ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্রভাব ৰচনা
“ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্রভাব (H. S. ’19) ৰচনা” আৰম্ভণি: মানব সভ্যতাৰ ইতিহাসত বিংশ শতাব্দী হৈছে বিজ্ঞানৰ উৎকর্ষ সাধনৰ এক চৰম শতাব্দী। এই শতিকাতে বিজ্ঞানে বহুতো অভূতপূর্ব আৱিষ্কাৰেৰে মানৱজতিক আর্শীবাদপ্রাপ্ত কৰিছে। বিংশ শতাব্দীৰ বিজ্ঞানৰ চকমপ্রদ আৱিষ্কাৰসমূহৰ ভিতৰত এলানি উল্লেখযোগ্য আৱিষ্কাৰ হৈছে যোগাযোগৰ কেইবাটাও অভিনৱ উপায় বা মাধ্যমৰ আৱিষ্কাৰ যাক ‘ছ’চিয়োল মিডিয়া’ বুলি কোৱা হয়। ছ’চিয়েল মেডিয়া বুলিলে ইন্টাৰনেট, ফেচবুক, ইনস্ট্রাগ্রাম, হুৱাটচআপ, টুইটাৰ, মোবাইল আদি যোগাযোগৰ বৈদ্যুতিক মাধ্যমসমূহক বুজায়। সম্প্রতি ছ’চিয়েল মিডিয়াসমূহৰ ব্যৱহাৰ ইমান ব্যাপক আৰু সর্বাত্মক হৈ পৰিছে যে ইয়াৰ অবিহনে এটা মুহূর্তও পাৰ কৰিব নোৱাৰি। আজিকালি অফিচ আদালত, হাট-বজাৰ, বাট-পথ সকলোতে এই ছ’চিয়েল মিডিয়াসমূহৰ অবাদ ৰাজত্ব চলি আছে।
জনপ্ৰিয়তাৰ কাৰণ: ছ’চিয়েল মিডিয়াসমূহ জনপ্রিয়তা লাভ কৰাৰ কিছুমান কাৰণ আছে, যথাঃ প্রথমত, ছ’চিয়েল মিডিয়াসমূহ অর্থাৎ ইন্টাৰনেট, মোবাইল, ইমেইল, ফেচবুক, ইউ টিউব, টুইটাৰ, ইনস্ট্রাগ্রাম আদিৰ জৰিয়তে এক মূহুর্ততে বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এক প্রাপ্তলৈ যোগাযোগ সম্ভৱ হৈছে। ইয়াৰ দ্বাৰা বাতৰি, ছবি, গ্রাফিক্স, দৃশ্য, ঘটনাৰ চলন্ত ৰূপ আদি দূৰ-দুৰান্তৰলৈ পঠোৱা সম্ভব হৈছে। সেয়ে ছ’চিয়েল মিডিয়াসমূহৰ জনপ্রিয়তা বর্ণনাতীতভাৱে বৃদ্ধি পাইছে।
দ্বিতীয়তে, ছ’চিয়েল মিডিয়াসমূহ অতি কম খৰচী। এটা মাথো ক্লিকৰ জৰিয়তে হাজাৰ হাজাৰ কিলোমিটাৰ দূৰলৈ তথ্যৰ আদান-প্রদান কৰিব পাৰি। তৃতীয়তে, ছ’চিয়েল মিডিয়াসমূহ বা-বাতৰি, নানান তথ্য তুৰন্তে আদান-প্রদান কৰাৰ লগতে ই বিনোদনৰ অতি সহজ মাধ্যমত পৰিণত হৈছে। আমি কম্পিউটাৰ বা মোবাইলত নানান ধৰণৰ গেম খেলিব পাৰো, গীত শুনিব পাৰো, ভিডিঅ’ আলোচনাত অংশ গ্রহণ কৰিব পাৰো, গ্রন্থ অধ্যয়ন কৰিব পাৰো, শিক্ষা গ্রহণ কৰিব পাৰো, কোনো বক্তব্য মূহুর্ততে ভাষান্তৰ কৰিব পাৰো ইত্যাদি।
চতুর্থতে, ছ’ছিয়েল মিডিয়াসমূহৰ ব্যৱহাৰে বর্তমান বিশ্বখনক অতি সংকুচিত কৰি সমগ্র মানব জাতিক এক বিশ্ব-ভাতৃত্বৰ ঢোলেৰে বান্ধি পেলাইছে। ফলত জাতি আৰু সম্প্রদায়সমূহৰ মাজৰ দূৰত্ব কমি আহি আন্তৰাষ্ট্ৰীয় বুজাপৰা সহজ হৈ পৰিছে।
ছ’চিয়েল মিডিয়াৰ নেতিবাচক দিশ: ছ’চিয়েল মিডিয়াসমূহৰ যথেষ্ট প্রশংসনীয় ইতিবাচক দিশ আছে যদিও ইয়াৰ কিছুমান নেতিবাচক দিশো আছে, যেনেঃ
প্রথমতে, ছ’চিয়লে মিডিয়াসমূহৰ ব্যৱহাৰ সহজলব্য হোৱা বাবে হকে-বিহকে, প্রয়োজনে-অপ্রয়োজনে ইয়াৰ ব্যৱহাৰ হৈ আছে। ফলত অবিবেচকী ব্যৱহাৰকাৰীসকলৰ সময় আৰু শ্ৰমৰ অপ-ব্যৱহাৰ হৈছে।
দ্বিতীয়তে, ছ’চিয়েল মিডিয়াসমূহ ব্যৱহাৰৰ ফলত মানুহৰ গোপনীয়তা ৰক্ষাত কুঠাৰাঘাত পৰিছে। যিকোনো ঘটনা বা তথ্য নিমিষতে দূৰ-দূৰান্তৰলৈ প্ৰেৰণ কৰাৰ সুবিধা গ্ৰহণ কৰি বহুতে আপত্তিকৰ গোপনীয় বিষয়সমূহ বেকত কৰি দিয়ে। ফলত বহুতে অসুবিধাত পৰিবলগা হৈছে।
তৃতীয়তে, আজিকালি ইন্টাৰনেট, ইউ টিউব, ফেচবুক আদি হাজাৰ হাজাৰ তথ্যপাতিৰে ভৰি আছে। এই তথ্যসমূহৰ ভিতৰত বহুতো আপত্তিকৰ বা অশ্লীল তথ্যও আছে যিবোৰৰ প্ৰতি ডেকা সমাজ আসক্ত হৈ নিজৰ কৰ্তব্য পাহৰি গৈ আওবাটে গৈছে।
চতুর্থতে, বহুতো লোকে ছ’চিয়েল মিডিয়াসমূহ অতিৰিক্তি ব্যৱহাৰ কৰি ইয়াৰ প্রতি আসক্ত হৈ পৰিছে। ফলত শাৰীৰিক তথা মানসিক জড়তাত ভুগি আছে।
পঞ্চমতে, ছ’চিয়েল মিডিয়াসমূহৰ জৰিয়তে বহুতো অপৰাধো সংঘটিত হৈ আছে যাক ‘চাইবাৰ অপৰাধ’ বুলি কোৱা হয়। ইয়াৰ ভিতৰত বেংক একাউন্টৰ পৰা ধন সৰকোৱা, নথি পত্ৰ চুৰি কৰা, কম্পিউটাৰ, মোবাইল আদিত ভাইৰাচ সিচৰতি কৰি দিয়া ইত্যাদি।
ষষ্টতে, বহুতে হুৱাটচআপ, ফেচবুক, টুইটাৰ আদিৰ যোগেদি মিছা বা অপ্রয়োজনীয় বা-বাতৰি প্ৰচাৰ কৰি মানুহৰ মাজত ভুল-বুজাবুজিৰ সৃষ্টি কৰি সমাজৰ শান্তি বিঘ্নিত কৰি আছে।
সামৰণি: ছ’চিয়েল মিডিয়াসমূহৰ বহুতো নেতিবাচক দিশ আছে যদিও ইয়াৰ ইতিবাচক দিশবোৰৰ বাবে ই মানৱজাতিৰ এক অভাবনীয় আর্শীবাদত পৰিণত হৈছে। জীবশ্রেষ্ঠ মানুহে নিজৰ বিবেচনা শক্তি প্রয়োগ কৰি ইয়াৰ নেতিবাচক দিশবোৰ এৰাই চলা উচিত। ০০০