মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা বা শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা
মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা (H.S. ’24) বা শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা শিশু এজনে মাতৃগৰ্ভৰ পৰা ভূমিষ্ট হৈ পিতৃ-মাতৃৰ মুখৰ পৰা স্বতঃস্ফূর্তভাবে যি ভাষা শিকে তাকে ‘মাতৃভাষা’ বোলে। ই হৈছে মানুহৰ এক সহজাত শিক্ষা। পৃথিৱীত কেইবা হাজাৰ ভাষা আছে, তাৰে কিছু সংখ্যক ভাষাৰ নিজস্ব লিপি আৰু সাহিত্য আছে।
আনহাতে কিছুসংখ্যক ভাষাৰ লিপি নাই আৰু কোনো লিখিত সাহিত্যও নাই। কিন্তু আজি এয়া প্রমাণ পোৱা যায় যে যি জাতিৰ ভাষা-সাহিত্য যিমানে চহকী সেই জাতিৰ সভ্যতাও সিমানে উন্নত।
কিন্তু দুঃখৰ বিষয় যে আজি কিছুসংখ্যক মানুহ বা জাতিয়ে, বিশেষকৈ ভাৰতত মাতৃভাষাৰ পৰিৱৰ্তে বিদেশী অর্থাৎ ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্রহণ কৰিছে আৰু মাতৃভাষাক অৱহেলা কৰিবলৈ লৈছে। এয়াই নিশ্চয় শুভ লক্ষণ যে নহয়, তাৰ প্ৰমাণ আৰু ফল প্রতিজন চিন্তাশীল আৰু ভাষা-সাহিত্য প্রেমীয়ে উপলব্ধি নকৰা নহয়।
ভাৰতবৰ্ষত ইংৰাজসকলে শাসনৰ বাঘজৰীডাল হাতত লোৱাৰ লগে লগেই সিহঁতৰ শাসন কার্যত সহায় হোৱাৰ উদ্দেশ্যে এক শ্ৰেণীৰ আমোলা সৃষ্টি কৰাৰ প্ৰয়োজন অনুভৱ কৰি ভাৰতীয় ভাষাৰ প্রতি পিঠি দি শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষা প্ৰৱৰ্তন কৰে। ভাৰতীয় মানুহেও ইংৰাজসকলৰ সিদ্ধান্ত বা নীতি চৰম বুলি মানি লৈ ইংৰাজী ভাষাকেই শিক্ষা তথা প্রশাসনীয় কাম-কাজ পৰিচালনাৰ মাধ্যম হিচাপে গ্রহণ কৰি আজিলৈ সেই মানসিকতাৰ পৰা ওলাই আহিব পৰা নাই।
বিদেশী ভাষা বা ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্রহণ কৰাত আমাৰ দেশৰ যি বিস্তৰ ক্ষতি হৈছে সেয়া এই তথ্যৰ পৰাই প্রমাণ পোৱা যায় যে ভাৰতে স্বাধীনতা পোৱাৰ প্রায় ছয়টা দহক পাৰ কৰিলে যদিও ভাৰতবৰ্ষৰ শিক্ষিত হাৰ এতিয়াও মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্রহণ কৰা পাশ্চাত্য দেশবোৰৰ তুলনাত দুঃখলগাকৈ নিম্ন আৰু উন্নয়নো নিম্ন।
মাতৃভাষাৰ পৰিৱৰ্তের্ত অইন ভাষাক (ভাৰতত ইংৰাজী ভাষাক) শিক্ষা গ্রহণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিলে আমি যথেষ্ট বাধা তথা অসুবিধাৰ সন্মুখীন হও যিবোৰ অসুবিধা মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্রহণ কৰিলে সততে সম্মুখীন হোৱা নাযায়। মাতৃভাষা শিক্ষাৰ মাধ্যম হিচাপে গ্রহণ কৰিলে আমি তলত দিয়া সুবিধা সমূহ পাওঁ।
