Join WhatsApp

Join Now

Join Telegram

Join Now

আধুনিক সমাজৰ ব্যাধিঃ অনুশাসনহীনতা তথা দুর্নীতি পৰায়ণতা ৰচনা

By Rabbi Masrur

Updated On:

আধুনিক সমাজৰ ব্যাধিঃ অনুশাসনহীনতা তথা দুর্নীতি পৰায়ণতা ৰচনা

আধুনিক সমাজৰ ব্যাধিঃ অনুশাসনহীনতা তথা দুর্নীতি পৰায়ণতা ৰচনা

“আধুনিক সমাজৰ ব্যাধিঃ অনুশাসনহীনতা তথা দুর্নীতি পৰায়ণতা” যিবোৰ চলন্ত উপসর্গই আজি মাৰাত্মক মহামাৰীৰ ৰূপ ধাৰণ কৰি আধুনিক সমাজৰ শান্তি- শৃঙ্খলাক নিঃশেষ কৰি মানৱ জাতিক অশান্তি তথা অবনতিৰ কৰাল গ্রাসত নিঃপতিত কৰি আছে সেই উপসৰ্গবোৰৰ ভিতৰত অনুশাসনহীনতা তথা দুর্নীতি পৰায়ণতা এটি অন্যতম উপসর্গ। আজি প্রতিটো পৰিয়াল, প্রতিটো সমাজ তথা প্রতিখন ৰাষ্ট্ৰই এই অনুশাসনহীনতা তথা দুর্নীতিৰ হাঁতোৰা ত বন্ধী হৈ অটল মহাসাগৰৰ মাজত ডুবি নিঃসহায় নিঃকন হৈ মৃত্যুৰ ক্ষণ গণি ককবকাই আছে। এই অনুশাসনহীনতা তথা দুর্নীতিপৰায়ণতা হঠাতে উদ্ভবহোৱা নাই। মানৱ জাতিয়ে ক্ষমতা নামৰ দৈত্যটোৰ জন্ম দিয়াৰ পৰাই এই ব্যাধিটোৰো জন্ম হৈছে।

কেতিয়াবা ই শান্ত শিষ্ট মেঘ পশুৰ দৰে সমাজিক উন্নয়ণৰ কুঁহিপাতবোৰ খাই উন্নয়ণত বাধা দিছে, কেতিয়াবা বলিয়া হাতীৰ দৰে দৌৰি এফালৰ পৰা
ভয়াতুৰসকলক পদ তলত নিক্ষেপ কৰি অবদমিত কৰিছে আৰু কেতিয়াবা নৰখাদক বনৰাজ সিংহৰ দৰে এফালৰ পৰা খেদি নৰৰক্ত পাণ কৰি তৃপ্তিৰ অট্টহাসি মাৰিছে। কিন্তু বর্তমান এই একবিংশ শতাব্দীৰ দুৱাৰ মুখত থিয় হৈ বিজ্ঞানৰ চৰম বিন্দুত উপনীত হৈয়ো মানব সভ্যতাই এই অনুশাসনহীনতা তথা দুর্নীতি পৰায়ণতা নামৰ মাৰাত্মক ব্যাধিটোৰ পৰা হাত সাৰিব পৰা নাই, বৰঞ্চ ই আগতকৈয়ো দহগুণে শক্তিমন্ত হৈ জীর শ্রেষ্ট মানৱ সমাজক চাৰিও পিনৰ পৰা আক্ৰমণ কৰি অশান্তিৰ নিশান উৰাইছে।

