময়ত নিজৰ নায্য অধিকাৰ সাব্যস্ত কৰিব পাৰিব।

(খ) কাঠ মিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা চমুকৈ বুজাই লিখা। H.S. ’17

উত্তৰ: কাঠমিস্ত্রীহৈছে শ্রমজীবি মানুহৰ প্রতিনিধি। সিহঁতৰ জীৱন কাৰুণ্য আৰু গতানুগতিক কামেৰে পৰিপূৰ্ণ। কাঠ মিস্ত্রীয়ে অর্থনৈতিকভাবে সবল অর্থাৎ আঢ্যবন্ত মানুহৰ বাবে সুন্দৰ সুন্দৰ কাঠৰ আচবাব পত্র সাজি দিয়ে। সিহঁতৰ বটালি-হাতুৰীৰ খুন্দাত নীৰস কাঠেও প্রাণ পাই উঠে। সিহঁতে আনৰ কাৰণে প্রাসাদোপোম ঘৰ সাজে। টোপাটোপে কপালৰ ঘাম মাটিত পেলাই সিহঁতে গোটেই দিন কাম কৰি থাকে। কিন্তু নিজে ডুব গৈ থাকে দৰিদ্ৰতাৰ অন্ধকাৰত। তেওঁলোকে কেতিয়াও সিহঁতৰ কামৰ উপযুক্ত প্রতিদান নাপায়।

(গ) ‘কাঠমিস্ত্রী ঘৰ’ কবিতাটিৰ মাজেৰে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা।

উত্তৰ: কবি ধীৰেন্দ্র চন্দ্র দত্তই ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটোত সমাজৰ দুই পৰস্পৰ বিপৰীত শ্ৰেণীৰ চিত্ৰ অতি স্পষ্টকৈ ফুটাই তুলিছে।
কাঠমিস্ত্রী হৈছে শ্রমজীবি মানুহৰ প্রতিনিধি। সিহঁতৰ জীৱন কাৰুণ্য আৰু গতানুগতিক কামেৰে পৰিপূৰ্ণ। কাঠমিস্ত্রীয়ে অর্থনৈতিকভাবে সবল অর্থাৎ চহকী মানুহৰ বাবে সুন্দৰ সুন্দৰ কাঠৰ আচবাব পত্র সাজি দিয়ে। সিহঁতৰ বটালি-হাতুৰীৰ খুন্দাত নীৰস কাঠেও প্রাণ পাই উঠে। সিহঁতে আনৰ কাৰণে প্রাসাদোপম ঘৰ সাজে। টোপাটোপে কপালৰ ঘাম মাটিত পেলাই সিহঁতে গোটেই দিন হাতুৰী আৰু বটালিৰে কাম কৰি থাকে। কিন্তু নিজে ডুব গৈ থাকে দৰিদ্ৰতাৰ অন্ধকাৰত। তেওঁলোকে কেতিয়াও সিহঁতৰ কামৰ উপযুক্ত প্রতিদান নাপায়। আনহাতে ধনী বা অভিজাত শ্রেণীটোবে শ্রমজীবি মানুহৰ পৰিশ্ৰমেৰে তৈয়াৰ কৰা প্রাসাদোপম অট্টালিকাত বিভিন্ন মনোহৰ আচবাব পত্ৰৰে পৰিপূৰ্ণ পৰিৱেশত এক বিলাসী জীৱন যাপন কৰে। এইশ্ৰেণীৰ লোকৰ শ্রমজীবি দৰিদ্ৰ মানুহৰ জীৱনৰ বাবে ভাবিবলৈ কোনো সময় নাই।

৩। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) নিৰস কঠিন বেঁকা-বেঁকি কাঠ বটালি খুন্দাত উঠে জাঁত-জাঁত ৰূপৰ জপনা মেল খাই উঠে পাই ৰূপ মনোহৰ কাঠ মিস্ত্ৰীৰ ঘৰ।’

উত্তৰ: উদ্ধৃত কবিতাকলি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ৰচনা কৰা ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উদ্ধৃত কবিতাফাকিৰ মাজেদি কবিয়ে কাঠমিস্ত্রীসকলৰ কঠোৰ পৰিশ্ৰমৰ চিত্র অংকন কৰিছে। কাঠমিস্ত্রীসকল হৈছে সমাজৰ দুখীয়া শ্রেণী। সিহঁতে অভিজাত শ্ৰেণীটোৰ বাবে হাতুৰী আৰু বটালিৰ সহায়েৰে গোটেই দিন পৰিশ্ৰম কৰি কপালৰ ঘাম মাটিত পেলাই প্রাসাদোপম অট্টালিকা আৰু মনোৰম আচবাব পত্ৰ তৈয়াৰ কৰে। সিহঁতৰ হাত ইমানেই নিপুন যে সিহঁতৰ বটালি আৰু হাতুৰীৰ খুন্দাত নীৰস কাঠে প্রাণ পাই উঠে। সিহঁতে শুকান কাঠত কল্পনাক বাস্তৱ ৰূপ দিয়ে।

(গ) লাখ মানুহৰ বাহুৰ কৰ্ম কাঢ়ি গঢ়ি তোলে প্রাসাদ হর্য্য, হয় ডাঙৰীয়া উদাৰ মহৎ বৰনেতা সমাজৰ কাঠ মিস্ত্ৰীৰ ঘৰ।

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ ‘ৰ অন্তৰ্গত ধীৰেন্দ্র চন্দ্র দত্তই ৰচনা কৰা ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উদ্ধৃত কবিতাফাকিৰ মাজেদি কবিয়ে কাঠমিস্ত্রীসকলৰ কঠোৰ পশ্ৰিমৰ দ্বাৰা অভিজাত শ্রেণীটেরে কেনেদৰে বিলাসী জীৱন যাপন কৰে তাৰ চিত্ৰ অংকন কৰিছে।

শ্রমজীবিসকল অর্থাৎ কাঠমিস্ত্রী, বনুৱা, কমাৰ, কঁহাৰসকলে অসহনীয় শ্ৰমৰ বোজা মূৰত লৈ শৰীৰৰ তেজ পানী কৰি গোটেই দিন পৰিশ্ৰম কৰি সুন্দৰ সুন্দৰ বস্তু তৈয়াৰ কৰে। কিন্তু সিহঁতে সেই সুন্দৰ বস্তুবোৰ নিজে ব্যৱহাৰ কৰিব নোৱাৰে। সিহঁত চিৰদিন দৰিদ্ৰতাৰ বোজা মুৰত লৈ জীৱন কটাব লগা হয়। আনহাতে সিহঁতে অশেষ শ্রমেৰে তৈয়াৰ কৰা বস্তু-সামগ্ৰীৰ দ্বাৰা অভিজাত শ্রেণীটোরে মায়াপুৰী সৃষ্টি কৰি বিলাসী জীৱন যাপন কৰে। হাড়ভগা পৰিশ্ৰম কৰে বনুৱাই কিন্তু মায়াপুৰীত বহি সমাজৰ বৰ নেতা সাজে ধনীশ্রেণীটোরে।

(ঘ) ‘উঠ মিস্ত্রী কঁহাৰ, কমাৰ আন্ধাৰৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ কাঠ মিস্ত্ৰীৰ ঘৰ।’ H.S. ’19

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ ‘ৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ৰচনা কৰা ‘কাঠমিস্তীৰ ঘৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উদ্ধৃত কবিতাফাকিৰ মাজেদি কবিয়ে শ্রমজীরি শ্ৰেণীটোক নিজৰ নায্য অধিকাৰ সাব্যস্ত কৰাৰ উদ্দেশ্যে ওলাই আহিবলৈ আহ্বান কৰিছে।
কাঠমিস্ত্রীয়ে নিজৰ শৰীৰৰ তেজ পানী কৰি অভিজাত শ্রেণীটোৰ বাবে বিলাসী প্রাসাদোপম অট্টালিকা আৰু সুন্দৰ সুন্দৰ আচবাব পত্র সাজি দিয়ে। কিন্তু সিহঁতে সিহঁতৰ নায্য প্রাপ্য নাপায়। সিহঁতৰ জীৱন দৰিদ্ৰতাত ডুব গৈ থাকে। সেয়ে কবিয়ে কাঠমিস্ত্রীৰ লগতে কঁহাৰ, কমাৰ সকলক সচেতন হ’বলৈ আহ্বান জনাইছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে যদি সিহঁত সচেতন হৈ বিপ্লৱ আৰম্ভ কৰে, তেন্তে নিশ্চয় সিহঁতৰ অৱস্থাৰ পৰিৱৰ্তন হ’ব। সিহঁতে বিপ্লৱৰ বিনিময়ত নিজৰ নায্য অধিকাৰ সাব্যস্ত কৰিব পাৰিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×