Join WhatsApp

Join Now

Join Telegram

Join Now

সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা ৰচনা

By Rabbi Masrur

Updated On:

সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা ৰচনা

সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা ৰচনা

সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা (H. S. ’19) বা সাহিত্য আৰু সমাজ বা সমাজ পৰিৱৰ্তনত সাহিত্যৰ ভূমিকা” আৰম্ভণি: ভাষাত প্রকাশ কৰা কোনো অর্থপূর্ণ বক্তব্যই সাহিত্য। সাহিত্য মৌখিকৰূপে ৰচিত হ’ব পাৰে আৰু লিখিত ৰূপতো ৰচিত হ’ব পাৰে। সাহিত্যৰ প্ৰধান বাহক হ’ল ভাষা। ভাষাৰ মাধ্যমেদি লিখক বা ৰচকৰ বক্তব্য প্রকাশ পায়। সাহিত্যৰ কেইবাটাও শ্রেণী বা ভাগ আছে যদিও ইয়াক প্রধানকৈ দুই শ্রেণীত ভাগ কৰিব পাৰি, যথা সৃষ্টিশীল সাহিত্য আৰু যৌগিক সাহিত্য। সৃষ্টিশীল সাহিত্য বুলিলে প্রবন্ধ, গল্প, উপন্যাস, নাটক আদিক বুজোৱা হয়। এনে সাহিত্যত লিখকৰ নিজস্ব দর্শন, জীৱনৰ প্রতি দৃষ্টিভংগী, লিখকৰ বাস্তৱ অভিজ্ঞতা, মতামত আদি প্রকাশ পায়। আনহাতে যৌগিক সাহিত্য বুলিলে তেনে সাহিত্যকে বুজোৱা হয় যিবোৰ সাহিত্যত লিখকৰ নিজস্ব কোনো দর্শন বা জীৱনৰ প্রতি দৃষ্টিভংগী প্রতিফলিত নহৈ বিভিন্ন লেখকৰ দৃষ্টিভংগী বা দর্শন সংকলিত হয়। উদাহৰণস্বৰূপে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্রনয়ণ কৰা পাঠ্যপুথি, সহায়িকা পুথি আদি।

সমাজ আৰু সাহিত্য: সাহিত্য আৰু সমাজৰ মাজত নিবিড় সম্পর্ক আছে। সমাজক বাদ দি কোনো সাহিত্য ৰচিত হ’ব নোৱাৰে। কাৰণ লিখকে সমাজত বাস কৰা মানুহৰ বাবে সাহিত্য ৰচনা কৰে আৰু লিখকেও সমাজৰ পৰাই তেওঁৰ লিখনিৰ কেঁচামাল সংগ্ৰহ কৰে। লিখকে সমাজত ঘটা ঘটনা, সমাজত বাস কৰা মানুহৰ জীৱন শৈলী, সিহঁতৰ আশা-আকাংখা, চিন্তা-চর্চা আদি সাহিত্যৰ মাজেদি মূর্ত কৰি তোলে। সেয়ে সাহিত্যক ‘সমাজৰ দাপোণ’ বুলিও কোৱা হয়। এজন ইংৰাজ সাহিত্যিকে কৈছিল, ‘মোক এখন কিতাপ দিয়া, মই সেই জাতিটোৰ সম্পর্ণ বুৰঞ্জী কৈ দিম।’ কথাষাৰ কেনেবা যেন লাগিলেও ইয়াৰ সত্যতা নুই কৰিব নোৱাৰি। উদাহৰণস্বৰূপে শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা সাহিত্যসমূহ অধ্যয়ন কৰিলে পঞ্চদশ আৰু ষষ্টাদশ শতিকাৰ অসমৰ বিষয়ে বহু তথ্য জনাৰ উপৰিও সেই সময়ছোৱাত মানুহৰ সামাজিক স্থিতি, ধর্মীয় বিশৃঙ্খলতা, সামাজিক অস্থিৰতা, মানসিক প্রয়োজনীয়তা আদিৰ সম্যক জ্ঞান লাভ কৰিব পাৰি। তেনেদৰে মোগল যুগত ৰচিত হোৱা সাহিত্যসমূহ মোগল যুগৰ সামাজিক, ৰাজনৈতিক আৰু ধর্মীয় জীৱনৰ দলিলস্বৰূপ। অর্থাৎ সাহিত্য হৈছে সমাজৰ কলাত্মক প্রতিচ্ছবি।

