Home Ass Grammar Class 10 উদ্যোগী হওঁ আহাঁ Class 10 Assamese Chapter 6

উদ্যোগী হওঁ আহাঁ Class 10 Assamese Chapter 6 [Updated ২০২৫]

0

Amaraxom.com ওয়েবসাইট লৈ আপোনাক স্বাগতাম। আপুনি যদি উদ্যোগী হওঁ আহাঁ Class 10 Assamese Chapter 6 প্রশ্নোত্তৰ ইন্টারনেটত ইতিমদ্ধে বিচাৰি আছে নেকি? যদি হয়। তেনেহলে আপুনি সঠিক স্থানত আহিছে আজি আমি এই পোস্টত উদ্যোগী হওঁ আহাঁ Class 10 Assamese Chapter 6 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

উদ্যোগী হওঁ আহাঁ Class 10 Assamese Chapter 6

উদ্যোগী হওঁ আহাঁ Class 10 Assamese Chapter 6 [Updated]

অসমীয়া (বাধ্যতামূলক)

সূচীপত্ৰ

গ্ৰুপ- ক (বাধ্যতামূলক)

গদ্যাংশ

উদ্যোগী হওঁ আহাঁ

দেৱজিৎ ভূঞা

চমু

প্রশ্নোত্তৰ

১। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়াঃ

(ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্রেণী-শিক্ষক গৰাকীৰ নাম কি?

উত্তৰঃ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্রেণী-শিক্ষক গৰাকীৰ নাম-প্রকাশ গোস্বামী।

(খ) শ্রেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?

উত্তৰঃ শ্রেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল “এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে”।

(গ) এজন ডদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যবধান কি? HSLC ’24

উত্তৰঃ এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান হ’ল ‘এলাহ’।

(ঘ) এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্রয়োজন? HSLC ’24

উত্তৰঃ এজন সফল উদ্যোগী হ’বলৈ ধৈর্য্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰৰ প্রয়োজন।

(ঙ) ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?

উত্তৰঃ ক’কাক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাষাৰ হ’লঃ ‘Eat cricket, sleep cricket, dream cricket, drink cricket.’

(চ) নাৰায়ণ মূৰ্ত্তী কোন?

উত্তৰঃ নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী।

(ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?

উত্তৰঃ বিজিতে ছাৰক উদ্যোগী সম্পর্কে কৈছিল যে উদ্যোগীসকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যবসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্ম সংস্থান দিবলৈ সক্ষম হয়।

(জ) প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?

উত্তৰঃ প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব।

(ঝ) টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?

উত্তৰঃ টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল “মই বিফল হোৱা নাই। মাত্র বুজিলোঁ যে ১০,০০০ ধৰণে ই কাম নকৰে”।

(ঞ) উদ্যোগী হওঁ আহা’ শীর্ষক পাঠটিৰ লেখক কোন?

উত্তৰঃ ‘উদ্যোগী হওঁ আহা’ শীর্ষক পাঠটিৰ লেখক হ’ল-দেৱজিৎ ভূঞা।

(ট) ‘উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ’ল বিক্ৰী কৰা। বস্তু এটা বনোৱাটো সহজ হলেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয়।’ কথাষাৰৰ বক্তা কোন?

উত্তৰঃ এই কথাষাৰৰ বক্তা হৈছে প্রকাশ গোস্বামী।

(ঠ) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্রেণী-শিক্ষক গৰাকীৰ নাম কি?

উত্তৰঃ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হৈছে প্রকাশ গোস্বামী।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

তলত দিয়া প্রশ্নবোৰৰ বহল উত্তৰ দিয়াঃ

(ক) “উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।” শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক’লে বুজাই লিখা। HSLC ’24

উত্তৰঃ “উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচাৰ।” ইয়াৰ অৰ্থ এয়ে যে, এজন উদ্যোগী আৰু কর্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান হ’ল ‘এলাহ’। আচলতে সকলোতকৈ সহজ কাম হ’ল এজন উদ্যোগী বা আল্ট্রাপিনিওৰ হোৱা। কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্রী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ’ল এজন সফল উদ্যোগী হোৱা।

(খ) সফল উদ্যোগী হ’বলৈ কিয় কঠিন?