প্রথমতে, মাতৃভাষা আমাৰ জন্মস্বত্বৰ দৰে। আমি ওপজিয়েই এই ভাষাৰ লগত চিনাকী হওঁ। ইয়াক দৈনন্দিন জীৱনত কোনো পাঠ্যপুথি বা গুৰুৰ সহায় নোহোৱাকৈ পিতৃ-মাতৃৰ মুখৰ পৰা স্বতঃস্ফূতভাবে শিকিব পাৰোঁ। তাৰ পৰিৱৰ্তে ইংৰাজী বা অইন ভাষা শিকিবলৈ হ’লে আমি নিশ্চয় সাধনা কৰিব লাগিব – যি দৈনন্দিন জীবনত স্বতস্ফূর্তভাবে শিকা কথাটো অবান্তৰ।
দ্বিতীয়তে, মাতৃভাষা শিক্ষাৰ বাবে কোনো অর্থ ব্যয় নহয়। ইয়াক সহজে শিকিব পাৰি। এই ভাষা শিকিবলৈ মানসিক প্রস্তুতিৰো প্রয়োজন নহয়। আমাৰ শৰীৰৰ অংগ প্রতংগ বৃদ্ধি বা বিকাশ হোৱা আমি যেনেদৰে গম নাপাও মাতৃভাষা শিকাটোও গম নাপাও। আনহাতে ইংৰাজী বা বিদেশী ভাষা শিক্ষাৰ বাবে আমাৰ নিশ্চয় মনোযোগৰ প্রয়োজন। বহুসময় ঘৰুৱা শিক্ষকো ৰাখিবলগীয়া হয়। সময়ো বেছি লাগে। কোমলমতীয়া ছাত্র-ছাত্রীয়ে স্বতঃস্ফূতভাবে শিকিব পৰা ভাষাটো এৰি বেলেগ ভাষা এটা শিকিবলৈ যোৱাটো নিশ্চয় কষ্টকৰ।
তৃতীয়তে, মাতৃভাষা আমি যিমান সোনকালে বুজি পাও আৰু ৰসাস্বাধন কৰিব পাৰি অইন ভাষাৰ সাহিত্য পঢ়ি সিমান ৰসাস্বাধন কৰিব নোৱাৰি। উদাহৰণ হিচাপে আমি গ্রহণ কৰা খাদ্য বস্তুৰ কথাকে ল’ব পাৰোঁ। আমি খোৱা খাদ্য যদি জীন নিয়াব নোৱাৰো; তেন্তে আমাৰ স্বাস্থ্য হানি হয়। তেনেদৰে আমি বিদেশী ভাষা শিকি যদি তাৰ ৰসাস্বাধন কৰাত ব্যর্থ হওঁ, সেয়া নিশ্চয় আমাৰ বাবে সময় আৰু পৰিশ্ৰমৰ অপব্যৱহাৰ।
চতুৰ্থতে, ভাৰতবৰ্ষত ইংৰাজসকলে ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্রৱৰ্তন কৰাৰ কাৰণ আছিল সিহঁতৰ সুবিধার্থে ইংৰাজী শিক্ষাত শিক্ষিত ভাৰতীয়ক কর্ম-বিমুখ কৰি চাকৰি জীৱি কৰোৱা। কিন্তু বর্তমান শিক্ষা ব্যৱস্থাটোৰ উদ্দেশ্য সেয়া নহয়। বৰ্তমানৰ উদ্দেশ্য হ’ল দেশৰ নাগৰিকসকলক কাৰিকৰী শিক্ষাত শিক্ষিত কৰি নিৱনুৱা সমস্যা সমাধানত অৰিহণা যোগোৱা। সেয়ে দেশৰ নাগৰিকসকলক মাতৃভাষাৰ জৰিয়তে কাৰিকৰী শিক্ষা প্রদান কৰিলে সহজে কাৰিকৰী কৌশল আয়ত্ব কৰিব পাৰে। বাস্তৱত দেখা গৈছে ভাষাৰ অন্তৰালৰ বাবেও বহুতো যুৱক-যুৱতীয়ে আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে।
পঞ্চমতে, ইংৰাজী বা বিদেশী ভাষাত লিখা কিতাপ পত্ৰবোৰত বিদেশী সংস্কৃতিয়ে প্রাণ পায় যিবোৰ আমাৰ ভাৰতীয় পৰিৱেশত সদায় গ্রহণযোগ্য নহয়। বাস্তৱত দেখা যায় ইংৰাজী শিক্ষাত শিক্ষিত ভাৰতীয়সকল ঐতিহ্য মণ্ডিত ভাৰতীয় সংস্কৃতি পাহৰি বিদেশী সংস্কৃতি গ্রহণ কৰিবলৈ লৈছে। ফলত ভাৰতীয় সংস্কৃতি ম্লান পৰি আছে। জাতি এটাৰ বাবে এইয়া নিশ্চয় অশুভ লক্ষণ।
ষষ্ঠতে, বিদেশী ভাষাত শিক্ষা প্রদান কৰা শিক্ষা প্রতিষ্ঠানসমূহত অনুমোদন কৰা পাঠ্যপুথিসমূহ বিদেশী লিখকৰ দ্বাৰা প্ৰস্তুত কৰা হয়। সেইবোৰ কিতাপৰ স্বত্ব গ্রহণ কৰোতে বা বিদেশৰ পৰা আমদানি কৰোতে যথেষ্ট সময় আনকি বৈদেশিক মুদ্রাও খৰচ হয়। ফলত আর্থিক দিশত দেশখন ক্ষতিগ্রস্ত হয়।
সপ্তমতে, ভাষা শিক্ষটোৱেই মানৱ জীৱনৰ একমাত্র লক্ষ্য নহয়। মানব জীবনৰ লক্ষ্য হ’ল কর্ম শিকাহে। দেখা যায় বিদেশী ভাষা এটাক সম্পূর্ণরূপে আয়ত্ব কৰিবলৈ যথেষ্ট সময়ৰ প্রয়োজন হয়। মানুহৰ জীৱনটো যিহেতু খন্তেকীয়া, সেয়ে অকল ভাষা শিকোতেই জীৱনৰ অধিক সময় খৰচ কৰাটো নিশ্চয় যুক্তিসংগত নহয়।
বর্তমান দেশৰ দাৰ্শনিক, পণ্ডিত, মনস্তাত্বিক আৰু শিক্ষাবিদসকলে গৱেষণাৰ দ্বাৰা প্রমাণ কৰিছে যে বিদেশী ভাষাৰ পৰিৱৰ্তে মার্তভাষাত শিক্ষাদান সহজ হোৱাৰ উপৰিও শিক্ষাও ফলপ্রসু হয়। প্রখ্যাত মনস্তাত্বিক পণ্ডিতসকল যেনে- জন ডিউ, পার্চিনান, ফ্রয়েড আৰু বহুতোয়ে মাতৃভাষাত ছাত্র-ছাত্ৰীসকলৰ শিক্ষা দান কৰিবলৈ পৰামৰ্শ আগবৰাইছে।
আমি বাস্তব অভিজ্ঞতাতেই পাওঁ যে আমি যেতিয়া মাতৃভাষাৰে কোনো শব্দ বা বাক্য উচ্চাৰণ কৰো, তেতিয়া সেই শব্দ বা বাক্যবোৰ যেন আমাৰ হৃদয়ৰ পৰা পাহাৰী স্নোতস্বিনীৰ দৰেই স্বাভাৱিক ভাবে ওলাই আহে। কিন্তু যেতিয়া কোনো বিদেশী ভাষাৰ শব্দ বা বাক্য উচ্চাৰণ কৰো তেতিয়া আমাৰ স্মৃতিৰ পৰা উচ্চাৰণ কৰিব লগা হয়। স্মৃতিৰ পৰা বাহিৰ কৰা কামটো নিশ্চয় যে কঠিন সেয়া আমি সকলোৱে স্বীকাৰ কৰো।
মাতৃভাষাৰ গুৰুত্ব উপলব্ধি কৰিয়েই আমাৰ অসমীয়া কবি নৱকান্ত বৰুৱাদেৱে লিখিছে “হয়তো নহ’ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া তথাপি আপোন মোৰ ভাষা, তাৰেই প্রকাশ কৰো অন্তৰৰ ভাৱ কুমলীয়া সুখ, দুখ, স্নেহ, শান্তি, আশা।”
ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্রহণ কৰিলে আমি বহুতো অসুবিধাৰ পৰা হাত সাৰিব পাৰি আৰু তুলনামূলকভাবে সহজে জ্ঞান আহৰণ কৰিব পাৰি। সেয়ে মাতৃভাষাই শিক্ষাৰ মাধ্যম হোৱা উচিত। আজি মাতৃভাষাৰ সুবিধা আৰু গুৰুত্ব উপলব্ধি কৰি শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাক প্রাধান্য দিয়া হৈছে যদিও আজিলৈ কলেজ বা বিশ্ববিদ্যালয় আনকি কাৰিকৰী বিদ্যালয়সমূহত ইংৰাজী ভাষাই চলি আছে।
ফলস্বৰূপে কাৰিকৰী আৰু উচ্চ শিক্ষাত শিক্ষিত লোক আমাৰ দেশত তুলনামূলকভাবে কম। সামৰণিত কৰ পাৰি মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে চৰকাৰে আইন প্ৰণয়নৰ যোগেদি অচিৰেই আনুষ্ঠানিক শিক্ষাৰ সকলো স্তৰতে প্ৰৱৰ্তন কৰিব লাগে। অন্যথা ভাষাৰ ব্যৱধানৰ বাবে উন্নত ৰাষ্ট্ৰবোৰৰ তুলনাত ভাতৰতবৰ্ষই স্বনিৰ্ভৰশীলতা অৰ্জন কৰাত আৰু বহুবছৰ অপেক্ষা কৰিব লাগিব।