একবিংশ শতিকাত প্রকাশিত মই ভালপোৱা এখন গ্রন্থ ৰচনা
“একবিংশ শতিকাত প্রকাশিত মই ভালপোৱা এখন গ্রন্থ” (H. S. ’20) আৰম্ভণিঃ মই মাতৃভাষাৰ বৰ্ণমালা উচ্চাৰণ কৰিব পৰা সময়ৰ পৰা গ্ৰন্থৰ প্ৰেমত পৰো আৰু তেতিয়াৰ পৰাই পাঠ্যপথি পঢ়াৰ আঁৰে আঁৰে ঢৌতে খৰ মাৰি সৃষ্টিশীল সাহিত্য অধ্যয়ন কৰি আছো। এতিয়ালৈ মই বহুতো অসমীয়া, বঙালী, হিন্দী আৰু ইংৰাজী গ্রন্থ পঢ়ি আঁটাইছো। ইতিমধ্যে বিংশ শতাব্দীত প্রকাশিত প্রায় দুকুৰিমান গ্রন্থ পঢ়াৰ মেৰ সৌভাগ্য হৈছে। মই অধ্যয়ন কৰা প্রায় সৰহভাগ গ্রন্থই মোৰ প্ৰিয় যদিও আজি মোক প্রিয় গ্রন্থ এখনৰ বিষয়ে লিখিবলৈ দিয়াত মোৰ প্রিয় গ্ৰন্থৰ দীঘলীয়া তালিকাৰ পৰা এখন অসমীয়া গ্ৰন্থ নিৰ্বাচন কৰি ললো। গ্ৰন্থখনৰ নাম ‘মই মালালাই কৈছোঁ’ আৰু লিখিকাজনীৰ নাম দিতিমণি গগৈ।
গ্রন্থ আৰু গ্ৰন্থখনৰ লিখিকাৰ পৰিচয়ঃ ‘মই মামলাই কৈছোঁ’ গ্ৰন্থখনৰ লিখিকা দিতিমণি গগৈ এজন সফল অসমীয়া লিখক। তেওঁৰ জন্ম হয় ১৯৭৮ চনত ডিব্ৰুগড় জিলাৰ মৰাণৰ আহোম গাঁৱত। তেওঁ ২০০২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি কিছুদিন সাংবাদিকতা কৰি পিছলৈ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য অনুবাদক হিচাপে নিযুক্তি লাভ কৰে। ছাত্র অৱস্থাৰে পৰাই সাহিত্য চর্চা কৰা দিতিমণি গগৈয়ে ইতিমাধ্যে কেইবাখনো গ্রন্থ ৰচনা কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল ‘ইন্টাৰভিউত সফল হ’ব কেনেকৈ’, জীৱন আৰু স্বাস্থ্য’ আৰু ‘পল ডানৱাৰ’। দিতিমণি গগৈয়ে ‘মই মালালাই কৈছোঁ’ গ্রন্থখনৰ তথ্য বিভিন্ন কাকত, আলোচনী, ইন্টাৰনেট আদিৰ পৰা সংগ্ৰহ কৰাৰ লগতে খ্রীষ্টিনা লেম্বৰ ‘আই এম মালালা’ গ্রন্থৰ আধাৰত ৰচনা কৰিছে। ‘মই মালালাই কৈছোঁ’ গ্রন্থখন শান্তিৰ নবেল বঁটা প্রাপ্ত মামলা ইউছুফজাই নামৰ এজনী পাকিস্থানী মানৱতাবাদী আৰু নাৰীবাদী বিপ্লৱীৰ জীৱনীমূলক গ্রন্থ। মালালাই হৈছে সন্মানীয় নবেল বঁটা বিজয়ী কনিষ্টতম ব্যক্তি। তাই ২০১৪ চনত মাত্ৰ সোতৰ বছৰ বয়সত এই বঁটা লাভ কৰে। গ্রন্থখন প্রথম প্রকাশ হৈছে ২০১৪ চনত আৰু প্রকাশ কৰিছে গুৱাহাটীৰ স্টুডেন্টচ্ ষ্ট’ৰচয়ে।