সমাজ পৰিৱৰ্তনত সাহিত্যৰ ভূমিকা: সমাজ পৰিৱৰ্তন, মানুহৰ দৃষ্টিভংগী সলনিকৰণ, পুৰণিক দ ভাঙি নতুনক প্রতিষ্ঠাপন কৰাত সৃষ্টিশীল সাহিত্যৰ ভূমিকা অনস্বীকার্য। কিয়নো সাহিত্যিকসকলে সমাজৰ বাবে সাহিত্য ৰচনা কৰে আৰু সাহিত্য সৃষ্টিৰ জৰিয়তে সমাজৰ প্ৰতি সিহঁতৰ সামাজিক দায়বদ্ধতা পালন কৰে। যি সাহিত্যত সামাজিক দায়বদ্ধতা নাথাকে তেনে সাহিত্যই পাঠকসমাজৰ দৃষ্টি আকর্ষণ কৰিব নোৱাৰি কালৰ সোঁতত হেৰাই যায়। আকৌ সাহিত্যিকসকলে অকল সমাজৰ প্রতিচ্ছবিয়েই সিহঁতৰ সৃষ্টিকর্মত দাঙি নধৰে, সিহঁতৰ জীৱন দর্শন, দৃষ্টিভংগীও দাঙি ধৰে। গল্প, উপন্যাস, নাটক আদিত সমাজৰ কলুষ-কালিমা, অন্ধবিশ্বাস, সামাজিক বৈষম্য, দৃষ্টিভংগীৰ সংঘাত আদি প্রতিফলিত হয়। উদাহৰণস্বৰূপে লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰাজিৰ কথা উনুকিয়াব পাৰি। বেজবৰুৱাদেৱৰ সাহিত্যত অসমীয়া সমাজৰ কেৰোণসমূহ হাস্য-ব্যঙ্গ ৰূপত অংকিত হৈছে। এইবোৰৰ জৰিয়তে লিখকে পাঠকসমাজৰ দৃষ্টি আকর্ষণ কৰি সমাজ সংস্কাৰৰ ভূমিকা গ্রহণ কৰিছে। সেইদৰে বিদেশী ইংৰাজৰসকলৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰাত বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, অম্বিকাগিৰি ৰায়চৌধুৰীৰ গীত আৰু কবিতাসমূহে বলিষ্ট ভূমিকা গ্রহণ কৰিছিল। তেনেদৰে বংগদেশত ইংৰাজ শাসনৰ বিৰুদ্ধে জনমত গঠন কৰাত ৰবীন্দ্র নাথ ঠাকুৰ, নজৰুল ইছলাম, বংকিমচন্দ্ৰ আদিৰ লিখনিয়ে প্রভাব পেলাইছিল।

বিশ্ব ইতিহাস অধ্যয়ন কৰিলে আমি দেখা পাওঁ যে কোনো জাতি বা ৰাষ্ট্ৰৰ সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক আমূল পৰিৱৰ্তন কৰাত সৃষ্টিশীল সাহিত্যই প্রধান ভূমিকা লৈছিল। উদাহৰণস্বৰূপে অষ্টাদশ শতিকাৰ শেষৰ পিনে ফ্রান্সত স্বেচ্ছাচাৰী ৰাজতন্ত্র ওফৰাই গণতন্ত্র প্রতিষ্ঠা কৰাত ভল্টেয়াৰ, মন্টেস্ক’, কচো আদিৰ লিখনিয়ে যাদুৰ দৰে কাম কৰিছিল। সেইদৰে জাৰ শাসিত ৰাছিয়াত স্বেচ্ছাচাৰী ৰাজতন্ত্রক উৎখাত কৰি গণতন্ত্র প্রতিষ্ঠা কৰাত মেক্সিম গোর্কী, ডষ্টভয়েস্কি, লেনিন, টলষ্টয়, টুর্গেনিভ আদিব সাহিত্যই বিশেষ ভূমিকা গ্রহণ কৰিছিল। মেক্সিম গোকীৰ ‘মা’ উপন্যাসে জনসাধাৰণক স্বেচ্ছাচাৰী জাৰ শাসনৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টিত মন্ত্ৰৰ দৰে কাম কৰিছিল। সেইদৰে চীনত পুৰণি শাসনতন্ত্র ওফৰাই আধুনিক প্রগতিবাদী শাসনতন্ত্র প্রতিষ্ঠা কৰাত সাহিত্যৰ ভূমিকা অনস্বীকার্য।

সাহিত্যই অকল ৰাজনৈতিক দৃষ্টিভংগী সলনি নকৰে ই মানুহৰ চিন্তা আৰু দৰ্শনৰো আমূল পৰিৱৰ্তন ঘটাব পাৰে। উদাৰহণস্বৰূপে পোন্ধৰ শতিকাৰ মাজ ভাগত ইউৰোপত হোৱা নৱজাগৰণৰ বাবেই বিশ্বত প্রগতিবাদী চিন্তা-চৰ্চা, বিচাৰ-বিশ্লেষণ, দৃষ্টিভংগীৰ অভূতপূর্ব পৰিৱৰ্তনৰ সূচনা হয়। সেইদৰে চাৰ্লচ ডাৰউইনৰ ‘The Origin of Species’ গ্রন্থই জীৱ-জগত তথা মানব জাতিৰ বৌদ্ধিক বিবর্তন সম্পর্কে মানুহৰ পুৰণিকলীয়া দৃষ্টিভংগী সম্পূর্ণরূপে সলনি কৰি দিছিল।

সেইদৰে ভাৰতবৰ্ষত ভাৰতীয়সকলৰ দৰ্শন, জীবন শৈলী, চিন্তা-চর্চা আদিত বেদ আৰু উপনিষদসমূহৰ প্ৰভাৱ চিৰন্তন। তেনেদৰে ইছমাল ধৰ্মাৱলম্বীসকলৰ প্ৰবিত্ৰ পুথি ‘কোৰাণে’ বেদুইন আৰৱসকলৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আৰু বৌদ্ধিক জগতক ইমানেই প্রভাবিত কৰিছিল ইছলাম ধৰ্মৰ আবিৰ্ভাৱৰ মাত্ৰ এশ বছৰৰ ভিতৰতে সমগ্র ইউৰোপৰ মানচিত্র সলনি হৈছিল। ইয়াৰ প্রভাব আজিলৈকে বিদ্যমান। সেইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰক আধুনিকতালৈ উত্তৰণ ঘটোৱাত ৰালফ ওৱালডো ইমাৰচন, বাল্ট হুইটমেন, থ’ৰো আদিৰ সাহিত্যিক সৃষ্টিকৰ্মৰ অৱদান আছে। আজি সকলোবে স্বীকাৰ কৰে যে আধুনিক জাপান, জার্মান আৰু চীনৰ উন্নয়নৰ মূলতে হৈছে সাহিত্য। সমীক্ষাত জনা যায় যে উন্নত দেশবোৰৰ জনসাধাৰণে দুখীয়া বা উন্নয়নশীল দেশসমূহৰ জনগণৰ তুলনাত অধিক কিতাপ অধ্যয়ণ কৰে যাৰ ফলস্বৰূপে সিহঁতৰ চিন্তা জগতৰ লগতে ৰাষ্ট্ৰত সামাজিক, ৰাজনৈকি, অর্থনৈতিক আৰু সাংস্কৃতিক সুস্থিতা প্রতিষ্ঠিত হৈছে।

ইংৰাজী প্ৰৱচন এটিত কোৱা হয়, ‘The pen is mighter than the sword’ অর্থাৎ তৰোৱালতকৈ কলম বেছি শক্তিশালী। কলমৰ দ্বাৰা যি কাম কৰিব পাৰি তৰোৱালৰ দ্বাৰা সেয়া কৰিব নোৱাৰি। উদাৰহণ স্বৰূপে মহাবীৰ আলেকজেণ্ডাৰৰ গ্রীক সাম্রাজ্য, চেংগিছ খানৰ মংগোল সাম্রাজ্য, ৰোমান সাম্রাজ্য আদি কেতিয়াবাই ধ্বংস হৈ গৈছে। কিন্তু পুথি তথা সাহিত্যৰ জৰিয়তে প্রতিষ্ঠিত হোৱা ভাৰতীয় সভ্যতা, হজৰত মহম্মদৰ ইছলামীয় সভ্যতা, নিউটনৰ ‘Principia’ গ্রন্থৰ জৰিয়তে সূচনা হোৱা মহাকাশ বিজ্ঞানৰ বিজয় যাত্রা আজিও অব্যাহত আছে।

সামৰণি: সামৰণিত ক’ব পাৰি সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকাৰ কোনো বিকল্প নাই। সেয়ে আমি সকলোৱে সাহিত্য অধ্যয়নৰ অভ্যাস গঠন কৰাত উচিত আৰু নৱপ্ৰজন্মক সাহিত্য অধ্যয়নৰ প্রতি উৎসাহ-উদ্দীপনা দিয়াৰ লগতে সাহিত্য অধ্যয়নৰ বাবে উপযুক্ত পৰিৱেশ গঠন কৰাত মনোযোগী হোৱা উচিত।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment