Home Ass Grammar Class 10 দৃশ্যান্তৰ Class 10 Assamese Chapter 5

দৃশ্যান্তৰ Class 10 Assamese Chapter 5 [Updated ২০২৫]

0

আশা কৰো ভালেই আছে। Amaraxom.com লৈ আপোনাক স্বাগতাম। আপুনি যদি দৃশ্যান্তৰ Class 10 Assamese Chapter 5 প্রশ্নোত্তৰ ইন্টারনেটত ইতিমদ্ধে বিচাৰি আছে নেকি? যদি হয়। তেনেহলে আপুনি সঠিক স্থানত আহিছে আজি আমি এই পোস্টত দৃশ্যান্তৰ Class 10 Assamese Chapter 5 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

দৃশ্যান্তৰ Class 10 Assamese Chapter 5

দৃশ্যান্তৰ Class 10 Assamese Chapter 5 [Updated]

অসমীয়া (বাধ্যতামূলক)

সূচীপত্ৰ

গ্ৰুপ- ক (বাধ্যতামূলক)

পদ্যাংশ

দৃশ্যান্তৰ

হৰেকৃষ্ণ ডেকা

চমু

প্রশ্নোত্তৰ

১। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া:
(ক) কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল? HSLC ’16
উত্তৰঃ কবিয়ে পঁচিশ বছৰৰ পাছত মানুহজনক লগ পাইছিল।
(খ) নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল? HSLC ’17, ’24
উত্তৰঃ নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কুকুৰীকণা আছিল।
(গ) কবিয়ে কুঁজা মানুহজনক লগ পোৱা আলি- কেঁকুৰিটো কেনে আছিল?
উত্তৰঃ কবিয়ে পঁচিশ বছৰ পিছত বৃদ্ধ কুঁজা মানুহজনক লগ পোৱা আলি-কেঁকুৰিটো সুউচ্চ অট্টালিকাৰে ভৰি আছিল। কি?
(ঘ) হৰেকৃষ্ণ ডেকাৰ একমাত্র উপন্যাসখনৰ নাম HSLC ’18
উত্তৰঃ আগন্তুক
(ঙ) ‘দৃশ্যান্তৰ’ শব্দৰ অৰ্থ কি? HSLC ’17
উত্তৰঃ ‘দৃশ্যান্তৰ’ শব্দটিৰ অৰ্থ হ’ল অন্য দৃশ্য বা দৃশ্য পৰিৱৰ্তন।।
(চ) হৰেকৃষ্ণ ডেকাদেৱে ২০১০ চনত লাভ কৰা বঁটাটোৰ নাম কি? HSLC ’20
উত্তৰঃ হৰেকৃষ্ণ ডেকাদেরে ২০১০ চনত লাভ কৰা বঁটাটোৰ নাম ‘আসাম ভেলী লিটাৰেৰী বঁটা’।
ৰচনাধৰ্মী প্রশ্নোত্তৰ।
১। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল? তোমাৰ নিজৰ কথাৰে লিখা। HSLC 16
উত্তৰঃ সাতমহলীয়া অট্টালিকাৰ বাহিৰত ৰৈ থকা ব্যক্তিজনে কবিক কোন আৰু কিয় সেই ঠাইলৈ আহিছে বুলি সুধিছিল। কবিয়ে ভাড়াঘৰ বিচাৰি তালৈ গৈছিল বুলি মানুহজনে ভুল বুজিছিল। সেয়ে তেওঁ কৈছিল যে সেই কুবেৰৰ মহলাত ঘৰ ভাড়ালৈ পোৱা নাযায়। ইয়াত অকনো শান্তি নাই। মানুহ মৰিলেও সেই ঠাইত দাহ কৰিবলৈ কোনো মানুহ পোৱা নাযায়। অর্থাৎ তাত সকলো কৃত্রিম। মানুহবোৰে অকল পাৰ্থিৱ ভোগ বিলাসত ডুব গৈ আছে। কথাষাৰ কৈ বৃদ্ধ মানুহজন সাতমহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ’ল।
২। ‘দৃশ্যান্তৰ’ কবিতাটিৰ মূলভাব লিখা। নাইবা ‘দৃশ্যান্তৰ’ কবিতাটিৰ সাৰাংশ লিখা। HSLC ’16, 18, 23
উত্তৰঃ সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহ কৃত্রিম আৰু বিষয়ভিত্তিক হৈ পৰিছে। মানুহৰ অন্তৰৰ পৰা মানৱতা ক্রমে হেৰাই গৈ আছে। এই ভাবনাই কবিয়ে ‘দৃশ্যান্তৰ’ শীর্ষক কবিতাটিত প্রকাশ কৰিছে। কবিয়ে পঁচিশ বছৰ আগতে এজন মানুহক যি পৰিৱেশত লগ পাইছিল, সেয়া আছিল অকৃত্ৰিম আৰু মানৱীয়। তাৰ পথ-ঘাট কেঁচা আছিল আৰু মানুহৰ দুখ-দুর্দশা আছিল যদিও কৃত্রিমতা নাছিল। কিন্তু পঁচিশ বছৰৰ ভিতৰত সেই ঠাইডোখৰৰ আশ্চর্যজনক পৰিবৰ্তন হ’ল। কেঁচা পথ পকী হ’ল, মাটিৰ ঘৰৰ ঠাইত বহুতলীয়া অট্টালিকা গঢ়ি উঠিল। কিন্তু মানুহৰ মনৰ কোনো বিকাশ নহ’ল। মানৱতা অৱনমিত হ’ল। মানুহৰ মাজত দয়া, মৰম, আৰু পৰোপকাৰ আদিৰ অভাব দেখা দিলে। অর্থাৎ মানুহৰ বিষয়-সম্পত্তি বৃদ্ধি পেলেও শান্তি নাহিল।
৩। ‘বৰ শান্তিত আছোঁ এই পঁজাটিত।’ কোনে, কিয় এইদৰে কৈছিল? কথাশাৰীৰ অন্তনির্হিত ভাব মোকলাই লিখা। HSLC ’17, ’18
উত্তৰঃ এদিন গধূলি কবিয়ে লগ পোৱা এজন কুকুৰী-কণা মানুহে এইদৰে কৈছিল। কুকুৰীকণা মানুহজনে নিজৰ ঘৰটো বিচাৰি পদূলি মুখতে খেপিয়াই ফুৰিছিল। সিহঁতৰ ঘৰটো আছিল কৃত্রিমতা শূণ্য এটিপঁজা ঘৰ। তাত বিজুলীবাতিৰ কোনো ব্যৱস্থা নাছিল। কবিয়ে তেওঁক ঘৰলৈ আগবঢ়াই দিওঁতে মানুহজনে কৈছিল যে তেওঁ সেই পঁজা ঘৰটোতে বৰ সুখেৰে আছে। তেওঁ কুকুৰী-কণা, পঁজাঘৰত থাকে, ঘৰটোত কোনো আধুনিক সা-সুবিধা নাই যদিও তাত কোনো কৃত্রিমতা নাছিল। সেয়ে পঁজা ঘৰতেই তেওঁ সুখ অনুভৱ কৰিছে বুলি কৈছে।
৪। ‘দৃশ্যান্তৰ’ৰ কবিজনাৰ নাম কি? তেখেতৰ এটি চমু পৰিচয় দিয়া।
উত্তৰঃ ‘দৃশ্যান্তৰ’ কবিতাটিৰ কবিজনৰ নাম হৰেকৃষ্ণ ডেকা। হৰেকৃষ্ণ ডেকাৰ ১৯৪৩ চনত জন্ম হয়। তেওঁ ১৯৬৩ চনত কটন কলেজৰ পৰা স্নাতক আৰু ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ. পাচ কৰে। তেওঁ গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও ১৯৬৮ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি ২০০৩ চনত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ ‘The Sentinel’ আৰু ‘গৰীয়সী’ আলোচনীৰ সম্পাদনাৰ দায়িত্বও গ্রহণ কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম হ’ল ‘আগন্তুক’। তেওঁ ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত ‘ৰাতিৰ শোভাযাত্রা’, ‘আন এজন’, ‘গল্প আৰু কল্প’, ‘মধুসূদনৰ দলং’, ‘মৃত্যুদণ্ড’ আদি উল্লেখযোগ্য।
৫। ব্যাখ্যা কৰাঃ
(ক) “মৰিলেও দাহ কৰিবলৈ এজন মানুহ নাই।’
উত্তৰঃ উক্ত কবিতা ফাঁকি হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত কবিতা ‘দৃশ্যান্তৰ’ৰ পৰা তুলি দিয়া হৈছে। আধুনিক যান্ত্রিক যুগৰ মানুহৰ হৃদয়হীনতাৰ কথা ক’বলৈ যাওঁতে কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। এদিন গধূলি কবিয়ে লগ পোৱা এজন কুকুৰী-কণা মানুহে এইদৰে কৈছিল। কুকুৰীকণা মানুহজনে নিজৰ ঘৰটো বিচাৰি পদূলি মুখতে খেপিয়াই ফুৰিছিল। সিহঁতৰ ঘৰটো আছিল কৃত্রিমতা শূণ্য এটিপঁজা ঘৰ। তাত বিজুলীবাতিৰ কোনো ব্যৱস্থা নাছিল। কবিয়ে তেওঁক ঘৰলৈ আগবঢ়াই দিওঁতে মানুহজনে কৈছিল যে তেওঁ সেই পঁজা ঘৰটোতে বৰ সুখেৰে আছে। তেওঁ কুকুৰী-কণা, পঁজাঘৰত থাকে, ঘৰটোত কোনো আধুনিক সা-সুবিধা নাই যদিও তাত কোনো কৃত্রিমতা নাছিল। সেয়ে পঁজা ঘৰতেই তেওঁ সুখ অনুভৱ কৰিছে বুলি কৈছে।
(খ) “এই কংক্রিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু।” HSLC ’18
উত্তৰঃ উক্ত কবিতা ফাঁকি হৰেকৃষ্ণ ডেকাৰ দ্বাৰা বিৰচিত কবিতা ‘দৃশ্যান্তৰ’ৰ পৰা তুলি দিয়া হৈছে। আধুনিক যান্ত্রিক যুগত মানৱতাৰ অৱক্ষয়ৰ কথা বুজাবলৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। কবিয়ে কেঁচা আলি-কেকুৰীত লগ পোৱা মানুহজনক যেতিয়া পঁচিশ বছৰ পাছত আকৌ লগ পালে তেতিয়া ব্যক্তিজনে কবিক চিনিব নোৱাৰিলে। কবিয়ে সেই ঠাইলৈ কিয় আহিছে বা ভাড়া ঘৰ বিচাৰি আহিছেনে – আদি প্রশ্ন কৰি কোনো উত্তৰ আশা নকৰাকৈয়ে সাতমহলীয়া অট্টালিকাৰ ভিতৰলৈ সোমাই যায়। কবিয়ে সেই ঠাইখনক কংক্রিটৰ হাবি বুলি কৈছে কাৰণ আগৰ হাবিময় অঞ্চলটোত এতিয়া সুউচ্চ কংক্রিটৰ অট্টালিকা গঢ়ি উঠিছে। সভ্যতাৰ উন্নতি হৈছে কিন্তু মানুহৰ মানবীয় গুণৰ অৱক্ষয় হৈছে। কবিয়ে সেই বৃদ্ধজনক আৰু বিচাৰি নাপালে। আধুনিক কৃত্রিমতাৰ মাজত তেওঁ হেৰাই থাকিল।
উত্তৰঃ উক্ত কবিতা ফাঁকি হৰেকৃষ্ণ ডেকাৰ দ্বাৰা বিৰচিত কবিতা ‘দৃশ্যান্তৰ’ৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ জৰিয়তেকবিয়ে লগ পোৱা এজন কুকুৰীকণা মানুহে নিজৰ ঘৰৰ নঙলামুখত ঘৰ বিচাৰি হাবাথুৰি খোৱা অৱস্থাৰ ছবি দাঙি ধৰিছে। কবিয়ে এদিনাখন কেঁচা আলি-কেকুৰীত এজন মানুহক লগ পাইছিল। তেওঁ কুকুৰীকণা আছিল বাবে ঘৰৰ পদূলিমুখতে থকা নিজৰ ঘৰখন বিচাৰি পোৱা নাছিল। তেতিয়া কবিয়ে তেওঁক হাতত ধৰি ঘৰলৈ আগবঢ়াই দিছিল। সেই সময়ৰ পৰিৱেশ আছিল কৃত্রিমতাহীন। মানুহজনে পঁজা ঘৰত বাস কৰিছিল যদিও তাত শন্তিৰে আছিল। তেওঁক সহায় কৰিবলৈয়ো মানুহ পাইছিল। কিন্তু সময় বাগৰি যোৱাৰ লগে লগে মানৱ সমাজ বৈষয়িক দিশত বহুত উন্নতি লাভ কৰিলে যদিও মানবীয়তা কোনো উন্নতি নহৈ অৱক্ষয়হে হ’ল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here