মই গ্রন্থখন ভালপোৱাৰ কাৰণ: গ্রন্থ এখন পঢ়ি ভালপোৱাৰ কেইবাটাও কাৰণ থাকিব পাৰে। কিছুমান গ্রন্থ ইয়াৰ বিষয়বস্তু, দর্শন বা জীৱনৰ প্ৰতি প্রকাশ পোৱা লিখকৰ দৃষ্টিভংগীৰ বাবে ভাল লাগে। আন কিছুমান গ্রন্থ ইয়াৰ ভাষা আৰু শৈলীৰ বাবে পঢ়ি ভাল লাগে। আকৌ কিছুমান গ্রন্থ ইয়াৰ কোনো মহৎ আদর্শ প্রতি অভিৰোচিত হোৱাৰ বাবে ভাল লাগে। ‘মই মালালাই কৈছোঁ’ গ্রন্থখনৰ বিষয়বস্তু, ভাষা-শৈলীও প্রশংসনীয় যদিও মই গ্রন্থখন ভালপোৱাৰ প্ৰধান কাৰণটো হৈছে গ্রন্থখনত চিত্রত হোৱা মালালাৰ বিল্পবী আদর্শ, সংগ্রামী জীৱন আৰু সাহসী মানৱতাবাদী কার্যকলাপ। তাই শিশু, মহিলা আৰু দৰিদ্ৰ লোকসকলৰ শিক্ষা আৰু অধিকাৰ সাব্যস্ত কৰাৰৰ সংগ্ৰামত ৰত। গ্ৰন্থখনে শত প্রতিকূলতা আৰু জীৱন নাশৰ ভাকুকি নেওচি সুসাহসেৰে কিদৰে জীৱন যুদ্ধত প্রবৃত হ’ব পাৰি তাৰ বাবে মোক অভিৰোচিত কৰে।
গ্ৰন্থখনৰ বিষয় বস্তু: দিতিমণি গগৈৰ ‘মই মালালাই কৈছোঁ’ গ্রন্থখনত মাললা ইউছুফজাইৰ জীৱনৰ প্রতিটো দিশৰ বিশদ বর্ণনা আছে। গ্রন্থখন তিনিশ পৃষ্ঠাৰ এক বৃহং গ্রন্থ। গ্রন্থখনত পয়ত্রিশটা অধ্যায় আছে। ইয়াৰ প্ৰথম অধ্যয়াৰ পৰা অষ্টম অধ্যায়লৈকে শান্তিৰ নবেল বঁটা বিজয়ী মালালাৰ প্রতি বিভিন্ন ব্যক্তিয়ে কৰা মন্তব্য, প্রতিক্ৰিয়াৰ লগতে ৰাষ্ট্ৰসংঘত দিয়া মালালাৰ ভাষণ সন্নিবিষ্ট হৈছে। ভাষণত শিক্ষাৰ ওপৰত জোৰ দি তাই কৈছে, “এজন শিশু, এজন শিক্ষক, এখন কিতাপ, এটা কলমে সমগ্র বিশ্বকে সলনি কৰি দিব পাৰে। শিক্ষাই একমাত্র সমাধান। শিক্ষাই প্রথম চর্ত।’
নৱম অধ্যায়ৰ পৰা অন্তিম অধ্যায়লৈ লিখকে মালালাৰ জন্ম, পিতৃ-মাতৃ, জন্মস্থান, শিক্ষা জীবন, শিশু আৰু নাৰী শিক্ষাৰ হকে কৰা সংগ্ৰাম আৰু কিদৰে সন্ত্রাসী তালিবানৰ সন্ত্ৰাসৰ বলি হ’ল আৰু মৰণৰ সতে যুঁদি কিদৰে পুনৰ জীৱন পালে তাৰ সুবিস্তাৰিত বর্ণনা আছে। বিশেষ উল্লেখ্য যে নৱম অধ্যায়ৰ পৰা লিখকে মালালাৰ জীৱন কাহিনী মালালাৰ মুখেৰে ব্যক্ত কৰিছে।
উত্তৰ-পশ্চিম পাকিস্থানৰ সুন্দৰ শ্বাত উপত্যকাৰ এখন গাওঁত তাইৰ জন্ম হৈছিল ১৯৯৭ চনৰ ১২ জুলাইত। তাইৰ দেউতাকৰ নাম জিয়াউদ্দিন ইউছুফজাই। গাওঁখনৰ ওচৰতে আছিল আফগানিস্থানৰ গোড়া মুছলিম সংগঠন তালিবানৰ এটি ঘাটি। তালিবানীসকল নাৰীৰ আনুষ্ঠানিক শিক্ষাৰ ঘোৰ বিৰোধী। সিহঁতৰ মতে নাৰীসকল চাৰিবেৰৰ ভিতৰত আবদ্ধ হৈ পুৰুষৰ সেবিকা হিচাপে জীৱন যাপন কৰাই নাৰীসকলৰ ধৰ্ম। প্রায় পাঁচ বছৰ বয়সত মালালাই ওচৰতে থকা এখন বিদ্যালয়ত ভর্তি হয়। তাইৰ লগত সমবয়সীয়া আন কেইজমান ছোৱালী একেলগে বিদ্যালয়লৈ অহা-যোৱা কৰি থাকে। এনদৰে মালালাৰ স্কুলীয়া সময় চলি থাকিল যদিও এদিনাখন মালালাই স্কুলৈল যোৱা এৰিব লাগে তালিবানীসকলৰ পৰা সতর্কবার্তা পালে। কিন্তু মালালা শিক্ষা লাভৰ বাবে বদ্ধ পৰিকৰ।
সেয়ে তাই তালিবানীসকলৰ সতর্কবার্তা আওকান কৰি স্কুলীয়া শিক্ষা চলাই থাকিল। কিন্তু হঠাৎ এদিন বিদ্যালয়ৰ পথত কেইজনমান বন্দুকধাৰী তালিবান নেতাই মালালাই গৈ থকা গাড়ীখন আগুৰি ধৰি মালালাৰ মূৰলৈ লক্ষ্য কৰি গুলি কৰিলে। মালালা মূহুর্ততে অজ্ঞান হৈ ঢলি পৰিল। বহুতে তাইৰ জীৱন নির্বাপিত হ’ল বুলি শোক কৰিব ধৰিলে। কিন্তু তেতিয়াও তাইৰ দেহত প্রাণ আছিল। তাইক হস্পিতালত ভর্তি কৰা হ’ল যদিও মূমুর্ষ মালালাৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা পাকিস্থানত নথকা বাবে তাইক চিকিৎসাৰ বাবে ইংলেগুলৈ পঠোৱা হয়।
তাতে ঈশ্বৰৰ কৃপা আৰু অভিজ্ঞ ডাক্টৰসকলৰ প্রচেষ্টাত তাই সুস্থ হৈ উঠিল। সুস্থ হৈ তাই নাৰীৰ শিক্ষা আৰু অধিকাৰ সাব্যস্ত কৰাৰ বাবে আজীৱন কাম কৰি যোৱাৰ সিদ্ধান্ত গ্রহণ কৰে। তাই নাৰীসকলক সকলো প্রতিকূলতা নেওচি স্কুললৈ যোৱাৰ বাবে উৎসাহ উদ্দীপনা দিয়াৰ লগতে নাৰীসকলৰ স্বাৰ্থত ‘মালালা ফাণ্ড’ গঢ়ি তোলে। মালালাৰ সাহস আৰু বিপ্লৱী আদৰ্শৰ স্বীকৃতিস্বরূপ তাই ২০১৪ চনত বিশ্বৰ আটাইতকৈ দামী আৰু সম্মানী নবেল বঁটা লাভ কৰে। তাই এতিয়া বিশ্বৰ শিশু আৰু নাৰীসকলৰ স্বাৰ্থত কাম কৰি আছে।
সামৰণি: মালালা অকল এজনী নাৰীবাদী কর্মী আৰু নেত্রীয়ে নহয়, তাই হৈছে বিশ্বৰ কৌটি কৌটি লাঞ্চিত, বঞ্চিত, নির্যাতিত, দৰিদ্ৰ-পীড়িত শিশু আৰু নাৰীৰ বাবে আশা আৰু প্ৰেৰণাৰ বন্তী। আহক আমি আটায়ে তাইৰ আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈ মানৱ সেৱাত নিজকে নিয়োজিত কৰাৰ শপত গ্রহণ কৰো।