উত্তৰঃ এজন সফল উদ্‌য়োগী হ’বৰ বাবে লাগিব ধৈর্য্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে। সেইবাবে সফল উদ্যোগী হোৱাটো কঠিন বুলি কোৱা কৈছে।

(গ) এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্রচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।

উত্তৰঃ সকলোৱে প্রথমে তলত ওলমি চাইকেল শিকিবলৈ আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়। কাৰোবাৰ কাৰোবাৰ পৰি হাত-ভৰিও ভাঙে। যিসকলে ছাল- বাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল-বাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্রথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি ‘হাফ-পেদেল’ মাৰি চলাব পৰা হয় আৰু এদিন ‘ফুল-পেদেল’ মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্রতিযোগিতাত অবতীর্ণ হয়। এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্রচেষ্টাৰ কাম। বহুতেই প্রথম বিফলতাতে এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হ’লে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্যোগী হয়গৈ।

(ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা।

উত্তৰঃ নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্রতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একো একোজন উদ্যাগী বা ‘entrepreneur’। সেই হিচাপত জুবিন, পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টোৰা বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱেই একো একো গৰাকী উদ্‌য়োগী।

(ঙ) ইনল্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বর্ণনা কৰা।

উত্তৰঃ ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক হ’ল নাৰায়ণ মূৰ্ত্তী। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যাগী বা ‘entrepreneur’। কর্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আছিল। সেয়ে অভিযান্ত্রিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁৰ চাকৰি ত্যাগ কৰি Softronics নামৰ এক কোম্পানী প্রতিষ্ঠা কৰে। কিন্তু প্রতিষ্ঠা কৰাৰ ডেৰ বছৰৰ পাছতে দেউলিয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্ত্তীদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি Infosys নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী আৰম্ভ কৰাৰ বাবে নাৰায়ণ মূৰ্ত্তীয়ে তেওঁৰ পত্নীৰ পৰা দহ হাজাৰ টকা ধাৰলৈ লৈছিল। দহ হাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা ইনফচিচ প্রথম অৱস্থাত বহুতো বাধা, ঘাত-প্রতিঘাতৰ সন্মুখীন হ’ব লগা হৈছিল। নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্রীয়ে ভাৰতীয় অর্থনীতিক মুকলি কৰি দিয়াত ইন্‌ফচিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। ধৈর্য্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ শৰ সময়ত মৰাত আজি নাৰায়ণ মূৰ্ত্তী বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্যোগী।

(চ) “ছাৰ, এজন উদ্যোগী হ’বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ’ব লাগিব?”-এইদৰে কোনে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।

উত্তৰঃ এইদৰে প্ৰীতমে সুধিছিল। তাৰ উত্তৰত শিক্ষকজনে এনেধৰণে কৈছিল যে ব্যক্তি এজনে যি দিশত বা বিষয়ত উদ্যোগী হ’বলৈ বিচাৰে তাৰ ওপৰত তেওঁৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ’বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্ত এইবোৰ ব্যৱসায়তো কৃতকাৰ্য্য হ’বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পার্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান আদি খোলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা দক্ষতা থকাটো প্রয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকার্য্যতা লাভ কৰিব নোৱাৰি”।

(ছ) “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।” পাঠৰ আধাৰত বুজাই লিখা। কথাষাৰ।

উত্তৰঃ এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্রথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। সকলোৱে প্রথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়। যিসকলে ছাল-বাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছতো চেষ্টা কৰিবলৈ নেৰে, সিহঁতেহে চাইকেল চলাব শিকে। ঠিক তেনেদৰে উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। এৰি নিদি লাগি থাকিলে ব্যক্তি এজন সফল উদ্যোগী হ’ব পাৰে।

(জ) ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাবে প্রস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়তে উদ্যোগী কোষ আছে আৰু এই কোষসমূহে নিয়মিত ভাৱে কর্মশালা, প্রশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাবে এই কর্মশালা প্রশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিক ভাবে প্রস্তুত হোৱা উচিত। জন বিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়াটো অসম্ভব। প্রতি দহজন ছাত্ৰৰ মাত্র এজনেহে হয়তো চৰকাৰী চাকৰি পাব, কিছু সংখ্যকে বেচৰকাৰী খণ্ডত চাকৰি পাব, সৰহ সংখ্যকে কিন্তু উদ্যোগী হৈ নিজৰ জীৱিকা আৰ্জন কৰিব লাগিব। গতিকে ছাত্র-ছাত্রী সকলে নিজকে মানসিক ভাবে প্রস্তুত কৰি তাৰ বাবে প্রস্তুত হ’লে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here