ফলত মানর প্রমুল্য, মানব শান্তি তথা মানৱ জাতিৰ উন্নয়ণ ব্যহত হৈ অবনতিৰ বাটেৰে দ্রুত গতিত অপমৃত্যুৰ উৎসলৈ আগবাঢ়ি আছে। আজি প্রতিটো সমাজ তথা ৰাষ্ট্ৰীয় অনুষ্ঠান, আদালত, অফিচ, স্কুল-কলেজ আনকি প্রার্থনা গৃহতো এই অনুশাসনহীনতাই অবাধ ৰাজত্ব চলাইছে। অনুশাসনহীনতা দুর্নীতিপৰায়ণতা সকলো প্ৰকাৰৰ উন্নয়ণ তথা শান্তি শৃঙ্খলাৰ বাটত হেঙাৰ স্বৰূপ। কিন্তু কিয় এই অনুশাসণহীনতা? কিয় এই দুর্নীতি পৰায়ণতা? এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি কোনো বুদ্ধিজীবি, পণ্ডিত বা দার্শনিকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই; আমাৰ বিবেক আৰু জ্ঞান চকুক মুকলি কৰি নিজকে আৰু নিজৰ আত্মীয় স্বজন তথা সমাজ আৰু সামাজিক পৰিৱেশ গমি চালেই ইয়াৰ উত্তৰ জল জলপটকৈ আমাৰ আগত ধৰা দিব।

অনুশাসনহীনতা বা দুর্নীতিপৰায়ণতাৰ কাৰণ বহুতো। তাৰে প্ৰধান কাৰণবোৰ তলত চমুকৈ আলোচনা কৰা হ’ল।

চাকুৰীমুখী শিক্ষা: অনুশাসনহীনতাৰ প্রধান কাৰণবোৰৰ ভিতৰত প্ৰথমতে আসোৱা পূর্ণ শিক্ষানীতি আৰু ইয়াৰ প্রয়োগিক দিশটো উল্লেখ কৰিব পাৰি। স্কুল-কলেজ বা যিকোনো শিক্ষানুষ্ঠানত কেৱল তাত্ত্বিক (Theoretical) দিশটোৰ ওপৰত গুরুত্ব দি প্রয়োগিক বা কাৰিকৰী (Technical) দিশত বাৰুকৈয়ে অবহেলা কৰা হয়। ফলত ছাত্র-ছাত্রীসকল কর্ম বা শ্ৰমৰ প্ৰতি বিমুখ হয়। সেয়ে লিখা-পড়া শেষ কৰি কোনোৱে শাৰীৰিক শ্রম খটুৱাই উৎপাদানমুখী কর্মত নিয়োজিত হ’বলৈ ইচ্ছা নকৰি কেৱল চৰকাৰী চাকৰিৰ আশাত হাত সাবটি বহি থাকে। ফলস্বৰূপে দেশত বা সমাজত উৎপাদন জনসংখ্যা বা ভোক্তা অনুসৰি বৃদ্ধি নাপায়। আনহাতে শ্রম-বিমুখ শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি নাপাই শ্রম বিহীন টকা উপাৰ্জন কৰাৰ মানসিকতাৰ আশ্রয় লয়, ফলত দুর্নীতিৰ উদ্ভৱ হয়।

চাকৰিয়ালসকলৰ কৰ্তব্যৰ প্ৰতি অৱহেলা: দুর্নীতি পৰায়ণতাৰ দ্বিতীয় লেখতলবলগীয়া কাৰণ হিচাপে চাকৰিয়াল বিষয়াসকলৰ কৰ্তব্যৰ প্ৰতি অবহেলা বা হেমাৰি কথা উল্লেখ কৰিব পাৰি। আজিকালি প্রতিটো চৰকাৰী বিভাগতে ঘোচ দিয়া আনকি লোৱাৰ প্ৰৱণতা ইমানেই বৃদ্ধি পাইছে যে ঘোচ নাপালে কোনো বিষয়াই মুখ নুখুলে আনকি কলমো নধৰে। তাৰোপৰি নিজৰ নিজৰ কৰ্তব্যৰ প্ৰতি অৱহেলা কৰি বহি থাকিলেও কোনো ধৰোতা নাই, কিয়নো প্রতিজন বিষয়াই কলা টকাৰ বলিয়া। ফলত অফিচ আদালত দুর্নীতিৰ বকৰাণী তথা গেলা জাবৰত পোত গৈ আছে।

শোষণ আৰু দৰিদ্ৰতাঃ শোষণ আৰু দৰিদ্ৰতা অনুশাসনহীনতা সৃষ্টিৰ প্ৰধান কাৰণবোৰৰ ভিতৰত অন্যতম। আজিকালি সমাজত স্পষ্টকৈ দুটা শ্ৰেণীৰ সৃষ্টি হৈছে এটা হৈছে শোষক শ্রেণী আনটো হৈছে শোষিত শ্রেণী। শোষক শ্ৰেণীৰ ভিতৰত প্ৰথমতে হৈছে চৰকাৰী চাকৰিয়াল বিষয়া সকল, দ্বিতীয়তে পুজিপতি মহাজন সকল আৰু তৃতীয়তে স্বার্থান্বেষী ব্যৱসায়ীসকল। চৰকাৰী চাকৰিয়ালসকলে গোটেই দিনৰ মাথো কেইঘণ্টামান কাম কৰি যি পৰিশ্ৰমিক পায় তাৰ বিপৰীতে দহজন বনুৱাই গোটেই দিন ৰ’দ বৰষুণ নেওচি কপালৰ ঘাম মাটিত পেলাই হাড় ভগা পৰিশ্ৰম কৰিও সিমানখিনি পাৰিশ্রমিক নাপায়। ফলত দৰিদ্ৰসকল কঠোৰ পৰিশ্ৰম কৰিও দৰিদ্ৰতাত পোত গৈ থাকে। বহুতে দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ চুৰি, ডকাইত, ঠগবাজী, দালালি, কলা ব্যৱসায়ৰ আৰি আশ্রয় লয় ফলত দুর্নীতিৰ সৃষ্টি হয়।

নৈতিকতাবিহীন জীবন যাপনঃ আজি এই বিজ্ঞানৰ যুগত জীৱন-যাপন ক্রমান্বয়ে কৃত্রিমতাৰ পৰা কৃত্রিমতালৈ গতি কৰি আছে; লগে লগে মানৱতাহীনতা আৰু নৈতিকতাবিহীনতাও বাঢ়ি আছে। আনুষ্ঠানিক শিক্ষাৰ পাঠ্যপুথিতো নৈতিকতা শিক্ষাৰ কোনো অনুশীলন নাই। নৈতিকতাবিহীন শিক্ষা লাভ কৰা ছাত্র ছাত্রীয়ে যিকোনো উপায়ে ধন ঘটাৰ চেষ্টা চলায়। ফলত সিহঁতৰ জীৱন যাপনত বিশৃঙ্খলতা তথা দুর্নীতিয়ে দেখা দিয়ে।

স্বার্থান্বেয়ী ৰাজনৈতিক নেতা সকলৰ ক্ষমতা লাভৰ অন্ধ সংগ্রামঃ অনুশাসনহীনতা বৃদ্ধি পোৱাৰ এটি প্রধান ঘৃণনীয় উৎস হৈছে বৰ্তমানৰ ৰাজনীতি আৰু ৰাজনৈতিক নেতাসকল- যিসকলৰ হাততেই অনুশাসন বজাই ৰখাৰ দায়িত্ব বা চাবিকাঠি থাকে। অকল ক্ষমতা লাভৰ বাবেই নেতাসকলে দৰিদ্ৰ সাধাৰণ জনগণক লৈ জুৱা খেল খেলে। সিহঁতে কেনেবাকৈ ক্ষমতা দখল কৰিব পাৰিলেই নিজকে আইনৰ উৰ্দ্ধত ভগৱান বুলি ভাবে আৰু যি ইচ্ছা তাকেই কৰি ফুৰে। কিন্তু ধৰোতা কোনো নাই; কিয়নো দৰিদ্ৰ জনসাধাৰণৰ জনমতৰ মূল্য কেৱল কাকত আলোচনী আৰু নেতাসকলৰ মুখ-পাত্ৰতেই সঞ্চিত থাকে।

বুদ্ধিজীবি তথা মানবতাবাদী দার্শনিকৰ স্বার্থান্ধতাঃ অনুশাসনহীনতা উদ্ভৱ হোৱাৰ প্ৰধান কাৰণবোৰৰ ভিতৰত বুদ্ধিজীবি তথা মানবতাবাদী দার্শনিকসকলৰ স্বার্থান্ধতা এটি অন্যতম কাৰণ। যিসকলক আজি কালি বুদ্ধিজীবি বা দার্শনিক বুলি স্বীকৃতি দিয়া হয়, সঁচা অৰ্থত সিহঁত মুখা পিন্ধা সুবিধাবাদীহে। কিয়নো যিসকল নিজকে বুদ্ধিজীবি বুলি পৰিচয় দিয়ে সিহঁতৰ কোনোৱেই উৎপাদনমূলক কামৰ লগত জড়িত নহয়। সিহঁতে চৰকাৰৰ পৰা সুবধিা আদায়ৰ বাবে চৰকাৰৰ হাতৰ মুঠিত থাকি নিজস্ব মস্তিষ্কত সত্য লুকাই ৰাখি চৰকাৰৰ বহতীয়া হিচাপে সিহঁতৰ বুদ্ধি প্রয়োগ কৰে। অৱশ্যে দুই এজন প্রকৃত মানবতাবাদী বুদ্ধিজীবি আছে যদিও চৰকাৰ নামৰ ৰবটটোৱে কলিতে বিনাশ কৰি দিয়ে। ফলত সাধাৰণ জনগণে পদ-প্রদর্শকৰ অভাৱত বিপথে পৰিচালিত হৈ বিশৃঙ্খলতা তথা দুর্নীতিৰ সৃষ্টি কৰে।

অনুশাসনহীনতা তথা দুর্নীতি পৰায়ণতা প্রতিকাৰৰ উপায়ঃ অনুশাসনহীনতা উদ্ভৱ হোৱাৰ কাৰণবোৰৰ আঁৰতেই ইয়াৰ প্ৰতিকাৰৰ উপায়সমূহ লুকাই আছে। আমাৰ শিক্ষা পদ্ধতি চাকুৰীমুখী নহৈ কর্মমুখী হ’লে, চাকৰিয়ালসকল কৰ্তব্যৰ প্ৰতি অবহেলা নকৰি জনসেৱা বুলি সততাৰে নিজ নিজ সেৱা আগবঢ়ালে, ধনী দুখীয়াৰ মাজত থকা অর্থনৈতিক অসমতা দূৰ কৰিলে, নৈতিকতাপূর্ণ জীবন যাপন কৰিলে, ৰাজনৈতিক নেতা সকলে ৰাজনীতিক ধন ঘটাৰ ব্যৱসায় হিচাপে গ্রহণ নকৰি দেশৰ প্ৰতি নিঃস্বার্থ কর্তব্য বুলি ভাবি সর্ব্বাঙ্গীন উন্নয়নৰ লক্ষ্য আগত ৰাখি কাম কৰি গ’লে আৰু বুদ্ধিজীবি দার্শনিকসকল চৰকাৰৰ বহতীয়া নহৈ জনসাধাৰণৰ পদ প্ৰদৰ্শকৰ অগ্রদূত হিচাপে নিজৰ নিজৰ কৰ্তব্য পালন কৰিলে দর্নীতি নিশ্চয় আঁতৰ হ’ব আৰু সমাজত শান্তি শৃঙ্খলা তথা অনুশাসন প্রতিষ্ঠা হ’ব।

সমৰণিঃ আপোন ভালেই জগত ভাল। প্রত্যেকেই জন কল্যাণমূলক আদর্শ আগত ৰাখি দর্নীতি মুক্ত জীৱন যাপন কৰিলে আৰু দুর্নীতিৰ প্ৰতি তীব্র বিৰেধীতা কৰি গ’লে অনতিপলমেই সমাজ তথা ৰাষ্ট্ৰ অনুশাসনহীনতা নামৰ মাৰাত্মক ব্যাধিটোৰ পৰা মুক্ত হ’ব; অন্যথাই মানবসভ্যতা যে অচিৰেই বিনাশ ঘটি এইখন পৃথিৱী অনন্ত যন্ত্ৰনাৰে ভৰা নৰকত পৰিণত হ’ব তাত কোনো সন্দেহ নাই। (H. S. ’19)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment